দিহিং-পাটকাইৰ জৈৱ বৈচিত্ৰ্য়ৰ সংৰক্ষণ আৰু আধুনিক যুগৰ অৰ্থনীতি, এই দুয়োটা প্ৰশ্নৰ অৰ্থ ব্যাপক । সেয়ে হয়তো উত্তৰৰ সলনি প্ৰশ্নটোকেই কেনেকৈ আওকাণ কৰিব পাৰি তাৰ কূটনীতিহে বিদ্যমান । এইটো নিৰ্ঘাত সত্য যে পৃথিৱীৰ বুকুত মালিকীস্বত্ব এক অন্তঃসাৰশূন্য ধাৰণা । কিন্তু সামাজিক ৰূপান্তৰৰ মাজত গাঁথনিগতভাৱে সোমাই থকা বন্য-প্ৰৱণতা এতিয়াও মালিকীস্বত্বৰ দাবীদাৰ হৈয়ে আছে । এই ব্যাপক প্ৰশ্নটোৰ পটভূমি ইয়াতেই ।
ভূতাত্বিক খনন কৰি খনিজ পদাৰ্থৰ নিষ্কাষণৰ পৰা ভূপৃষ্ঠত উপলব্ধ প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰলৈকে মানুহৰ প্ৰতিটো হস্তক্ষেপ এক সচেতন সামাজিক ঐক্যমতৰ ফলশ্ৰুতি হ’ব লাগিব । এই হস্তক্ষেপবিলাকৰ পৰিৱেশৰ ওপৰত পৰা প্ৰভাৱক প্ৰতিৰোধ কৰিবলৈ ল’ব লগা পুনঃপ্ৰতিষ্ঠাৰ ব্যৱস্থাত কোনো দাবীদাৰৰ পক্ষপাতিত্ব থাকিব নোৱাৰে । এক বহনক্ষম পৰ্যায়লৈকে ল’ব লাগিব এই পুনঃপ্ৰতিষ্ঠাৰ ব্যৱস্থা । এই সকলোবোৰ পৰিৱেশ বিজ্ঞানৰ দ্বাৰা নিৰ্ণয় কৰি এক সামাজিক সিদ্ধান্ত ল’ব লাগিব । নহ’লে পৰিৱেশ বিজ্ঞানে যেনেকৈ আইন প্ৰস্তুত কৰিব, তেনেকৈ সেই আইনৰ সুৰুঙা বিচাৰি মুনাফাও উলিয়াই দিব । পৰিৱেশৰ ধংসলীলা মুনাফাই সৃষ্টি কৰা জমা প্ৰক্ৰিয়াই ব্যাপক কৰি তুলিছে । অৱশ্যে মুনাফাৰ কাৰণে পুঁজিৰ একচেটিয়া বিকাশ লাগিব । সেয়ে একচেটিয়া পুঁজিৰ অপৰিপক্ক বিকাশৰ সুযোগ লৈ মাফিয়া নামৰ এক অত্যাধুনিক সামন্তীয় সংস্কৰণে প্ৰভূত্ব বিস্তাৰ কৰে। তেনেকৈ, আধুনিক ৰাষ্ট্ৰব্যৱস্থাত আমোলাতন্ত্ৰৰ সামন্তীয় কৰৰ বোজাটোও গধুৰ হৈ পৰে । মুঠৰ ওপৰত মানুহৰ প্ৰয়োজনত পৰিৱেশ ধংস নহয়। ওপৰৰ তিনিওটা বন্য-প্ৰৱনতাৰ মাজেৰে হস্তগত কৰা ন্যস্তস্বাৰ্থই নিশ্চয় ধংস কৰে । এই তিনিওটাৰ মাজত নিৰ্বাচনী ৰাজনীতিৰ কৰ্ণধাৰসকল ক’ত পৰিব ? তেওঁলোক ওপৰোক্ত তিনিওটাৰ মাজতেই বিভিন্ন অনুপাতত বিভক্ত হৈ পৰে ।
মাফিয়া শব্দটো আধুনিকতাৰ কদৰ্য সৃষ্টি । আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰক ই পোনপটীয়াকৈ ভাবুকি দি থাকে । পুঁজিবাদে ক্ষুদ্ৰ উৎপাদনকাৰীৰ পৰা দিন-মজুৰি কৰা বনুৱালৈকে সকলোকে দাসত্বৰে বান্ধি পেলাব পাৰে, পিছে মাফিয়াক নোৱাৰে । আচলতে এনে বিপদ সংশয়ৰ বোজা লোৱাৰ সামৰ্থ পুঁজিবাদৰো নাই । পিছে পুঁজিবাদেও গণতান্ত্ৰিক ৰাষ্ট্ৰক পোনপটীয়াকৈ ভাবুকি দি থাকে । গতিকে মাফিয়া-পুঁজিপতিৰ মৈত্ৰীবন্ধন সম্ভৱ হৈ পৰে ।
