মনৰ কথাঃ বহু আৰক্ষী আক্ৰান্ত হৈছে, কিন্তু আমি আত্মবিশ্বাস হেৰুওৱা নাই ::ভাস্কৰজ্যোতি মহন্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ বহু আৰক্ষী আক্ৰান্ত হৈছে,  কিন্তু আমি আত্মবিশ্বাস হেৰুওৱা নাই  ::ভাস্কৰজ্যোতি মহন্ত

মনৰ কথাঃ বহু আৰক্ষী আক্ৰান্ত হৈছে, কিন্তু আমি আত্মবিশ্বাস হেৰুওৱা নাই ::ভাস্কৰজ্যোতি মহন্ত

Share This
বহু আৰক্ষী আক্ৰান্ত হৈছে,  কিন্তু আমি আত্মবিশ্বাস হেৰুওৱা নাই
ভাস্কৰজ্যোতি মহন্ত 
ক'ৰনাৰ দৰে এক অদৃশ্য শত্ৰুৰ বিৰুদ্ধে যুঁজ দিয়াটো অসম আৰক্ষীৰ বাবে স্বাভাৱিকতে এক ডাঙৰ প্রত্যাহ্বান। এই মুহূৰ্তলৈকে ক'ৰনা ভাইৰাছৰ চৰিত্র সম্পূর্ণভাৱে বুজি উঠা বুলি কোনেও সজোৰে দাবী কৰিব নােৱাৰে। সেয়ে স্বাভাৱিকতে আমি বৰ সাৱধানতাৰে খােজ দিবলগীয়া হৈছে আৰু সময়ৰ লগে লগে কিছু সিদ্ধান্ত সলনি কৰিবলগীয়া হৈছে। সময় আৰু পৰিস্থিতিৰ প্ৰয়ােজনত আমাৰ কাম কৰাৰ ধৰণাে সলনি কৰিবলগীয়া হৈছে। সমগ্র মানৱ জাতিলৈ অশনি সংকেত কঢ়িয়াই অনা এই কৰ’না ভাইৰাছ আৰু ইয়াৰদ্বাৰা সৃষ্ট ক’ভিড-১৯ মহামাৰীৰ সৈতে অসম আৰক্ষীয়ে কিদৰে মােকাবিলা কৰিছে, সেই সম্পর্কীয় কিছু অভিজ্ঞতা সর্বসাধাৰণৰ সৈতে ভাগ-বাটোৱাৰা কৰাৰ প্ৰয়ােজনীয়তা অনুভৱ কৰিছাে।
প্রথম কথা, বিপদৰ পৰা বাচিবলৈ আমি আমাৰ চৌপাশৰ পৰিৱেশ আৰু পৰিস্থিতিৰ গম ৰখাটো অতি প্রয়ােজনীয়। আমাৰ চৌপাশে কি ঘটি আছে সেই বিষয়ে সম্যক ধাৰণা নাথাকিলে কেতিয়াবা বিপদত পৰাটো তেনেই স্বাভাৱিক। বহুতেই হয়তাে নাজানে যে অসম আৰক্ষীয়ে ক'ৰনা বিৰােধী যুঁজখন কাৰ্যতঃ দেশত লকডাউন ঘোষণা কৰাৰ বহু পূৰ্বেই আৰম্ভ কৰিছিল। যেতিয়া ক'ৰনাই চীন দেশৰ য়ুহান চহৰত তাণ্ডৱ আৰম্ভ কৰিছিল, যেতিয়া অসমত ক'ৰনাক লৈ বিশেষ চৰ্চাই হােৱা নাছিল আৰু দেশতো এজনো ক'ৰনা আক্ৰান্ত চিনাক্ত হোৱা নাছিল, তেতিয়াই অসম আৰক্ষীয়ে চীন দেশৰ পৰা অহা তিনিজন লোকক আটক কৰি এই বিষয়ে চৰকাৰক অৱগত কৰিছিল। এই তিনিজনৰ ভিতৰত দুজন আছিল য়ুহানৰ আৰু এজন আছিল ছাংহাইৰ।  লোক তিনিজনক তেতিয়াই কোৱাৰেণ্টিনত ৰখাৰ ব্যৱস্থা কৰা হৈছিল। সেয়াই আছিল আৰম্ভণি।

