মিচা ক'লে কি ডাল হব (হাস্য-ব্যংগ): ক'ৰোনাৰে চপাবইতো ধন? :: সুৰজিৎ নেওগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক'লে কি ডাল হব (হাস্য-ব্যংগ): ক'ৰোনাৰে চপাবইতো ধন?   :: সুৰজিৎ নেওগ

মিচা ক'লে কি ডাল হব (হাস্য-ব্যংগ): ক'ৰোনাৰে চপাবইতো ধন? :: সুৰজিৎ নেওগ

Share This
ক'ৰোনাৰে চপাবইতো ধন? 
সুৰজিৎ নেওগ

লেখাটোৰ আচল শিৰোনাম আছিল 'কথাত কটা যায় কথাত ডেচ ডেচ ডেচ !!' সম্পাদকেহে জোৰকৈ ওপৰৰটি দি দিছে। ফঁকৰাৰ সৈতে ৰজিতা খুৱাই। মানে সমস্যাক অপচুনিটিলৈ সলোৱাৰ মেজিকেল কথাৰ বাবে!


ৰাইজ, ভালকে মন কৰিব, "কৰ'না এখন নাটক" আৰু "কৰ'নাৰ নামত এখন নাটক" ... এই দুটা বাক্যৰ মাজত বহুত প্ৰভেদ... মানে প্ৰাৰ্থক্য... মানে ডিফাৰেঞ্চ... !! সাধাৰণ বুদ্ধিৰ মানে আমাৰ দৰে মানুহে এই প্ৰাৰ্থক্য ঠিকেই বুজে.. কিন্তু আমাতকৈ বহু বেছি তীক্ষ্ণ বুদ্ধিৰ মানুহে কিন্তু দুইটা কথাকে নিজৰ সুবিধা মতে একে কৰি জেলেপী বনাই টুপীৰে সৈতে সাধাৰণ বুদ্ধিৰ বা অলপ কম বুদ্ধিৰ বা মূৰ্খক পিন্ধাই দিয়ে...!!

আকৌ দুটা বাক্য লওক... "কৰ'না এক ব্যৱসায়" আৰু "কৰ'নাৰ নামত এক সাংঘাটিক ব্যৱসায়" ..... আপুনি কি ভাবে? এই দুই বাক্যৰ মাজত মিল নাই; মানে বহু প্ৰাৰ্থক্য নহয়জানো? কিন্তু এটা ক্ষুদ্ৰ ভাইৰাচৰ নামত কেনেকে ব্যৱসায় হ'ব... মিছা কথা... একেদৰেই এই ভাইৰাচটো খুদ ব্যৱসায়, সেইটো না না... হ'বই নোৱাৰে... বাৰু বাদ দিয়ক সেইবোৰ... এটা কথা ঠিক, এই অকনমানি চকুৰে নমনা ভাইৰাচটোৰ বাবে কিন্তু সমগ্ৰ পৃথিৱীতে প্ৰ্তিখনে দেশেই বহু লাখ কোটি টকা ইতিমধ্যে খৰচ কৰিছে আৰু তাতোধিক টকা ব্যয় কৰিব... এই টকাবোৰ ক'ত খৰচ হৈছে? দৰবত? নাহ... কিহত? মানুহক বিনামূলীয়া খোৱা যোগান ধৰাত?? হমমম ... মুঠ খৰচৰ ১% ও নহয়.. তেন্তে? 

এই যে সমগ্ৰ পথিৱীতে, আমাৰ দেশত আৰু আমাৰ ৰাজ্যত চিকিৎসালয়বোৰ কভিড চিকিৎসাৰ বাবে কৰিছে, বহু শ হাজাৰ 'কোৱাৰেন্টাইন চেন্টাৰ' পাতিছে, সেইবোৰত খৰচ হোৱা নাই জানো? সেইবোৰ কোনে সাজিছে? সেইবোৰত যে পূৱা গধূলী খোৱাৰ যোগান ধৰিছে (এদিনত এজনৰ বাবে বোলে ৬০০ টকা মান) সেইবোৰত খৰচ হোৱা নাই নে? খোৱা, পানী, বিজুলী আৰু আন সামগ্ৰীৰ বাবে চৰকাৰে এইবোৰ কামত কিছু "চাৰ্ভিচ প্ৰ্ভাইডাৰৰ" (আমাৰ ভাষাত ঠিকাদাৰ) সহায় লৈছে.... প্ৰ্থমতে বেমাৰ ভাল কৰিব লাগে, হিচাব নিকাচ পিছত হ'ব... পিপিই কিট, টেষ্টিং কিট কিনিব লগীয়া হৈছে... সেইবোৰৰ খৰচ? উপায় আছে জানো এইবোৰ নকৰাকৈ থকাৰ!! 