ৰাষ্ট্ৰৰ গণতান্ত্ৰিক চৰিত্ৰ ইয়াতেই ফুটি উঠে । মুনাফা, মাফিয়া আৰু আমোলাৰ মৈত্ৰীবন্ধন সম্ভৱ হৈ পৰে । জনগনৰ গণতান্ত্ৰিক চেতনা নিৰ্বাচনী ৰাজনীতিতেই সীমিত কৰি পেলোৱা হয় । মুনাফা আৰু আমোলাই নিৰ্ণয় কৰা সামাজিক নৈতিকতাৰ মাজত মাফিয়া যেনেকৈ এক অনিয়ন্ত্ৰিত আসুৰিক শক্তি, তেনেকৈ ই এক সামাজিক বাধ্যবাধকতা হিচাবেও প্ৰতিষ্ঠিত হয় ।
পৰিৱেশৰ ওপৰত মানুহৰ বুৎপত্তি এক ক্ৰমবৰ্ধমান প্ৰক্ৰিয়া । তাৰ পাছতো মুনাফাৰ ওচৰত মানৱ সমাজে নিজকে অৰ্পণ কৰা মানেই হ’ল ‘গাত নাই চাল-বাকলি, মদ খাই তিন-টেকেলি’ৰ নিচিনা পৰিঘটনা । বিজ্ঞান আৰু প্ৰযুক্তিগত ক্ষমতাৰ সম্প্ৰসাৰণ লগতে পৰিৱেশ সঞ্চালনৰ মাপকাঠিৰ কেৱল উন্নিতকৰণেই নহয়, তাৰ সামাজিকভাৱে সচেতন প্ৰয়োগৰ গত্যন্তৰ নাই । পৰিবেশ বিজ্ঞান নতুবা জলবায়ুৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত প্ৰতিষ্ঠিত জ্ঞানৰ সহায়ত এক কাৰ্যকৰী মাপকাঠিৰ ভিত্তিত পৰিৱেশৰ ওপৰত প্ৰভাৱ নিৰ্ধাৰণ (Environmental Impact Assessment) কৰা হয় । গতিকে সঠিক মাপকাঠি, গণতান্ত্ৰিক আৰু দক্ষ পৰিৱেশ প্ৰশাসন অপৰিহাৰ্য ৷
এই মাপকাঠি আমি কেনেকৈ নিৰ্ণয় কৰিছোঁ । এই প্ৰযুক্তিগত প্ৰক্ৰিয়াটোৰ মূল লক্ষ হ’ল পৰিৱেশ সংৰক্ষনক অগ্ৰাধিকাৰ দি প্ৰস্তুত কৰা সম্পদ ব্যৱহাৰৰ প্ৰকল্প । তাৰ বিপৰীতে, মুনাফা, মাফিয়া আৰু আমোলাৰ প্ৰতিপত্তিত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ মাজতো প্ৰশাসনিক ব্যৱস্থাৰ উপৰ্যুপৰি সুৰুঙা বিচৰাটো এতিয়া মজ্জাগত । প্ৰকৃততে গণতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থাৰ সুৰুঙাটোৱেই এক অৰ্থহীন যুক্তি । কাৰণ, এক বস্তুনিষ্ঠ সমকালীন সামাজিক সন্মিলনেই ৰাষ্ট্ৰব্যৱস্থাৰ মাজেৰে প্ৰতিফলিত হোৱা উচিত । কিন্তু, ন্যস্তস্বাৰ্থৰ এই সংঘাতময় পৃথিৱীত মুনাফা, মাফিয়া আৰু আমোলাৰ দৰে ৰাষ্ট্ৰব্যৱস্থাৰ নামতো এক ন্যায়িক পক্ষ সৃষ্টি কৰি আদালতত বাৰে বাৰে পৰাস্ত কৰা হয় । ৰাষ্ট্ৰব্যৱস্থাই প্ৰতিনিধিত্ব কৰিব বিচৰা আকাংক্ষিত গণতান্ত্ৰিক সমাজখন তেনেকৈয়ে ক্ষমতাশালীৰ হাতত পৰাস্ত হয় । এইটো নিশ্চিত যে পৰিৱেশৰ ওপৰত প্ৰভাৱবোৰ শূণ্যলৈ ঘূৰাই অনা মানেই হ’ল প্ৰকল্পবোৰ মানুহৰ সামাজিক প্ৰয়োজনতহে প্ৰস্তুত কৰা হয় । তেনে প্ৰকল্পৰ বানিজ্যিক মুনাফা অসম্ভৱ কথা । পৰিৱেশৰ সংৰক্ষণ আৰু সম্পদৰ ব্যৱহাৰ তেতিয়ালৈকে সংঘাতপূৰ্ণ হৈয়ে থাকিব যেতিয়ালৈকে মুনাফা, মাফিয়া আৰু আমোলাই ন্যস্তস্বাৰ্থৰ বাবে সামাজিক প্ৰকল্প প্ৰস্তুত কৰিব । পৰিৱেশ সংৰক্ষণ মানে মানুহ নাখাই মৰিব জাতীয় বাগধাৰাটোও মুনাফা, মাফিয়া আৰু আমোলাৰ বাবেহে সুৰক্ষা কবচ হৈ আছে ।
