স্বাস্থ্যঃ ভেকচিনৰ উদ্ভাৱন আৰু ইয়াৰ প্ৰয়োজনীয়তা :: ডা° ভূপেন শইকীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

স্বাস্থ্যঃ ভেকচিনৰ উদ্ভাৱন আৰু ইয়াৰ প্ৰয়োজনীয়তা :: ডা° ভূপেন শইকীয়া

স্বাস্থ্যঃ ভেকচিনৰ উদ্ভাৱন আৰু ইয়াৰ প্ৰয়োজনীয়তা :: ডা° ভূপেন শইকীয়া

Share This
মানুহে অতীজৰ পৰা ৰোগ-ব্যাধি আৰু অকাল মৃত্যুৰ পৰা হাত সাৰিবলৈ প্ৰয়াস কৰি আহিছে৷ ইতিহাসৰ পাত লুটিয়ালে আমি জানি বিস্মিত হওঁ যে ১৭শতিকাত চীন দেশত বৌদ্ধ ভিক্ষুসকলে বিষধৰ সাপৰ বিষ ভক্ষণ কৰিছিল যাতে সৰ্পদংশন আৰু বসন্তজাতীয় ৰোগৰ পৰা সুৰক্ষা পাব পাৰে৷সাধাৰণতে এজন ব্যক্তিয়ে যি কোনো বীজাণুৰ (বেক্টেৰিয়া বা ভাইৰাছ যিয়ে নহওক) সংক্ৰমণত ভূগিলে ৰোগৰ লক্ষণসমূহ তেওঁৰ শৰীৰত প্ৰস্ফুতিত হৈ উঠে৷ সেই লক্ষণসমূহে কেতিয়াবা অতি ভয়াবহ ৰূপধাৰণ কৰিব পাৰে৷ প্ৰাণলৈয়ো সংশয় আনিব পাৰে৷ ৰোগৰ অৱসান ঘটাৰ পিছতো শৰীৰৰ অংগত ক্ষয়-ক্ষতিৰ ছাপ থৈ যাব পাৰে৷ এনে বিপদজনক অৱস্থাৰ পৰা পৰিত্ৰাণ পাবৰ প্ৰয়াসতেই উদ্ভাৱন হয় ভেকচিন বা ছিটাৰ৷ যাৰ অসমীয়াত আন এটা নাম হ'ল টিকা৷অভিধানমতে ছিটা হ'ল দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে সাধাৰণতে নিৰ্দ্দিষ্ট বেক্টেৰিয়া, ভাইৰাছ আদি বীজাণুৰ অসংক্ৰমী ৰূপ বা সিহঁতৰ অংশবিশেষ মানুহৰ গাত সুমুৱাই দিবৰ বাবে প্ৰস্তুত কৰা যি কোনো দ্ৰৱ্য৷

চীন দেশত ১৫শতিকাৰ পৰা আৰম্ভ হোৱা বৰ আই বা বসন্ত ৰোগৰ (Small pox) বিৰুদ্ধে যুঁজাৰ এটি প্ৰথাৰ প্ৰচলন আছিল আৰু সেই প্ৰথা ১৭শতিকাত এই ৰোগৰ ছিটা আবিস্কৃত নোহোৱালৈ চলিল৷ পদ্ধতিটো হ'ল-এজন কম গুৰুতৰ ভাবে আক্ৰান্ত বসন্ত ৰোগীৰ ছালৰ নিকৰি গুড়ি কৰি এডাল ৰূপৰ পাইপত ভৰাই এজন নিৰোগী পুৰুষৰ নাকৰ সোঁ-ছিদ্ৰই দি শৰীৰত সিঁচি দিয়ে (মহিলাৰ ক্ষেত্ৰত নাকৰ বাওঁ-ছিদ্ৰ ব্যৱহাৰ কৰা হয়) - কিছুদিনৰ মূৰত সেই সুস্থ লোকজনৰ দেহত বসন্তৰ লক্ষণে দেখা দিয়ে৷তেতিয়া তেওঁক সুস্থহৈ নুঠালৈকে পৰিয়ালৰ লোকৰ পৰা পৃথকে ৰখা হয়৷পৰৱৰ্তী সময়ত সেইলোকজনে বসন্ত ৰোগৰ পৰা সুৰক্ষা লাভ কৰে৷

