সুখ-দুখ LIVE: কৰোনা কালত অসমত জাতীয় প্ৰশ্নবোৰ :: ডা° নভনীল বৰুৱাৰ সৈতে - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখ LIVE: কৰোনা কালত অসমত জাতীয় প্ৰশ্নবোৰ :: ডা° নভনীল বৰুৱাৰ সৈতে

সুখ-দুখ LIVE: কৰোনা কালত অসমত জাতীয় প্ৰশ্নবোৰ :: ডা° নভনীল বৰুৱাৰ সৈতে

Share This
নমস্কাৰ, সুখ-দুখ লাইভলৈ আপোনাক স্বাগতম জনাইছো। 
ডাঃ নভনীল বৰুৱা, যাক আমি সকলোৱে অসমৰ এগৰাকী বিশিষ্ট নিউৰ-চাৰ্জন তথা এগৰাকী জাতীয়তাবাদী বিশ্লেষক হিচাবে চিনি পাও। আপোনাৰ সৈতে আজি ‘কৰোনা কালত অসমৰ জাতীয় প্ৰশ্নবোৰ’ এই সন্দৰ্ভত এক আলোচনা কৰিব খুজিছো। 

প্ৰশ্নবোৰৰ উত্তৰ এই ভিডিঅ' আলোচনাত পোৱা যাবঃ

কথোপকথনৰ সম্পাদিত পুনঃলেখন
-------------------------------------------
দৃষ্টিপাতঃ
কৰোনা কালত অসমৰ জাতীয় প্ৰশ্নবোৰ
ডাঃ নভনীল বৰুৱা, যাক আমি সকলোৱে অসমৰ এগৰাকী বিশিষ্ট নিউৰ-চাৰ্জন তথা এগৰাকী জাতীয়তাবাদী বিশ্লেষক হিচাবে চিনি পাও। তেখেতৰ সৈতে কৰোনা কালত অসমৰ জাতীয় প্ৰশ্নবোৰসন্দৰ্ভত এক দৃষ্টিপাত xukhdukh.com ৰ প্ৰতিষ্ঠাপক সম্পাদক অজয় লাল দত্তৰ। এই আলোচনাৰ নিৰ্বাচিত অংশ ইয়াত আগবঢ়োৱা হৈছে।

১. অসমত কোভিড মহামাৰীৰ ৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপবোৰৰ উপৰিও কোন কেইটা দিশত বিশেষ সতৰ্কতা লোৱাৰ প্ৰয়োজন বুলি আপুনি ভাবে?