তেনেকৈ পৰিৱেশিক মানদণ্ডৰ লগত যেতিয়া অৰ্থনীতিৰ বিকাশৰ সীমা জৰিত কৰা হয় তেতিয়া তেনে বিকাশ কিমান ফোঁপোলা সেয়া স্পষ্ট হৈ পৰে । দীৰ্ঘকালীন পৰিৱেশিক সমস্যাবোৰৰ ক্ষেত্ৰত আগবঢ়োৱা বিকাশৰ ‘ট্ৰেড-অফ’ যুক্তি একোটা পাজল গেমৰ দৰে মনোৰঞ্জনধৰ্মী । ৰুছিৰ শৰ্মাৰ এটা সমীক্ষা মতে গেমিঙৰ ব্যৱসায়ে যোৱা দশকটোত অভূতপূৰ্ব বিকাশ লাভ কৰিছে । বিশ্বব্যাপী সংগীত আৰু বোলছবিৰ ক্ৰমে ১৭ বিলিয়ন ডলাৰ আৰু ৮৮ বিলিয়ন ডলাৰৰ বজাৰৰ আকাৰৰ বিপৰীতে গেমৰ বজাৰ আজি প্ৰায় ১৩৮ বিলিয়ন ডলাৰৰ । অলপ খুহুটীয়া যেন লাগিলেও, নকৈ নোৱাৰি যে এনেদৰে গেম খেলি থাকিলে ‘ট্ৰেড-অফ’ যুক্তিটো সবল হৈ উঠিব । তেনেকৈ পৰিৱেশৰ প্ৰশ্নটোক কেৱল এক বিনিয়োগৰ ক্ষেত্ৰ আৰু তাৰ অৰ্থায়নতেই সীমাবদ্ধ কৰিবলৈ অহৰহ চেষ্টা কৰি অহা হৈছে । পৰিৱেশৰ সংৰক্ষণ বজাৰৰ কোনোবা অদৃশ্য শক্তিয়ে নিৰ্ণয় কৰিব পাৰিব বুলি সৃষ্টি কৰা বাগধাৰা প্ৰকৃততে মুনাফা, মাফিয়া আৰু আমোলাৰ ন্যায়িক আৱেশ ।
মানৱ সমাজত যেতিয়া মানৱতা নিজেই বহিৰাগত হৈ পৰে, পৰিৱেশৰ বাবে তাতোকৈ ডাঙৰ ভাবুকি আৰু একো হ’ব নোৱাৰে ৷ উদাহৰণস্বৰূপে, অৰ্থনৈতিক তৃতীয়াকৰণক প্ৰকৃততে বৃহৎ উৎপাদনৰ পৰা আহিব পৰা মুনাফা আৰ্জনৰ দক্ষতাতন্ত্ৰ হিচাবেহে ব্যৱহাৰ কৰা হয় । তেনেকৈ, বৈকল্পিক সেউজীয়া শক্তি উৎসলৈ বিৱৰ্তন মুনাফাৰে অসম্ভৱ, মুনাফাই সম্পদৰ অৱক্ষয় ত্বৰান্বিতহে কৰে । তাৰ বিপৰীতে, মানৱীয় ব্যৱস্থাবোৰৰ পাৰ্শ্বক্ৰিয়া অতিক্রম কৰাৰ সংকল্প সামগ্ৰিক ৷ ই বিশ্বস্তৰীয় চুক্তি আৰু এক নিখুঁত কৰ্মসূচী । অন্যথা মুনাফা-কেন্দ্ৰিক পৰিৱেশ সংৰক্ষণ কেৱল এক বিজ্ঞাপন অথবা শ্লোগান মাত্ৰ ৷ তাৰ আশ্ৰয়লৈ পূৰণ কৰি আহিছে আমোলাতন্ত্ৰ আৰু মাফিয়াই নিজৰ সামন্তীয় পিপাসা । এই শ্লোগানেই অলংকাৰিত কৰিছে কলা-সাহিত্যৰ মনোৰম জগতখন । কিন্তু হেৰাই গৈছে নেকি নিগূঢ় বাস্তৱ ? প্ৰতিটো শব্দ-শৃংখল, উদ্ধৃতি নতুবা উপমাই অকাৰণে দখল কৰিছে নেকি সচেতন জনমত ? পৰিৱেশৰ ওপৰত মানৱীয় হস্তক্ষেপৰ অন্তৰালত থকা মুনাফা, মাফিয়া আৰু আমোলাৰ মৈত্ৰীবন্ধনৰ স্বাৰ্থতেই গঢ়ি উঠিছে নেকি এই সুৰক্ষিত উপৰিসৌধ ?
লেখক দিল্লী নিবাসী এগৰাকী নিৱন্ধাৰ, বিশ্লেষক ও অভিযন্তা
No comments:
Post a Comment