বিশ্লেষণঃ দিহিং-পাটকাইক লৈ চ'চিয়েল মেডিয়াত এই ধুমুহা কিয়? :: শোণিত কুমাৰ গোস্বামী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ দিহিং-পাটকাইক লৈ চ'চিয়েল মেডিয়াত এই ধুমুহা কিয়? :: শোণিত কুমাৰ গোস্বামী

বিশ্লেষণঃ দিহিং-পাটকাইক লৈ চ'চিয়েল মেডিয়াত এই ধুমুহা কিয়? :: শোণিত কুমাৰ গোস্বামী

Share This
দিহিং-পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য হৈছে ৰাজ্যৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাক সামৰি থকা এখন বিশাল বনাঞ্চলৰ নাম। এই অভয়াৰণ্যৰ অধীনত কেইবাটাও বনাঞ্চল ভূমি আৰু হস্তী সংৰক্ষিত অঞ্চল আছে।  দিহিং পাটকাই নামটো অসমৰ ৰাইজে শুনি আহিছে। কিন্তু এইবাৰ অন্য এটা কাৰকৰ বাবে নামটোৱে হঠা९ চৰ্চা লাভ কৰিছে। কৰ’না ভাইৰাছে সংবাদ শিৰোনাম দখল কৰি থকাৰ সময়ত, ৰাইজ কৰোনাতংকত ব্যতিব্য়স্ত হৈ থকাৰ মাজতো বনাঞ্চলখনৰ বিষয়টোৱে ৰাইজক ভবাই তুলিছে।

ৰাজ্যবাসীৰ একাংশই হয়তো এয়া নাজানিছিল যে দিহিং-পাটকাই অভয়াৰণ্যৰ অধীনৰ দিহিং পাটকাই হস্তী সংৰক্ষিত বনাঞ্চলৰ ভিন্ন ঠাইত ইমানদিনে কয়লাৰ খনন কাৰ্য কয়লা মাফিয়া আৰু ৰাজনৈতিক হস্তক্ষেপত অব্যাহত আছিল। সংবাদ মাধ্যমে মাজে-সময়ে কথাবোৰ সৰুকৈ হ’লেও প্ৰকাশ কৰিছিল। কিন্তু খবৰবোৰে ব্যাপক হোৱা নাছিল। এইবাৰ হৈছে কিয়নো কথাবোৰে বৈধতা পোৱাৰ পাল পৰিছে। সেয়েহে তলাবন্ধৰ মাজতো, সামাজিক দূৰত্ব বজাই ৰাখি হ’লেও প্ৰতিবাদ, ডিজিটেল মাধ্যমত জনজাগৰন আৰম্ভ হৈছে। এনে হোৱাৰ কাৰণ এয়াই যে ২০১৬ চনৰ পৰাই ৰাজ্য চৰকাৰে State Board For WildLife (এচ বি ডাব্লিও এল) ৰ পৰামৰ্শ অনুযায়ী ক’ল ইণ্ডিয়া লিমিটেডক খননৰ অনুমতি দিয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰাৰ লগতে আৰু কেন্দ্ৰ চৰকাৰলৈ অনুমতিৰ বাবে পদক্ষেপ হাতত লৈছিল।

সেই অনুযায়ী ২০১৯ চনৰ ২৯ আগষ্টত কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰীৰ তত্বৱধনাত বহা National Board For WildLife (এন বি ডাব্লিও এল) ৰ ৫৫সংখ্যক ষ্টেণ্ডিং কমিটীৰ মিটিঙত কথাবোৰ চূড়ান্ত কৰা হয়। সেই অনুযায়ী দিহিং-পাটকাইৰ অন্তৰ্গত শালেকী বনাঞ্চলৰ ৯৮.৫৯ হেক্টৰ ভূমিত কয়লা খননৰ প্ৰস্তাৱনা হাতত লোৱা হয় আৰু এন বি ডাব্লিও এলৰ ষ্টেণ্ডিং কমিটীয়ে ক’ল ইণ্ডিয়া লিমিটেডৰ বিষয়াৰ সৈতে স্থান নীৰিক্ষণ কমিটীৰ (Site Inspection Committee) উমৈহতীয়া প্ৰতিবেদনলৈ অপেক্ষা কৰাৰ সিদ্ধান্ত লয়। কিন্তু চৰকাৰী ইচ্ছা থকা এটা প্ৰস্তাৱনাত বাধাৰ সৃষ্টি হ’ব নোৱাৰে। সেয়েহে এই বৰ্ষত আনকি দেশবাসী কৰ’নাৰ সৈতে যুদ্ধ কৰি লকডাউন পালন কৰি থকাৰ সময়তেই যোৱা ৭ এপ্ৰিল তাৰিখে বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ অধীনৰ National Board For WildLifeয়ে পৰিকল্পিতভাবে এই প্ৰকল্পত অনুমতি দিয়ে। এই খনৰ দায়িত্ব লাভ কৰিছে ক’ল ইণ্ডিয়া লিমিটেডৰ অধীনৰ নৰ্থ ইষ্টাৰ্ন ক’ল ফিল্ডে। এই সিদ্ধান্তৰ কথা ৰাজহুৱা হোৱাৰ পাছতেই আৰম্ভ হৈছে প্ৰতিবাদ। 

