শ্যামকানু মহন্ত
যােৱা প্রায় ৪৫ দিন ধৰি থাইলেণ্ডত এটাও ক’ভিড কেছ নাই। থাইলেণ্ড চৰকাৰৰ মুখপাত্ৰৰ মতে ৰাষ্ট্ৰখনে ক’ভিডক লৈ নিলগীকৰণৰ যি সংস্কৃতি সৃষ্টি কৰিলে, সেইটোৱে ক’ভিড নিয়ন্ত্রণত যথেষ্ট সহায় কৰিলে। থাইলেণ্ডৰ জলবায়ু অসমৰ লগত বহু পৰিমাণে একেই। কিন্তু ইমান পর্যটকেৰে ভৰি থকা দেশখনত এতিয়ালৈকে ৫৮জন লােকৰ মৃত্যু হৈছে। আৰু গণসংক্রমণ নহ'ল। আনহাতে মেকং নৈৰ গােটেই অঞ্চলটোত সংক্রমণ অতি কম। ভিয়েটনামৰ নিচিনা দেশত এজনাে মানুহৰ মৃত্যু নহ'ল। স্বচ্ছতাৰ এই সংস্কৃতিয়ে এই দেশবােৰক কৰনাৰ লগত যুঁজত জয়ী হ’বলৈ আগুৱাই নিছে। অলপতে হােৱা গুৱাহাটীৰ লকডাউনটোৰ বিশেষ চর্চা হৈছে। মই ভাবোঁ যে প্রথমতে হােৱা লকডাউনকেইটা গােটেই দেশতে সফল হৈছিল। সেই সময়ত মানুহে ক'ৰনা বেমাৰটোৰ বিষয়ে সিমান ভালদৰে জনা নাছিল। চিকিৎসকসকলৰাে বেমাৰটোৰ জ্ঞান অলপ কম আছিল। প্রথম লকডাউন সেয়েহে চৰকাৰ, স্বাস্থ্য বিভাগ, চিকিৎসকসকলেই হওক সকলােৱে অলপ সময় পালে।
আটাইতকৈ ভাল কথাটো হ’ল যে স্বাস্থ্য আন্তঃগাঁথনি যেনে আই চি ইউ, হাস্পতাল, কোৱাৰেণ্টীন চেণ্টাৰ আদি ক’ত কেনেকৈ হ’ব এই সকলাে পৰিকল্পনা কৰিবলৈ অলপ সময় পােৱা গ'ল। অসমৰ ক্ষেত্ৰত আৰু বেছি ভাল হ’ল যে ক’ভিড অসমলৈ অলপ দেৰিকৈ আহিল। অন্ততঃ দিল্লীতকৈ কেইসপ্তাহমান পাছত। এতিয়াও ক’ভিডৰ প্রকোপ কমা নাই। আমি বহুদিনৰ পৰা এইটোৱেই কৈ আহিছোঁ যে ক’ভিডৰ লগত সহাৱস্থান কৰি জীৱন কেনেকৈ আগবঢ়াই নিব পৰা যায়। গুৱাহাটীত যেতিয়া ২৮ জুনত লকডাউন দিয়া হ'ল, সেই সময়ত অসমত ক’ভিড ৰােগী আছিল ১,১৯৫জন। আৰু লকডাউন যেতিয়া ১৯ জুলাইত শেষ হ’ল, আনলক প্রক্রিয়া আৰম্ভ হ'ল, তেতিয়া ক'ভিড ৰােগীৰ সংখ্যা হল ৯,৮৭৮জন। প্রত্যেকদিনাই ৬০০ৰ পৰা ৮০০লৈকে গুৱাহাটীত ক’ভিড ৰােগীৰ সংখ্যা বৃদ্ধি পালে। ঠিক তেনেকৈ ৰাজ্যখনতাে ২৮ জুনত আছিল ৯,৯৪২জন। আৰু ১৯ জুলাইত হ’ল ২১,৮৪৮জন। গতিকে যিমান আশা কৰা হৈছিল, লকডাউনে সেইমতে সংক্রমণৰ শিকলী ভাঙিব নােৱাৰিলে। হয়তাে এইটো এটা নিজে নিজে হােৱা অর্গেনিক বৃদ্ধি হ'ব পাৰে। কাৰণ গুৱাহাটীত সাংঘাতিকধৰণে গণসংক্রমণ হৈছে আৰু সংক্রমণটো নিজে নিজে বাঢ়ি গৈছে।
