মনৰ কথাঃ দেউতা আছিল কাগজ কলৰ কৰ্মচাৰী :: মণিকংকনা দাস - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ দেউতা আছিল কাগজ কলৰ কৰ্মচাৰী :: মণিকংকনা দাস

মনৰ কথাঃ দেউতা আছিল কাগজ কলৰ কৰ্মচাৰী :: মণিকংকনা দাস

Share This
দেউতা আছিল কাগজ কলৰ কৰ্মচাৰী
মণিকংকনা দাস
অলপতে লগৰ বন্ধুৰ লগত ইফাল-সিফাল ফুৰিবলৈ গৈ যোগীঘোপাৰ অশোক কাগজ কলৰ চৌহদত সোমালগৈ ভাইটি। পৰিত্যক্ত কলটোৰ কেইখনমান ফটোও তুলি আনিলে। ফটোবোৰ দেখি আৱেগিক হৈ পৰিল আমাৰ ঘৰৰ সকলো। খুৰাই লগে লগে ফোন কৰি হা-হুমুনিয়াহ কাঢ়িলে৷ কাগজ কলটোৰ সৈতে আজিও আমাৰ পৰিয়ালৰ পুৰণি বহু স্মৃতি, আৱেগ জড়িত হৈ আছে।
এই কলটোৰ পৰাই প্ৰথম কৰ্মজীৱন আৰম্ভ কৰিছিল দেউতাই৷ কথাখিনি ভালদৰে বৰ্ণনা কৰিবলৈ হ'লে আৰু অলপ পুৰণি দিনৰ কথালৈ যাব লাগিব৷ তেতিয়া দেউতাহঁত স্কুললৈ যোৱাৰ সময়, সেই সময়খিনিতে অৰ্থাৎ ১৯৬৪ চনত গোৱালপাৰাত প্ৰতিষ্ঠা কৰা হৈছিল অসমৰ প্ৰথম তথা একমাত্ৰ সৈনিক স্কুলখন। ঘৰৰ নিচেই কাষতে এনেকুৱা এখন স্কুল প্ৰতিষ্ঠা হোৱাত দেউতাকো তাতেই নামভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰিছিল আমাৰ প্ৰয়াত ককাই৷ আন বহুতৰে দৰে দেউতাৰো সৈনিক স্কুলত পঢ়াৰ প্ৰধান লক্ষ্যই আছিল সামৰিক বাহিনীত যোগদান৷ অৱশ্যে যথা সময়ত উচ্চতা কিছু কম হোৱা বাবে উচ্চতৰ মাধ্যমিক পৰীক্ষাত পাছ কৰাৰ পাছত এন ডি এত যোগ দিব পৰা নাছিল৷ তাৰে পৰা উভতি আহি কটন কলেজত বি এছ চিত নামভৰ্তি কৰিছিল আৰু কিছুদিন কলেজলৈও অহা যোৱা চলিছিল। কিন্তু বি এছ চিত ভালদৰে মন বহা নাছিল দেউতাৰ৷ তাৰ পৰিৱৰ্তে বৃত্তিমুখী পাঠ্যক্ৰম এটা পঢ়িবলৈহে ইচ্ছা জাগিছিল৷ তেনে সময়তে কাকতৰ উদ্যোগে নামনি অসমত কৰ্মসংস্থাপনৰ নতুন বাট মুকলি কৰিব বুলি বিভিন্নজনৰ দিহা-পৰামৰ্শ শুনি দেউতাই ৰাওনা হৈছিল উত্তৰ প্ৰদেশৰ ছাহাৰানপুৰলৈ। ১৯৭৩ চনত ইনষ্টিটিউট অৱ পেপাৰ টেকন’লজী (বৰ্তমানে আই আই টি ৰুৰকীৰ অধীন)ৰ পৰা পাঠ্যক্ৰম সমাপ্ত কৰি আহি ১৯৭৪ চনত তেওঁ যোগদান কৰিছিল যোগীঘোপাৰ অশোক কাগজ কলত। সেই সময়ত গোৱালপাৰা, বঙাইগাওঁকে ধৰি নামনি অসমৰ মানুহখিনিৰ বাবে নতুন আশাৰ সঞ্চাৰ ঘটাইছিল অশোক কাগজ কলে৷ এটা বৃহৎ উদ্যোগ স্থাপনে ওচৰ-পাজৰৰ মানুহবোৰক বহুখিনি সকাহ দিছিল৷ দিছিল নতুন সপোন দেখাৰ প্ৰলোভন৷ সৰু-বৰ বিভিন্ন ধৰণৰ কামত স্থানীয় মানুহে জড়িত হোৱাৰ সুযোগ পাইছিল৷ বিভিন্ন ঠাইৰ পৰা তালৈ মানুহে চাকৰি কৰিবলৈ অহাত এই উদ্যোগটোৰ আলমলৈ আন আন ক্ষুদ্ৰ ব্যৱসায়ো আৰম্ভ হৈছিল৷ মুঠতে নদন-বদন অৱস্থা৷ ১৯৭০ চনত মুকলি হোৱা নামনি অসমৰ বৃহৎ কাগজ উদ্যোগটো প্ৰথম ১০-১২বছৰ মান সুন্দৰকৈয়ে চলিছিল৷ তাৰ পাছৰ অৱস্থাটো প্ৰায় সকলোৰে জ্ঞাত৷ লাহে লাহে অৰ্থৰ অভাৱ আৰু অন্যান্য সমস্যাবোৰে মূৰ দাঙি উঠাত উদ্যোগটো চলাব নোৱাৰা হৈছিল কৰ্তৃপক্ষই৷ আৰু অৱশেষত অসমৰ আন বহু উদ্যোগৰ দৰে এদিন বন্ধ হৈ পৰিছিল সহস্ৰ পৰিয়ালৰ জীৱিকাৰ থল এই কাগজ কলটোও। প্ৰায় ১১বছৰীয়া স্মৃতি বুকুত বান্ধি ১৯৮৫ চনত কাগজ কলৰ চাকৰি এৰি উভতি আহিছিল দেউতাই। অযুত আশা বুকুত বান্ধি পেপাৰ টেকনল'জী পঢ়িবলৈ যোৱা আৰু সেই ক্ষেত্ৰখনতে চাকৰি কৰাৰ সুযোগ পায়ো মাজতে সেয়া হেৰুৱাই আহিবলগীয়া হোৱাৰ দুখ কিমান সেয়া ভূক্তভোগীজনৰ বাহিৰে আন কোনেও হয়তো অনুভৱ কৰিব নোৱাৰে৷ অৱশ্যে, দেউতাই তেতিয়ালৈ বিবাহৰ তথা সাংসাৰিক বান্ধোনত সোমোৱা নাছিল বাবে তেওঁৰ বৰ বেছি হাহকাৰ হোৱা নাছিল। কিন্তু! তেওঁৰ লগত কাম কৰা আন বহু মানুহকে সেই সময়ত অনিশ্চয়তা আৰু হতাশাই আগুৰি ধৰিছিল। দেউতাহঁতৰ মুখতে শুনিছিলোঁ, পৰিয়াল থকা মানুহবোৰৰ মাজ সাগৰত প্ৰৱল ধুমুহাই বিধ্বস্ত কৰা নাওঁখনৰ দৰে অৱস্থা হৈছিল; যিয়ে যেনি পাৰে তেনি আঁতৰি গৈছিল৷ গৃহ চহৰ গোৱালপাৰাৰ উপায়ুক্ত কাৰ্যালয়ত কোনো মতে চাকৰি এটা যোগাৰ হৈছিল দেউতাৰ আৰু সেই মতেই চলি গৈছিল৷ 