উত্তৰঃ এতিয়ালৈকে যিখিনি পদক্ষেপ লোৱা হৈছে সেইখিনিয়ে মোক সন্তুষ্ট কৰিব পৰা নাই। যদিও পৰীক্ষাৰ ক্ষেত্ৰত কোৱা হৈছে যে কেৰেলাতকৈ বেছি কৰা হৈছে, কিন্তু কোভিড-১৯ৰ পৰীক্ষা আৰু বেছি প্ৰয়োজন। বিশেষকৈ কোভিড নিয়ন্ত্ৰণৰ আৰু চিকিতসাৰ পৰা আওতাৰ পৰা ব্যক্তিগত খণ্ডক যিদৰে বাহিৰত ৰাখি চৰকাৰ কিমান সফল হব, তাত সন্দেহ আছে। পৰীক্ষাৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডত অন্তত মুকলি কৰি দিব লাগে, কোনোবাই ইচ্ছা কৰিলে ধন খৰছ কৰিও টেষ্ট কৰাব পাৰে। এইটো কৰিলে আৰু বেছি ৰোগী ধৰা পৰিব, আৰু বেছিকৈ ৰোগী নিলগীকৰণ কৰিব পাৰিম।আটাইতকৈ ডাঙৰ কথাটো হৈছে যে নিলগীকৰণৰ দ্বাৰা এই গণ-সংক্ৰমণ যিটোৰ আশংকা দিনক দিনে বাঢ়ি গৈ আছে, সেয়া নিয়ন্ত্ৰণ কৰিব পাৰিম। বাহিৰৰ পৰা ঘূৰি অহা সকলকো চৰকাৰে যিদৰে কৰিব লাগে সেইখিনি কৰিব পৰা নাই। উদাহৰণস্বৰূপে, কোনোবা যদি ধেমাজিৰ বা লখিমপুৰ বা আন কোনো জিলাৰ, চেন্নাইৰ পৰা একে বাছ বা ট্ৰেইনত আহিছে গুৱাহাটীলৈকে। গুৱাহাটীৰখিনিক গুৱাহাটীত ৰাখি বাকী জিলাৰ সকলক নিজে নিজে ISBTৰ পৰা গৃহজিলালৈ যাবলৈ দিয়া হৈছে। সেইবিলাক গৈছএনে নাই, তাৰ কোনো পৰ্যবেক্ষণ চৰকাৰী কৰা হোৱা নাই, যিটো অতি সহজেই কৰিব পৰা গল হয়। সকলোৰে মোবাইলৰ নম্বৰ বিলাক ৰাখি টাৱাৰ ডাম্প এনালাইচিচ কৰি বাহিৰৰ পৰা অহা সকল কোন কত আছে মনিটৰিং কৰিব পৰা গলহেতেন, কিন্তু কৰা হোৱা নাই। এতিয়া নিলগীকৰণটো যিটো সমূহীয়া ভাৱে ৰাখিছে ব্যয়বহুল খুৱ ডাঙৰ শিবিৰত, তাতকৈ সেইটো নকৰি, এটা হিচাব কৰি দেখিছো যে সত্তৰ হাজাৰ টকাৰ ভিতৰত একোটা প্ৰি-ফেব্ৰিকেটেড কোৱাৰাইণ্টাইন ৰূম বনাব পাৰি, টয়লেট সংলগ্ন থকা, সৌৰ বা আন বিজুলী সংযোগ কৰি, ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ চাৰ্ভিছ লেন বা পাৰ্কিং বোৰ ব্যৱহাৰ কৰিব পাৰি।সেই ব্যয়ৰ এক চতুৰ্থাংশ সেই ৰুমবোৰ স্ক্ৰেপ হিচাবে বিক্ৰী কৰি পুনৰোদ্ধাৰ কৰিব পৰা গলহেতেন। বিশাল বিবাহ ভৱনৰ দৰে আয়োজিত নিলগীকৰণে সেইটো ৰোধ কৰিব পৰা নাই, বাঢ়িহে গৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাৰ অফিচটোক কোৱাৰাইণ্টাইন চেণ্টাৰ কৰিবলৈ দি দিছে, তেনেকৈ ৰাজনৈতিক দল, সংগঠনৰ অফিচবোৰো আগবঢ়াব পাৰে। বিজেপি দলৰ হাতত থকা বিশাল পুঁজি চৰকাৰক ব্যৱহাৰ কৰিবলৈ দিলে নিশ্চিতভাৱে কৰোনা নাইকীয়া হোৱাৰ পাছত সেই ধন পুনৰোদ্ধাৰ কৰিব পাৰিব।

২. অসমত এতিয়া কোভিড-১৯ মহামাৰী এতিয়া কোনটো স্তৰত থকা বুলি আপুনি ধাৰণা কৰিছে
?
উত্তৰঃ যদিও মানুহে স্বীকাৰ কৰিব খোজা নাই, তথাপি ষ্টেজ-৩ বা গণসংক্ৰমণ হৈছে, তাৰ স্পষ্ট প্ৰমাণ ৯-১০ জন ৰোগীৰ সংক্ৰমনৰ উতস চিনাক্ত হোৱা নাই, কণ্টেক ট্ৰেচিং কৰিব পৰা নাই, সেয়ে এইটো গণ সংক্ৰমণ হৈছে বুলি মানি লব লাগিব। বৃহত পৰিসৰত গণ-সংক্ৰমণ নহলেও, আগলৈ হবলৈ গৈ আছে। কাৰণ কোৱাৰাইণ্টাইন চেণ্টাৰৰ পৰা মানুহ পলাইছে, বাহিৰৰ পৰা অহা সকলো কোৱাৰাইণ্টাইনত যোৱা নাই, বা হোম-কোৱাৰাইণ্টাইনত থকা সকলক ভালকৈ মনিটৰিং কৰা হোৱা নাই।সেয়ে অচিৰেই য়ে গণ-সংক্ৰমণ বাঢ়িব সেইটো প্ৰায় নিশ্চিত। মই মানুহক ভয় খোৱাব খোজা নাই, কিন্তু বাস্তৱিক ছবিখনৰ পৰা আমি পলাই ফুৰিলে নহব।

৩. যদি অচিৰেই প্ৰতিষ্ঠানিক কোৱাৰাইণ্টাইন চেণ্টাৰত ঠাই নোহোৱা হ
লে পৰবৰ্তী পৰ্যায়ত নিলগীকৰণৰ বাবে কেনেকৈ আগবাঢ়িব লাগিব?