এতিয়া লকডাউনত আমি কি হেৰুৱালোঁ বুলি ক'লে ক’ব পাৰি যে ইতিমধ্যে প্রায় আই চি ইউত থকা অসমৰ অর্থনীতি আৰু বেছি বেয়ালৈ গুছি গ'ল। অসম চৰকাৰৰ এটা সংস্থা ছিটাই (SITA) লকডাউন আগতে কৰা অধ্যয়ন মতে অসমৰ প্রায় ৫০শতাংশ লােক দৰিদ্ৰ হ’বলৈ গৈ আছে। এতিয়া সেইটো সংখ্যা চাগে আৰু বহু বাঢ়িল। এইটো অনস্বীকার্য যে ক'ভিড এটা ভয়ংকৰ সংক্ৰমিত বেমাৰ। কিন্তু এইটোও ক’ব লাগিব যে ৰােগটোৰ মৃত্যুৰ হাৰ যথেষ্ট কম। অসমত এইক্ষেত্ৰত .০২ শতাংশমান হ'ব। অসম চৰকাৰে কভিড নিয়ন্ত্ৰণৰ বাবে ভালেখিনি পৰীক্ষা আৰু সংক্রমিত লােকৰ সংস্পৰ্শলৈ অহা লােকক চিনাক্ত কৰাৰ কাম ভালদৰে কৰিছে। শ শ ক’ভিড যােদ্ধাই দিনে ৰাতিয়ে ক’ভিড নিয়ন্ত্ৰণৰ বাবে অহােপুৰুষাৰ্থ কৰিছে। তথাপি অহা কেইমাহমান ধৰি কৰনাৰ সংক্রমণ চলি থাকিব। কেন্দ্রীয় চৰকাৰৰ স্বাস্থ্য মন্ত্রণালয়ৰ মতে আগষ্টৰ শেষলৈকে অসমত ক’ভিড ৰােগীৰ সংখ্যা প্রায় ৬৫,০০০ হ’ব।
ভেকচিনৰ ক্ষেত্ৰত দুটামান ভাল খবৰ পােৱা গৈছে যে অক্সফ’র্ড ইউনিভাৰ্ছিটীৰ লগতে ৰাছিয়া আৰু চীনত ভেকচিন সাজু হৈছে। হয়তাে ছেপ্টেম্বৰ নবেম্বৰৰ ভিতৰত ওলাব পাৰে। কিন্তু সেই ভেকচিন বিশ্বৰ ৭০০ কোটি মানুহৰ কাষ পাওঁতে যথেষ্ট সময় লাগিব। প্রথমতে হয়তাে চিকিৎসক আৰু স্বাস্থ্যকর্মীক দিয়া হ'ব। ক’ভিড যােদ্ধাসকলক দিয়া হ'ব। গতিকে ভেকচিন সাধাৰণ ৰাইজৰ ওচৰ পাওঁতে বহুত সময় লাগিব। তেতিয়ালৈকে হয়তাে ক’ভিডৰ লগত এটা হার্ড ইমিউনিটী হৈ যাব। যেতিয়া এটা অঞ্চলত প্রায় ৪০ শতাংশ লােকৰ মাজত ক’ভিড হৈ যায়, বাকী ৬০ শতাংশ লােকৰ সেই ৰােগৰ প্রতি নিজে নিজে এটা প্রতিৰােধ ক্ষমতাৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে পৃথিৱীৰ আটাইতকৈ ঘনবসতিপূর্ণ অঞ্চল মুম্বাইৰ ধাৰাভীত বিগত কেইদিনমানত বহুত কম কেছ হৈছে। তাত হয়তাে হার্ড ইমিউনিটী হৈ গ'ল। কাৰণ ধাৰাভীত প্রথম অৱস্থাত সাংঘাতিকধৰণে ক’ভিড আক্রান্তৰ সংখ্যা। বাঢ়িছিল। কিন্তু মহাৰাষ্ট্ৰ চৰকাৰে অতি সােনকালে খুব ভাল কাম