হেছটেগ #SaveDihingPatkai হৈছে নতুন শ্ল’গান কিয়নো দেশত কৰ’না মহামাৰী চলি থকাৰ বাবে প্ৰতিবাদকাৰী ঘৰত থকাৰ সিদ্ধান্ত লৈছে কিন্তু ঘৰত থাকি হলেও প্ৰকৃতি সুৰক্ষাৰ বাবে আগবাঢ়ি আহিছে সকলো। সাধাৰণ নাগৰিকৰ পৰা আৰম্ভ কৰি প্ৰকৃতিবিদ, শিল্পী সকলোৱে ডিজিটেল মাধ্যম বিশেষত ছ’চিয়েল মিডিয়াত সৰৱ হৈ পৰিছে। টুইটাৰটো ট্ৰেণ্ড কৰিছে এই প্ৰতিবাদী ধাৰাই।

দিহিং পাটকাইৰ নাম কেইবাটাও কাৰকৰ বাবে জনাজাত। বৰ্ষাৰণ্য এই অভায়ৰণ্যক পূবৰ আমাজন বুলিও জনা যায়। তাৰোপৰি ভিন্ন প্ৰজাতিৰ জীৱ-জন্তুৰ বসতিস্থল এই অভয়াৰণ্যত ৰাজ্যিক পক্ষী হিচাপে চিহ্নিত দেওহাঁহ আৰু ৰাজ্যিক গছ হিচাপে খ্যাত মূল্যবান হোলোং গছ পোৱা যায়। সেয়েহে জৈৱ-বৈচিত্ৰৰ দিশৰে চাবলৈ গ’লে এই অভয়াৰণ্যৰ গুৰুত্ব সৰ্বাধিক। কিন্তু প্ৰকৃতিৰ সম্পদৰ ওপৰত একাংশৰ সদায় চকু, লোভ। মহাত্মা গান্ধীয়ে ঠিকেই কৈছিল যে আমাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে এই পৃথিৱীৰ পৰ্যাপ্ত আছে কিন্তু সকলোৰে লোভ নিবাৰণৰ বাবে পৰ্যাপ্ত নাই। গান্ধীয়ে কোৱা সেই কথাই যেন প্ৰতিটো যুগতেই মানৱকূলে প্ৰমাণ পাই আহিছে। প্ৰকৃতিৰ গৰ্ভৰ খননৰ ফলতেই আমাৰ এই ধৰাৰ ৰূপ দিনে দিনে সলনি হৈ গৈ আছে। প্ৰকৃতিৰ পৰা প্ৰয়োজনতকৈ বেছি সম্পদৰ আহৰণৰে নিজৰ অৱস্থা টনকিয়াল কৰিব বিচৰা একাংশ লোকৰ মইমতালীৰ বাবে আমাৰ ভৱিষ্যত বিপদাপন্ন হৈ পৰিছে। উল্লেখ্য যে দিহিং পাটকাইত প্ৰস্তাৱিত এই খননৰ বৈধতাৰ বাতৰি পোহৰলৈ অহাৰ পাছত অৰণ্য মানৱ নামেৰে খ্যাত আৰু আন্তৰাষ্ট্ৰীয় জগততো পৰিচিত যাদৱ পায়েঙে ৰাজ্য আৰু কেন্দ্ৰৰ চৰকাৰলৈ আহ্বান জনাই কৈছে পৰিৱেশ আৰু প্ৰকৃতি ৰক্ষাৰ বাবে কয়লা খনন বিপদজনক। সেয়েহে ইয়াক বন্ধ কৰিব লাগে। পায়েঙৰ ওপৰি অসমীয়া শিল্পীজগত আৰু চিনেমাজগতৰ লোকসকলেও ছচিয়েল মাধ্যম যেনে ফেচবুক, ইনষ্টাগ্ৰামৰ জড়িয়তে কয়লা খননৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে ভিদিঅ’ বাৰ্তা, গীত প্ৰেৰণ কৰিছে। অন্য সচেতন লোকে, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সমানেই আগভাগ লৈছে। সকলোৰে এটাই অনুৰোধ যে চৰকাৰে অনুমতি দিয়া এই কয়লা খননৰ প্ৰকল্প শীঘ্ৰেই বন্ধ হ’ব লাগে। কিন্তু এইখিনিতে এটা অঘটন ঘটোৱাৰ চেষ্টা আৰম্ভ হৈছে। আৰু এই চেষ্টা কৰিছে কয়লা খননৰ সপক্ষত থকা লবীটোৱে।

