শাঁখা-সেন্দূৰঃ অৰ্ধ-সত্যৰে বিতৰ্ক সৃষ্টি কৰা উচিত নে?
ৰঞ্জুমণি মহন্ত
যোৱা ১৯ জুন, ২০২০ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিবাহ সংক্ৰান্তীয় (বিবাহ বিচ্ছেদ গোচৰ) আপীল এটাত মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ দ্বাৰা গঠিত খণ্ডবিচাৰপীঠে ৰায় দান কৰি আপীলকাৰী স্বামীজনক তেওঁৰ আৱেদন অনুসৰি বিবাহ বিচ্ছেদ মঞ্জুৰ কৰে। ন্যায়ালয়ে ৰায়দান কৰাৰ লগে বিভিন্ন বাতৰিকাকত, নিউজ প’ৰ্টেল আদিত এই ৰায়দানৰ বাতৰিটো ব্ৰেকিং নিউজ হিচাপে প্ৰকাশ পায় আৰু লগে লগে ছ’চিয়েল মিডিয়াত বিতৰ্কৰ জোৱাৰ উঠে।
কিন্তু দুখ আৰু পৰিতাপৰ কথা যে কেইবাখনো আগশাৰীৰ বাতৰিকাকত আৰু নিউজ্ প’ৰ্টেলত ৰায়টোৰ বিষয়ে পৰিৱেশন কৰা বাতৰি আৰু তাৰ শিৰোনাম পঢ়িলেই এইটো স্পষ্টকৈ বুজিব পাৰি যে হয়তো সংবাদদাতাজনে সম্পূৰ্ণ ৰায়টো নপঢ়াকৈ নগৈ গড়গাওঁৰ বাতৰি দিছে আৰু নহ’লে পঢ়ুৱৈক আকৰ্ষণ কৰিবৰ বাবে উদ্দেশ্য প্ৰণোদিতভাৱে ৰায়টোৰ মাজৰ এটা বাক্য তুলি আনি কিছু মা-মছলা সানি পৰিৱেশন কৰিছে। আৰু এগৰাকী আইনজীৱি হিচাপে অত্যন্ত ব্যথিত হৈছোঁ যে বাতৰিকাকতত প্ৰকাশিত এনে অৰ্ধসত্য বাতৰি পঢ়িয়েই উৰহী গছৰ ওৰ নোপোৱাকৈয়ে বহুতে উচ্চ ন্যায়ালয়ক সমালোচনা কৰাৰ লগতে ‘মনুবাদী’, ‘পুৰুষতন্ত্ৰৰ বাহক’ হিচাপেও অভিহিত কৰিছে। ছ’চিয়েল মিডিয়াত হকে-বিহকে ট্ৰ’ল কৰাত অভ্যস্ত ৰাইজে এইবাৰ ন্যায়-ব্যৱস্থাটোকো ট্ৰ’ল কৰাত ব্যস্ত হৈ পৰিল।
বিতৰ্কিত ৰায়টোৰ যিটো বাক্যক লৈ ছ’চিয়েল মিডিয়াৰ উপৰি ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমতো আলোচনা হৈছে, সেই বাক্যটো হৈছে – “A lady who has entered into marriage according to Hindu rituals and customs, and which has not been denied buy the respondent(The lady in this case) in her evidence, her refusal to wear sakha and sindoor will project her to be unmarried and/or signify her refusal to accept her marriage with the appellant”. বাৰ পৃষ্ঠাজোৰা ৰায়টোত আলোচনা কৰা সাক্ষ্যসমূহ, সেই বিশেষ গোচৰটোৰ অন্তৰালৰ পৰিৱেশ-পৰিস্থিতি – এই সকলোখিনি একাষৰীয়াকৈ থৈ, এটা মাত্ৰ বাক্য ৰায়টোৰ মাজৰপৰা তুলি আনি তাৰ অপব্যাখ্যা আগবঢ়াই জনসাধাৰণক বিপথে পৰিচালিত কৰাটো কিমান দূৰ সমীচীন হৈছে, এয়া বুজিবলৈ হ’লে আমি প্ৰথমেই জানিব লাগিব গোচৰটোনো কি? ৰায়টো সম্পূৰ্ণকৈ পঢ়িলেই আমি এই কথাও জানিবলৈ সক্ষম হ’ম।
