বৰ্তমান দেখা গৈছে যে কোৰোনা মহামাৰীৰ প্ৰভাৱত কেনেকৈ গোটেই বিশ্বৰ অর্থনীতি নজিৰবিহীন মহামন্দাত নিমজ্জিত হৈছে। ১৯২৯-৩০ বৰ্ষৰ বিশ্বৰ অর্থনীতিৰ বৃহত্তম মহামন্দাৰ | ভয়ংকৰ ছবিখন বিখ্যাত আমেৰিকান অর্থনীতিবিদ John Kenneth Galbraithৰ বিখ্যাত গ্রন্থ 'The Great Crash 1929' পঢ়ি| বিস্তাৰিতভাৱে জানিব পাৰিছিলোঁ। 'দ্য গ্রেট ক্রেশ্ব’ গ্রন্থখনে মহামন্দাৰ বৰ্ণনা সাহিত্যসমৃদ্ধভাৱে সুন্দৰ আৰু স্পষ্টকৈ দাঙি ধৰিছে। ২০২০ৰ অর্থনৈতিক মহামন্দাৰ কাৰণ হ’ল ক’ভিড-১৯ বা মহামাৰীৰ দুর্যোগৰ। বিশ্ব বেংক, আন্তর্জাতিক মুদ্রাভাণ্ডাৰ | (আই এম এফ) আৰু বিশ্বৰ বিখ্যাত অর্থনীতিবিদসকলে বিশ্বৰ অর্থনীতি বিশ্লেষণেৰে প্ৰকাশ কৰিছে যে বিশ্ব অর্থনীতি কল্পনাতীত মহামন্দাত নিমজ্জিত হ'ব। বিশ্বৰ ৮০ শতাংশ লােকেই দৰিদ্ৰত পৰিণত হােৱাৰ আশংকাই দেখা দিছে। জনসাধাৰণৰ হাতত ধন নাথাকিব বজাৰৰপৰা কোনাে সামগ্রী কিনিবলৈ। আই এম এফয়ে কৈছে- 'Unprecedented dem and collapse - চাহিদাৰ নজিৰবিহীন পতন। বিশ্ব অর্থনীতিৰ মহাৰজা আমেৰিকা যুক্তৰাষ্ট্ৰৰে অৱস্থা কাহিল। আমেৰিকাত যােৱা মাহত ২৬ নিযুত নিবনুৱাই নিবনুৱা ভাত্তা’ৰ বাবে দৰ্খাস্ত কৰিছে। দেশখনত নিবনুৱাৰ পৰিমাণ ১৮ শতাংশ পাইছেগৈ। ঠিক সেইদৰে ইউৰােপৰ উন্নত দেশবােৰৰ অর্থনীতিও ইতিমধ্যে মহামন্দাৰ গ্রাসত। উন্নয়নশীল আৰু দুখীয়া দেশবােৰৰ অৱস্থা আৰু অতি বেয়া। কোটি কোটি লােক নিবনুৱা হৈছে। এতিয়াও ক’বপৰা হােৱা নাই কিমান দিনলৈ ক’ভিড-১৯ৰ বিভীষিকা চলে। কেতিয়াকৈ ক’ভিড-১৯ক নিয়ন্ত্রণ কৰি স্বাভাৱিক অর্থনীতিৰ | ক্রিয়াকর্ম আৰম্ভ কৰিবপৰা যাব? গতিকে বিশ্ব অর্থনীতিৰ মহামন্দাৰ এয়া আৰম্ভণিহে, ই কিমান গভীৰ পর্যায়লৈ যায় ভৱিষ্যদ্বাণী কৰাটো কঠিন, কিন্তু সর্বনাশী মহামন্দাত যে পৰিণত হ’ব, ই ধুৰূপ। ক’ভিড-১৯ৰ সংক্ৰমণৰ অৱসান ঘটাৰ পাছত অর্থনীতি পুনৰুজ্জীৱিত কৰাটো দুষ্কৰ কাম হ’ব। প্রথম সমস্যা হল দেশবােৰৰ সম্পদ নাথাকিব অর্থনীতিৰ উৎসবােৰ পুনরুজ্জীৱিত কৰি তুলিবলৈ। বিশ্বৰ কেইখনমান দেশৰ সমস্যা নহয়, বিশ্বৰ ধনী আৰু উন্নত দেশবােৰকে ধৰি সমস্ত দেশে এই সমস্যাৰ সন্মুখীন হ'ব। বিশ্ব বেংক বা আই এম এফৰাে সম্পদ নাথাকিব দেশবােৰক পুঁজি যােগান ধৰিবলৈ। বিশ্বৰ ৯০খন দেশে আই এম এফৰপৰা আৰু ৬০খন দেশে বিশ্ব বেংকৰপৰা ইতিমধ্যে পুঁজি বিচাৰিছে।
বিশ্ব অর্থনীতিৰ এই পটভূমিত ভাৰতৰ অর্থনীতি ক’ভিড১৯ৰ আক্ৰমণৰ আগতেই সংকটত নিমজ্জিত হােৱাৰ উপক্রম হৈছিল। নিবনুৱাৰ হাৰ ভাৰতত যােৱা ৪৫ বছৰৰ ভিতৰতে অধিকতম। শেহতীয়া তথ্য মতে ভাৰতৰ মুঠ শ্রমজীৱী লােক ৫৫ কোটি। ইয়াৰে ৯০ শতাংশ অর্থাৎ ৪৯.৫ কোটি অসংগঠিত শ্রমিক-কর্মচাৰী। অসংগঠিত শ্রমিক-কর্মচাৰীসকলৰ ভিতৰত ৮ কোটি স্বনিয়ােজনকাৰী। আন্তর্জাতিক শ্রম সংস্থাই কৈছে— ভাৰতৰ ৪০ কোটি অসংগঠিত শ্রমিককর্মচাৰী দুর্ভিক্ষৰ গ্ৰাসত পৰাৰ আশংকাই দেখা দিছে। উল্লেখ্য যে ভাৰত চৰকাৰে অপৰিকল্পিতভাৱে বিমুদ্ৰাকৰণ আৰু জি এছ টি ব্যৱস্থা প্ৰৱৰ্তন কৰা কাৰণে ইতিমধ্যে বহু কোটি অসংগঠিত শ্রমিক-কর্মচাৰীয়ে দুর্ভিক্ষৰ গ্ৰাসত পৰিছে। বর্তমান ক’ভিড-১৯ৰ সংক্ৰমণৰ প্ৰভাৱত দেশৰ ৭০ শতাংশতকৈ অধিক লােক দুর্ভিক্ষ গ্রাসত পৰাৰ আশংকাই দেখা দিছে। ভাৰতৰ অর্থনৈতিক অৱস্থা ইতিমধ্যে দেৱলীয়া। কৰনাই সৃষ্টি কৰা অর্থনৈতিক মহামন্দাক মােকাবিলা কৰাৰ বাবে ভাৰত চৰকাৰে সম্পদ সংগ্রহ কৰিবপৰাৰ আশা নাই। দেশৰ ৰাজ্য চৰকাৰবােৰকো সাহায্য দিয়াতাে দূৰৰ কথা প্রাপ্য ধনখিনিয়ে আদায় দিবপৰা ক্ষমতা নাথাকিব কেন্দ্রীয় চৰকাৰৰ। দ্য ইকনমিক টাইম’কাকতখনে হিচাপ কৰি কৈছে যে। লকডাউনৰ পাছতে অর্থনীতি পুনরুজ্জীৱিত কৰিবলৈ ভাৰত চৰকাৰৰ নূন্যতম ১৭.