কয়লা খননৰ বাতৰিটোত প্ৰতিক্ৰীয়া ব্যক্ত কৰি প্ৰতিবাদ জনোৱা প্ৰতিটো দল-সংগঠনৰ তথা ৰাজনৈতিক নেতাৰ কথাৰ প্ৰতি ৰাজ্য চৰকাৰে কোনো সঁহাৰি দিয়া পৰিলক্ষিত হোৱা নাই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল যি নিজেই খননৰ প্ৰস্তাৱনাৰ মিটিংবোৰত সভাপতি হৈ আছিল তেওঁ সৌজন্যতাৰ খাটিৰত বনমন্ত্ৰীক দিহিং পাটকাইলৈ গৈ পৰিস্থিতিৰ বুজ ল’বলৈ কোৱাটো আচৰিত। তাৰোপৰি, কৰ’নাৰ ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা বৃদ্ধিৰ খবৰে কয়লা খননৰ খবৰটোক হেঁচা দি লুকুৱাই ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে।

শেহতীয়াকৈ ফেচবুকত মানে ছ’চিয়েল মাধ্যমত দিহিং পাটকাইত কয়লা খননৰ সপক্ষত প্ৰচাৰ আৰম্ভ হৈছে। এই প্ৰচাৰৰ অধীনত একাংশই ছেভ দিহিং পাটকাই ওফৰাই দিহিং পাটকাইক ধ্বংস কৰাৰ কথাত গুৰুত্ব দিছে। ফেচবুক আৰু একাংশ ৱেব নিউজ পৰ্টেলত এক ধৰণৰ ফেক নিউজ প্ৰচাৰ হৈছে। এই ফেক নিউজ মানে ভূৱা বাতৰিবোৰে দিহিং পাটকাইত কয়লা খননৰ প্ৰস্তাৱনা চৰকাৰৰ সঠিক সিদ্ধান্ত বুলি প্ৰচাৰ চলাই গৈছে। আনকি একাংশ শিক্ষিতই এইবুলিও ক’বলৈ দ্বিধাবোধ কৰা নাই যে #SaveDihingPatkai আচলতে আন্তঃৰাষ্ট্ৰীয় ধন অহা কেতবোৰ পৰিৱেশ সুৰক্ষা সংস্থাৰ ধন ঘটাৰ এজেণ্ডা। মূলত কয়লা খননৰ সপক্ষে থকা লবীয়ে নিজৰ প্ৰভাৱ বিস্তাৰৰ বাবে এনে পদক্ষেপ লোৱাত ইতস্ততবোধ কৰা নাই কিয়নো পৰিৱেশ সুৰক্ষাৰ বাবে চলি থকা ব্যাপক আৰু অনন্য আন্দোলনৰ পৰিণতিয়ে তেওঁলোকৰ ধন ঘটাৰ পথটো বন্ধ কৰি দিব। কিন্তু এনেবোৰ ঋণাত্মক শক্তিয়ে কয়লা খননৰ বিৰুদ্ধে অব্যাহত থকা আন্দোলনক স্তিমিত কৰিব পৰা নাই। ঘৰতেই থাকি সুৰক্ষিত থাকি এই আন্দোলনত অংশ লোৱা প্ৰতিজন সচেতন আন্দোলনকাৰীৰ প্ৰতিবাদে এক বৌদ্ধিক আন্দোলনৰ সূত্ৰপাত ঘটাবলৈ সক্ষম হৈছে। আৰু এয়া সফল হোৱাটো সকলোৱে কামনা কৰে।
লেখক নতুন দিল্লীস্থ এগৰাকী সাংবাদিক তথা বিশ্লেষক, ফোনঃ ৯৮৯৯৬৬০৫৮২
লেখাটি সাপ্তাহিক জনমভূমি কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment