চিন্তনঃ লোকেলৰ বাবে ভোকেল আৰু উৎপাদনশীলতাৰ প্ৰশ্নবোৰ ::ইন্দ্ৰজিত বৰা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
চিন্তনঃ লোকেলৰ বাবে ভোকেল আৰু উৎপাদনশীলতাৰ প্ৰশ্নবোৰ  ::ইন্দ্ৰজিত বৰা

চিন্তনঃ লোকেলৰ বাবে ভোকেল আৰু উৎপাদনশীলতাৰ প্ৰশ্নবোৰ ::ইন্দ্ৰজিত বৰা

Share This
লোকেলৰ বাবে ভোকেল আৰু উৎপাদনশীলতাৰ প্ৰশ্নবোৰ
ইন্দ্ৰজিত বৰা 
ক’ৰনাই সৃষ্টি কৰা অৰ্থনৈতিক সংকটে লোকেল নামৰ অভিধাটো যথেষ্ট মৌখিক কৰি পেলাইছে । এই লোকেলৰ বস্তুগত ইতিহাস কি? জাতীয় বীৰ স্বৰূপ দুজনমান লোকেল বা দেশীয় উৎপাদনকাৰীয়েই লোকেল নে ক্ষুদ্ৰ ক্ষুদ্ৰ অলেখ উৎপাদনকাৰীৰ সন্মিলনহে আচলতে লোকেল । এই লোকেলৰ আচলতে সংজ্ঞাটো কি ? মহাদেশ, দেশ, ৰাজ্য অথবা অঞ্চল - কি সাপেক্ষে লোকেল ?

আচলতে লোকেল মানে হ’ল ক্ষুদ্ৰ উৎপাদন যাৰ বিস্তৃতি লোকেল। মন কৰিবলগীয়া যে ক্ষুদ্ৰ উৎপাদনৰ বিকাশ জমাৰে নহয় সংখ্যাবৃদ্ধিৰেহে হয় । সেয়ে বৃহৎ পুঁজিৰ বাবে ই এক ডাঙৰ ভাবুকি ।
নব্বৈৰ দশকত আৰম্ভ কৰা নব্য উদাৰতাবাদী অৰ্থনৈতিক সংস্কাৰ কিন্তু সম্পূৰ্ণ ওলোটাহে আছিল । লোকেল হৈ টিকি থাকিবলৈ দিগদাৰ হ’ব বুলিহে আমি নিজকে অৰ্পণ কৰাৰ প্ৰক্ৰিয়াটো বাধ্যবাধকৰ হিচাবে আৰম্ভ কৰা হৈছিল । তেন্তে এই লোকেল নামৰ মৌখিক অভিধাটো পৰিস্থিতি সাপেক্ষ । সংকটকালত বৃহৎ পুঁজিৰ উৎপাদন যেতিয়া উপভোক্তাসকলৰ মাজত গৈ নাপায়গৈ, তেতিয়াহে লোকেলটো মৌখিক হৈ পৰে নেকি ? বাকী সময়ত লোকেল ক্ষুদ্ৰ উৎপাদনকাৰীয়ে কি কৰিব লাগিব ? বাকী সময়ত তেওঁলোকক অদক্ষতাৰ আওতাৰে থকাসৰকা কৰা হয় । কাৰণ এই ক্ষুদ্ৰ ক্ষুদ্ৰ অদক্ষতাবোৰক আমি সম্পদৰ অপচয়ৰ বুলি ভাবোঁ আৰু তেনেবোৰ লগলাগিয়েই পোনপটীয়াকৈ সমষ্টিগত অৰ্থনীতি হয় বুলি ভ্ৰম এটা পুহি ৰাখোঁ । পিছে এই অদক্ষতাৰ মাপকাঠি সদায় বিত্তীয়, যি সমষ্টিগত অৰ্থনীতিৰ প্ৰকৃত চিত্ৰ কাহানিও দাঙি ধৰিব নোৱাৰে । অন্যহাতেদি তেনে তথাকথিত অদক্ষতাৰ লগত জৰিত ক্ষুদ্ৰ উৎপাদন বন্ধ কৰাৰ কথাহে মৌখিক হৈ পৰে । কিন্তু তাৰ লগত জৰিত সকলৰ বাবে কিবা দক্ষতাপূৰ্ণ বিকল্প আমি দিব বিচাৰোঁ নেকি ? তেনে কোনো সংকেত পোৱা নাযায় । তেন্তে দক্ষতাৰ দোহাই দি নিবনুৱাৰ সৃষ্টি কৰি আমি কাৰ কাৰনে দক্ষতাতন্ত্ৰ নিৰ্মান কৰিব বিচাৰোঁ । নিশ্চয় মানুহৰ কাৰণে নহয় ।