ইয়াৰ পিছৰ পৰিস্থিতি সকলােৰে জ্ঞাত। লকডাউন সঠিকভাৱে ৰূপায়ণ হোৱাটো সুনিশ্চিত কৰিবলৈ সমস্ত আৰক্ষী বাহিনীটো দিনে নিশাই সস্ত্ৰম হৈ থাকিবলগীয়া হ'ল। সংক্ৰমণৰ ভয়ত সকলো মানুহ যেতিয়া ঘৰৰ ভিতৰত সােমাই পৰিল, তেতিয়া সেই সংক্ৰমণৰ ভয়লৈ পিঠি দি, মাৰাত্মক ক'ৰনাক প্ৰত্যাহ্বান জনাই আৰক্ষীৰ লােকসকলে ঘৰৰ বাহিৰহ পহৰা দি থাকিবলগীয়া হ'ল। একাংশ অবুজ মানুহে আৰক্ষীক আক্রমণৰ লক্ষ্য কৰিও ল'লে। 

কোৱাৰাণ্টাইন চেণ্টাৰত পহৰা দিয়া, বহিঃৰাজ্যত আৱদ্ধ লােকসকল ঘূৰি আহােতে আন্তঃৰাজিক সীমান্তত তেওঁলােকৰ সৈতে প্রথম মুখামুখি হৈ তেওঁলােকক কোৱাৰাণ্টাইনত পঠিওৱাৰ দিহা কৰা, ৰেল ষ্টেচন, বিমান বন্দৰ আদিত অনুৰূপ দায়িত্ব পালন কৰা, কভিড-১৯ ৰােগী চিনাক্ত হােৱা এলেকাত অৱৰুদ্ধ এলেকা হিচাপে গঢ়ি তােলা আদি বিভিন্ন কামত নিয়ােজিত আৰক্ষীৰ লোকসকলে যে এক সংক্রমণ প্রৱণ পৰিৱেশত কাম কৰি আছে সেই কথা সহজেই অনুমেয়। সমান্তৰালভাৱে আইন- শৃংখলা নিয়ন্ত্ৰণৰ নিয়মীয়া কামবােৰা কৰি যাবলগীয়া হােৱা আৰক্ষীৰ সু-স্বাস্থ্য অটুট ৰখাটোও যে অতি প্ৰয়োজনীয় সেই কথা উপলব্ধি কৰি আমি এই বিশেষ গুৰুত্ব আৰােপ কৰিছিলোঁ। ক'ৰনা  ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰক্ষীৰ লােক তথা তেওঁলােকৰ পৰিয়ালসমূহক বচাবলৈ আমি প্রাৰম্ভিক পর্যায়তে কেতবােৰ গুৰুত্ব পূর্ণ নীতি নির্দেশনা জাৰি কৰিছিলোঁ, যত সহজ-সৰল ভাষাত বিশদভাৱে, বিস্তাৰিত ভাৱে তেওঁলােকে কি কি সাৱধানতা অবলম্বন কৰিব লাগিব, সেয়া উল্লেখ আছিল। 

মই নিজে ৰাজ্যৰ বিভিন্ন গৈ আমাৰ আৰক্ষীৰ লোকসকলক মানসিক সাহস দিয়াৰ লগতে তেওঁলােকক ক'ৰনাৰ সংক্রমণ তথা ভয়াবহতা সন্দৰ্ভত সজাগ আৰু সচেতন কৰাৰ প্ৰয়াস কৰিছোঁ। প্রয়োজন নিম্নবর্গৰ কৰ্মচাৰীকো মবাইল ফোনত মেছেজ দি অথবা ফোন কৰি ল'বলগীয়া সাৱধানতাৰ বিষয়ে কৈছো। তদুপৰি, মাৰাত্মক ক'ৰনা ভাইৰাছৰ পৰা বাচিবলৈ ৰক্ষা কৱচৰ দৰে  যিবােৰ সামগ্ৰী ব্যৱহাৰ কৰিবলগীয়া হয়, সেই সামগ্ৰীসমূহাে পর্যাপ্ত পৰিমাণে যােগান ধৰা হৈছে। 

এই সামগ্ৰীসমূহৰ ভিতৰত চ'ডিয়াম হাইপ-ক্লৰাইট, স্প্ৰেয়িং মেচিন, ব্লিচিং পাউডাৰ, হেণ্ড মাস্ক, এন-৫ মাস্ক, হেণ্ড ৱাশ্ব, হেণ্ড ছেনিটাইজাৰ, ইনফ্রাৰেড থার্মোমিটাৰ, পি পি ই কিট, ফেচ ছীল মাস্ক আদি অন্যতম। ইমানৰ পিছতো যােৱা ২২ জুলাই পর্যন্ত আমাৰ ৰাজ্যখনত বিভিন্ন বৰ্গৰ মুঠ ৯৬৭ গৰাকী আৰক্ষীৰ লোক কভিড -১৯ত আক্রান্ত হ'বলগীয়া হৈছে। ইয়াৰে ৯৯ গৰাকী সুস্থ হৈ ঘৰলৈ উভতিহে আৰু অনাকাংক্ষিত ভারে এই পর্যন্ত দুগৰাকী সাহসী সহকর্মীক আমি চিৰদিনলৈ হেৰুৱাব লগা হৈছে। এই দুগৰাকী ক'ৰনা যোদ্ধাক আমি ছহিদ জ্ঞান কৰিছো। যিহেতু আৰক্ষীৰ লােক ক’ভিড আক্রান্ত হােৱাটো আমি কোনেও কামনা নকৰাঁ, তেনেস্থলত আঠশৰো অধিক আৰক্ষীৰ লােক ক'ভিড আক্রান্ত হােৱাটো আমাৰ বাবে কষ্টকৰ যদিও ইয়াক লৈ আচৰিত হ'বলগীয়া অথবা সাংঘাতিকভাৱে উদ্বিগ্ন হ'বলগীয়া একো নাই। 

