মনৰ কথাঃ দ্য বাইচাইকেল থীফ :: ৰাহুল গৌতম শৰ্মা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ দ্য বাইচাইকেল থীফ :: ৰাহুল গৌতম শৰ্মা

মনৰ কথাঃ দ্য বাইচাইকেল থীফ :: ৰাহুল গৌতম শৰ্মা

Share This
যােৱা মঙলবাৰে ৰাতিপুৱা বাৰাণ্ডা সাৰি থাকোতে ৰাজস্থানৰ ভগতপুৰৰ চাহাব সিঙে আৱিষ্কাৰ কৰিলে এখন চিঠি। প্রথম দৃষ্টিত চিঠি বুলি কব পৰা নাযায়— কোনাে লেফাফানাই, কোনাে ডাক টিকট নাই। কেৱল এটুকুৰা কাগজ। যেনিতেনি খেলিমেলি হৈ থকা কাউৰীঠেঙীয়া আখৰেৰে হিন্দী ভাষাত লিখা এই চিঠিখনৰ লেখক মহম্মদ ইকবাল। আগনিশা, সােমবাৰে ৰাতি, ইকবালে চাহাব সিঙৰ চাইকেলখন চুৰি কৰিছিল। সেই সম্পর্কেই এই চিঠিখন।

হিন্দুস্থান টাইমছ কাকতৰ সৌজন্যত আমি দেখিবলৈ পােৱা সেই চিঠিখনৰ থুলমূল অসমীয়া ভাষান্তৰ হ’ব এইধৰণৰ— “নমস্কাৰ। মই আপােনাৰ চাইকেলখন লৈ গৈছে। যদি সম্ভৱ হয়, | মােক ক্ষমা কৰি দিব। মােৰ আন একো উপায় নাই। মােৰ এটা ল'ৰা আছে। তাৰ কাৰণেই মই এনেকুৱা কৰিবলগীয়া হৈছে। সি শাৰীৰিকভাৱে সক্ষম নহয়। তাক লৈ মই বৰেইলীলৈকে যাব লাগিব। আপােনাৰ অপৰাধী— এজন যাত্রী, এজন মজদূৰ।”

ইণ্টাৰনেটত আপুনিও হয়তাে দেখিছে, ভৰিত জ্বলা ফুটি তেজ বৈ অহা কোনাে এগৰাকী বৃদ্ধাৰ ছবি। ৰে'লৰ চিৰিত বহি কাৰােবালৈ ফন কৰি হুকহুকাই কান্দি উঠা এজন মানুহৰ ছবি আপুনি দেখিছে। ক'ৰবাত আন এক ভিডিঅ’ফুটেজত দেখা গৈছে— খােজ কাঢ়ি ঘৰলৈ গৈ থকা এগৰাকী মহিলাৰ বেগটোত বাগৰি শুই গৈছে তেখেতৰ সন্তান। বেগটোৰ ভিতৰত তেওঁৰ কাপােৰ-কানি, আৱশ্যকীয় সামগ্ৰীৰ বােজা— বাহিৰত সপােন আৰু ভৱিষ্যতৰ। মহিলাগৰাকীয়ে বেগটো ৰছী এডালেৰে বান্ধি চোঁচৰাই লৈ গৈ আছে পাঞ্জাৱৰ পৰা উত্তৰ প্রদেশলৈ, বিশ্বৰ বৃহত্তম গণতন্ত্রৰ ৰাজপথেদি, খােজ কাঢ়ি। এইবােৰ নেদেখাকৈ থকাটো আপােনাৰ বা মােৰ দৰে মানুহৰ পক্ষে সম্ভৱ নহয়। প্রধান মন্ত্ৰীৰ শেহতীয়া ভাষণত, অৱশ্যে, এই লােকসকলৰ কথা এবাৰাে শুনা পােৱা নগ’ল। হ'ব পাৰে, ব্যস্ত মানুহ, দেশ চালনাৰ গধুৰ ভাৰ, তাৰ মাজত এনে খবৰ গৈ নপৰিবগৈ পাৰে তেখেতৰ কাণত। কেন্দ্রীয় মন্ত্রী পীযূষ গােৱেলে কৈছে, যে ভাৰতত হেনাে এজনাে মানুহ খাবলৈ নােপােৱাকৈ থাকি যােৱা নাই। বিপৰীতে, ভিন্ন প্ৰান্তৰ পৰা অহা ছবিয়ে দেখুৱাইছে- কেনেদৰে মােনা এটাৰ পৰা এটুকুৰা ৰুটি আজুৰি আনিবলৈ উদ্বাউল হৈ উঠিছে কেইগৰাকীমান শ্রমিক। যদি তেওঁলােকে খাবলৈ পাইছে, তেনেহ'লে এই উদ্বাউল হাতকেইখনৰ অর্থ কি? ‘ক? পাকিস্তান অথবা বাওঁপন্থীৰ ষড়যন্ত্র ? ফট'শ্বপ কেৰিকেচাৰ ?

