ভাৰতবৰ্ষত কোভিড-১৯ৰ প্ৰথমটো সংক্রমণ ধৰা পৰিছিল ৩০ জানুৱাৰীৰ দিনাখন। চীনৰ ৱুহানৰ পৰা অহা কেৰেলাৰ ছাত্ৰ এগৰাকীৰ গাত ধৰা পৰিছিল এই বেমাৰ। আজি তিনি মাহতকৈ বেছিদিন হৈ গ'ল এই প্রথম কেছ ধৰা পৰাৰ আৰু এতিয়া হয়তাে সময় সমাগত, আমি কেনেকৈ এই মহামাৰী প্ৰতিৰােধ কৰাৰ ক্ষেত্ৰত কেনেকুৱা পদক্ষেপ লৈছোঁ আৰু কিমানখিনি সফল হৈছোঁ। আজি ভাৰতত সংক্রমিত সংখ্যাই ১,৭৫,০০০ অতিক্রম কৰিছে আৰু মৃতকৰ সংখ্যা ৫০০০ৰ সীমা পাৰ কৰিছে। ইয়াৰ লগতে পঞ্চম পর্যায়ৰ লকডাউন লগতে আনলকিং-১ আৰম্ভ হ’ল।
কিন্তু ইমানৰ পিছতাে দিনক দিনে সংক্রমিত সংখ্যা বাঢ়িহে গৈছে। বাঢ়ি গৈছে প্রব্রজিত শ্ৰমিকৰ দুর্দশা। আজি যেন কোনেও ঠিৰাং কৰিব পৰা নাই এই পৰিস্থিতিৰ পৰিৱৰ্তন কেতিয়া হ'ব। এক অনিশ্চিত ভৱিষ্যতৰ পিনে দেশ লাহে লাহে আগবাঢ়ি গৈ আছে। এই সময়ত অলপ হ'লেও প্রয়ােজনীয়তা অনুভৱ হৈ আছে প্রশ্ন কৰাৰ যে এই সংকটৰ সন্মুখীন আমি অলপ বেলেগ ধৰণে হ'ব পাৰিলােহেঁতেন নেকি? আকৌ উভতি যােৱা যাওক জানুৱাৰী মাহৰ ৩০ তাৰিখলৈ। সেই সময়ত ভাৰতবৰ্ষত কোভিড়-১৯ কেছৰ সংখ্যা মাত্র ৩টা মান আছিল, কিন্তু সেই একে সময়ত চীনৰ অৱস্থা চিন্তাজনক আছিল। ঠিক সেই সময়ত দিল্লীত ফেব্ৰুৱাৰীৰ ৭ তাৰিখৰ পৰা ১২ তাৰিখলৈ অটো এক্সপাে পতা হৈছিল। তাত চীনৰ পৰা বহুসংখ্যক লােক আহি অংশগ্রহণ কৰিছিল। সেই সময়ত বাহিৰৰ দেশৰ পৰা অহা মানুহখিনিৰ ওপৰত কোনাে ধৰণৰ বাধা আৰােপ কৰা হােৱা নাছিল। তাৰ পিছতে ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইউৰােপত সংক্রমিতৰ সংখ্যা ক্রমান্বয়ে বাঢ়িয়ে আছিল। আৰু এনে পৰিস্থিতিত এফালে আমেৰিকাই ইউৰােপৰ দেশবােৰৰ পৰা বিশেষকৈ ইটালৰ পৰা যাত্রীক আমেৰিকাত প্ৰৱেশ নিষিদ্ধ কৰিলে আৰু ভাৰতবৰ্ষৰ গুজৰাটত বিৰাট জন সমাগমৰ মাজত নমস্তে ট্রাম্প পতা হ’ল। সমান্তৰালভাৱে চলিল ‘কাবিৰােধী আন্দোলন আৰু দিল্লীত সংঘটিত হ’ল সাম্প্রদায়িক সংঘাত।
