বিশ্লেষণঃ অতিমাৰীৰ সংকটঃ প্রশাসনৰ দায়িত্ব বনাম দায়বদ্ধতা ::পাৰভিন চুলতানা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ অতিমাৰীৰ সংকটঃ প্রশাসনৰ দায়িত্ব বনাম দায়বদ্ধতা ::পাৰভিন চুলতানা

বিশ্লেষণঃ অতিমাৰীৰ সংকটঃ প্রশাসনৰ দায়িত্ব বনাম দায়বদ্ধতা ::পাৰভিন চুলতানা

Share This
অতিমাৰীৰ সংকটঃ প্রশাসনৰ দায়িত্ব বনাম দায়বদ্ধতা
পাৰভিন চুলতানা
মহামাৰীৰ দৰে সমস্যাই কিছু অভূতপূর্ব পৰিস্থিতিৰ সৃষ্টি কৰে। এনে পৰিস্থিতিত শাসক শ্রেণীয়ে কিছু কঠোৰ সিদ্ধান্ত লব লগা হয়। বহু সময়ত দেখা যায় যে এই সিদ্ধান্তবোৰে গণতান্ত্রিক মূল্যৰ প্রতি ভাবুকি কঢ়িয়াই আনে। ক'ৰোণা সংক্রমণৰ সময়তো বিভিন্ন দেশত দেখা গৈছে যে ৰাজনৈতিক নেতাবোৰে গুৰুত্বপূর্ণ গণতান্ত্রিক নীতি যেনে প্রশাসনিক স্বচ্ছতা, দায়বদ্ধতাৰ পৰা ফালৰি কাটিছে। এফালে গণতান্ত্রিক দেশবোৰক চীনৰ দৰে দেশৰ লগত ক'ৰোণা সংক্রমণ ৰোধ কৰাত অসফল বুলি সমালোচনা কৰা হয়, আনফালে গণতান্ত্রিক দেশবোৰেও ৰাজনৈতিক মুনাফা, নির্বাচনৰ দায়বদ্ধতাৰ কথা চিন্তা কৰি লেহেমীয়া গতিত সিদ্ধান্ত লয়।
চিন্তাৰ বিষয় যে কিছু গণতান্ত্রিক দেশতো স্বেচ্ছাচাৰিতা গা কৰি উঠা পৰিলক্ষিত হয়। সাধাৰণতে সংবাদ মাধ্যম, ন্যায়ালয় আৰু পৌৰ সমাজে শাসক গোষ্ঠীক দায়বদ্ধ কৰে। কিন্তু সাম্প্রতিক পৰিস্থিতিত এই অনুষ্ঠানবোৰৰ কামৰ পৰিধি কিছু ঠেক হৈ পৰিছে আৰু চৰকাৰৰ স্বেচ্ছাচাৰী কার্য্যকলাপত বাধা দিয়াত এই অনুষ্ঠানবোৰ সম্পূর্ণভাৱে সফল হোৱা নাই। এনে সময়ত চৰকাৰে কল্যানমূলক আচঁনি গ্রহণ কৰে ৰাইজক তাৎক্ষণিক সকাহ দিয়াৰ বাবে। কিন্তু বহু ক্ষেত্রত দুৰ্নীতি  বৃদ্ধি হোৱা দেখা যায়। আকৌ পৰিস্থিতিৰ অজুহাত লৈ নির্বাচন পিছুৱাই দিয়া বা বাতিল কৰা, অর্থনৈতিক দায়বদ্ধতা পৰিহাৰ কৰা আৰু মৌলিক অধিকাৰত হস্তক্ষেপ কৰাৰ দৰে ঘটনাও দেখা যায়। 

এই সংকটবোৰ সঠিকভাৱে নির্মূল নকৰিলে জনগণ আৰু চৰকাৰৰ মাজত এক সংঘাতময় পৰিবেশ সৃষ্টি হব পাৰে। আনকি সমাজত মেৰুকৰণ, প্রান্তীয় গোটৰ অধিকাৰ হনন আৰু হিংসাত্মক পৰিবেশৰ সৃষ্টি কৰিব পাৰে। উৰাবাতৰি অতি সহজে প্রচাৰিত হয় আৰু ভুৱা বাতৰিৰ ভিত্তিতে বিভিন্ন সংঘাতৰ সৃষ্টি হোৱা দেখা যায়। ভাৰতবর্ষতো বিভিন্ন ঠাইত স্বাস্থ্যকর্মীৰ ওপৰত উৰাবাতৰিৰ ভিত্তিতে আক্রমণ হৈছিল। 