৫ লাখ কোটি টকাৰ (জি ডি পিৰ ৯ শতাংশ) উদ্দীপক পেকেজ প্রয়ােজন হ'ব। | ভাৰতৰ অর্থনীতি তথা ভাৰত চৰকাৰৰ বিত্তীয় ক্ষমতাৰ পটভূমিত অসম চৰকাৰে কিদৰে অসমৰ অর্থনৈতিক সংকট মােকাবিলা কৰিব আৰু অসমৰ জনসাধাৰণৰ দুখ-দুর্দশাৰ নিৰসন কৰিব, সেইটো এটা ডাঙৰ প্রশ্ন। ৰাজ্যখনত লকডাউনৰ ফলত অর্থনৈতিক কর্মকাণ্ড সম্পূর্ণ স্তব্ধ হৈ যােৱা বাবে চৰকাৰখনৰ ৰাজহ সংগ্ৰহৰ অৱস্থাও ন্যূনতম পর্যায় পাইছে। জি এছ টি কৰ ব্যৱস্থা প্রৱর্তনৰ পাছত ৰাজ্য চৰকাৰৰ নিজস্বভাৱে ৰাজহ সংগ্ৰহৰ উৎসও সীমিত হৈছে। অসম চৰকাৰে ৰাজহ সংগ্ৰহৰ আশাৰে সুৰাৰ দোকানবােৰ মুকলি কৰি দিবলৈ ইচ্ছা কৰিছিল আৰু পেট্রল-ডিজেলৰ ওপৰত ৫ৰপৰা ৬ টকা অতিৰিক্ত আবকাৰী কৰ আৰােপ কৰিছে। লকডাউনৰ বাবে কোনােধৰণৰ বাহন চলাচল বন্ধ থকাত পেট্রল-ডিজেল বিক্ৰী হােৱা নাই, গতিকে আবকাৰী শুল্কৰ হাৰ বৃদ্ধি কৰিলেও ইন্ধন বিক্ৰী নহ'লে চৰকাৰৰ ঘৰলৈ ৰাজহ নাহিব।
অসম চৰকাৰে যদিও বিত্তীয় সংকট নহ'ব বুলি ঘােষণা কৰিছে, কিন্তু ৰাজ্যিক কৰ্মচাৰীক সময় মতে দৰমহা দিব নােৱৰা আৰু চৰকাৰখনৰ ঋণৰ পৰিমাণলৈ লক্ষ্য কৰিলে প্রতিফলিত হয় যে চৰকাৰখন অর্থনৈতিকভাৱে দেৱলীয়া। অসম চৰকাৰ ৭৪,০৩২.৬২ কোটি টকাৰ ধৰুৱা। জনমূৰি ঋণ ২২,২৯৯ টকা। বছৰি সুদে দিব লাগে প্রায় ৫,০০০ কোটি টকা। কেন্দ্রীয় চৰকাৰে বাজেটত ধার্য কৰি লােৱা ৰাজহ সংগ্ৰহৰ লক্ষ্য অর্থনীতি স্বাভাৱিক অৱস্থাতে হােৱা নাছিল। এইবাৰ লকডাউনৰ ফলত ৰাজহ সংগ্ৰহৰ পৰিমাণ বাজেটত ধার্য লক্ষ্যৰ ৫০ শতাংশৰ তললৈ নামিব নিশ্চয়। গতিকে কেন্দ্ৰয়াে ৰাজ্যবােৰক আদায় দিবলগা লক্ষ্যৰ ৫০ শতাংশও দিবপৰাৰ আশা নাই। যােৱা চাৰি বছৰতাে কেন্দ্রীয় চৰকাৰে অসমৰ প্রাপ্য ধনৰ বহু অংশ দিবলৈ বাকী আছে। এই পৰিস্থিতিত অসম চৰকাৰৰ বিত্তীয় সংকট গভীৰ হ’ব। কর্মচাৰীক নিয়মিত দৰমহা দিয়াৰে ধন নাথাকিব, নির্ধাৰিত আঁচনিবােৰ ৰূপায়ণ কৰাটো দূৰৈৰ কথা। চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিব নােৱাৰিলে নতুন কর্মসংস্থান সৃষ্টি দূৰৰ কথা বর্তমান যিখিনিয়ে কর্মসংস্থাপন পাই আছিল, সেইখিনিৰে কর্মসংস্থানত থাকিবপৰাৰ নিশ্চয়তা নাই।