পুৰণি দিনৰ কথাবোৰ কিছু পাতল হৈছিলহে, এদিন হঠাৎ দেউতাৰ বন্ধু এগৰাকী আহি ওলাইছিল উজনিৰ এখন ঠাই (নামটো পাহৰিলোঁ)ৰ পৰা। তেতিয়া আমি স্কুলত পঢ়োঁ, এইবাৰ আমাৰ সম্মুখতে চলিলে সকলো কথা-বাৰ্তা৷ জানিব পাৰিলোঁ তেওঁ দেউতাৰ স’তে একেলগে কাম কৰিছিল কাগজ কলত। অত বছৰৰ মূৰত দুই বন্ধুৰ মিলন, এক আৱেগগধুৰ মুহূৰ্ত। কিয় ইমান দিন খা-খবৰ নাছিল বুলি দেউতাহঁতে ওজৰ আপত্তি কৰাত তেওঁ কৈছিল নিজৰ কথাবোৰ। হঠাৎ কাগজ উদ্যোগটো বন্ধ হৈ পৰাত যথেষ্ট কষ্ট হৈছিল পৰিয়াল চলোৱাত। কি কৰিব, ক'ত যাব একো উৱা-দিহ পোৱা নাছিল৷ উভতি গৈছিল নিজৰ ঠাইলৈ৷ পত্নীয়ে কিবা এটা চাকৰি কৰিছিল বাবে তেওঁৰ তত্বাৱধনতে এল এল বি পঢ়ি আকৌ এবাৰ নতুনকৈ কেৰিয়াৰৰ পাতনি মেলিছিল দেউতাৰ বন্ধুগৰাকীয়ে। ইপিনে সন্তানৰ দায়িত্ব আছিলেই৷ তেনেস্থলত বন্ধু-বান্ধৱৰ খবৰ কৰাৰ সময়ে বা থাকে ক'ত! কিমান যে উত্থান-পতন একেটা জীৱনত! এয়া অকল দেউতা বা তেওঁৰ বন্ধুৰে কাহিনী নহয়, একোটা উদ্যোগ বন্ধ হোৱাৰ ফলত জীৱন-জীৱিকালৈ অন্ধকাৰ নামি অহা প্ৰতিজন মানুহৰে কাহিনী একে৷ এবাৰ সৰুতে যোগীঘোপালৈ গৈ বহু পৰিয়ালৰে সংকট অৱস্থা দেখিছিলোঁ। অৱশ্যে তেতিয়া কথাবোৰ বুজা-নুবুজাৰ মাজতে ৰৈছিল আমাৰ মনত৷

