'অংক মাষ্টৰ': চিনে সমালোচনা (হাস্য-ব্যংগ)
-----------------------------------------------
শেহতীয়াকৈ 'অংক মাষ্টৰ' নামৰ চিনেমাখনে বন্ধ প্ৰদেশত উজনিৰ পৰা নামনিলৈকে খলকনিৰ সৃষ্টি কৰিছে। আচলতে ইমান এখন সুদীৰ্ঘ বাস্তৱিক ছবিক অতি কম শব্দৰে সমালোচনা কৰাটো নিতান্তই এটি গভীৰ প্ৰত্যাহ্বানমূলক ও তত্বগধূৰ কৰ্ম।
শেহতীয়াকৈ 'অংক মাষ্টৰ' নামৰ চিনেমাখনে বন্ধ প্ৰদেশত উজনিৰ পৰা নামনিলৈকে খলকনিৰ সৃষ্টি কৰিছে। আচলতে ইমান এখন সুদীৰ্ঘ বাস্তৱিক ছবিক অতি কম শব্দৰে সমালোচনা কৰাটো নিতান্তই এটি গভীৰ প্ৰত্যাহ্বানমূলক ও তত্বগধূৰ কৰ্ম।
চিনেমাখনত অভিনেতা-অভিনেত্ৰীৰ কলা পাৰদৰ্শিতা অতি প্ৰাকৃতিক ৰূপত উজ্বলি উঠিছে। ইয়াত অংক মাষ্টৰে অশেষ ধৈৰ্য গুণৰ পৰিচয় দাঙি ধৰিছে। তেখেতৰ ধৈৰ্যশীলতাই এক মিনিটো স্থিৰ হৈ থাকিব নোৱাৰা অস্থিৰ মনৰ আধুনিক দৰ্শক সমাজৰ মনত, এই এঘণ্টীয়া ধৈৰ্য-বানেৰে এক স্বাভাৱিক হিংসামূলক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিবই বুলি দৃঢ়তাৰে আশা কৰিব পাৰি। দৰ্শকৰ মনত সাঁচ বহুৱাব পৰা প্ৰদৰ্শনৰ বাবে নায়ক হিচাবে অংক মাষ্টৰক এক কথাত সফল বোলাৰ বাহিৰে কোনো বিকল্প দেখা নাযায়! এই আধুনিক ৰৱট-সদৃশ জীৱনযাত্ৰাত মানুহে ইজনে সিজনৰ প্ৰতি অকনো সময় দিব নোখোজে। যিকন সময় কেৱল অন্তৰংগতাৰ, তাৰ মাজতো সেই মোবাইল, ভাইৰেল খবৰে হাত বাউলি দি 'কোৱালিটি টাইম'ৰ সন্মান কৰিব নজনা সকলৰ বাবে এই চিনেমাই এক গভীৰ শিক্ষা কঢ়িয়াই আনিছে। চিনেমাখনৰ সুদীৰ্ঘ সময়ৰেখাত কোনো মোবাইল বা ফোন কলৰ ডিষ্ট্ৰেকচন বিহীনতাও হৈছে এক 'সুন্দৰতম পল নিৰ্মাণ'ৰ এক অনুপম উদাহৰণ স্বৰূপ। চিনেমাখনত প্ৰদৰ্শিত ধৈৰ্যশীলতাৰ পাঠ আহৰণ কৰিব পাৰিলে যে 'বহু ভংগুৰ সংসাৰ' ৰক্ষা পৰিব, তাৰো এক আশাবাদৰ বাৰ্তা ই কঢ়িয়াই আনিছে।