অলপ গমি চালে দেখা যাব যে বনুৱাৰ নিম্ন উৎপাদনশীলতাই এই অদক্ষতাৰ কাৰণ আৰু বনুৱাৰ নিম্ন উৎপাদনশীলতা প্ৰযুক্তিৰ ব্যৱহাৰ আৰু পুঁজিৰ প্ৰাবল্যতাৰ ওপৰত নিৰ্ভৰ কৰে যিটো প্ৰকৃততে বনুৱাৰ নহয় উৎপাদন প্ৰক্ৰিয়া অৰ্থাৎ পুঁজিৰ বিনিয়োগৰহে নিৰ্ণায়ক ৰাশি । এটা বিশেষ খণ্ডত বৃহৎ উৎপাদনৰ মুনাফাই হ’ল প্ৰকৃততে বনুৱাৰ উৎপাদনশীলতা যিটো বনুৱাৰ ব্যক্তিগত দক্ষতা প্ৰকৃততে নহয় । গতিকে তেনে তথাকথিত উৎপাদনশীলতাই প্ৰকৃততে বনুৱাক নিৰ্বাহক পৰ্যায়লৈহে ঠেলি দিয়ে। 

সংকটৰ সময়ত ট্ৰিক’ল ডাউন জাতীয় ভ্ৰমে সংকট দীৰ্ঘস্থায়ীহে কৰিব । ট্ৰিক’ল ডাউনত পতিয়ন যাবলৈ আমাৰ মনোজগতখন গণমুখী চিন্তাৰ পৰা আঁতৰাই ৰখাৰ সকলো ব্যৱস্থা হয়তো নিৰ্বাচনী ৰাজনীতিয়ে কৰিব ।

গতিকে ক্ষুদ্ৰ উদ্যোগৰ নিৰাপত্তা মানেই বৃহৎ সংখ্যক উদ্যমী আৰু বনুৱাৰ নিৰাপত্তা যিটো সৰ্বকালৰ প্ৰয়োজন । ই কেৱল অৰ্থনৈতিক সংকটৰ সময়ৰ প্ৰয়োজন নহয় । অন্যহাতেদি অৰ্থনৈতিক সংকটৰ সময়ত লোকেলটো মৌখিক সংকল্প হৈ নাথাকে, ই মানুহৰ নিৰ্বাহক জীৱনৰ এক স্বতঃস্ফূৰ্ত প্ৰয়োজন । বজাৰৰ বন্যতাৰ শীৰ্ষত এই লোকেল মৌখিকটো কেতিয়াও শুনা নাযায় । বৰঞ্চ, তেতিয়া লোকেল অদক্ষ, নিম্ন উৎপাদনশীল আৰু সম্পদৰ অপচয় জাতীয় বৃহৎ পুঁজিৰ নব্য-উদাৰতাবাদী স্তুতিয়েহে আকাশ পাতাল ৰজনজনাই থাকে । কিহৰ সম্পদ বাৰু সেয়া ? বিত্তীয় পুঁজি ভ্ৰমেৰে সৰ্বগুনাকৰ । সেয়া আচল সম্পদ নহয়, সম্পদৰ একচেটিয়া নিয়ন্ত্ৰণৰ মাধ্যমহে । সেয়ে ক্ষুদ্ৰ উদ্যোগৰ নিৰাপত্তা সৰ্বকালে বৰ্তাই ৰখাৰ নীতি নিৰ্দেশনাহে মানুহক লাগে ।