এই সকলােবোৰ ঘটনাৰ বিষয়ে আকৌ এবাৰ চিন্তা কৰা দৰকাৰ, কাৰণ হয়তাে প্রত্যেকটো পৰিস্থিতিয়ে আমাক সংক্রমণৰ এক ভয়াৱহ দিশৰ পিনে ঠেলি দিছিল। উল্লেখ্য যে সেই সময়ত ভাৰতবৰ্ষত টেষ্টৰ সংখ্যা একেবাৰে কম আছিল আৰু কেৱল বাহিৰৰ পৰা অহাসকলকহে টেষ্ট কৰা হৈ আছিল। কিন্তু পিছত এনে কিছু ঘটনাও সন্মুখত আহে যে বহুতে নিজৰ যাত্ৰাৰ বিষয়ে তথ্য লুকাই ৰাখে আৰু কোৱাৰেণ্টাইন। নিয়ম পালন নকৰে। সেই সময়ত এছিয়াৰ বেলেগ দেশ যেনে ইন্দোনেছিয়া, মালয়েছিয়া আদিৰ পৰা অহা মানুহখিনিক কোনাে ধৰণৰ বাধা প্রদান কৰা হােৱা নাছিল। আনকি মালয়েছিয়াৰ কিছু ঠাই কোভিড-১৯ৰ হটস্পট বুলি প্রমাণিত হােৱাৰ পিছতাে সেই দেশবােৰৰ পৰা অহা মানুহবােৰৰ ভিছা বাতিল কৰা হােৱা নাছিল। মালয়েছিয়াত তবলীগ জামাতৰ সন্মিলনত যােৱাৰ পিছত তাৰ পৰা কিছু লােক ভাৰতলৈ আহিছিল। লকডাউনৰ পিছত এই লােকসকল নিজ নিজ দেশলৈ যাব নােৱাৰি দিল্লীৰ মাৰ্কাজতে থাকিব লগা হয়। পিছে চৰকাৰৰ নীতি নির্দেশমতে মার্কাজত থকা লােকখিনিয়ে নিজামুদ্দিনৰ আৰক্ষীক যদিও অৱগত কৰায়, তেওঁলােকক দিল্লীৰ বাহিৰত যাবলৈ অনুমতি দিয়া হােৱা নাছিল। কিন্তু যেতিয়া তাত থকা কিছু লােক অসুস্থ হৈ পৰে তেতিয়াহে লােকসকলক কোৱাৰেন্টাইন কৰাৰ ব্যৱস্থা কৰা হয়। সঠিক সময়ত কিছু দেশৰ পৰা মানুহৰ আগমন বন্ধ কৰি দিলে বা দিল্লী চৰকাৰে কঠোৰভাৱে নিজৰ আদেশ পালন নকৰা মানুহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলে এনে পৰিস্থিতি নহ'লহেঁতেন। যি সময়ত বিভিন্ন দেশত কোনাে সংকটে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল, সেই সময়ত আমাৰ দেশত কোনাে স্পষ্ট নীতি নাছিল।
দিল্লী চৰকাৰৰ নির্দেশ নামানি হিন্দু মহাসভাৰ কাৰ্যালয়ত গো-মূত্র পান কৰাৰ এক কাৰ্যসূচী পালন কৰা হয়। তাৰ উপৰিও বিভিন্ন ঠাইত জনসমাগম চলিয়ে থাকে, কিন্তু কোনােধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়। ২২ মার্চত দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে জনতা কার্ফিউ পালন কৰিবলৈ আহ্বান কৰিছিল। কিন্তু কার্ফিউ শেষ হােৱাৰ পিছতে ৰাস্তাত বহু লােক ওলাই আহি ভিৰ কৰে আৰু সামাজিক দূৰত্ব পালন নকৰে। ভাইৰাছৰ সংক্রমণ কেনেকৈ হয়, এই বিষয়ে যেন মানুহখিনিৰ কোনাে ধাৰণা