চীন, টাইৱান, ছাউথ কোৰিয়াৰ দৰে দেশবোৰত প্রযুক্তি বিদ্যাৰ সহায়ত নাগৰিকৰ চলাচলখিনি নিৰীক্ষণ কৰা হৈছিল। বহুতৰে মতে এয়া তেওঁলোকৰ গোপনীয়তাৰ অধিকাৰৰ ওপৰত আক্রমণ কিন্তু জনস্বাস্থ্যৰ কল্যাণৰ বাবে চৰকাৰৰ এনে কার্য্যক মানি লোৱা হৈছিল। ভাৰতবর্ষত পিছে আৰম্ভণিৰে পৰা লকডাউনৰ নিয়ম বহু ক্ষেত্রত ভংগ হৈছে। তবলীগ জামাতৰ পৰা আৰম্ভ কৰি, দিল্লীত অনুষ্ঠিত গৌমুত্র পার্টী, মধ্য প্রদেশত নতুন চৰকাৰ গঠন আৰু কর্ণাটকৰ সিদ্ধালিঙ্গেশ্বৰ মেলাত ৰথ টনাৰ কার্য্যক্রমলৈ। কিন্তু মানুহ বিশেষে এই নিয়ম ভংগকাৰীসকলৰ বিৰুদ্ধে বিভিন্ন ব্যৱস্থা গ্রহণ কৰা হয়। দুর্ভাগ্যজনকভাৱে উপায়বিহীন হৈ হেজাৰ হেজাৰ প্রব্রজিত শ্রমিক গোটেই সময়জোৰা লকডাউন অমান্য কৰি নিজৰ ঘৰলৈ ঢাপলি মেলে। 

যিসময়ত আমাৰ যুদ্ধ এটি অদৃশ্য বীজাণুৰ বিৰুদ্ধে তেনে ক্ষেত্রত তথ্য আমাৰ বাবে একমাত্র অস্ত্র। এই সংকটৰ সময়ত ভাৰতৰ বহু ৰাজ্যৰ মুখ্যমন্ত্রী যেনে কেৰেলা, দিল্লী, মহাৰাষ্ট্রকে আদি কৰি অসমৰ স্বাস্থ্যমন্ত্রী নিয়মীয়াকৈ সংবাদ মেল পাতি মানুহক পৰিস্থিতিৰ বিষয়ে অৱগত কৰাইছে। ভাৰতৰ উচ্চ স্তৰীয় চিকিৎসা বিজ্ঞানৰ গৱেষণাৰ লগত জড়িত Indian Council of Medical Researchৰ বিষয়াসকলে নিয়মীয়াকৈ তথ্যপাতিৰ যোগান ধৰি আছে। কিন্তু এই ক্ষেত্রত আৰু কিছু তথ্য যেনে গম্ভীৰ ভাৱে অসুস্থ ব্যক্তিৰ সংখ্যা, সুস্থ হৈ উঠাসকলৰ 'ফলো-আপ' ইত্যাদিৰ বিষয়ে জানিব পাৰিলে মানুহৰ আৰু অলপ সুবিধা হলহেতেন। লকডাউন শিথিল কৰাৰ পিছতে দেখা গৈছে যে সৰহ সংখ্যক মানুহে নূন্যতম নিয়মাৱলীখিনি মানি চলা নাই। বজাৰত ভিৰ, সামাজিক আৰু শাৰীৰিক দুৰত্ব মানি চলা নাই মানুহে। আৰু লগতে সংক্রমিতৰ সংখ্যাও ভয়াবহ ৰূপত বাঢ়ি আছে। এই সংক্রমণ আৰু ব্যাধিৰ বিষয়ে এটা পৰিস্কাৰ ছবি দাঙি নধৰিলে সাধাৰণ মানুহে এই ব্যাধিক গুৰুত্ব সহকাৰে নলব।