ঔৰংগাবাদত কেইদিনমানৰ আগেয়ে কেইজনমান শ্ৰমিকৰ মৃত্যু ঘটিল। তেওঁলােকো খােজ কাঢ়ি ঘৰলৈ বুলি গৈ আছিল। ভাগৰ লগাত তেওঁলােক শুই পৰিছিল ৰে'লপথত। মালবাহী ট্রেইনে মহতিয়াই লৈ গ’ল। যােগৰাকীৰ মৃত্যু ঘটিল। কোনাে অধিবক্তাই উচচতম ন্যায়ালয়ক ক'লে, এই বিষয়ে মহামান্য আদালতে চকু দিব লাগে। বাতৰি কাকতত মহামান্য উচ্চতম ন্যায়ালয়ৰ প্রতিক্রিয়া প্রকাশ পালে এনেদৰে ৰেলপথত শুই থকা মানুহক মালবাহী ট্রেইনে মহতিয়াই নিয়াৰ পৰা কোনে বচাব পাৰে? জনালে, কোনে ক'ত খােজ কাঢ়ি আছে, তাৰ খবৰ ৰখাটো উচ্চতম ন্যায়ালয়ৰ বাবে সম্ভৱ নহয়। নহ'ব পাৰে, দেশৰ ইমানবােৰ বিচাৰৰ ভাৰ, তাৰ মাজত এইবােৰ খবৰ ৰখাটো সম্ভৱ নহ'ব পাৰে। হয়তাে, তেওঁলােকৰ ন্যায়ৰ পৰিভাষাই এই মানুহবােৰৰ খােজবােৰ সাঙুৰি নলয়। হয়তাে তেওঁলােকে ভাবিব পাৰে, কি গ'লহেঁতেন তেওঁলােকৰ, যদি আৰু এটা ৰাতি উজাগৰে পাৰ কৰি দিলেহেঁতেন? নিশ্চয়কৈ, নৈশ যাপনৰ বাবে ৰেলপথ কোনাে উপযুক্ত ঠাই নহয়। সেইবাবেই হয়তাে এইলােকৰ মৃত্যুৱে ইমান হাহাকাৰ সৃষ্টি কৰা নাই। মহাৰাষ্ট্ৰৰ নাছিকৰ পৰা মধ্যপ্রদেশলৈ খােজ কাঢ়ি গৈ থকা শকুন্তলাৰ কথাও মানুহেমনত ৰখানাই। শকুন্তলা আছিল গৰ্ভৱতী। খােজ কাঢ়ি আহি থাকোতে প্রসৱ-বেদনা সহিব নােৱৰা হ'ল। স্বামী ৰাকেশৰ বাদে আন কাকো বিচাৰিও পােৱা নগ'ল। ৰাজপথৰ কাষতে শকুন্তলাৰ সন্তান জন্ম হ’ল। সন্তান জন্ম হােৱাৰ পাছত শকুন্তলা আৰু ৰাকেশ কিছুসময় ৰ'ল। কেঁচুৱাটোক কোলাত তুলি দুঘণ্টাৰ পাছত আকৗ খােজ কাঢ়িবলৈ আৰম্ভ কৰিলে। প্রায় ডেৰশ কিলােমিটাৰলৈকে তেওঁলােকক সহায় কৰিবলৈ কোনাে মানুহ বিচাৰি পােৱা যােৱা নাছিল। তিনি ত্রিলিয়ন ডলাৰৰ অর্থনীতিৰ বুকুৱেদি খােজ কাঢ়ি গৈ আছিল ৰাকেশ, শকুন্তলা আৰু ৰাজপথত জন্ম হােৱা তেওঁলােকৰ সদ্যোজাত সন্তান। ই, নেছবিটৰ বিখ্যাত কিতাপ এখনৰ নাম আছিল ‘দ্য ৰেইলৱে চিলড্রেন’। এই শিশুবােৰৰ বিষয়ে কিতাপ লিখিলে কি নাম দিয়া যাব? দ্য হাইৱে চিলড্রেন ? | সিদিনা দুমাহৰ মূৰত অসম আহি পােৱা শিল্পী জুবিন গাৰ্গে সংবাদ মাধ্যমৰ আগত কৈছে, মহাৰাষ্ট্ৰৰ পৰা অসমলৈ ৰাস্তাত হাজাৰ হাজাৰ মানুহ। ট্রাকত পাণ জপাদি জাপি আনিছে মানুহবােৰ। কোনে কি খাইছে, খাবলৈ পাইছে নে নাই তাৰ কোনাে ঠিক নাই। বহু লােকে খােজ কাঢ়িয়েই ঘৰলৈ বাট বুলিছে। এইবােৰ দৃশ্যই তেখেতক আঘাত দিছে। মন্ত্রীবিধায়ক-সাংসদসকলে এনে ছবি দেখি ভাগি পৰা নাই। শিল্পী মানুহ, হয়তাে বেছি আৱেগিক সেইকাৰণেই। আৱেগত দেশ চলে জানাে?