চিনেমেটোগ্ৰাফীত যদিও স্থিৰ কেমেৰাৰ সীমাবদ্ধতাখিনি ফুটি উঠিছে, তথাপি ই মনোৰঞ্জনত কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম নোহোৱাটো উল্লেখনীয়। শব্দ গ্ৰহণৰ ক্ষেত্ৰত প্ৰদৰ্শিত সাৱলীলতাৰ মাজত কোনো বিশেষ কাৰিকৰী দক্ষতা সম্পন্ন শব্দযন্ত্ৰীৰ অভাৱ সৃষ্টিকৰ্মটোত ধৰা নপৰাটো প্ৰশংসনীয়। এইখিনিতে বৰ্হিশব্দৰ অত্যাধিক অনুপ্ৰৱেশে অসমীয়া ভাষাৰ সাৱলীল প্ৰকাশত কিছু প্ৰভাৱ পেলোৱাৰ কথাটো এক স্বাভাৱিক পৰিঘটনা হিচাবে গ্ৰহণ কৰিব পাৰে। এই পৰিঘটনাক প্ৰকৃততে ডাবিংৰহিত শব্দগ্ৰহণৰ প্ৰাকৃতিক প্ৰতিফলন বুলিবও পাৰি।
কাহিনীটোত অংক মাষ্টৰে সম্পূৰ্ণ 'কৰ্ছ ৱৰ্ক'টোক এটা নিভাঁজ ৰূপ দি একত্ৰে দাঙি ধৰিব পৰাটোৱে তেখেতৰ সৃষ্টিশীল মনটোকে তুলি ধৰিছে। কিশোৰ- সদ্য যৌৱনপ্ৰাপ্তৰ পৰা ধৰি, শিল্পকৰ্মটোৰ ন-শিকাৰু সকলৰ বাবে উপযোগী হোৱাকৈ এটা সম্পূৰ্ণ চিলেবাছ ছাৰে অনলাইন সমলৰ ৰূপত তুলি ধৰাটো এই অতিমাৰীপ্ৰৱণ পৰিৱেশত 'অনলাইন ক্লাছ'ৰ এক নিপুণ উদাহৰণ বুলিলেও হয়তো ভুল নহব। ইয়াত কোনো চাচপেন্স নাই, ইয়াত আছে কেৱল পাৰস্পৰিক প্ৰেমৰ উন্মুত্ত প্ৰকাশ। এই উদ্দামতাৰ মাজত চেনেহ-প্ৰীতিক কেৱল নীতি-নিয়মৰ বান্ধোনত ৰাখিব খোজা সমাজখনৰ প্ৰতি, শিকলি চিঙি দলিয়াই পেলাব খোজা তাড়ণাৰ আছে এক গভীৰ প্ৰতিবাদী সত্তাও। নিয়ম ভঙাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰা সাৱলীল প্ৰেম-সমৰ্পনৰ সৰল ৰূপে, সদায়েই প্ৰশ্নবোধক হৈ উঠা প্ৰেমক বিমূৰ্ত ৰূপলৈহে ঠেলি দিছে। যিটোৱে সৃষ্টিকৰ্মটোক এক নান্দনিক ৰূপ প্ৰদান কৰিছে।
পোষ্ট-প্ৰডাকচনঃ ছবিখনত অসমীয়া চিনেমাত মূৰ দাঙি উঠা, প্ৰযোজকেই ডাইৰেক্টৰ, ডাইৰেক্টৰেই হিৰো, হিৰোই চিনেমেটোগ্ৰাফাৰ, চিনেমেটোগ্ৰাফাৰেই শব্দযন্ত্ৰী, শব্দযন্ত্ৰীয়েই পোহৰ নিয়ন্ত্ৰক, পোহৰ নিয়ন্ত্ৰকেই ছবি সম্পাদনা কৰাৰ ধৰণৰ যি ধাৰা তাকেই 'অংক মাষ্টৰে'ও অনুসৰণ কৰা পৰিলক্ষিত হৈছে। এইখিনিলৈকে একো অস্বাভাৱিকতা উজ্বলি নুঠা 'সৃষ্টিশীল প্ৰকল্পটোত' নায়িকাৰ চৰিত্ৰটোত কোনো 'অভিনেত্ৰীয় অভিনয়' জিলিকি উঠা নাই। ভ্ৰাম্যমানৰ পৰা চিডি ছবিৰ ভিৰত 'মুদৈধৰ্মী অতিঅভিনয়'ৰে গঢ় লোৱা অসমৰ দৰ্শক সমাজৰ স্বাদৰ ধাৰাত, অভিনেত্ৰীৰ শূণ্য নাটকীয়তাবিহীন অভিনয়ে খলকনি তোলাটো স্বাভাৱিক!