অসমৰ লােকসকল ঘৰগােনা বুলি খ্যাত আছিল। অসমত কর্মসংস্থানৰ অভাৱৰ বাবে পেটৰ দায়ত প্রায় ৩০ লাখ অসমৰ লােক সুদূৰ কেৰালাকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত প্ৰব্ৰজন কৰিছিল কর্মসংস্থাপনৰ বাবে। বর্তমান সেই ৰাজ্যবােৰৰাে অর্থনৈতিক সংকটৰ বাবে এই লােকসকলে পুনৰ কামত যােগ দিবলৈ ঘূৰি যাবপৰাৰ আশা নাই, গতিকে এওঁলােকেও জীৱন নির্বাহৰ পথৰ বাবে অসমতে থাকিব। | এই পৰিস্থিতিত ৰাজ্যখনৰ জনসংখ্যাৰ ৭০ শতাংশৰাে অধিক লােক মাৰাত্মক অর্থনৈতিক সংকটত পৰি দুর্ভিক্ষৰ গ্ৰাসত পৰাৰ আশংকাই দেখা দিছে। এই সংকটক মােকাবিলা কৰাৰ বাবে অসম চৰকাৰে কিবা উপায় উদ্ভাৱন কৰিবপৰাৰ সম্ভাৱনা প্রতিফলিত হােৱা নাই। সেয়ে জনসাধাৰণেও চিন্তা কৰিব লাগিব কেনেকৈ এই সম্ভাৱ্য দুর্ভিক্ষৰ কবলৰপৰা নিজকে ৰক্ষা কৰিবপৰা যাব। অসম এতিয়াও এখন গাঁৱলীয়া লােকৰ ৰাজ্য। দেশৰ গড়ে ৬৮.৮৪ শতাংশ গাঁৱলীয়া লােকৰ বিপৰীতে অসমৰ ৮৬ শতাংশ গাঁৱলীয়া লােক। এইটোৱে প্রতিফলিত কৰে যে অসমৰ ৮৬ শতাংশ লােক গ্রাম্য অর্থনীতিৰ ওপৰত নিৰ্ভৰশীল। গ্রাম্য অর্থনীতি হ’ল কৃষি আৰু কৃষি আনুষংগিক উদ্যোগৰ অর্থনীতি। সেইবাবেই সম্ভাৱ দুর্ভিক্ষৰ আক্ৰমণক প্ৰতিৰােধ কৰিবলৈ অসমৰ গ্ৰাম্য অর্থনীতি পুনৰুজ্জীৱিত কৰিব লাগিব। কৃষি আৰু কৃষি আনুষংগিক উদ্যোগবােৰ পুনৰুজ্জীৱিত কৰিবলৈ প্রথমে ইয়াৰ অন্তৰায়বােৰ আঁতৰ কৰিব লাগিব।
এইখিনিতে উল্লেখ্য যে অসমৰ গ্ৰাম্য অর্থনীতি ভাৰতৰ আন ৰাজ্যৰ বিপৰীত আছিল। ভাৰতৰ আন ৰাজ্যবােৰৰ অর্থনীতিত জমিদাৰৰ প্রাধান্য আছিল বা জমিদাৰী ব্যৱস্থা আছিল, কিন্তু অসমত গােৱালপাৰা জিলাৰ বাহিৰে কোনাে জিলাতে বা অঞ্চলতে জমিদাৰী ব্যৱস্থা নাছিল। সকলাে লােকৰে নিজা মাটি আছিল। সকলাে লােকে জীৱন ধাৰণৰ বাবে অত্যাৱশ্যকীয় সামগ্রীখিনি