স্বামীজনৰ গোচৰটো হৈছে যে ২০১২ চনতে বিবাহপাশত আবদ্ধ হোৱা পতি-পত্নীহালৰ পত্নীগৰাকীয়ে বিবাহৰ কেইমাহমানৰ পাছৰে পৰাই স্বামীৰ পৰিয়ালৰ লগত থাকিবলৈ অমান্তি হৈ বেলেগে থাকিবৰ বাবে স্বামীক হেঁচা দিছিল আৰু সেইমতে কৰ্মসূত্ৰে বৰডুবিত থকা ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড্ (BCPL)-ৰ ঠিকাভিত্তিক বনুৱা স্বামীয়ে কিছুদিন নিজৰ কৰ্মস্থলীৰ ওচৰতে ঘৰ ভাড়ালৈ লৈ বেলেগে ৰাখিছিল যদিও কামৰ ম্যাদ শেষ হোৱাত দুৰ্বল আৰ্থিক অৱস্থাৰ বাবে পুনৰ ডিগবৈস্থিত ঘৰলৈ ঘূৰি যাব লগা হয়। ইয়াৰ কিছুদিন পাছতে পত্নীগৰাকীয়ে নিজ মাতৃৰ ঘৰলৈ কিছুদিনৰ বাবে থকাকৈ যাওঁ বুলি স্বামীগৃহত কৈ গৈ পাছত স্বামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ৪৯৮(A) ধাৰাৰ অধীনত এটা গোচৰ তৰিছিল, যাৰ বাবে তেওঁলোকে আগতীয়া জামিন (Anticipatory Bail) পৰ্যন্ত ল’বলৈ বাধ্য হৈছিল। পাছত অৱশ্যে গোচৰটো আদলতে খাৰিজ কৰে আৰু তেওঁলোক দোষমুক্ত হয়। এনে ধৰণৰ মিছা অভিযোগৰ ফলত মানসিকভাৱে নিৰ্যাতিত পুৰুষজনে ডিব্ৰুগড় জিলা ন্যায়াধীশৰ আদালতত বিবাহ বিচ্ছেদ বিচাৰি আৱেদন কৰিছিল, যিখন আৱেদন ডিব্ৰুগড় জিলা ন্যায়াধীশৰ আদালতে খাৰিজ(dismiss) কৰে। ফলস্বৰূপে পুৰুষজনে বিবাহ বিচ্ছেদ পাবলৈ সক্ষম নহ’ল। ডিব্ৰুগড় জিলা ন্যায়াধীশৰ উক্ত ৰায়ৰ বিৰুদ্ধে পুৰুষজনে উচ্চ ন্যায়ালয়ত আপীল কৰে। আনহাতে পত্নীগৰাকীৰ কথা হৈছে- তেওঁ স্বামীৰ পৰিয়ালৰ লগত নাথাকে, কাৰণ স্বামীগৃহত তেওঁক বিভিন্ন ধৰণৰ শাৰীৰিক-মানসিক নিৰ্যাতন কৰা হয়। তদুপৰি স্বামীক বিবাহ বিেচ্ছদ দিবলৈ তেওঁৰ আপত্তি আছে। কাৰণ তেওঁ বিচাৰে হয় স্বামী তেওঁৰ লগত ডিব্ৰুগডত থাকিবহি লাগিব নহয় তেওঁ দাবী কৰা পৰিমাণৰ টকা স্বামীয়ে আদায় দিব লাগিব। উল্লেখযোগ্য যে বিয়াৰ প্ৰায় ওঠৰ মাহমানৰ পাছৰেপৰা তেওঁ স্বামীৰ লগত নাই। গতিকে এইক্ষেত্ৰত এই আপীলটোত ন্যায়ালয়ে সিদ্ধান্ত ল’ব লগা মূল কাৰণ বিষয়(Issue) আছিল দুটা। প্ৰথমটো আছিল –স্বামীজনক পত্নীয়ে ‘নিষ্ঠুৰ’(Cruelty) ব্যৱহাৰ কৰাৰ লগতে তেওঁক ‘পৰিত্যাগ’ (desertion) কৰিছিল নেকি? আৰু দ্বিতীয়টো আছিল আপীলকাৰী অৰ্থাৎ স্বামীজন বিবাহ বিচ্ছেদ পাবৰ বাবে যোগ্য নে? জিলা ন্যায়াধীশৰ আদালতত চলা মূল গোচৰত উভয়পক্ষই দিয়া সাক্ষ্য চালি-জাৰি চোৱাৰ পাছত দেখা যায় যে পুৰুষজনে তেওঁৰ সাক্ষ্যত উল্লেখ কৰিছিল যে তেওঁৰ পত্নীয়ে তেওঁক স্বামী বুলি স্বীকাৰ নকৰে আৰু সেই বাবে তেওঁ ‘শাঁখা- সেন্দূৰ’ নিপিন্ধে। আৰু পুৰুষজনৰ এই দাবীক পত্নীগৰাকীয়ে