অশোক কাগজ কলৰ পাছত জাগীৰোড আৰু কাছাৰ কাগজ কলৰ অৱস্থাও আজি প্ৰায় একেই৷ কলত কাম কৰা কৰ্মচাৰীৰ পৰিয়ালৰ কৰুণ অৱস্থাৰ ছবি সময়ে সময়ে টেলিভিছন অথবা বাতৰি কাকতত দেখিবলৈ পাওঁ৷ দীৰ্ঘ দিনে বেতন নাপাই উপায়ন্তৰ হোৱা তেনে পৰিয়ালৰ কেইটিমান সন্তানে পঢ়াৰ খৰচৰ বাবে বৰঙণি খুজিবলৈ যোৱা কৰুণ ভিডিঅ' এটাও কেইমাহ মান আগতে চৰ্চালৈ আহিছিল৷ কাগজ কল বুলিয়ে নহয়, অসমৰ বিভিন্ন ঠাইত স্থাপন হোৱা কটন মিল, পলিষ্টাৰ মিল আদিৰ ছবিবোৰো ধুলি-ধুসৰিত৷ আমাৰ মামাৰ ঘৰ ৰঙিয়াত৷ সেই সূত্ৰে নিজ চকুৰে দেখিছোঁ ৰঙিয়াৰ তুলসীবাৰীত এসময়ত স্থাপন হোৱা পলিষ্টাৰ মিলটোৱে অনা সুদিন আৰু দুৰ্দিনৰ ছবি৷ মিলটো চলি থাকোঁতে যিবোৰ মানুহ তথা পৰিয়ালৰ মুখত হাঁহি বিৰিঙি আছিল, উপাৰ্জনৰ পথ অৰ্থাৎ সেই মিলটো হঠাৎ বন্ধ হৈ পৰাত একেবোৰ পৰিয়ালৰে বিবৰ্ণ মুখবোৰ আজিও মনত পৰে৷ সময়ে সময়ে চৰকাৰবোৰে এই কল-কাৰখানা তথা উদ্যোগসমূহ পুনৰাম্ভ কৰাৰ কথা প্ৰকাশ কৰে, নানা প্ৰতিশ্ৰুতি দিয়ে, কিন্তু বাস্তৱত কামবোৰ হৈ উঠিছে জানো? চৰকাৰৰ সদিচ্ছাৰ অভাৱত ধ্বংসৰ গৰাহলৈহে গৈ আছে এটাৰ পাছত আনটোকৈ উদ্যোগ৷

No comments:

Post a Comment