নিজে উৎপাদন কৰি লৈছিল। আমি স্কুলত পঢ়া সময়ত পঞ্চাছ-ঠিৰ দশকত দেখিছিলোঁ— অসমৰ গাঁওবােৰত প্রত্যেকটো পৰিয়ালে জীৱন ধাৰণৰ বাবে নিজৰ প্ৰয়ােজনীয় সামগ্রীখিনি নিজে উৎপাদন কৰি লৈছিল। পৰিয়ালবােৰে নিমখ আৰু দুই-এপদ বস্তুৰ বাহিৰে একো বস্তুকে বজাৰৰপৰা কিনিবলগা নহৈছিল।
শৈশৱকালত আমি দেখিছিলোঁ প্রত্যেক ঘৰতে গাখীৰ, শাকপাচলি, ধান-চাউল, দাইল, মাহ-ফল আদি আছিল। মানুহে নিজে মাছ ধৰিছিল। বনৰীয়া শাক-পাচলিও যথেষ্ট আছিল। অনেক গাঁৱলীয়া পৰিয়ালে চাবােন-চার্ক ব্যৱহাৰ নকৰি সপ্তাহত বা পষেকত কলাখাৰেৰে পৰিয়ালৰ সমস্ত কাপােৰ থালীত সিজাই লৈ ধুই দিছিল। সামগ্রিকভাৱে অসমৰ পৰিয়ালবােৰ স্বনিৰ্ভৰশীল আছিল। নিজৰ নথকা সামগ্রীবােৰ গাঁৱৰ আন পৰিয়ালৰপৰা কিনি আনিছিল বা বিনিময় কৰি লৈছিল। যেনে অনেক পৰিয়ালৰ কুঁহিয়াৰৰ খেতি বা সৰিয়হৰ খেতি নাছিল। কিন্তু যিবােৰ পৰিয়ালৰ সেইবােৰ সামগ্ৰীৰ খেতি আছিল, সেই পৰিয়ালবােৰৰপৰা সংগ্ৰহ কৰি আনিছিল। আমাৰ শৈশৱকালত কামৰূপৰ গাঁওবােৰৰ প্রত্যেকটো নামঘৰতে তেলপেৰা শাল দেখিছিলোঁ। তাত গাঁৱৰ লােকসকলে সৰিয়হ পেৰি তেল উলিয়াই লৈ অলপ পৰিমাণৰ তেল নামঘৰত দান দি গৈছিল নামঘৰৰ চাকি জ্বলােৱাৰ বাবে। গাঁৱৰ স্কুলীয়া ল'ৰাসকলে খেতি কৰা, গৰু ৰখা কামতাে জড়িত হৈছিল। গাঁৱলীয়া ছাত্রীসকলে তাঁতশালৰ কাম, ধান কটা, ভূই ৰুৱা, চেঁকীৰ কামকে ধৰি বিভিন্ন ঘৰুৱা কামত ব্যক্ত আছিল। এনেধৰণৰ আছিল অসমৰ গ্ৰাম্য অর্থনীতি। লকডাউন পাছত গাঁৱলীয়া লােকসকলে আৰু চহৰৰ কামৰপৰা বিতাৰিত শ্ৰমিকসকলে কৃষি তথা কৃষি আনুষংগিক কামবােৰ আৰম্ভ কৰিব লাগিব দুর্ভিক্ষৰপৰা নিজকে ৰক্ষা কৰিবলৈ। অর্থনীতি স্বাভাৱিক অৱস্থা পাবলৈ বহুমাহ বা বছৰ লাগিব।