কৰি নিয়ন্ত্রণ কৰিবলৈ সক্ষম হ’ল। দিল্লীতে হয়তাে ক’ভিডৰ শিখৰটো পাৰ হৈ গ'ল। দিল্লীত এতিয়া লকডাউন নাই। কিন্তু ক’ভিডৰ কেছ বহুত কমি আহিছে দিনে দিনে। অসমত হয়তাে ক’ভিডৰ শিখৰ পাবলৈ গৈ আছে। হয়তাে আগষ্টলৈ পাব। লকডাউন আৰু দিয়াটো সম্ভৱ নহয়। আৰু লকডাউন দিলে এপ্রিললৈ লাখ লাখ মানুহ দুর্ভিক্ষত পৰিব। গতিকে এতিয়া আমি বাস্তৱসন্মতভাৱে গােটেই সমস্যাটো ল’ব লাগিব।
লকডাউন সমস্যাৰ সমাধান নহয়। কৰনাৰ লগত সহাৱস্থানহে সমস্যাৰ সমাধান। মই এই কথাখিনি বহুদিন ধৰি টিভি আৰু সামাজিক মাধ্যমত কৈ আহিছোঁ। এইক্ষেত্ৰত আমি কি কৰা উচিত। চৰকাৰে কি কৰা উচিত। প্রথমতে গুৱাহাটীত যিবিলাক নাগৰিক সমিতি, ৱার্ড কমিটী আছে, তেওঁলােকৰ জড়িয়তে কামখিনি কৰাব পাৰে। বার্ডে ৱার্ডে যিকেইজন জ্যেষ্ঠ লােক আছে, তেওঁলােকে ফোন কৰি মানুহক ক’ব পাৰে। কাৰণ দেখা যায় যে মাস্ক নিপিন্ধা মানুহৰ ভিতৰত কিছুমান চেঙেলীয়া ল’ৰাই হয়তাে নিপিন্ধে, যাৰ হয়তাে সজাগতাৰ অভাৱ। বহুখিনি শ্রমজীৱী মানুহৰ মাজতাে সজাগতাৰ অভাৱ। তেওঁলােকক সেই অঞ্চলৰ নেতস্থানীয় মানুহে শিকাওক, জ্ঞান দিয়ক। আমাৰ মাজত বহুখিনি স্কাউট আৰু গাইড আছে। তেওঁলােকে প্ৰচাৰ কৰিব পাৰে, আৰ এছ এছৰ কৰ্মীয়ে কৰিব পাৰে, ছাত্ৰ সন্থা বা আন জাতীয় সংগঠনসমূহে এই কাম কৰিব পাৰে। গতিকে গােটেই অঞ্চলে অঞ্চলে এটা সজাগতা অভিযান কৰিব পৰা যায়। এই কাম ফোনেৰেও কৰিব পাৰে। ব্যক্তিগতভাৱে ঘূৰি নুফুৰিলেও হয়। মাস্ক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, সামাজিক দূৰত্ব কেনেকৈ বৰ্তাই ৰাখিব লাগে আদি বিষয়ত সজাগতা অনাটো অতি দৰকাৰ। মই ভাবোঁ জুবিন গাৰ্গ, পাপনকে ধৰি আমাৰ সমাজৰ জনপ্রিয় লােকসকলেও ক'ব লাগে। মই নিজেও চেষ্টা কৰিছোঁ। গতিকে লােকক কোৱাৰ আগতে নিজেও কৰিবলৈ চেষ্টা কৰা ভাল। আমাৰ চৰকাৰে কিছুমান নীতি-নির্দেশনাও জাৰি কৰিছে। মাস্ক নিপিন্ধিলে ১,০০০ টকা জৰিমনা ধার্য কৰিছে। লগতে সজাগতাও আনিব লাগিব। কিন্তু সজাগতা সৃষ্টিৰ ক্ষেত্ৰত আমি এতিয়ালৈকে বিশেষ পদক্ষেপ চৰকাৰৰ ফালৰ পৰা দেখা নাই। মােৰ মতে আটাইতকৈ বেছি জোৰ দিব লাগিব সজাগতা সৃষ্টিৰ ক্ষেত্ৰত। বাৰু যি হ’ল হ’ল, এতিয়া অন্ততঃ এইটো আৰম্ভ হ'ব লাগে। দিনে-ৰাতিয়ে টিভিতে হওক, ৰেডিঅ’তে হওক, বাতৰিকাকতেই হওক বা আন যিকোনাে সংস্থাসমূহেই হওক, সকলােকে বাধ্য কৰাব লাগে যে মাস্ক পিন্ধক, হাতখন চাফা কৰি ৰাখক, সামাজিক দূৰত্ব বর্তাই ৰাখক। এইধৰণে যদি এটা সংস্কৃতি সৃষ্টিকৰা হয়, মােৰমতে কৰনাৰ শিখৰটো অলপ দিনৰ পাছত নাইকিয়া হ'ব। হয়তাে আগষ্টৰ পিছলৈ অলপ কমিব। আকৌ আহিব পাৰে। কিন্তু দ্বিতীয় জোৱাৰ। লাহে লাহে হয়তাে ইয়াৰ প্রকোপ কমি আহিব। মােৰ দৃষ্টিত কৰ'নাক লৈ বহু ভীতিগ্রস্ত হৈছে মানুহ। সত্যকাম ফুকনৰ নিচিনা মানুহে কৰনাক সৰু বস্তু বলি বহু ভুল প্রচাৰাে কৰিলে।
এইটোও ক'ব লাগিব যে স্বাস্থ্যকর্মী, ক’ভিড যােদ্ধা, পুলিচ, চাফাই কর্মী আদিয়ে সাংঘাতিক কষ্ট কৰিছে। তেওঁলােকৰ মনােবল। ভাঙিবলৈ দিব নােৱাৰি। সেইকাৰণে মই ভাবে এই ক’ভিডৰ সময়ত চৰকাৰে অর্থনৈতিকভাৱে বিশেষ গুৰুত্ব দিয়াটো দৰকাৰ। অসম চৰকাৰে যিখন অর্থনৈতিক সমিতি গঠন কৰিছিল, সেই সমিতিয়ে যিবােৰ পৰামর্শ দিছিল, সেইবােৰ ৰাজহুৱা কৰিব লাগে। প্রায় দুমাহেই হ’ল সুভাষ দাসৰ নেতৃত্বত কমিটীয়ে দিয়া প্রতিবেদনখন। অসমৰ গৰিষ্ঠসংখ্যক লােকৰ হাহাকাৰ হৈছে সেয়া ক্ষুদ্র ব্যৱসায়ীয়েই হওক, দিন হাজিৰা বা যিকোনাে বৃত্তিধাৰীৰ লােকেই হওঁক। যিসকলে ঋণ লৈ গাড়ী লৈছিল নাইবা আন কোনাে সম্পদ লৈছিল, তেওঁলােকে এতিয়া সুত আদায় কৰিব পৰা নাই। চাৰিওফালে হাহাকাৰ অৱস্থা।
এইটোও ক'ব লাগিব যে স্বাস্থ্যকর্মী, ক’ভিড যােদ্ধা, পুলিচ, চাফাই কর্মী আদিয়ে সাংঘাতিক কষ্ট কৰিছে। তেওঁলােকৰ মনােবল। ভাঙিবলৈ দিব নােৱাৰি। সেইকাৰণে মই ভাবে এই ক’ভিডৰ সময়ত চৰকাৰে অর্থনৈতিকভাৱে বিশেষ গুৰুত্ব দিয়াটো দৰকাৰ। অসম চৰকাৰে যিখন অর্থনৈতিক সমিতি গঠন কৰিছিল, সেই সমিতিয়ে যিবােৰ পৰামর্শ দিছিল, সেইবােৰ ৰাজহুৱা কৰিব লাগে। প্রায় দুমাহেই হ’ল সুভাষ দাসৰ নেতৃত্বত কমিটীয়ে দিয়া প্রতিবেদনখন। অসমৰ গৰিষ্ঠসংখ্যক লােকৰ হাহাকাৰ হৈছে সেয়া ক্ষুদ্র ব্যৱসায়ীয়েই হওক, দিন হাজিৰা বা যিকোনাে বৃত্তিধাৰীৰ লােকেই হওঁক। যিসকলে ঋণ লৈ গাড়ী লৈছিল নাইবা আন কোনাে সম্পদ লৈছিল, তেওঁলােকে এতিয়া সুত আদায় কৰিব পৰা নাই। চাৰিওফালে হাহাকাৰ অৱস্থা।