নাই। ইয়াৰ পিছতে ২৪ মাৰ্চৰ পৰা ২১ দিনীয়া লকডাউন ঘােষণা কৰা হয়। এই দীঘলীয়া লকডাউনৰ বাবে প্রস্তুত হ'বলৈ মানুহবােৰক মাত্র চাৰি ঘণ্টা সময় দিয়া হয়। এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় আৰু এনে অপ্রস্তুতিৰ মাধমাৰ পৰে সমাজৰ দুখীয়া শ্রেণীৰ ওপৰত। লকডাউনৰ দ্বিতীয় দিনাখনে সামাজিক আৰু শাৰীৰিক দূৰত্বৰ সকলাে নিয়ম ভংগ কৰি হেজাৰ হেজাৰ শ্রমিক দিল্লীৰ ৰাজপথলৈ ওলাই আহে। লকডাউন সকলাে ধৰণৰ কাম বন্ধ হৈ যােৱাৰ লগে লগে এই শ্রমিকবােৰৰ একো কৰিবলৈ নাথাকে। দিন হাজিৰা কৰা, নির্মাণকার্যত মজদুৰী কৰা বা কাঠমিস্ত্রী, ৰাজিমিস্ত্রী ৰূপে কাম কৰাসকল কোনাে জীৱিকা উপার্জন নােহােৱাৰ ফলত নিজ নিজ ৰাজ্যলৈ উভতি যাব বিচাৰে। বহু শ্ৰমিকৰ থাকিবলৈ ঠাই নাইকিয়া হয়, কাৰণ তেওঁলােকে কাম কৰা ঠাইতে অস্থায়ীভাৱে থাকে আৰু কাম বন্ধ হােৱাৰ লগে লগে তেওঁলােকৰ থকাৰ ঠাই নাইকিয়া হৈ যায়। চৰকাৰে বাৰম্বাৰ সকলাে নিয়ােগকর্তাক নিজৰ অধীনত কাম কৰা মানুহখিনিক লকডাউনৰ সময়ত কাম নকৰিলেও মজুৰি দিবলৈ আহ্বান কৰে। কিন্তু সঁচা অৰ্থত দেখা যায় যে খুব কমসংখ্যক লােকেহে এইতাে কার্যকৰী কৰে। ওলােটাকৈ ভাৰতৰ বিভিন্ন ঠাইত এই লকডাউনতে দুখীয়া, কাম কৰি খােৱা মানুহক ঘৰৰ পৰা ওলাই যাবলৈ কোৱা ঘটনা পােহৰলৈ আহিছে। দিল্লীৰ আনন্দবিহাৰ বাছ ষ্টেচনলৈ ওলাই অহা শ্ৰমিকসকলক বুজাই পৰাই ২১ দিনৰ কাৰণে দিল্লীতে থাকিবলৈ কোৱা হ'ল আৰু চৰকাৰী শিবিৰত তেওঁলােকৰ থকা আৰু খােৱাৰ ব্যৱস্থা কৰা হ’ল। কিন্তু গােটেই মাহজোৰা বাতৰি পােৱা গ'ল যে এই শিবিৰবােৰতাে প্রথমতে সামাজিক দূৰত্ব মানি চলাৰ কোনাে উপায় নাছিল আৰু দ্বিতীয়তে খােৱা-বােৱাত বহুত কষ্ট হৈছিল। পৰিস্থিতি এনে হৈ পৰিছিল যে বহুসংখ্যক শ্রমিকে কোনােধৰণৰ চৰকাৰী নির্দেশ নামানি খােজ কাঢ়িয়ে হেজাৰ হেজাৰ কিঃমিঃ দূৰত থকা নিজ ঘৰলৈ ওলাই পৰিল। কথা এটাই যে যিবােৰ চহৰক এই শ্ৰমিসকলে মূৰৰ ঘাম মাটিত পেলাই নির্মাণ কৰিছে, যি চহৰীয়া অর্থনীতিৰ মেৰুদণ্ড এই শ্ৰমিকসকল, সেই চহৰবােৰে লুকডাউন হােৱাত এই শ্ৰমিকসকলক সহায় কৰাত ভয়ংকৰভাৱে বিফল।