উত্তৰঃ প্ৰথমে মই ভাবো যে চৰকাৰে অসমলৈ প্ৰত্যাবৰ্তন কৰা অসমীয়া সকলক ঘূৰি অহাৰ বাবে এটা সময়সীমা বান্ধি দিব লাগে যেনে ১৫জুন। দ্বিতীয়তে, মাননীয় উচ্চতম ন্যায়ালয়ে কৈছে যে কোনখিনি পৰ্যায়ত কোন চৰকাৰে দায়িত্ব লব স্পষ্ট ভাৱে নীতি নিৰ্দেশনা দিছে। কাৰণ কোনোবা আহিব খুজিছে, আহিবৰ বাবে হাতত পইচা নাই, তেওঁলোকক অহাৰ বাবে সুবিধাখিনি কৰি দিব লাগিব আৰু এটা কাট-অফ তাৰিখ লাগিব। তেতিয়া আমি কিমান মানুহ ঘূৰি আহিব সেই ছবিখন স্পষ্টভাৱে পাম আৰু কিমান কোৱাৰাইণ্টাইনৰ বাবে স্থান লাগিব, সেয়াও নিশ্চিত হব। কাৰণ অনিশ্চিতভাৱে, যেনেকৈ মন্ত্ৰীয়ে কয় আধা চাগৈ নাহিবই, তেনেকৈ বোধকৰো এটা স্বাস্থ্য পৰিকল্পনা কৰাটো সম্ভৱ নহয়, বিশেষকৈ এনেকুৱা এটা অতি মহামাৰীৰ ক্ষেত্ৰত। কিমান আহিব, কিমান ভাল হৈ উভতিব, আধা প্ৰতিষ্ঠানিক নিলগীকৰণ, আধা ঘৰত নিলগীকৰণত আছে, সেই সংখ্যাবোৰৰ ভিত্তিতহে প্ৰতিষ্ঠানক কোৱাৰাইণ্টাইন সুবিধা সৃষ্টি কৰিব লাগিব। কিন্তু সমাগত সময়ৰ বাবে উত্তৰটো হব হোম-কোৱাৰাইণ্টাইনহে। কিন্তু হোম-কোৱাৰাইণ্টানৰ ছবিখন স্পষ্ট হব লাগিব। বিশ্ব স্বাস্থ্য সংস্থাই ইবলাৰ ক্ষেত্ৰত আফ্ৰিকাত কৰিছিল, তেনেকুৱাধৰণৰ ঘৰৰ চাৰিওফালে বগা ফিটা মাৰি ঘৰৰ সকলো মানুহক প্ৰত্যাৱৰ্তন কৰাজনৰ সৈতে নিলগীকৰণ কৰিব লাগিবকাৰণ ঘৰসমূহত কোঠা সীমিত আৰু একেটা বাথৰুম ব্যৱহাৰ কৰে। চৰকাৰে মনোনীত স্থানীয় লোকৰ কমিটি বনাই দিব লাগিব ক্ষমতা দি, যে নিলগীকৰণ কৰা পৰিয়ালসমূহ যাতে ১৪দিন বাহিৰলৈ নাহে আৰু পৰিয়ালটোলৈ নিত্য-ব্যৱহাৰ্য সামগ্ৰীখিনি নি দিয়াৰো দায়িত্ব থাকিব লাগিব।পৰিয়ালক গৃহ-নিলগীকৰণেই এতিয়া আমাৰ একমাত্ৰ ভৱিষ্যত। বিশ্ব স্বাস্থ্য সংস্থায়ো সেই কথা কৈছে। আনকি জিলালৈ দিয়া SOP মতেও উপসৰ্গহীন কোৰোনা পজিটিভ সকলক কোৱাৰাইণ্টাইন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। শেষ উত্তৰটো হৈছে- হোম-কোৱাৰাইণ্টাইন
৪. সৰ্ব-দলীয় এপ্ৰোচ লৈ এই সময়ত দল-মত নিৰ্বিশেষে দলীয় ৰাজনীতিৰ উৰ্ধত ৰখা হৈছেনে? কৰোনা কালত ৰাজনীতি নকৰাৰ বাৰ্তা লাভ কৰিছেনে সমাজে?