শিল্পী, গায়ক, বাদ্যযন্ত্রী, থিয়েটাৰ শিল্পী, অধিবক্তা, উদ্যোগী, ক্ষুদ্র ব্যৱসায়ী সকলােৰে একেই অৱস্থা। এইসকলৰ কাৰণে মই চৰকাৰক অনুৰােধ জনাওঁ— এটা সহায়ৰ ব্যৱস্থা কৰক। ছমাহৰ কাৰণে যদি তেওঁলােকক এটা আর্থিক সহায় দিব পৰা যায়, যিটো তেওঁলােকে নিজ নিজ উদ্যোগ, ব্যৱসায় ক্ষেত্ৰত খৰচ কৰিব। সেই টকাখিনি আকৌ অসমৰ অর্থনীতিলৈ ঘূৰি আহিব। ব্যক্তিগত সংস্থাসমূহে যি দৰমহা দি আছে, তেওঁলােককো যদি দৰমহাৰ ২০ শতাংশমান দিব পৰা যায়, তেওঁলােকে অন্ততঃ দৰমহা দি থাকিব পাৰিব। এইধৰণৰ কিছুমান সাহায্য দিয়াটো দৰকাৰ হৈছে। ক’ভিডক লৈ বেছি শংকা নাইবা উলাই নকৰি সাৱধানে থাকি আগবাঢ়ি যােৱাটোৱেই মংগল। ইয়াৰ লগতে চৰকাৰৰ বিভিন্ন বিভাগৰ যিসকল লােকে এইক্ষেত্ৰত কাম কৰি আছে, খুঁজি আছে, তেওঁলােকক ধন্যবাদ জনােৱাৰ লগতে কৃতজ্ঞতা জনাব লাগিব। তেওঁলােকৰ মনােবল যাতে অটুট থাকে তাৰ প্রতি মন দিব লাগিব। সজাগতাই হৈছে সমস্যাটোৰ সমাধান। তাৰ কাৰণে যিমান পাৰে চৰকাৰে কৰক। সকলােৱে কৰক। সমাজৰ নেতৃস্থানীয় লােকসকলে এইবিষয়ে এষাৰ লিখক, কওক। সকলােৱে এক সামূহিক প্রচেষ্টা লওঁ আহক যাতে আমি সকলাে মিলি এটা সংস্কৃতিৰ সৃষ্টি কৰিব পাৰোঁ। সেয়া কভিডৰ লগত সহাৱস্থানৰ সংস্কৃতি। আচলতে এই পৰিষ্কাৰ-পৰিচ্ছন্নতা আমাৰ সংস্কৃতিত আগৰ পৰাই আছে। শংকৰদেৱে শিকাই থৈ গৈছিল কেনেকৈ মুখত গামােচা মাৰি মাহ-প্ৰসাদ বিলাব লাগে। এইধৰণৰ স্বচ্ছতাৰ সংস্কৃতি আমি সকলােলৈ, নতুন প্রজন্মলৈ, নঅসমীয়ালৈ বিয়পাব লাগে। এনেধৰণেহে আমি ক’ভিডৰ লগত সহাৱস্থান কৰি আগবাঢ়ি যাব পাৰিম।
লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। লেখকৰ আন আন অসমীয়াৰ সুখ-দুখত প্ৰকাশিত লেখা পঢ়িবৰ বাবে একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/SHYAMKANU-MAHANTA
No comments:
Post a Comment