ৱাশিংটন প ষ্টকাকতত কেইদিনমানৰ আগেয়ে প্রকাশ পােৱা এক প্রতিবেদনত লিখিছিল— Hunger could be more deadly than coronavirus in poorer countries—দৰিদ্ৰ দেশৰ বাবে কৰনাতকৈয়াে ভয়াবহ প্রত্যাহ্বান হৈ উঠিব ভােকৰ জ্বালা। আমাৰ দেশখনক শাসকীয় পক্ষ সমর্থকসকলে পৰম শক্তিমান বুলিয়েই এতিয়াও ভাবি আছে। যদিও খাবলৈ নাপাই মানুহে আত্মহত্যা কৰাৰ খবৰ আহিছে, পীযূষ গােৱেলে কাৰাে খালী পেট দেখা নাই। ৰাজধানী দিল্লীত এই লেখা প্রস্তুত কৰাৰ আগৰ চৌবিশ ঘন্টাত বােল্লগৰাকী লােকৰ মৃত্যু হৈছে— তাৰে কৰ’না আক্ৰান্তৰ সংখ্যা শূন্য, বাকীখিনি খােজ কাঢ়ি ঘৰলৈ গৈ থকা প্ৰব্ৰজনকাৰী শ্রমিক। পাঞ্জাৱৰ পৰা অসমলৈ আহি থাকোতে চণ্ডীগড়তাে সিফলীয়া হৈছে ধুবুৰীৰ দুজন যুৱক।

‘আমাৰ অসম’ কাকতে বাতৰি কৰিছে– চেন্নাইৰ পৰা হেনাে ৩৯ গৰাকী যুৱক চাইকেল লৈ উদ্যত হৈছিল অসমলৈ। বাটতে অন্ধৰ আৰক্ষীয়ে পাই তাৰে বিছজনক চেন্নাইলৈ ঘূৰাই পঠিয়ালে। বাকী থকাকেইজনে অন্ধৰ কোনাে অৰণ্যত আত্মগােপন কৰি আছে। কেইদিন থাকিব পাৰে তেনেদৰে, সেই কথা কোৱাটো সংবাদপত্ৰৰ কাম নহয়, সেয়ে বাতৰিটোত লিখা হােৱা নাই। পাঠক হিচাপে সেয়া আমাৰ অনুমানলৈ এৰি দিয়া হৈছে। | ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বাতৰি যুগুত কৰা তৰা আগৰৱালাই গােৱালপাৰাৰ তুলু বাছফ’ৰৰ কাহিনী লিখিছে সিদিনা। তুলু বাছফ’ৰ এগৰাকী চাফাই কৰ্মচাৰী। গােৱালপাৰা অসামৰিক চিকিৎসালয়ত আজি প্রায় এটা দশক ধৰি তুলু বাছফ’ৰে অনিয়মীয়া কর্মচাৰী হিচাপে কাম কৰি আহিছে। যেতিয়া কনা গােৱালপাৰা আহি পালে, নিয়মীয়া কৰ্মচাৰীসকলে হাত দাঙি দিলে— এতিয়া আৰু চাফাই কৰা নাযায়। তেনে সময়তে তুলু বাছফ’ৰ আগবাঢ়ি আহিছিল। অকলেই চাফাই কৰিবলৈ লাগি গৈছিল। পি পি ই পৰিধান কৰাৰ পাছত, অসহ্য গৰ্মত পিষ্ট হৈয়াে তুলুৱে আক্রান্তসকলৰ খবৰ সুধিছিল। এইখিনিৰ পাছত তুলুৱে কোনাে বঁটা বাহন, সন্মান বিচৰা নাই। ইমান কথা তুলু বাছফ’ৰে ভবাও নাই। যােৱা বছৰ তুলুৰ সন্তান জন্ম পাইছে। মাহিলী দুহেজাৰ টকাৰে চলিবলৈ সমস্যা হয়। তুলুৱে ভাবিছে, এইবাৰ অন্ততঃ তুলুৰ চাকৰিটো নিয়মীয়া হ'ব। তাতকৈ বেছি তুলু বাছফ’ৰে আশা কৰা নাই। গােৱালপাৰাৰ এখন হােটেলত সদ্যহতে কোৱাৰেণ্টীন হৈ থকা তুলু বাছফ’ৰলৈ এনে এটা শুভ সংবাদ আহিব পাৰে নে? কোনােবাই স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ এই বার্তা প্রেৰণ কৰিব পাৰে নে?
(লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে)

No comments:

Post a Comment