উত্তৰঃ দুৰ্ভাগ্য যে একেবাৰেই পোৱা নাই। শাসকীয় বিজেপি দলে দলীয় ৰাজনীতিৰ উৰ্ধত কথাবোৰ এতিয়াও ভাবিব পৰা নাই। আজি ব্যক্তিগত খণ্ডক নোলোৱাৰ কাৰণটোৱেই হৈছে চৰকাৰে ইয়াৰ পৰা ৰাজনৈতিক লাভালাভ অহা ২১ৰ নিৰ্বাচনত কি উঠাব পাৰে, তাকেই লৈ ব্যস্ত হৈ থকাহেন অনুভৱ হয়। কাৰণ স্থানীয় ৰাজনৈতিক নেতাই সমুখত নিৰ্বাচন লৈ বেলেগ একো দূৰদৃষ্টিৰে কাম কৰিব নোৱাৰে। সকলো নিৰ্বাচন জিকাই একমাত্ৰ লক্ষ্য, চিন্তাবোৰ নিৰ্বাচনকেন্দ্ৰিক আৰু ক্ষমতাকেন্দ্ৰিক।অৰাজনৈতিক ব্যক্তিৰে স্থানীয় অঞ্চলে পঞ্চায়তে গৃহ নিলগীকৰণৰ মনিটৰিং কমিটি কৰিলেহে সুফল পাব। এনে ব্যৱস্থাপনাৰ ঠিকা-ঠুকলিও কেন্দ্ৰীয়ভাৱে নিয়ন্ত্ৰণ নকৰি স্থানীয় লোকক দিয়াৰ প্ৰয়োজন আছে। এই মানৱ সভ্যতাক বচোৱাৰ ক্ষণত আনক ৰাজনীতি কৰিবলৈ নিদিয়াৰ বাবে, যেনে অখিল গগৈক বন্দী কৰি ৰাখিছে, কিন্তু নিজে দলীয় ৰাজনীতিৰ উৰ্ধলৈ উঠিব পৰা নাই, সেই কথা কিন্তু গৰিহণাযোগ্য হৈছে।

৫. চিকিতসক হিচাবে, এই মহামাৰীৰ ভেকচিন বিকাশৰ ক্ষেত্ৰত আপুনি আশাবাদী নে? ক্লিনিকেল ট্ৰায়েলৰ পাছত সৰ্ব-সাধাৰণ ৰাইজৰ মাজলৈ ভেকচিন একোটা বিকাশ হৈ আহিবলৈ সাধাৰণতে কিমান সময় লাগে? কোভিডৰ ক্ষেত্ৰত গৱেষণাৰ কোন স্তৰত আছে মেডিচিন আৰু ভেকচিন।

উত্তৰঃ সকলো বিলাক কথা এতিয়া অতি ধূসৰ হৈ আছে।কোভিড-১৯ ৰোগটি মাত্ৰ ছমাহ পুৰণি বিশ্বত। ছমাহ পুৰণি ৰোগ এটাৰ বিষয়ে চিকিতসা বিজ্ঞানে খুৱ কমেই জানে।সঁচা কথা চিকিতসা বিজ্ঞানেও এতিয়া ককবকাই আছে।এতিয়া কৰিছো আৰু শিকিছো তেনেধৰণৰ অৱস্থাতেই আছে।ভেকচিনৰ কথাটো হোৱাটচএপ ইউনিভাৰ্চিটিত যিমানে চলিছে, সিমান আচলতে একো হোৱা নাই।আৰু সকলো ভাইৰাছ ৰোগৰ যে ভেকচিন ওলায় তেনে নহয়। যেনে এচ-আই-ভিৰ দ্বাৰা এইডছ ৰোগ যিটো ভাইৰাছজনিক ৰোগ, ইমান বছৰৰ পাছতো তাৰ ভেকচিন ওলোৱা নাই।জাপানিজ এনকেফেলাইটিজৰ ভেকচিন ওলাইছে, কিন্তু স্বোৱাইন ফ্লু, বাৰ্ড ফ্লু আদিৰো কোনো ভেকচিন ওলোৱা নাই। কোভিড-১৯ৰ যে ভেকিচন ওলাব তাতো সন্দেহ আছে, কাৰণ নোলাবও পাৰে। ওলালেও সেই বস্তুটো নিৰ্দিষ্ট হৈ মানুহৰ শৰীৰত প্ৰায়োগিক হবলৈ বহুত দিন আছে। দেখা গৈছিল যে, জাপানিজ এনকেফেলাইটিছৰ ভেকচিন ওলাই মানে ৰোগটোৰ ওপৰত এটা নিয়ন্ত্ৰণ পোৱাই হ
ল আৰু এতিয়া অসমতে ইয়াৰ ভেকচিন কিমান শতাংশ মানুহে লৈছে? কিছুমান ৰোগৰ ভেকচিন নোলোৱাকৈয়ো সংক্ৰমণটো নিজে নিজে ৰোধিব পাৰি। যেনে- সৰু আই, মাজু আই আদি শৰীৰত এবাৰ হলে নিজে প্ৰতিৰোধী ক্ষমতা দেহে নিৰ্মাণ কৰি লয়, তেনেদৰে কোভিডো চাগে তেনেকৈয়ে নাইকীয়া হব। আৰু উপসৰ্গবিহীন ভাৱে যিটো কমকৈ গণসংক্ৰমণ হয় তাৰ পৰা এটা হাৰ্ড ইমুউনিটি গঢ় লৈ উঠা দেখা যায়। কমেও এবছৰলৈকে কোনো ভেকচিন অহাৰ আশা নাই আৰু এই ৰোগৰ বাবে নিৰ্দিষ্ট চিকিতসাও ওলোৱা নাই। এতিয়ালৈকে কেৱল লক্ষণিক চিকিতসাহে যেনে জ্বৰ উঠিছে পেৰাচিটামল দিছে, উশাহৰ কষ্ট হৈছে ভেণ্টিলেচন দিছে, চেকেণ্ডেৰী ইনফেকচন হৈছে এণ্টিবায়টিক দিছে, তেনেকৈয়ে চিকিতসা কৰা হৈছে।