এই শ্ৰমিকসকলৰ জীৱনৰ কোনাে সুৰক্ষা যেন তেওঁলােকৰ কর্মক্ষেত্ৰত নাই। বাৰে বাৰে নিজ ৰাজ্যলৈ যাবলৈ কাতৰ মিনতি কৰিছিল এই শ্ৰমিকসকল, কিন্তু কোনােধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হােৱা নাছিল। চৰকাৰৰ বাবে বাট চাই নাথাকি নিজৰ ঘৰলৈ ওলাই পৰা বহু শ্ৰমিকৰ পথ দুর্ঘটনাত মৃত্যু হৈছিল। এনে দুর্ঘটনাত এগৰাকী ১২ বছৰীয়া শিশু শ্রমিক জামলাে মকদমােৰাে মৃত্যু হৈছিল। পুষ্টিহীন দেহা লৈ কণমানিজনী তেলাংগানাৰ পৰা ছত্তীশগৰলৈ সুদীর্ঘ ১৫০ কিঃমিঃ খােজ কাঢ়ি যােৱাৰ পিছত, নিজৰ ঘৰ পাবলৈ মাত্র ১১ কিঃমিঃ বাকি থাকোতে মৃত্যুক সাবটি লয়। কেবল দিল্লীতে নহয়, ভাৰতৰ বিভিন্ন ৰাজ্যত কাম কৰিবলৈ যােৱা শ্ৰমিকসকলৰ একে দুৰৱস্থা হয়। ৰাজ্যিক চৰকাৰবােৰে ইমান ডাঙৰ সংখ্যাৰ শ্ৰমিকৰ দায়িত্ব ল’বলৈ অক্ষম। বহু ঠাইত ঠিকাদাৰৰ দ্বাৰা প্ৰতাড়িত হৈয়াে শ্রমিক নিজ ঘৰলৈ উভতিবলৈ ৰাজপথলৈ ওলাই আহে। বহু ঠাইত শ্ৰমিকসকলক জে’লৰ কয়েদীৰ দৰে ব্যৱহাৰ কৰা হয়, পলিথিনৰ বস্তাত খাবলৈ দিয়া হয়।
এনে হৃদয়বিদাৰক ঘটনা বেলেগ ঠাইত নহয়, অসমতে ঘটিছিল। ধুবুৰীৰ কিছু শ্রমিক হাফলঙৰ পৰা, বৰপেটাৰ শ্ৰমিক নগাঁৱৰ পৰা উপায়বিহীন হৈ ওলাই আহিছিল। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ উঠে যে আৰম্ভণিৰে পৰা লকডাউন বহু ঠাইত বিভিন্ন কাৰণত ভংগ হৈছে। শ্রমিকক ঘৰত থাকিবলৈ কোৱা হ’ল কিন্তু ঘৰ নথকা, খাদ্যবস্তু নােপােৱা শ্ৰমিকৰ বাবে যেন এই লকডাউন এক বিলাসীতা। আজি আমি লকডাউনৰ চতুর্থ পর্যায়ত আৰু মে’ মাহৰ আৰম্ভণিৰ পৰাই চৰকাৰে শ্ৰমিকসকলৰ বাবে বিশেষ ৰেলগাড়ীৰ ব্যৱস্থা কৰে। কিন্তু আজিও ট্রেনৰ টিকট নাপাই শ্ৰমিকৰ অবিৰাম পথযাত্ৰা চলিছে। বিত্তমন্ত্রী আৰু প্রধানমন্ত্রীয়ে যেতিয়া অর্থনৈতিক পেকেজ ঘােষণা কৰিছিল, আমি বৰকৈ আশাবাদী হৈ পৰিছিলোঁ যে লকডাউনৰ ফলত সৃষ্টি হােৱা অর্থনৈতিক সংকটৰ এইবাৰ শাম কাটিব। কিন্তু বহুকেইজন অর্থনৈতিক বিশেষজ্ঞৰ মতে এই পেকেজৰ সৰহভাগ দিয়া হ'ব ঋণৰ ৰূপত। অর্থনৈতিকভাৱে কাঙাল হৈ পৰা এই জনগণে ঋণ লৈ পৰিশােধ কৰিব পাৰিবনে?