সামন্তৰালভাবে আন এটি পদ্ধতিৰো প্ৰয়োগ চলি আছিল৷সেইটো হ'ল এজন বসন্ত ৰোগীৰ ছালৰ নিকৰি নাইবা পানীজ্বলাৰ পৰা ওলোৱা জুলীয়া দ্ৰব্য আন এজন সুস্থলোকৰ দেহত আঁচোৰ বহাই সেই অংশত ঘঁহি দিয়ে, যাৰ ফলত সেই লোকজন কম গুৰুতৰ বসন্ত ৰোগত আক্ৰান্ত হয় আৰু পৰৱৰ্তী সময়ত তেওঁৰ শৰীৰত বসন্ত ৰোগৰ প্ৰতিৰোধ ক্ষমতা গঢ়লৈ উঠে ৷চীন দেশৰ এই পদ্ধতি টাৰ্কি(তুৰস্ক),চুডান,আফ্ৰিকাৰ অন্যান্য দেশৰ পৰা আমেৰিকা আৰু ইংলেণ্ডলৈয়ো লাহে লাহে প্ৰসাৰিত হ'ল৷ 

১৭৬৮চনত ব্ৰিটিছ চিকিৎসক জন ফিউষ্টাৰে প্ৰকাশ কৰিলে যে যি ব্যক্তিয়ে গৰুৰ বসন্তত (Cowpox) আক্ৰান্ত হয়, তেওঁ মানুহৰ বসন্ত ৰোগত (Small pox) আৰু নোভোগে৷ ইয়াৰ দুবছৰ পিছত ইংলেণ্ড আৰু জাৰ্মেনীৰ ৫জন চিকিৎসকে গৰুৰ বসন্তৰ ছিটা মানৱ দেহত সফলতাৰে প্ৰয়োগ কৰিলে৷১৭৯৬চনৰ ১৪মে তাৰিখে ব্ৰিটিছ চিকিৎসক আৰু বিজ্ঞানী এডৱাৰ্ড জেনাৰে নিজৰ মালিৰ ৮বছৰীয়া পুত্ৰ জেমচ ফিপৰ শৰীৰৰ দুবাহুত গৰুৰ বসন্তৰ বীজাণু প্ৰতাৰোপন কৰে৷ ফিপৰ শৰীৰত জ্বৰ আৰু বসন্তৰ কিছু পাতলীয়া লক্ষণ দেখা দিয়ে৷ কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল যে বালকজনে বসন্ত ৰোগৰ পৰা সম্পূৰ্ণ সুৰক্ষা লাভ কৰিছে৷ এইদৰেই ১৭৯৮চনত এডৱাৰ্ড জেনাৰে বিশ্বৰ প্ৰথম ছিটা (বসন্তৰোগৰ ছিটা) উদ্ভাৱন কৰে৷আজি সেয়ে এডৱাৰ্ড জেনাৰক 'ইমিউনিটিৰ পিতামহ' বুলি বিশ্বই সন্মান যাচে৷ইয়াৰ সফল প্ৰয়োগৰ দ্বাৰা বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা বসন্ত ৰোগ ১৯৭৯ চনত নিৰ্মূল হোৱা বুলি বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰে৷ 

কেইবিধমান অতি লাগতিয়াল ছিটাৰ আবিস্কাৰৰ চমু ক্ৰমিক তালিকা এনেধৰণৰ: - 
১৮৯০- বিচিজি ভেকচিন 
১৮৯৭- কলেৰা ভেকচিন (লুই পেষ্টুৰ) 
১৯০৪- এনথ্ৰেক্স ভেকচিন (লুই পেষ্টুৰ) 
১৯২৩- টিটেনাচ টক্সইড (এলেকজেণ্ডাৰ গ্লেনি) 
১৯২৬- ডিপথেৰিয়া ভেকচিন 
১৯৪৮- হুপিংকফ পাৰটুচিচ ভেকচিন 
১৯৫০- প'লিঅ' ভেকচিন 