ক'ৰোণাৰ এই সংকটৰ সময়ত অর্থনৈতিক প্রত্যাহ্বান এটাৰ উপস্থিতিক আমি নুই কৰিব নোৱাৰোঁ। ভাৰতবর্ষৰ ৰাজহুৱা স্বাস্থ্য ব্যৱস্থা এনে পৰিস্থিতিত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। এনে ক্ষেত্রত তৎকালীন বিত্তৰ ব্যৱস্থা কৰাৰ প্রয়োজন আৰু এনে সংকটৰ পৰিস্থিতিৰ বাবে স্বাধীনতাৰ পিছতে ভাৰতৰ প্রথমজন প্রধান মন্ত্রীৰ আহ্বানত এটি কোষৰ সৃষ্টি কৰা হয় – Prime Minister’s National Relief Fund (PMNRF)। এই কোষত ৰাষ্ট্রপতি, প্রধানমন্ত্রী, ভাৰতীয় জাতীয় কংগ্রেছৰ অধ্যক্ষৰ লগতে টাটা গোটৰ এজন প্রতিনিধি থাকে, লগতে বাণিজ্যিক ক্ষেত্রৰ পৰাও এগৰাকী প্রতিনিধি থাকে। পিছে এনে এটা কোষ থকাৰ পিছতো চৰকাৰে এই সংকটৰ বাবে এটা নতুন কোষৰ সৃষ্টি কৰিলে – Prime Minister’s Citizens Assistance and Relief in Emergency Situation (PMCARES)। দুয়োটা কোষৰ কর্মৰাজিৰ মাজত যথেষ্ট সাদৃশ্য আছে। দুয়োটা কোষে অনুদানৰ ক্ষেত্রত কিছু বিশেষ ৰেহাই পায়। এই কোষবোৰৰ বছৰেকীয়া হিচাপ ভাৰতবর্ষৰ নিৰীক্ষকে নকৰে।

এনে ক্ষেত্রত প্রশ্ন উত্থাপন হৈছে নতুনকৈ গঠিত PMCARESক লৈ। PMCARES ৰ সদস্য সকল মুলতঃ শাসক দলৰ পৰা। প্রধানমন্ত্রীৰ লগতে বিত্তমন্ত্রী, গৃহমন্ত্রী আৰু ৰক্ষামন্ত্রী এই কোষৰ সদস্য। এই কোষৰ প্রতিনিধিত্বমূলক চৰিত্রকলৈ কিছু মহলাৰ পৰা প্রশ্ন উত্থাপিত হৈছে। ইয়াৰ ওপৰিও ইণ্ডিৱান এক্সপ্রেছৰ এটি বাতৰি মতে ২০১৯ চনৰ পিছত PMNRF ত অতিৰিক্ত ৩৮০০.৪৪ কোটি ধন অব্যৱহৃত হৈ আছে। ইয়াৰ পিছতো নতুন কোষত বৰঙনি দিবলৈ আহ্বান জনাইছে চৰকাৰে। চৰকাৰী কর্মচাৰীসকলোকো এদিনৰ বেতন এই কোষত দিবলৈ আহ্বান কৰা হৈছিল। Indiaspendৰ এটি প্রতিবেদন মতে ১০ জুনলৈকে এই কোষত প্রায় ৯৬৭৭.৯০ কোটি টকা জমা হয় আৰু ৩১০০ কোটি টকাৰ খৰচৰ হিচাপ ৰাজহুৱা কৰা হয়। ইয়াৰে প্রায় ২০০০ কোটি টকা ভেন্টিলেটাৰ ক্রয় কৰাৰ বাবে দিয়া হৈছে। কিন্তু এই ভেন্টিলেটাৰৰ দাম আৰু মানদণ্ডকলৈও বহুত প্রশ্ন উত্থাপন হৈ আছে। 