কিয়নো আৰম্ভনিৰে পৰা আৰক্ষীৰ লােকসকলে বিভিন্ন সংক্রমণপ্ৰৱণ পৰিৱেশত নিষ্ঠাৰে কৰ্তব্য পালন কৰি আহিছে।  আৰু এইক্ষেত্ৰত প্ৰতিগৰাকী আৰক্ষীৰ লোক মানসিকভাৱে যথেষ্ট শক্তিশালী। আক্ৰান্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা থকাৰ পাছতো তেওঁলােকে অলপো আপোচ নকৰাকৈ আন্তৰিকতাৰে আৰু দায়িত্ব সহকাৰে কৰ্তব্য সম্পাদন কৰিছিল আৰু আক্ৰান্ত হবও পাৰে বুলি মনেৰে সাজু আছিল।

গুরুত্বর্ণ কথা এয়ে যে মূলতঃ অসম-পশ্চিমবংগ সীমান্তত থকা ধুবুৰী জিলাৰ ছাগলীয়া (বস্কিৰহাট) চেক গেট, কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰ চেক গেট, বিভিন্ন ৰে'লৱে ষ্টেচন আৰু বিমান বন্দৰত নিয়ােজ্জিত আৰক্ষীৰ লােকসকল তুলনামূলকভাৱে বেছিকৈ কভিড আক্রান্ত হৈছে। এনে পৰিৱেশত আমাৰ সকলোৰে লক্ষ্য আছিল, যিমান পাৰি আক্ৰান্তৰ সংখ্যা কম কৰা আৰু তাৰ বাবে প্রয়োজনীয় সাৱধানতাখিনি অৱলম্বন কৰা। কিয়নো, সৰ্বসাধাৰণে বিপদত পৰিলে যাক প্ৰথমেই মনত পেলাই সেই আৰক্ষীয়ে নিজৰ বিপদৰ পৰা চিন্তা কৰি দ্বায়িত্বৰ পৰা আঁতৰি থকা কথাটো আমি কল্পনাও কৰিব নােৱাৰে। এইক্ষেত্ৰত আমি ভালেখিনি সফল হৈছে বুলি ক'ব পাৰি। কিয়নাে, সমগ্র দেশৰ লগতে আমাৰ ৰাজ্যত লককাউন ঘােষণা কৰাৰ বহুদিন পিছলৈকে অসম আৰক্ষীয়ে, আৰম্ভণিৰে পৰা সংক্ৰমণপ্ৰৱণ পৰিৱেশত কর্তব্য সম্পাদন কৰি নিজকে সম্পূর্ণভাৱে চাই ৰাখিবলৈ সক্ষম হৈছিল। আৰক্ষীৰ লােকসকলৰ সেৱাৰ মনােভাৱ, অদম্য মনোবল, ৰোগ প্ৰতিৰােধৰ ক্ষমতা নাথাকিলে, তেওঁলােক সজাগ নহ'লে আৰু তেওঁলোকে প্রয়োজনীয় সাৱধানতা অৱলম্বন নকৰিলে সংখ্যা হয়তো আৰু অধিক হ'লহেঁতেল।

পৰিৱেশ আৰু পৰিস্থিতি সলনি হােৱাৰ লগে লগে 'আমাৰ কাম কলাৰ ধৰণ, নীতি-নির্দেশনা আদি সলনি হৈছে। অচিন শত্ৰুৰ সৈতে যুঁজ দিবলগীয়া হ'লে এনে হােৱাটো স্বাভাৱিক। আমি এতিয়াও সাৱধানেৰে প্রতিটো খোজ দিবলৈ যত্ন কৰিছোঁ। প্রতি জিলাৰ উপৰি প্রতি বেটেলিয়নতে আৰক্ষীৰ বাৰে কোৱাৰাণ্টাইন চেণ্টাৰৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে যােৱা ১৪ জুলাই মই মৰিগাঁও জিলাৰ বৰমণিপুৰত থকা যষ্ঠদশ অসম আৰক্ষী (আই আৰ} বেটেলিয়নৰ 'অধিনায়ক অৰ্ণৱ ডেকাই বিশেষ উদ্যোগ লৈ নির্মাণ কৰা এক 'অত্যাধুনিক “কভিডড কেয়াৰ চেণ্টাৰ”মুকলি কৰিছোঁ। 