ছিটাই কি দৰে কাম কৰে জানিবলৈ হলে ৰোগ প্ৰতিৰোধ প্ৰণালীৰ (Immune system) এটি থুলমুল আভাসৰ প্ৰয়োজন৷আমাৰ দেহত বেক্টেৰিয়া,ভাইৰাচ বা আন ৰোগৰ বীজাণুৱে প্ৰবেশ কৰিলে সেই সংক্ৰমণৰ ফলত আমি অসুস্থহৈ পৰোঁ৷আমাৰ তেজত থকা ৰক্তকণিকা আৰু শ্বেতকণিকাই সেই সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ আগবাঢ়ি আহে৷ৰক্তকণিকাই শৰীৰৰ প্ৰতিটো কোষক আৱশ্যক হোৱা অক্সিজেনৰ যোগান ধৰে৷শ্বেতকণিকাত থকা বি-লিম্ফচাইটৰ পৰা এন্টিবডি উৎপন্ন হয় আৰু শ্বেতকণিকাত থকা টি-লিম্ফচাইটৰ পৰা স্মৃতি বা মেমৰি কোষে পৰৱৰ্তী সংক্ৰমণত ৰোগৰ বিৰুদ্ধে যুঁজাত সক্ৰিয় ভূমিকা লয়৷ইয়াৰ ওপৰিও শ্বেতকণিকাত থকা মেক্ৰফেজ নামৰ উপাদানে বীজাণুক গ্ৰাহ কৰে নতুবা আবদ্ধ কৰে আৰু এইদৰে তেজ শোধিতকৰণ কৰে৷গতিকে যি কোনো বীজাণুয়ে শৰীৰত সংক্ৰমণ কৰাৰ কেই সপ্তাহমানৰ পিছত শ্বেতকণিকাৰ বি-লিম্ফচাইটৰ পৰা এন্টিবডি নামৰ যুঁজাৰ সৈনিক নিৰ্গত হয় আৰু আমাৰ শৰীৰক সুৰক্ষা দিব আৰম্ভ কৰে৷ছিটা প্ৰদানৰ দ্বাৰা শৰীৰত কম শক্তিৱন্ত বীজাণুৰ প্ৰবেশ ঘটোৱা হয় আৰু ইয়াৰ বিৰুদ্ধেও ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে একেই আচৰণ কৰে৷ 

আকৌ ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ব্যৱস্থাৱলীক দুটা ভাগত বিভক্ত কৰিব পাৰি৷ 

(১) সক্ৰিয়/এক্টিভ ইমিউনিটি: এক্টিভ ইমিউনিটি ছিটাৰ দ্বাৰা পোৱা যায় - অৰ্থাৎ ইয়াৰ দ্বাৰা শৰীৰত নিৰ্দিষ্ট ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ পৰ্য্যাপ্ত পৰিমাণৰ এন্টিবডি শৰীৰত মজুত থাকে৷ 

(২) পৰোক্ষ / পেচিভ ইমিউনিটি: পেচিভ ইমিউনিটিত শৰীৰত বাহিৰৰ পৰা এন্টিবডিৰ যোগান ধৰি নিৰ্দিষ্ট ৰোগৰ পৰা এজন ব্যক্তিক সুৰক্ষা দিব পাৰি৷উদাহৰণ ১-হেপাটাইটিচ-বি ইমিউনগ্ল'বুলিন ২-হিউমেন ৰেবিজ ইমিউনগ্ল'বুলিন ৩-টিটেনাচ ইমিউনগ্ল'বুলিন ৪-ভেৰিচলা-জষ্টাৰ ইমিউনগ্ল'বুলিন ৫- গেছগেংগ্ৰিণ ইমিউনগ্ল'বুলিন 

আকৌ প্ৰাকৃতিকভাবে এজন শিশুৱে মাতৃৰ দেহৰ পৰা জন্মৰ আগতে প্লেচেন্তাৰ মাধ্যমেৰে আৰু জন্মৰ পিছত মাতৃদুগ্ধৰ মাধ্যমেৰে নানাবিধ এন্টিবডি ৬মাহ পৰ্য্যন্ত আহৰণ কৰে- সেয়াও পেচিভ ইমিউনিটিৰ উদাহৰণ৷ 

ছিটাৰ প্ৰকাৰ: 

(১) লাইভ এটেনিৱেটেড ভেকচিন- দুৰ্বল কৰা জীৱিত ভাইৰাচেৰ প্ৰস্তুত৷উদাহৰণ - এম এম আৰ (মামম-মিলচ-ৰুবেলা) ভেকচিন, ভেৰিচেলা (চিকন পক্স) ভেকচিন৷ 