৬. এতিয়া অন্য ৰোগৰ চিকিতসাৰ বাবে ব্যক্তিগত বা আন হস্পিতাললৈ গলেও কোভিডৰ পৰীক্ষা কৰোৱাৰ পাছতহে চিকিতসা হব নেকি? কিবা নিৰ্দেশনা আছে নেকি?
উত্তৰঃ চৰকাৰী নিৰ্দেশনামতে কেইটিমান নিৰ্দিষ্ট লক্ষণ বা উপসৰ্গ দেখা দিলে তেওঁলোকক চৰকাৰী কোভিড হস্পিতেললৈ পঠাই দিবলৈ কৈছে। অন্য ৰাজ্যৰ পৰা অহা সকলক প্ৰথমতে চৰকাৰী হস্পিতেলত পৰীক্ষা কৰি কোভিড নিগেটিভ হলেহে ব্যক্তিগত হস্পিতেলত চিকিতসা কৰিবলৈ কৈছে।এনেকুৱাও হৈছে যে কেঞ্চাৰ ৰোগী নগালেণ্ডৰ পৰা আহিছে, ব্যক্তিগত হস্পিতেলত ভৰ্তি কৰিব খুজিও কৰিব পৰা নাই, কাৰণ লিখিত চৰকাৰী নিয়মমতে তেওঁলোক চৰকাৰী চিকিতসালয়লৈ যাব লাগিব, কোভিড নোহোৱাৰ প্ৰমাণ হব লাগিব, তাৰ পাছতহে ব্যক্তিগত হস্পিতেলত ভৰ্তি কৰিব পাৰিব।এইখিনিতে এই কথাও উল্লেখ কৰিব লাগিব যে, যদিও ৰাজ্যৰ ভিতৰৰ ৰোগীৰ ক্ষেত্ৰত পূৰ্বতে কোভিডৰ টেষ্ট কৰোৱাতো বাধ্যতামূলক নহয়, কিন্তু টেষ্ট নকৰালে চিকিতসালয়ত ডাক্তৰ, নাৰ্চ, চাফাইকৰ্মীকে ধৰি বিভিন্নজনলৈ সংক্ৰমণ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। প্ৰতিজন ৰোগীকে এই টেষ্ট কৰোৱাতো কি বেয়া কথা? মোৰ মতামত যে প্ৰতিজন ৰোগীৰ কৰিব খোজাতো সমাজৰ বাবে ভালহে হব আৰু তাত চৰকাৰে উতসাহ দিব লাগে, অনুমতি দি দিয়াটোই উচিত হব।
৭. দীৰ্ঘদিনৰ বাবে এনে অৱস্থা চলি থাকিলে জৰুৰীকালীন সেৱাৰ প্ৰয়োজন থকা ৰোগীৰ অসুবিধা নহবনে?

উত্তৰঃ বাধ্যতামূলকভাৱে পৰীক্ষা কৰিবলৈ নিদিয়াৰ ফলতে বহুতো চিকিতসা কৰ্মীও এতিয়া কোভিডত আক্ৰান্ত হবলৈ ধৰিছে। তেনে পৰিস্থিতিত চিকিতসা সেৱাৰ সকলো স্তৰৰ কৰ্মীসকলৰ মনোবল হ্ৰাস পাব, ভয় খাব, পৰিয়াল পৰিজনৰ পৰা হেঁচা পাব। সেয়ে পৰীক্ষা লাগিলে এটা নিৰ্দিষ্ট চৰকাৰী দৰ নিৰ্ণয় কৰি ব্যক্তিগথ খণ্ডতো কৰিবলৈ মুকলি কৰি দিব লাগে।কাৰণ আমি দেখিছো, যি কেইখন দেশে নিয়ন্ত্ৰণ কৰিব পাৰিছে, জাপান ইত্যাদিয়ে যথেষ্ট হাৰত টেষ্টিং কৰিছে। এনেকুৱা ব্যাপক টেষ্টিঙেৰে উপসৰ্গবিহীন বাহক সকলক চিনাক্ত কৰিব পৰা যাব। শংকা বা আক্ৰান্তৰ হোৱাৰ ফলত যদি চিকিতসা কৰ্মীৰ অভাৱ হয়, তেন্তে পৰিস্থিতি বেয়া হবগৈ।জৰুৰীকালীন দুৰ্ঘটনাত যদি নিউৰ-চাৰ্জন এজন যদি বিচাৰি নাপায়, তেন্তে কি হব। সেয়ে আবেগক প্ৰশ্ৰয় নিদি বাস্তৱিক দীৰ্ঘম্যাদি চিন্তা কৰাটো উচিত হব।তেহে বাকী ৰোগৰ ৰোগীয়েও চিকিতসা পাই থকাটো নিশ্চিত হব আৰু কোভিডকো নিয়ন্ত্ৰণ কৰিব পৰা যাব।
৮. বাতৰি মতে
ICMR য়ে এটা সৰ্বোচ্চ দৰ নিৰ্ধাৰণ কৰি ব্যক্তিগত খণ্ডতো পৰীক্ষা কৰিবলৈ দিছে, অসমত সেয়া হোৱা নাই নেকি?
উত্তৰঃ যিবোৰ ৰাজ্যৰ স্বাস্থ্য বিভাগে ব্যক্তিগত খণ্ডত কোভিডৰ চিকিতসা আৰু টেষ্টৰ অনুমতি দিছে, তাত এয়া প্ৰযোজ্য হৈছে।অসমত কিন্তু কি উদ্দেশ্যত এই কোভিড বিষয়ৰ পৰা ব্যক্তিগত খণ্ডক নিলগত ৰখা হৈছে, সেয়া স্পষ্ট নহয়।এণ্টিবডি স্ক্ৰিনিঙ টেষ্টটো অসমতো ব্যক্তিগত খণ্ডত কৰিবলৈ দিছে। কিন্তু ডেফিনেটিভ টেষ্ট ITPCRৰ অনুমতি এতিয়াও অহা নাই। আমি আশা কৰিছো অচিৰেই তাৰো অনুমতি আহিব। কিন্তু সেই টেষ্টটো কৰিবলৈ পৰীক্ষা কৰা মাইক্ৰবায়লজি ডিপাৰ্টমেণ্টটোৰ NABL চাৰ্টিফিকেচনো থাকিব লাগিব। কাৰণ এইটো পৰীক্ষা যধেমধে কৰিলে চিকিতসা কৰ্মীলৈ সংক্ৰমণৰ আশংকা বেছি। সেই কাৰণে চৰকাৰেও সত উদ্দেশ্যৰেও এইটো পৰীক্ষাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে।
৯. অসমৰ অৰ্থনীতিও মহামাৰীয়ে দেশৰ অৰ্থনীতিৰ লগতে কোঙা কৰি আনিছে। তাৰ ওপৰত বানপানী। এই সময়ত কি কি পদক্ষেপ গ্ৰহণেৰে চৰকাৰে ৰাইজক সকাহ দিয়া উচিত বুলি ভাবে?
উত্তৰঃ আচলতে কি কি ক্ষতি হৈছে, তাৰ আচল ছবিখন অতি জৰুৰী।  প্ৰত্যাবৰ্তন কৰা শ্ৰমিক সকলক এনৰেগাত লগোৱা কথা কৈছে, কিন্তু এই আঁচনিৰ আগৰে পৰাই দেখোন অৱস্থা নাই। সেয়ে ঘৰমূৱা শ্ৰমিকৰ কৰ্মসংস্থানৰ বিষয়টো অধিক স্পষ্ট হব লাগিব। অসমলৈ আমদানিকৃত বস্তু সমূহ ঘৰুৱাভাৱে উতপাদন কৰাৰ বাবে মানুহখিনিক লগাব লাগিব। ফুড প্ৰচেচিংৰ কেন্দ্ৰীয় মন্ত্ৰীও আছে, সম্ভাৱনাও আছে, তাত মনোনিৱেশ কৰিব লাগিব। উজনিৰ চাহ বাগিচাৰ ভিতৰতে কোল্ড ষ্টৰেজ আন্তঃগাঁঠনি ৰাজসাহাৰ্যৰে বিকাশ কৰিব লাগিব। উতপাদক আৰু গ্ৰাহকৰ মাজত এগ্ৰিকালচাৰ মাৰ্কেটিং বৰ্ডে দালালহীন ব্যৱস্থা আনিব লাগিব। বেংক সমূহে অসমত জমা লোৱা ৩৯টকাহে অসমত ঋণ দিয়ে, চৰকাৰী বেংকক চৰকাৰে বেছি ধন অসমত বিনিয়োগৰ বাবে বাধ্য কৰক। কৰোনাৰ সকলো ঠিকা ঠুকলিও থলুৱা সকলক দিয়ক। কোৱাৰাইণ্টাইন কেন্দ্ৰত থলুৱা শিপিনিৰ বিচনা চাদৰ পাৰক, খাদ্যৰ ঠিকা অসম ৰেষ্টুৰা এচোচিয়েচনক দিয়াৰ ব্যৱস্থা কৰক। তেনেদৰেহে বৰ্হিঃমুখী ধন ৰোধ কৰি অসমৰ অৰ্থনীতি সৱল কৰিব পৰা যাব। অসম চাহ নিগমৰ একাংশ মাটিত বিকল্প খেতি কৰি লাভজনক অৱস্থালৈ আনক, গাহৰিৰ ক্ষেত্ৰত চাহিদাৰ কেৱল ৩০শতাংশহে অসমৰ ঘৰুৱা উতপাদন। এতিয়া বেমাৰৰ অচিলাত আমদানি বঢ়াৰহে সম্ভাৱনা আছে। সেয়ে চৰকাৰে দৃঢ়তাৰে পদক্ষেপ লওক, তেহে অসমত কৰোনাৰ পাছৰ অৰ্থনীতিৰ কঁকাল পোনাব পৰা যাব।