নব্য-উদাৰতাবাদী ৰচনাতন্ত্ৰত ক্ষুদ্ৰ উৎপাদনৰ দক্ষতা অপ্ৰকাশিত হৈ ৰয় ৷ ক্ষুদ্ৰ উৎপাদন খণ্ডটো প্ৰধানকৈ অসংগঠিত আৰু দেশৰ প্ৰায় আশী শতাংশ শ্ৰমজীৱি এই খণ্ডটোৰ লগত জৰিত ৷ বনুৱা উৎপাদনশীলতাৰ দোহাই দি এই খণ্ডটোক নব্য-উদাৰতাবাদী পণ্ডিতসকলে দক্ষতাহীন বুলি নিঃশেষ কৰিব বিচাৰে ৷ অৰ্থাৎ স্পষ্টকৈ ক’বলৈ গ’লে দেশৰ গৰিষ্ঠ সংখ্যকৰ দিন-মজুৰি কাঢ়ি ল’ব বিচাৰে ৷ আমি ভালকৈ জানো যে এই ’বনুৱাৰ উৎপাদনশীলতা’ নামৰ মাপকাঠিটো বনুৱাৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ নকৰে, প্ৰযুক্তিৰ প্ৰয়োগৰ ওপৰতহে নিৰ্ভৰ কৰে ৷ এই উৎপাদনশীলতা বৃদ্ধিয়ে প্ৰতিষ্ঠানটোৰ মুনাফা অৰ্জনৰ দক্ষতাকহে প্ৰতিপন্ন কৰে ৷ অৰ্থাৎ, বৃহৎ উৎপাদনৰ আগ্ৰাসনত নিঃশেষ হৈ যোৱা ক্ষুদ্ৰ উৎপাদন খণ্ডৰ শ্ৰমিকসকলৰ মজুৰিখিনি প্ৰতিষ্ঠানটোৰ মুনাফাৰ এক অংশ হৈ পৰে ৷

এটা উদাহৰণ দিব বিচাৰিম ৷ এপল (Apple) ৰ দৰে বিশাল এটা বহুজাতিক প্ৰতিষ্ঠানৰ বিক্ৰীৰ পাছৰ গ্ৰাহক সেৱাৰ দাম মোবাইলটোৰ দামৰ দৰে অত্যন্ত বেচি ৷ এইটো স্পষ্ট যে এই বৰ্ধিত দামৰ এক বৃহৎ অংশ হ’ল নতুনত্ব অথবা বিশেষত্বৰ স্বত্তাধীকাৰী হিচাবে নিৰ্ণয় কৰা ব্ৰেণ্ড নামটোৰ ভাড়া ৷ যিকোনো বস্তু অথবা সেৱাৰ দামত সন্নিৱিষ্ট হৈ থকা মূল্যৰ ভিতৰত যদি গোটেই যোগান শৃংখলৰ এক বৃহৎ অংশ ভাড়া হয় সেয়া পুঁজিবাদৰ বাবেও মুঠেই শুভ লক্ষণ নহয় ৷ কাৰণ ই একচেটিয়া জমা প্ৰক্ৰিয়াকহে ত্বৰাম্বিত কৰে ৷ 