সেৱাখণ্ড পুনৰুজ্জীৱিত হ’বলৈ বহু বছৰ লাগিব। চৰকাৰী সাহায্যৰে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু ব্যৱসায়বােৰৰ কিছুমান আৰম্ভ কৰিব পাৰিলেও জনসাধাৰণৰ আয় কৰাৰ সুযােগবােৰৰ সৃষ্টি নহ'লে উৎপাদিত সামগ্ৰীবােৰ বা ব্যৱসায়বােৰৰ সামগ্ৰীৰ বজাৰ চাহিদা নাথাকিব অর্থাৎ বিক্ৰী নহ'ব। যেতিয়ালৈকে জনসাধাৰণৰ আয় কৰাৰ সুযােগবােৰৰ সৃষ্টি নহয়, জনসাধাৰণৰ হাতত পইচা নাহে, তেতিয়ালৈ উদ্যোগ, ব্যৱসায় বা আন খণ্ড পুনৰুজ্জীৱিত হােৱাটো সম্ভৱ নহয়। বিমুদ্ৰাকৰণ আৰু জি এছ টি কৰ ব্যৱস্থাৰ বাবে দেশৰ নির্মাণ খণ্ডকে ধৰি অনেক ক্ষুদ্র-মজলীয়া উদ্যোগ সংকটত পৰি বন্ধ হৈ গৈছিল। আনকি ডাঙৰ ব্যৱসায়বােৰেও তেওঁলােকৰ সম্পূর্ণ উৎপাদন ক্ষমতা ব্যৱহাৰ কৰিবপৰা নাছিল। বিমুদ্ৰাকৰণ আৰু জি এছ টি কৰ ব্যৱস্থাই মানুহৰ ক্রয় ক্ষমতা হ্রাস কৰাৰ পৰিণতিত বজাৰত উৎপাদিত সামগ্রীবােৰৰ চাহিদা হ্রাস পাইছিল।
এতিয়া চৰকাৰে যদিওবা ক্ষুদ্র আৰু মজলীয়া উদ্যোগবােৰ আনকি ডাঙৰ উদ্যোগ আদিক লাখ কোটি টকাৰ সাহায্যৰে বেইল আউট কৰে তৎসত্ত্বেও কাম নিদিব যেতিয়ালৈকে জনসাধাৰণৰ হাতলৈ ধন নাযায়। ধৰি লােৱা হ’ল কোনাে এটা উৰাজাহাজ কোম্পানীক বহু হাজাৰ কোটি টকাৰ চৰকাৰীসাহায্য দি (বেইল আউট কৰি) পুনৰুজ্জীৱিত কৰিলে, কিন্তু উৰাজাহাজত ভ্ৰমণ কৰিবপৰা যাত্রীৰ সৃষ্টি নহ'লে উৰাজাহাজ কোম্পানীবােৰ পুনৰুজ্জীৱিত হৈ নুঠিব। সামগ্রিক অর্থনীতি ক্রিয়া-কর্ম বৃদ্ধি কৰি মানুহৰ আয় কৰা সুযােগ সৃষ্টিৰে মানুহৰ হাতত ধন যােৱাৰ ব্যৱস্থা কৰিব পাৰিলেহে অর্থনীতি পুনরুজ্জীৱিত হ’ব। সেয়েহে প্রয়ােজন চৰকাৰী খৰচেৰে বিভিন্ন আঁচনি ৰূপায়ণৰ, যিবােৰৰ দ্বাৰা কর্মসংস্থান সৃষ্টি হয়। দেশৰ লগতে অসমৰ সামগ্রিক অর্থনীতিৰ সংকটৰ পটভূমিত তাৎক্ষণিকভাৱে অসমৰ মানুহক দুর্ভিক্ষৰ গৰাহত নপৰাকৈ ৰাখিবলৈ হ'লে অসমৰ পৰম্পৰাগত গ্রামীণ অর্থনীতি পুনরুজ্জীৱিত কৰিব লাগিব অন্ততঃ যেতিয়ালৈ দেশৰ তথা অসমৰ অর্থনীতি পুনরুজ্জীৱিত হৈ স্বাভাৱিক অৱস্থা নাপায়।