গোচৰটোত কেতিয়াও অস্বীকাৰ কৰাতো নাছিলেই বৰঞ্চ আদালতত দিয়া তেওঁৰ সাক্ষ্যত স্পষ্টকৈ কৈছিলহে যে তেওঁ, তেওঁৰ স্বামীৰ লগত আৰু একেলগে থাকিব নোখোজে বা স্বামীৰ সৈতে কোনো ধৰণৰ বুজাবুজিলৈ আহিবলৈয়ো তেওঁ সন্মত নহয়। তদুপৰি পত্নীগৰাকীয়ে তেওঁৰ সাক্ষ্যত এইবুলিও স্পষ্টকৈ কৈছিল যে তেওঁ ‘শাঁখা- সেন্দূৰ’ নিপিন্ধে, কাৰণ বৰ্তমান তেওঁ বাদীক অৰ্থাৎ পুৰুষজনক স্বামী হিচাপে স্বীকাৰ নকৰে। গতিকে পত্নীগৰাকীৰ সাক্ষ্যৰ পৰাই স্পষ্ট হৈ পৰিছে যে তেওঁ এই বিবাহ-বন্ধন ধৰি ৰাখিবলৈ ইচ্ছুক নহয়। এইখিনিতে উল্লেখ কৰিব খুজিছোঁ যে চুপ্ৰিম ক’ৰ্টৰ এক ৰায় অনুসৰি কোনো পত্নীয়ে স্বামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে দিয়া যিকোনো ফৌজদাৰী গোচৰ যদি আদালতে খাৰিজ কৰে বা নাকচ কৰে, তেন্তে পত্নীৰ সেই কাৰ্য স্বামীৰ প্ৰতি এক ‘নিষ্ঠুৰতা’ (Cruelty) বুলি গণ্য কৰা হ’ব আৰু উল্লেখযোগ্য যে ‘নিষ্ঠুৰতা’ হৈছে বিবাহ বিচ্ছেদৰ এক অন্যতম কাৰণ। গতিকে প্ৰকৃত ঘটনা-পৰিস্থিতি(facts and circumstances)আৰু সাক্ষ্য-প্ৰমাণ বিবেচনা কৰাৰ অন্তত উচ্চন্যায়ালয়ে পুৰুষজনৰ প্ৰতি পত্নীগৰাকীৰ ‘নিষ্ঠুৰতা’ প্ৰমাণিত হোৱাত আপীল মঞ্জুৰ অৰ্থাৎ বিবাহ-বিচ্ছেদ মঞ্জুৰ কৰে। ৰায়টোৰ ক’তো এই কথা উল্লেখ নাই যে বিবাহিতা হিন্দু মহিলাই শাঁখা-সেন্দূৰ পিন্ধাটো বাধ্যতামূলক। তদুপৰি ৰায়টোত উল্লেখ থকা শাঁখা-সেন্দূৰ সম্পৰ্কীয়া কথাখিনি, এই বিশেষ গোচৰটোৰ মূল ‘সমস্যা’-ৰ (Issue) সম্পৰ্কত ন্যায়ালয়ে কৰা পৰ্যবেক্ষণহে। ই কোনো নিৰ্দেশ নহয়। আগলৈ এই ৰায় ‘নজিৰ’(Precedent) হৈ পৰিব বুলি বহুতে যি আশংকা প্ৰকাশ কৰিছে, সেয়া সম্পূৰ্ণ অমূলক। কাৰণ প্ৰতিটো ৰায়, সেই নিৰ্দিষ্ট গোচৰটোতহে প্ৰযোজ্য। একে বিষয়ৰে সকলো গোচৰৰ বাবে প্ৰযোজ্য নহয়।
গতিকে পত্নীগৰাকীয়ে স্বামীক ‘পৰিত্যাগ’ কৰা আৰু স্বামীৰ প্ৰতি কৰা ‘নিষ্ঠুৰ’ ব্যৱহাৰ কৰাৰ বাবেহে ন্যায়ালয়ে স্বামীজনক বিবাহ-বিচ্ছেদ মঞ্জুৰ কৰিছে। পত্নীয়ে ‘শাঁখা-সেন্দূৰ নিপিন্ধাৰ বাবে’ স্বামীজনক বিবাহ-বিচ্ছেদ মঞ্জুৰ কৰা কথাটো সত্য নহয়। এনেদৰে উদ্দেশ্যপ্ৰণোদিতভাৱে, মাথোঁ পঢ়ুৱৈক আকৰ্ষিত কৰিবৰ বাবেই এটা মাত্ৰ বাক্যৰ ভিত্তিত মচলাযুক্ত বাতৰি পৰিৱেশন কৰাৰ ফলত সমাজলৈ ভুল বাৰ্তা প্ৰেৰিত হ’ব, যিটো গৰ্হিতই নহয়, নিন্দনীয়ও।
লেখাটি দৈনিক জনমভূমি কাকততো প্ৰকাশ পাইছে। লেখিকা যোৰহাটৰ এগৰাকী অধিবক্তা তথা 'অন্যযুগ' আলোচনীৰ কাৰ্যবাহী সম্পাদক।
No comments:
Post a Comment