এপলৰ সংগঠিত বজাৰখনৰ সীমান্তত এটা বৃহৎ অসংগঠিত সেৱাখণ্ড আছে ৷ অপলৰ সংগঠিত সেৱাত যাৰ দাম হয়তো চল্লিশ হেজাৰ টকা, সেয়া অসংগঠিত খণ্ডত কেৱল দহ হেজাৰ টকাতে একে মানৰ কাম সম্ভৱ ৷ এই দহ হেজাৰৰ ভিতৰত টেকনিচিয়ানৰ মজুৰিৰ বাহিৰেও অন্যান্য দৈনিক খৰচৰ লগতে মুনাফাও আছে ৷ তেন্তে এপলে অৰ্জন কৰি থকা মুনাফাৰ পৰিমান সহজেই অনুমান কৰিব পাৰি ৷ এই অসংগঠিত থণ্ডৰ সেৱাবোৰ বানিজ্যিক দৃষ্টিকোনৰ পৰা হয়তো সেয়ে আইনৰো উলংঘন ৷ ওপৰত উল্লেখ কৰা মুনাফাৰ হাৰত ই এপলৰ বাবে এক বৃহৎ মুনাফাৰ অংশ ৷ 

কিন্তু অধিক খৰচি আৰু অধিক মুনাফাৰ এপলৰ সংগঠিত খণ্ডৰ তুলনাত কম খৰচি আৰু কম মুনাফাৰ অসংগঠিত খণ্ডত বহুগুণ অধিক শ্ৰমজীৱি টেকনিচিয়ান নিয়োজিত হৈ আছে ৷ দেশৰ মুঠ বনুৱাৰ অসংগঠিত খণ্ডত আশী শতাংশ হিচাপত চাৰি গুণ বেছি ৷ গতিকে প্ৰকৃততে বনুৱাৰ দক্ষতা কাৰ বেছি ? এপলৰ সংগঠিত খণ্ডৰ বনুৱাৰ উৎপাদনশীলতা হিচাবে আচলতে প্ৰযুক্তিৰ সঞ্চালন আৰু স্বত্তাধিকাৰীৰ ভাৰাৰ পৰিমানহে প্ৰকাশ কৰা হয় ৷ 

অসংগঠিত ক্ষুদ্ৰ উৎপাদন খণ্ড দেশৰ আশী শতাংশ বনুৱাৰ কৰ্ম সংস্থাপন ৷ এই সংখ্যাৰ বৃদ্ধি, তেওঁলোকৰ উৎপাদন প্ৰক্ৰিয়াৰ যোগান শৃংখলক সুৰক্ষিত কৰা আৰু বনুৱাসকলৰ সামাজিক সুৰক্ষা সুনিশ্চিতকৰণেহে দেশখনক আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰিব ৷ এয়া এখন গণতান্ত্ৰিক সমাজ আৰু দেশৰ মূল দায়িত্ব ৷ তাৰ বাদে দেশৰ কেইজনমান ইন্টাৰনেচনেল খিলাৰীয়ে আমাক আত্মনিৰ্ভৰশীল কৰি তুলিব নোৱাৰে, বৰঞ্চ অধিক ভাৰা আৰু মুনাফাৰে জমা প্ৰক্ৰিয়াটো ত্বৰাম্বিতহে কৰিব ৷ নব্য-উদাৰতাবাদৰ সম্পূৰ্ণ শৰণাপন্ন কৰাৰ বাটহে সুগম কৰি তুলিব ৷
লেখক দিল্লী নিবাসী এগৰাকী নিবন্ধকাৰ, বিশ্লেষক
লেখকৰ আনবোৰ প্ৰকাশিত লেখাৰ বাবে ক্লিক কৰকঃ

সুখ-দুখ LIVE ৰ ইউ-টিউবৰ চেনেল চাবচক্ৰাইব কৰকঃ 

অসমীয়াৰ সুখ-দুখঃ ভাল খবৰ, বিশ্লেষণ, হাস্য-ব্য়ংগ সমলৰ আপডেট পাই থাকিবৰ বাবে আমাৰ ফেচবুক পেজ  www.fb.com/xukhdukhLIVE

অসমীয়াৰ সুখ-দুখত প্ৰকাশৰ বাবে লেখা পঠাওকঃ ইমেইল xukhdukh@gmail.com

No comments:

Post a comment