অসমৰ গাঁৱলীয়া পৰিয়ালবােৰে তেওঁলােকৰ পৰিশ্ৰমেৰে নুন্যতম যিমানখিনি বিভিন্ন সামগ্রী উৎপাদন কৰিব পাৰে, তাৰেই প্রচেষ্টা হাতত ল'ব লাগিব। কেন্দ্রীয় চৰকাৰে ঘােষণা কৰিছে যেবীজ আৰু সাৰৰ ক্ষেত্ৰত ৯০ শতাংশ ৰাজসাহায্য দিব। গাঁৱলীয়া লােকসকলে সংগঠিত হৈ সতর্ক হােৱা প্রয়ােজন, যাতে দুর্নীতিবিহীনভাৱে এই ৰাজসাহায্যবােৰ কৃষকসকলে পায়। যিসকল কৃষকে বিক্ৰীৰ বাবে কৃষি সামগ্রী উৎপাদন কৰে, তেওঁলােকৰ সমস্যা হ’ল বজাৰ। ৰাজ্য চৰকাৰে বজাৰ ব্যৱস্থা সৃষ্টি কৰা প্রয়ােজন, যাতে কৃষকে উৎপাদিত কৃষিসামগ্ৰীৰ প্রকৃত মূল্য পায়। আজি কৃষকৰ আটাইতকৈ ডাঙৰ সমস্যা হ’ল— তেওঁলােকৰ উৎপাদিত সামগ্ৰীৰ উৎপাদন খৰচে নাপায়। লকডাউনৰ সময়ত কৃষকসকলৰ ফচলসমূহ বিক্ৰী কৰিব নােৱৰাৰ ফলত কৃষকসকল দেৱলীয়া হৈ পৰিল। অনেক কৃষকৰ বহুলাখ টকাৰ ফচল নষ্ট হ’ল।
সেইবাবেই কৃষকক চৰকাৰে উৎপাদন কৰাৰ উপদেশ দিলেই নহ'ব, ফচলসমূহৰ বজাৰৰ ব্যৱস্থাও চৰকাৰে কৰিব লাগিব। চৰকাৰৰ উদ্যোগত গাঁৱে গাঁৱে সমবায় তথা বাণিজ্য | কেন্দ্ৰৰ সৃষ্টি কৰি কৃষকক মধ্যভােগীৰ দ্বাৰা শােষণ কৰা বন্ধ কৰিব লাগিব। জমিদাৰ মাটিগিৰিৰ মাটিবােৰ চৰকাৰে অধিগ্রহণ কৰি বা ক্ৰয় কৰি মাটিহীন কৃষকসকলৰ মাজত বিতৰণ কৰি দিয়ক। ক্ষুদ্র | খেতিয়কে মাটি বিক্ৰী কৰা বন্ধ কৰক। চৰকাৰখনে প্রতি অঞ্চলতে শীতল ভঁৰাল তৈয়াৰ নকৰিলে আৰু ফল-পাচলি প্রক্রিয়াকৰণ উদ্যোগ মুকলি নকৰিলে। বর্তমান অর্থনৈতিক সংকটক মােকাবিলা কৰিবলৈ চৰকাৰে শস্য প্রক্রিয়াকৰণ কিছুমান উদ্যোগ স্থাপন আৰু হিমঘৰ’ প্রতি অঞ্চলতে নির্মাণ কৰিব লাগে। চীন দেশে ২৩ শতাংশ, ইণ্ডোনেছিয়াই ৫০ শতাংশ আৰু ব্রাজিলে ৭০ শতাংশ খাদ্যশস্য প্রক্রিয়াকৰণ (Process) কৰে। ভাৰতে গড়ে ৪ শতাংশ, অসমে এক শতাংশও নকৰে। অসম চৰকাৰে জৰুৰীভাৱে কিছুমান শস্যৰ প্রক্রিয়াকৰণ উদ্যোগ আৰু হিমঘৰ নিৰ্মাণ কৰক। ‘হিমঘৰৰ বাবে ৰেহাই মূল্যত বিদ্যুৎ যােগান দিয়ক, যাতে ‘হিমঘৰৰ ভাৰাৰ হাৰ কম হয় আৰু কৃষকসকলে কম খৰচতে তেওঁলােকৰ ফচল হিমঘৰত ৰাখিব পাৰে। কৃষিমন্ত্রী অতুল বৰাই কৈছে যে পি এম কিষাণ আঁচনিৰ অধীনত ৪৭৫ কোটি টকা আৰু আৰ টি ভি আই আঁচনিৰ অধীনত ২২৫ কোটি টকা অসম চৰকাৰে লাভ কৰিছে। অসম চৰকাৰে লকডাউনৰ সময়ত ক্ষতি হােৱা কৃষকসকলক ক্ষতিপূৰণ দিয়ক আৰু এই ধনখিনি দুর্নীতিবিহীনভাৱে কৃষকৰ স্বাৰ্থত তথা গ্রামীণ অর্থনীতি উন্নয়নত খৰচ কৰক। গ্রামীণ অর্থনীতিৰ আন্তঃগাঁথনি সৃষ্টি কৰিবলৈ কেন্দ্ৰৰপৰা আৰু অধিক ধন আনি খৰচ কৰক।
আমি গাঁৱলৈ গ'লে দেখোঁ পৰিয়ালবােৰৰ ঘৰৰ চৌহদৰ মাটিবােৰ এনেয়ে পৰি আছে। নিবনুৱা ডেকাবােৰৰ অনেকে চাহ দোকানত আড্ডা দিয়ে আৰু অনেকে নিয়মিত সুৰাপান কৰে। পৰিয়ালবােৰৰ প্রায় ঘৰতে গৰু-ছাগলী, হাঁহ-কুকুৰা আদি নাই, যিটো অসমৰ মানুহৰ পৰম্পৰা আছিল। তাঁতশাল, টেকী আদি নাই প্রায় ঘৰতে। অনেক ডেকা ল'ৰাই মাটি বিক্ৰী কৰি মটচাইকেল, গাড়ী কিনে আৰু অনেকে চহৰত এটা ফ্লেট কিনে। দুর্ভিক্ষৰপৰা পৰিয়ালবােৰক ৰক্ষা কৰাৰ বাবে ডেকা ল'ৰাবােৰে কেইটামান গৰু ৰাখিব পাৰে, ছাগলী পুহিব পাৰে, হাঁহ-কুকুৰা পালন কৰিব পাৰে। নিজৰ প্রয়ােজনীয় শাক-পাচলি নিজৰ চৌহদতে উৎপাদন কৰিব পাৰে। অসমৰ গাঁৱলীয়া পৰিয়ালবােৰ স্বনিৰ্ভৰশীলতাৰ যি সংস্কৃতি আছিল, ঘূৰাই আনিব পাৰে। অন্যথা বিশ্ব বিখ্যাত অর্থনীতিবিদ, অর্থনৈতিক বিশেষজ্ঞ, আন্তর্জাতিক শ্রম সংগঠনৰ নিচিনা সংগঠনবােৰে বিশ্বৰ জনসাধাৰণৰ অনাগত দুর্ভিক্ষ অৱস্থাৰ যি সাৱধানবাণী দি আছে, তাৰেই বলি হ’ব অসমৰ গৰিষ্ঠসংখ্যক লােক।
লেখক ভাৰতীয় ষ্টেট বেংকৰ চেন্ট্ৰেল বৰ্ডৰ ডাইৰেক্টৰ ৰূপে অৱসৰপ্ৰাপ্ত অৰ্থনীতিবিদ। ফোন : ৯৪৩৫০-৪১২০৩ । লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। (ইউনিকোড মাধ্যমত সংৰক্ষণৰ বাবে 'অসমীয়াৰ সুখ-দুখ'ত প্ৰকাশ কৰা হৈছে।
No comments:
Post a Comment