১০. ঘৰমুৱা শ্ৰমিকৰ পুনৰ সংস্থাপন সঁচাকৈ হোৱাৰ সম্ভাৱনা দেখিছেনে? মহামাৰী আৰু অৰ্থনৈতিক অৱস্থাৰ অনিশ্চয়তাত অসম। এই প্ৰত্যাহ্বানৰ সম্পৰ্কত আপোনাৰ মতামত।

উত্তৰঃ এই সকল শ্ৰমিক কোন কি কামত সুদক্ষ বা পাৰ্গত তাৰ প্ৰথমে ডাটাবেছ লাগিব। অহাৰ সময়তে ৰেলৱে ষ্টেচনতে এই ডাটা সংগ্ৰহ হবই লাগিছিল। অন্য ৰাজ্যত নতুনকৈ ভাষা শিকিও কাম কৰিবলৈ যোৱা এই সকল উদ্যমী ডেকাক থলুৱাভাৱে কি কামত নিয়োগ কৰিব পৰা যাব সেয়া বিচাৰ্য হব। চৰ-চাপৰিৰ কৰ্মঠ সকলৰ পৰা শিকিব লাগিব। কৰোনাৰ পাছত এতিয়া কম সময়ত সেৱা দিব পৰা সকলহে ব্যৱসায়ত তিষ্ঠি থাকিব পাৰিব। জিলাভিত্তিক উতপাদন আৰু সংস্থাপনৰ বাবে এক ভিজনসহ বাস্তৱসহ কৰ্ম-আঁচনি চৰকাৰে গ্ৰহণ কৰিব লাগিব।ক্ষীপ্ৰভাৱে এই কাম কৰাৰ প্ৰয়োজন আছে।আচল তথ্য অবিহনে কৰা পৰিকল্পনা কেতিয়াও সফল হব নোৱাৰে। সেয়ে অংকটো পাতিবৰ সময়তে তথ্যগত ভাৱে আগবঢ়াতো উচিত হব। স্কীল ডেভেলপমেণ্টত হস্পিটেলিটি আৰু বিউটি চেক্টৰতে বিশেষ মনোযোগ দিয়া হৈছিল, এতিয়া কিন্তু দুয়োটা খণ্ডই বিধ্বস্ত হৈ পৰিছে। সেয়ে বিকল্প স্কীল ডেভেলপমেণ্টৰো প্ৰয়োজন হব।

১১ এফালে দিহিং পাটকাইৰ বিতৰ্ক-আনফালে জলবিদ্যুত প্ৰকল্প, আনফালে কেইবাখনো টোলগেট। অসমৰ জাতীয় স্বাৰ্থ এই পৰিস্থিতিত ৰক্ষা কেনেকৈ সম্ভৱ?