ৰিলিজঃ ইমানখিনিলৈকে যদিও বিতৰ্কৰ সূচনা হোৱাৰ কোনো স্কোপ নাছিল, কিন্তু মুক্তিৰ লগে লগেই ছবিখনে চৌদিশে খলকনিৰ সৃষ্টি কৰিছে। বিশেষকৈ নায়ক যিহেতু এটা চাকৰিগত পেশাত এক নীতি-নিয়মৰ মাজত 'ভদ্ৰতাৰ মুখা'ৰে ব্যক্তিত্ব 'আদৰ্শৰূপে' ধৰি ৰাখিব লগা ব্যক্তি। তথাপি সেই শৃংখলা ভংগ কৰাৰ উশৃংখল 'দুৰ্বাৰ হেপাহ'টো যে কি হিমালয়-সদৃশ হব, নায়ক নিজেই কিমান দুঃসাহসী হব, সেই কথাইহে এতিয়া ৰাইজৰ মাজত আতংকৰ ঢৌ তুলিছে।
সমাজৰ অভিভাৱক একাংশৰ মতে, মাষ্টৰ হৈ এনে অভিনয় বেয়া কথা, একাংশৰ মতে নাটক কৰে কৰক কেমেৰাত বন্দী কৰাটোহে বেয়া কথা, আন একাংশৰ মতে আকৌ কেমেৰাত ধৰি ৰাখিলেও বাৰু ঠিক আছে, ৰিলিজ দিয়াটোহে বেয়া কথা, বহুতৰ মতে আকৌ ৰিলিজ দিছে বাৰু দিয়ক, আচলতে সম্পাদনাত ব্লাৰ কৰি নিদিয়াটোহে বেয়া কথা! নানা মুনিৰ নানা মত! আৰু অসমীয়া চিনেমাত একেজনাই ভিন্ন ৰূপৰ অৱতাৰ ধৰা ছবিত এনে খুঁত ৰৈ যোৱাটো আচলতে ইতিহাসে প্ৰমাণ কৰা থৈছে, 'অংক মাষ্টৰো' তাৰ ব্যতিক্ৰম নহয়!
সমাজৰ অভিভাৱক একাংশৰ মতে, মাষ্টৰ হৈ এনে অভিনয় বেয়া কথা, একাংশৰ মতে নাটক কৰে কৰক কেমেৰাত বন্দী কৰাটোহে বেয়া কথা, আন একাংশৰ মতে আকৌ কেমেৰাত ধৰি ৰাখিলেও বাৰু ঠিক আছে, ৰিলিজ দিয়াটোহে বেয়া কথা, বহুতৰ মতে আকৌ ৰিলিজ দিছে বাৰু দিয়ক, আচলতে সম্পাদনাত ব্লাৰ কৰি নিদিয়াটোহে বেয়া কথা! নানা মুনিৰ নানা মত! আৰু অসমীয়া চিনেমাত একেজনাই ভিন্ন ৰূপৰ অৱতাৰ ধৰা ছবিত এনে খুঁত ৰৈ যোৱাটো আচলতে ইতিহাসে প্ৰমাণ কৰা থৈছে, 'অংক মাষ্টৰো' তাৰ ব্যতিক্ৰম নহয়!
বিতৰ্কঃযি কি নহওক, ছবিখন মুক্তি পোৱাৰ লগে লগেই সমাজৰ তুলাচনীত উঠি অংক মাষ্টৰ বন্দী হ'ল। ৰাজনীতিৰ ৰং খেলা (প্ৰাক্তন বিধানিকা) বাইদেউ-ভিনদেউৰ এনেকুৱা ছবি এতিয়াও অনলাইনত এভেলভেল হৈ ৰ'ল। তথাপি সমাজ-চন্তৰীৰ, নৈতিকতাৰ পাঠ আৰম্ভ নহ'ল। চিনেমাখনে আৰু এষাৰ অসমীয়া ফঁকৰা-যোজনাৰ পাঠৰহে বাখ্যাও দি গ'ল, সেয়া হৈছে- "খেনোক দেখি ৰান্ধে বাঢ়ে, খেনোক দেখি দুৱাৰ মাৰে!!!" বন্ধ প্ৰদেশ জিন্দাবাদ...
কিমতি-কিধকম্ ......
No comments:
Post a Comment