অর্থনৈতিক অৱস্থাই একপ্রকাৰ লকডাউন শিথিল কৰিবলৈ বাধ্য কৰি পেলালে চৰকাৰক। অনির্দিষ্ট কাললৈ লকডাউন ব্যৱহাৰিক দিশৰ পৰাও সম্ভৱ নহয়। কিন্তু শ্ৰমিকসকল নিজ ৰাজ্যলৈ উভতিবলৈ আৰম্ভ কৰাৰ লগে লগে প্রত্যেক ৰাজ্যত সংক্রমিত সংখ্যা বাঢ়ি যায়। বহু ৰাজ্যিক চৰকাৰৰ মতে দুটা মাহ এই শ্ৰমিকসকলক দিল্লী, মুম্বাইৰ দৰে হটস্পটত আবদ্ধ কৰি নাৰাখি লকডাউনৰ আৰম্ভণিতে নিজ ৰাজ্যলৈ পঠোৱাৰ ব্যৱস্থা কৰিলে এনে পৰিস্থিতি নহ'লহেঁতেন। ইয়াৰ ওপৰিও এতিয়াও নিজ ৰাজ্যলৈ উভতি যাবলৈ এই শ্ৰমিকসকলে কোনােধৰণৰ সামাজিক দূৰত্ব পালন কৰাৰ পৰিস্থিতি নাই। দিনটো হেজাৰ হেজাৰ মানুহৰ লগত ট্রেনৰ টিকটৰ বাবে অপেক্ষা কৰাৰ পিছত দীঘলীয়া যাত্ৰাত খােৱাপানীৰ বাবেও হেতাণ্ডপৰা কৰিব লগা হৈছে। এই মহামাৰীৰ অভিজ্ঞতাৰ পৰা চৰকাৰে কিছু শিক্ষা লােৱা উচিত। পিছলৈ উভতি চালে অনুভৱ হয় যে লকডাউনৰ সিদ্ধান্ত যেন পৰিকল্পনা অবিহনে লােৱা হৈছিল। অর্থনৈতিক পেকেজে আগবঢ়োৱা সকাহাে যেন সীমিত। কিন্তু ভুল কেৱল চৰকাৰৰ বুলি কলেও আন এটা ডাঙৰ ভুল হৈ যাব। এয়া এক সুবর্ণ সুযােগ আছিল আমাৰ মানুহবােৰৰ মাজত থকা অন্ধবিশ্বাসৰ প্ৰভাৱ কিছু কমাই আনি আৰু ডাক্তৰ, চৰকাৰৰ নির্দেশ মতে এক বৈজ্ঞানিক মানসিকতা লৈ আমি ভাইৰাছৰ বিৰুদ্ধে এই যুঁজত জয়ী হ’ম। কিন্তু দুর্ভাগ্যবশত এনে নহ'ল। এই মহামাৰীৰ বিষয়ে বিভিন্ন ভুৱা বাতৰি প্ৰচাৰ হৈ থাকিল আৰু আমাৰ মানুহবােৰেও এইবােৰ অতি সহজে বিশ্বাস কৰিলে। ইয়াৰ উপৰিও কোৱাৰেণ্টাইন চেণ্টাৰবােৰত মানুহবােৰে সামাজিক, শাৰীৰিক দূৰত্ব বজাই নাৰাখিলে। আনকি লকডাউন শিথিল কৰাৰ লগে লগে প্রয়ােজনীয় বয়-বস্তুৰ ঠাইত ঈদ উপলক্ষে মানুহে কাপােৰৰ দোকানতহে ভিৰ বেছি কৰিলে। গতিকে সময় সমাগত, আমি সকলােৰে আৰােপ-প্রত্যাৰােপৰ পৰা বিৰত থাকি নিজৰ ভূলবােৰৰ পৰা শিকিবলৈ চেষ্টা কৰোঁ।
মহামাৰীৰ বহুস্তৰীয় প্রভাৱৰ বিৰুদ্ধে এই সংগ্রাম কেৱল চৰকাৰৰ নহয়, আমাৰ প্রত্যেকৰে। স্বাস্থ্যকর্মীসকলক সহযােগ কৰোঁ, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰয়ােজনীয়তাৰ বিষয়ে অৱগত হওঁ আৰু ফাঁকিবাজ, বাবাজীৰ কবলত নপৰিবলৈ মন স্থিৰ কৰোঁ। চৰকাৰেও ইমানখিনিৰ পিছতাে কষ্ট পাই থকা শ্ৰমিকসকলৰ দুর্দশা নির্মূল কৰিবলৈ যত্ন কৰক আৰু নাগৰিকৰ জীৱনৰ সুৰক্ষাৰ প্রতি গুৰুত্ব প্রদান কৰি পৰৱর্তী পদক্ষেপ লওক।
(লেখাটি গণ-অধিকাৰ কাকততো প্ৰকাশ পাইছে)
No comments:
Post a Comment