আচলতে কি জানে? এই চেন্টাৰবোৰত, বা চিকিৎসালয়বোৰত যিমান বেছি কভিড ৰোগী থাকিব সিমান বেছি খৰচ চৰকাৰে কৰিব লাগিব... আৰু সিমান বেছি বস্তুৰ যোগান ঠিকাদাৰে দিব লাগিব... এতিয়া অতিমাৰিৰ সময়ত আমি প্ৰ্শ্ন কৰিব নালাগে যে!! ধৰক এজন মানুহৰ নামত আচলতে দৈনিক ৬০০ টকা খৰচ হৈছে নে? যেনে ধৰণৰ খোৱা দিব লাগিছিল তেনে খোৱা পাইছে নে? এইবোৰ আচলতে অবান্তৰ প্ৰ্শ্ন... আপোনাৰ বেমাৰ হৈছে, চৰকাৰি খৰচত আপোনাক ফ্ৰীতে খোৱা দিছে, গতিকে আপোনাক উৰহী গছৰ ওৰটো বিচাৰিবলে কোনে কৈছে?? হয়নে? হয়.. একদম পাক্কা হয়... 

বাৰু সেইবোৰো বাদ... এইযে ঠিকাদাৰ সকল, যি এই মহামাৰিৰ সময়ত আৰ্তজনক খোৱা, শোৱাৰ ব্যৱস্থা কৰি দিছে, তেওঁলোক কোন? সেইবোৰ অবান্তৰ প্ৰ্শ্ন আচলতে.. আপুনি মই সেইবোৰ চিন্তা নকৰো। এইবোৰ আমাৰ নিজৰে মানুহ... এতিয়া তেওঁলোকে আমাক সহায় কৰিছে, ২০২১ ৰ পিছত আমি তেওঁলোকক সহায় কৰিম... এতিয়াও কৰি আছো... যি কি নহওক, ইমান লাখ কোটি টকা খৰচ হৈ আছে... চীনে তৈয়াৰ কৰা পিপিই কিট আমি কিনি আছো... কোনোৱে লোকচানত ব্যৱসায় নিশ্চয় কৰা নাই.... চিকিৎসা সামগ্ৰী ক্ৰ্যয়, আন আনুসংগিক খৰচ, ৰোগীৰ থকা-খোৱাৰ ব্যয় এইবোৰত অলপ ইফাল সিফাল হ'বই... সেইটোকে ইমান তাল ফাল লগাবলে কি হ'ল...?? সেইবুলি "কৰ'না এক ব্যৱসায়" নিশ্চয় নহয়... অ' আপুনি এনেই ধেমালীতে ক'ব পাৰে "কৰ'নাৰ নামত এক সাংঘাটিক ব্যৱসায়"... আৰে বাবা, এইযে লকডাউনৰ সময়ত বয়-বস্তুৰ দাম ইমান বাঢ়ে, সেয়াও দেখোন এক ব্যৱসায়... কিন্তু সেইবুলি আপুনি লকডাউনক ব্যৱসায় বুলি ক'ব নেকি? সেইটো আপোনাৰ কথা ... ক'বও পাৰে... আপুনি আপোনাৰ যুক্তিৰ খাতিৰত ক'ব যে লকডাউন দিলে বেপাৰি বোৰে বয়বস্তুৰ দাম বঢ়াই সাংঘাটিক ব্যৱসায় কৰে। আৰে, বেপাৰীয়ে বেপাৰ কৰি যিমান পাৰে টকা ঘটিবলৈ চেষ্টা কৰিবই... কিন্তু এই বেপাৰীবোৰেও টো ২০২১ ৰ মাৰ্চ মাহৰ আগে আগে কিমান দান - দক্ষিনা দিব লাগিব, আপুনি ভাবিছেনে? এনেই কৰ'নাৰ নামত বেপাৰ মন্দা, গতিকে লকডাউনৰ ফাঁকে ফাঁকে দুই তিনিগুণ ঘটি ল'বই লাগিব নহয়... সেইবুলি আপুনি লকডাউনক ব্যৱসায় বুলি ক'ব নেকি?? নাপায় এনেকে ক'ব... 

বাৰু এইখন ৰামায়নৰ শেষ কেতিয়াও নহয়। আৰু এটা কথা মনত ৰাখিব দেই.. আমাৰ দেশত প্ৰ্তি বছৰে পথ-দুৰ্ঘটনাত ২ লাখ মানুহৰ মৃত্যু হয়, ১২ লাখ মানুহ সাপে খুটি মাৰে, প্ৰ্তিদিনে ১৩০০ মানুহ কেঞ্চাৰত মৃত্যু হয়.. আমাৰ অসমতে প্ৰ্তি লাখৰ ভিতৰত ২১২ গৰাকী প্ৰসুতিৰ মৃত্যু হয়, প্ৰ্তিবছৰে ১০ লাখ মধুমেহ ৰোগীৰ মৃত্যু হয় আমাৰ দেশত ... আচলতে কি জানে? কৰ'নাৰ তূলনাত এইবোৰ আচলতে ৰোগেই নহয়... আমি আজিকালি তেনেকৈ ভাবিবলৈ লৈছো... আপুনিও ভাবক... কাৰণ আপোনাক বা মোক মানে সাধাৰণ বুদ্ধিৰ মানুহক তেনেকৈ ভাবিবলৈ শিকোৱা হৈছে... যেনেকৈ এটা বিশেষ টিভি চেনেলে সাম্প্ৰতিক গণ সংক্রমনৰ সময়তো "ট্ৰেভেল হিষ্টৰী" বিচাৰি ফুৰে... কিয়? মোক নোসোধিব....!! 

বাদ দিয়ক সেইবোৰ... ব্যৱসায় বাণিজ্য চলিয়েই থাকিব... চলাওঁতাই তেনেকৈ আপোনাৰ মোৰ চকুৰ অগতে বেপাৰ কৰি থাকিব... আপুনি চকু মুদি থাকক... বিন্দাচ ঘৰতে সোমাই থাকক... নহলে দুদিনমান 'চেন্টাৰত' থাকি যাওক... ৬০০ টকীয়া খানাৰ সোৱাদকনকে কমচেকম ল'ব পাৰিব...!! মুঠতে বিন্দাচ থাকক... মনত ৰাখিব কৰ'ণাৰ যুজ ২০২১ ৰ মাজলৈ শেষ নহয়... ভেকচিন ওলালেও পৃথিৱীৰ ৭৫০ কোটি মানুহক দিবলে কিমান ৰাজহ লাগিব, সময় লাগিব আপুনি এনেই অংক এটা কৰি চাব পাৰে, সময় বাগৰাবলৈ। এই যুজ বাগৰৰ মাজতে নিৰ্বাচনো হ'ব.. কোনোবা জিকিব কোনোবা হাৰিব... ব্যৱসায় চলি থাকিব। আপোনাৰ আৰু মোৰ ক'ৰনাৰ সৈতে সহাৱস্থান কৰাৰ বাদে উপায় নাই। ইতিমধ্যে হেণ্ড চেনিটাইজাৰৰ GST ১২% ৰ পৰা ১৮% বঢ়োৱা হৈছে... গতিকে বুজিছেই নহয়... চ' বিন্দাচ !! মিচা ক'লে কি ডাল হবহে....
লেখকৰ আনবোৰ প্ৰকাশিত লেখা পঢ়িবলৈ ক্লিক কৰকঃ https://www.xukhdukh.com/search/label/SURAJIT-NEOG
মিচা ক'লে কি ডাল হব শিতানৰ আন লেখাৰ বাবে ক্লিক কৰকঃ

No comments:

Post a Comment