(২) ইনএক্টিভেটেড ভেকচিন -ভাইৰাচক নিস্ক্ৰিয় কৰি বনোৱা ছিটা৷ উদাহৰণ - পলিঅ' ভেকচিন৷ ভাল সুৰক্ষা (ইমিউনিটি) পাবৰ বাবে সাধাৰণতে এনে ছিটা কেইবাবাৰো দিবলগীয়া হয়৷ 

(৩) টক্সইড ভেকচিন- কিছুমান বেক্টেৰিয়াই টক্সিন বা বিষাক্ত দ্ৰব্য উৎপন্ন কৰে৷ তেনে টক্সিনক দুৰ্বল কৰি এনে ছিটা বনোৱা হয়৷উদাহৰণ- টিটেনাচ টক্সইড, ডিটিপি ভেকচিন৷ 

(৪) চাব-ইউনিট ভেকচিন- এনে ছিটাত বেক্টেৰিয়া বা ভাইৰাচৰ এটা অংশহে (এন্টিজেন) ছিটা নিৰ্মাণ কৰোতে ব্যৱহৃত হয়৷উদাহৰণ ডিটিপি ভেকচিন৷ 

(৫) কনজুগেট ভেকচিন- এনে ছিটাত এন্টিজেনৰ ওপৰত পলিচেকেৰাইড চুগাৰৰ প্ৰলেপ দিয়া থাকে৷উদাহৰণ- হিমফিলাচ ইনফ্লুৱে্ঞ্জা টাইপ-বি ভেকচিন৷ 

এতিয়া চিকিৎসকে অনুমোদন কৰা তলৰ ছিটাৰ তালিকাখনত চকু ফুৰাওক: - 

শিশুৰ জন্মৰ লগে লগে- বিচিজি (টিবি আৰু মুত্ৰাশয়ৰ কৰ্কটৰোগৰ পৰা সুৰক্ষা) 
-অ'ৰেল পলিঅ' 
- হেপাটাইটিচ-বি ১ম ড'জ 

৬সপ্তাহত 
-ডিপিটি ১ম ড'জ 
- হিমফিলাচ ইনফ্লুৱেঞ্জা-বি ১ম ড'জ 
- ৰ'টা ভাইৰাচ ১ম ড'জ (ডায়েৰিয়া প্ৰতিৰোধক) 
- পলিঅ' বেজী ১ম ড'জ 
-হেপাটাইটিচ-বি ২য় ড'জ 

প্ৰয়োজন বা ইচ্ছানুসৰি- পিচিভি( নিউমোনিয়া আৰু মেনিনজাইটিচ) ভেকচিন 

১০পৰা ১৬সপ্তাহত-ডিপিটি ২য় ড'জ 
- হিমফিলাচ ইনফ্লুৱেঞ্জা-বি ২য় ড'জ 
- ৰ'টা ভাইৰাচ ২য় ড'জ 
- পলিঅ' বেজী ২য় ড'জ 

প্ৰয়োজন বা ইচ্ছানুসৰি- পিচিভি( নিউমোনিয়া আৰু মেনিনজাইটিচ) ভেকচিন ২য় ড'জ 

১৪ৰ পৰা ২৪ সপ্তাহত 
-ডিপিটি ৩য় ড'জ 
- হিমফিলাচ ইনফ্লুৱেঞ্জা-বি ৩য় ড'জ 
- ৰ'টা ভাইৰাচ ৩য় ড'জ 
- পলিঅ' বেজী ৩য় ড'জ 

প্ৰয়োজন বা ইচ্ছানুসৰি--পিচিভি( নিউমোনিয়া আৰু মেনিনজাইটিচ) ভেকচিন ৩য় ড'জ 

৬মাহত 
- অ'ৰেল প'লিঅ' ১ম ড'জ 
- হেপাটাইটিচ-বি ৩য় ড'জ 

প্ৰয়োজন বা ইচ্ছানুসৰি-- ইনফ্লৱেঞ্জা ১ম ড'জ 
৯মাহত 
-এম এম আৰ ১ম ড'জ 

৯ৰ পৰা ১২মাহত 
-টাইফয়েড ১ম ড'জ 
- জাপানিজ এনকেফেলাইটিচ 
- হেপাটাইটিচ-এ 
১৫মাহত 
- পিচিভি বুষ্টাৰ 
--এম এম আৰ ২য় ড'জ 