PMCARESৰ খৰচ ইত্যাদিৰ হিচাপ লবলৈ দাখিল কৰা আবেদনো খাৰিজ কৰা হৈছে কাৰণ এই কোষ কোনো ৰাজহুৱা কর্তৃত্ব নহয়। তথ্যৰ অধিকাৰ গণতান্ত্রিক দেশ এখনৰ নাগৰিকসকলৰ বাবে এক গুৰুত্বপূর্ণ অধিকাৰ। আইনগতভাৱে চৰকাৰ PMCARESৰ বিষয়ে তথ্য পাতি যোগান ধৰিবলৈ দায়বদ্ধ নহলেও এই সংকটৰ সময়ত এই তথ্যখিনি ৰাজহুৱা কৰিলে বহু মানুহৰ মনৰ পৰা শংকা আৰু সন্দেহ দুৰ হব। এই তথ্যৰ সহজলভ্য নোহোৱা বাবে হয়তো কিছু মানুহ এই কোষলৈ দান আগবঢ়াবলৈ ইতস্ততঃ অনুভৱ কৰিব পাৰে।

দেশৰ প্রধানমন্ত্রীয়ে সময়ে সময়ে বিভিন্ন স্বেচ্ছাসেৱী সংগঠন আৰু সমাজৰ বিভিন্ন ক্ষেত্রৰ পৰা মানুহক এই সংকটৰ সময়ত আগুৱাই আহিবলৈ আহ্বান কৰিছে। কিন্তু আমি জানোঁ যে চৰকাৰে বান্ধি দিয়া কিছু কঠোৰ নীতি নিয়মৰ ফলত এনে বহু সংগঠন বিত্তীয় সাহায্যৰ পৰা বঞ্চিত হৈছে বিশেষকৈ বিদেশৰ পৰা দিয়া সাহায্য। তেনে ক্ষেত্রত চৰকাৰে PMCARESৰ দৰে এই সংগঠনবোৰকো কিছু ৰেহাই দিলে এওঁলোকেও আৰু সক্রিয়ভাৱে কাম কৰিব পাৰিলহেঁতেন।

জনস্বাস্থ্যৰ বাবে লব লগীয়া ব্যৱস্থাবোৰ দলীয় ৰাজনীতিৰ ঊর্ধ্বত হোৱা উচিত। কিন্তু ভাৰতত কিছু ক্ষেত্রত বেমেজালি দেখা গৈছে বিশেষকৈ উত্তৰ প্রদেশত কংগ্রেছ দলে বিনামূলীয়াকৈ বাছ সেৱাৰ ব্যৱস্থা কৰাত একমাত্র ৰাজনৈতিক কাৰণতে এই বাছবোৰ ব্যৱহাৰ কৰা নহল বুলি অনুভৱ হয়। দেশৰ ঐক্যবদ্ধ সংগ্রামত এনে ঘটনাই ফাঁট মেলে। গণতান্ত্রিক দেশ এখনে বৰঞ্চ এনে সংকটৰ সময়ত এক যোগাত্মক আৰু ঐক্যবদ্ধ জনমত চৰকাৰৰ সমর্থনত গঢ়ি তুলিব পাৰে। আৰু এনে হলেহে আমি এই সংকটক সঁচা অর্থত নির্মূল কৰিব পাৰিম। ইয়াৰ বাবে চৰকাৰেও বিভিন্ন গোট সংগঠনক লগত লৈ সিদ্ধান্তবোৰ গ্রহণ কৰা উচিত। চৰকাৰৰ কার্য্যকলাপবোৰ কেৱল নিৰপেক্ষ, দায়বদ্ধ আৰু বৈধ হলে নহব, ৰাইজে এই পদক্ষেপবোৰক নিকা, স্বচ্ছ আৰু দায়বদ্ধ বুলি বিশ্বাস কৰিব লাগিব। গণতান্ত্রিক মূল্যবোধবোৰ বাদ দি কেৱল ৰাজনৈতিক মুনাফাৰ কথা কোনো সংগঠনে চিন্তা কৰা উচিত নহয়। ঠেক ৰাজনৈতিক লাভালাভৰ ঊর্ধ্বতহে সঁচা অর্থত জনকল্যান সম্ভৱ। সংকটৰ সময়ত চৰকাৰৰ ক্ষমতাৰ লগতে দায়িত্ব আৰু দায়বদ্ধতাও অধিক বৃদ্ধি পায়। ক্ষমতা আৰু দায়বদ্ধতাৰ মাজত এটা ভাৰসাম্য বজাই ৰখাটোৱে সময়ৰ আহ্বান। 

No comments:

Post a Comment