উত্তৰঃ স্পষ্টভাৱে কৈছো যে ৰহাৰ টোলগেট বে-আইনী, এয়া অখিল গগৈৰ ভয়ত বন্ধ কৰা নাছিল, ই আইনবিৰুদ্ধ আছিল আৰু এতিয়াও তেনেকৈয়ে আৰম্ভ কৰিছে। টোলগেটত পইচা ললেই নহব, ৰাস্তাৰ ভাল কৰি ৰখাৰ দায়িত্ব আছে আন সা-সুবিধাও যিবোৰ থাকিব লাগে সেয়া অসমত পৰ্যাপ্ত নহয়।সেয়ে টোলগেটত কাৰোবাৰ ন্যস্তস্বাৰ্থ জড়িত আছে। এয়া চোৱাতো ন্যায়ালয়ৰো দায়িত্ব আছিল, কেৱল সকলো কথাত অখিল গগৈ বা জাতীয় সংগঠনৰ মুখাপেখী হোৱাটো উচিত নহয়, এই বিষয়ত আইনী যুঁজৰ প্ৰয়োজন আছে। অখিল গগৈক নতুন নতুন কেচ জাপি বিভিন্ন অজুহাতত জেলত বন্দী কৰি ৰাখিছে, অথচ সময়মতে অভিয়োগনামা দাখিল নকৰা অনুসন্ধানকাৰী বিষয়া সকলক দায়বদ্ধ কৰা হোৱা নাই।যি সকলে চৰকাৰৰ বেয়া কামবোৰ উদঙাই দিব পাৰে বা মুখা খুলি দিব পাৰে, তেওঁলোকক নহলে জেলত থোৱা হৈছে বা চ
চিয়েল মেডিয়াত ট্ৰল কৰি মুখবন্ধ কৰাৰ অপচেষ্টা চলিছে। চিণ্ডিকেট গা কৰি উঠাৰ কথা বিজেপিৰ নিজা বিধায়কে উত্থাপন কৰিছে।গেৰুকামুখত গাৰ্ড ৱালক ৰক্ষা কৰিব নোৱাৰা সংস্থাই কি বৃহত নদীবান্ধ বনাব সেয়াও সহজেই অনুমেয় হৈছে। হিন্দী বলয়ৰ স্বাৰ্থ ৰক্ষাৰ বাবে অৰুণাচলত বনাবলৈ দিয়া নদীবান্ধ সমূহে অসমলৈ অমানিশাহে নমোৱাৰ শংকা আছে। চৰকাৰে বিষয় সমূহত সহানুভূতিৰে পুনৰ বিশ্লেষণ কৰক, আত্ম-সংশোধন কৰক। অসমীয়া ৰাইজে যিবোৰ কথাৰ বিৰোধিতা কৰিছে, তেনে বিষয়ত আওকান কৰিলে এই ৰাইজেই যে শাসনৰ গাদী ওফৰাই পেলাবৰ বাবেও বেছি পৰ নালাগিব, সেই কথাও কিন্তু নিশ্চিত।

--------------------------------------------------------
ডাঃ নভনীল বৰুৱা জিএনআৰচিৰ নিউৰ
লজি বিভাগৰ ডাইৰেক্টৰ ৰূপে গুৱাহাটীত কৰ্মৰত। সাক্ষাত-সৌজন্যঃ xukhdukh.com  অসমীয়াৰ সুখ-দুখঃ অনলাইন দৈনিক। ফোন-
7002107450
--------------------------------------------------------------------------------------------------------------------------------------------
xukhdukh.com :: অসমীয়াৰ সুখ-দুখঃ অনলাইন দৈনিক---
পেজঃ fb.com/xukhdukhLIVE ; টুইটাৰ @xukhdukh ,
গোগুল প্লে-ষ্টোৰত এপঃ xukhdukh ইউটিউব চেনেলঃ https://www.youtube.com/channel/UCAAMwACpnh655HAdeZxdwBA

No comments:

Post a Comment