কভিড আক্রান্ত আৰক্ষীৰ চিকিৎসা বাবেই এই ব্যৱস্থা কৰা হৈছে। ডেৰগাঁৱৰ আৰক্ষী প্রশিক্ষণ কেন্দ্রতো  অনুৰূপ “ক'ভিড কেয়াৰ চেণ্টাৰ" গঢ়ি তুলা হৈছে। এইক্ষেত্ৰত মাননীয় মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল ভাঙৰীয়াৰ সর্বতোপ্ৰকাৰৰ সহায়-সহাযােগিতাৰ লগতে মনীয় স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াৰ সহায়-সহযােগিতাই আমাক সাহস দিছে, সকাহ দিছে। আমাৰ অনুৰােধ ৰক্ষা কৰি স্বাস্থমন্ত্রী ডাঙৰীয়াই খানাপাৰা ক'ভিত কেয়াৰ চেণ্টাৰত আৰক্ষীৰ বাবে সুকীয়াকৈ ১২৫খন বিচনাৰ ব্যৱস্থা কৰি দিছে। মুঠতে ক'ভিডড আক্রান্ত আৰক্ষীৰ সু চিকিৎসা সুনিশ্চিত কৰাৰ বাবে আমি পার্যমানে সকলােখিনি কৰিছো। আক্রান্তসকলৰ লগতে তেওঁলােকৰ পৰিয়ালৰ সদসাসকলক মানসিকভাৱে সৱল কৰি থাৰ স্বাৰ্থত দিনে একাধিকবাৰ ফোন কৰি খা-খবৰ লােৱাৰো ব্যৱস্থা কৰা হৈছে। 

আলাবৈত একেদিনাই দহ হাজাৰ অসমীয়া সেৱা ৰণত পৰিছিল। এই ঘটনাই স্বাভাৱিকতে মর্মাহত কৰিছিল লাচিত বৰফুকনক। তেওঁ কৈছিল—“মােৰ একোটা সৈন্য একটি হাতী। তেনে দহ হাজাৰ সৈন্যক মই একেদিনাই হেৰুৱালো"। লাচিতক সাহস সি মহামন্ত্রী "আতন বুঢ়াগোহাঁয়ে কৈছিল—“বাৰীৰ চুকত পুখুৰী সিচোঁতেও আঠোটা-মহােটা মানুহক শিঙিয়ে বিন্ধে, এয়া ৰণহে হৈছে।” মহামন্ত্ৰীৰ এই কথাই আত্মবিশ্বাস ঘূৰাই আনিছিল লাচিত বৰফুকনৰ। পৰৱৰ্তী সময়ত কিদৰে লাচিত বৰফুকনৰ নেতৃত্ব শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ হাতত মােগল বাহিনীৰ শোচনীয় পৰাজয় হৈছিল, সেই কাহিনী ইতিহাসৰ পাতে পাতে আছে।

বিশ্বব্যাপি চলা, অচিন শত্ৰু ক'ৰনা বিৰােধী এই যুঁজত সন্মুখৰ শাৰীত থকা যােদ্ধা হিচাপে আৰক্ষীৰ কিছু লােক আক্রান্ত হােৱাটো স্বাভাবিক। পিছে ইয়াৰ বাবে আমি হতাশ হােৱাৰ, আত্মবিশ্বাস হেৰুৱাই পেলােৱাৰ কোনাে কাৰণ নাই। আমি সকলােৱে মনত ৰখা উচিত যে ইতিহাস প্রসিদ্ধ শৰাইঘাটৰ ৰণ আলবৈৰ ৰণৰ পিছত হৈছিল। ক'ৰনা  বিৰােধী এই যুঁজতো আমি জিকিম, ক'ৰনা হাৰিব। আমি সফল হ'মেই। আমি হম হমেই সফল...।
লেখক বৰ্তমানৰ অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান। লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। লেখকৰ অসমীয়াৰ সুখ-দুখত প্ৰকাশিত আন লেখা পঢ়িবৰ বাবে তলৰ সূত্ৰত ক্লিক কৰকঃ

No comments:

Post a Comment