প্ৰয়োজন বা ইচ্ছানুযায়ী 
- চিকেনপক্স ভেকচিন ১ম ড'জ 

১৮মাহত 
- হেপাটাইটিচ-এ ২য় ড'জ 
- জাপানিজ এনকেফেলাইটিচ ২য় ড'জ 

২বছৰ বয়সত 
- টাইফয়েড বুষ্টাৰ 

প্ৰয়োজন বা ইচ্ছানুসৰি- মেনিংগকক্কেল মেনিনজাইটিচ 

৪ বছৰ বয়সত 
-অ'ৰেল প'লিঅ' ৩য় ড'জ 

- টাইফয়েড বুষ্টাৰ 

- ডিপিটি বুষ্টাৰ 

প্ৰয়োজন বা ইচ্ছানুযায়ী 

- চিকেনপক্স ভেকচিন ২য় ড'জ 

অতি বিপদসংকুল (High-risk child) শিশু- সেইসকল যাৰ জন্মগত বিকৃতি আছে, ৰোগ প্ৰতিৰোধ ব্যৱস্থা দুৰ্বল,হৃদৰোগ,যকৃত আৰু কিডনিৰ ৰোগী, হাওফাওৰ ৰোগী,হাঁপানী আছে বা এইচ আই আক্ৰান্ত৷পোহনীয়া কুকুৰ-মেকুৰীয়ে ঘৰত যাক কামুৰি আঁচুৰি থাকে৷ভাৰতীয় শিশু চিকিৎসা পৰিষদে তেনে শিশুক তলৰ ছিটাকেইটা লবলৈ জৰুৰী পৰামৰ্শ আগবঢ়াইছে- ইনফ্লুৱেঞ্জা ভেকচিন, মেনিগ'ক্কেল ভেকচিন, জাপানিজ এনকেফেলাইটিচভেকচিন, কলেৰা ভেকচিন, ৰেবিজ ভেকচিন, ইয়েল্লো ফিভাৰ ভেকচিন, নিউমোকক্কেল পলিচেকৰাইড ভেকচিন৷ 

কেইটিমান খুটিনাটি কথা : 
*নৱজাতকৰ বাহিৰে আনক বিচিজি ছিটা দিয়াৰ আগতে টিউবাৰকুলিন টেষ্ট কৰি লব লাগে৷যদি টিউবাৰকুলিন টেষ্ট পজিটিভ হয় বিচিজি ছিটা দিয়া নহয়৷ গৰ্ভৱতী মহিলাকো বিচিজি ছিটা দিয়া নহয়৷ 

*সকলো ভেকচিনৰে কিছু পৰিমাণে পাৰ্শ্বক্ৰিয়া হব পাৰে- বিপদজনক নহলেও ছিটা সদায় চিকিৎসকৰ তত্বাবধানত লব লাগে৷ 

*হিউমেন পেপিলমা ভাইৰাচ ভেকচিনে মহিলাক জৰায়ুমুখৰ কেঞ্চাৰ আৰু জননেন্দ্ৰিয়ৰ আচিনাইৰ পৰা নিশ্চিত সুৰক্ষা প্ৰদান কৰে৷সেয়ে ১১বছৰৰ ওপৰৰ সকলো ছোৱালীয়ে এই ছিটা লোৱাটো মংগলদায়ক৷ 

মোখনিত ইমানেই কম যে ভেকচিনৰ ওপৰত বিশ্বৰ চুকেকোণে অহৰ্নিশ নানান গবেষণা চলি আছে৷কেঞ্চাৰ,এইডচৰ ওপৰিও শেহতীয়া কোৰোনা ভাইৰাছৰ ভেকছিনৰ ওপৰত এতিয়া সকলো বিজ্ঞানীৰ দৃষ্টি ভাল খবৰৰ প্ৰতীক্ষাৰত৷
(লেখাটি লেখকৰ নিজা ব্লগ http://www.drbhupensaikia.com/assamese-blog/ ত সংকলিত হৈছে)


No comments:

Post a Comment