বিশ্লেষণঃ কৰ'নাৰ বিভীষিকাঃ কি, কিয়, কেনেকৈ? ::ডাঃ অজিত কুমাৰ পটঙ্গীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ কৰ'নাৰ বিভীষিকাঃ কি, কিয়, কেনেকৈ? ::ডাঃ অজিত কুমাৰ পটঙ্গীয়া

বিশ্লেষণঃ কৰ'নাৰ বিভীষিকাঃ কি, কিয়, কেনেকৈ? ::ডাঃ অজিত কুমাৰ পটঙ্গীয়া

Share This
কৰ'নাৰ বিভীষিকাঃ কি, কিয়, কেনেকৈ? 
ডাঃ অজিত কুমাৰ পটঙ্গীয়া
আমি অসমৰ বাসিন্দাসকলে দেখি আহিছো কেনেকৈ মানুহে ক্ৰমান্বয়ে বনাঞ্চল ধ্বংস কৰি হস্তগত কৰাৰ লগে লগে খাদ্যৰ অভাৱত হস্তিকুলে আহাৰৰ সন্ধানত জনবসতিপূৰ্ণ অঞ্চললৈ সোমাই আহি খেতি-বাতিৰ লগতে মানুহৰ বাসস্থানৰো অনিষ্ট কৰিছে, কেতিয়াবা হয়তো মানুহৰো মৃত্যও ঘটাইছে। সেইদৰে বাঘেও জনাঞ্চললৈ আহাৰৰ সন্ধানত বিচৰণ কৰি ফুৰি পোহনীয়া জীৱ-জন্তু হত্যা কৰিছে, কেতিয়াবা মানুহকো আক্ৰমণ কৰিছে। বনাঞ্চলত অকল গছ-লতা বনৰীয়া জীৱ-জন্তুয়েই নাথাকে বিভিন্ন ধৰণৰ জীৱাণু, ভাইৰাছ আদিও থাকে, তাৰে কিছুমানে বনৰীয়া উদ্ভিদ আৰু জীৱ-জন্তুক পোষক হিচাবে অৱলম্বন কৰি জীয়াই থাকে।

বিশ্বখ্যাত 'নেচাৰ' নামৰ বৈজ্ঞানিক আলোচনীত প্ৰকাশিত বিভিন্ন প্ৰৱন্ধ-পাতিত পৰিসংখ্যাৰ জৰিয়তে দেখুৱা হৈছে যে ১৯৬৬ চনৰ পৰা ২০০৫ চনৰ ভিতৰত ৩৫৫ টা নতুন ৰোগ পৃথিবীত দেখা দিছে। তাৰে ৬০ শতাংশৰ উৎস বন্যপ্ৰাণী। এই অধ্যয়নবোৰত উল্লেখ কৰা হৈছে যে বন্য জীৱজন্তুৰ পৰা অহা অতি সংক্ৰামক জীৱাণুৰ জৰিয়তে যি ১৭৫ বিধ নতুন ৰোগ যোৱা শতাব্দীৰ শেষৰ দুই দশকত মানুহৰ মাজলৈ আহিছে তাৰে ৭৫ শতাংশই আৰু ভয়াবহ আকাৰত আহিব ধৰা দিনবোৰত মানৱজাতিক শলঠেকত পেলাব পাৰে। তাৰে ভয়ানক ভাইৰাছ কেইটামান সকলোৰে চিনাকী - সেউজ বান্দৰৰ পৰা অহা এইছআইভি, বাদুলীৰ পৰা মাৰবাগ, উটৰ পৰা মাৰ্চ, বাদুলীৰ পৰা চাৰ্চ, বান্দৰৰ পৰা জিকা, এন্দুৰৰ পৰা প্লেগ আৰু লাছা জ্বৰ। 

আজিকালি নতুন ৰোগৰ আবিৰ্ভাৱৰ হাৰ আগৰ শতিকাবোৰৰ তুলনাত বেছি। ইয়াৰ কাৰন? উত্তৰ ৰাষ্ট্ৰসংঘৰ হাততেই আছে। ৰাষ্ট্ৰসংঘৰ ইন্টাৰগভৰ্মেন্টেল চাইন্স পলিছি প্লেটফৰ্ম অব বায়ডাইভাৰ্চিটি এণ্ড ইক'চিষ্টেম চাৰ্ভিছেচৰ মতে যোৱা দুটা দশকত ব্যৱসায়িক স্বাৰ্থত নজিৰবিহীন ভাৱে বনাঞ্চল আৰু জলাহভুমি ধ্বংস কৰা হৈছে,ব্যাপক হাৰত বন্যপ্ৰাণী হত্যা আৰু বন্যপ্ৰাণীকলৈ ব্যৱসায় চলিছে। সেয়েহে উদ্ভিদ আৰু প্ৰাণী জগতৰ প্ৰায় ১০লাখ প্ৰজাতি বিলুপ্তিৰ পথত। ২০১১ৰ পৰা ২০১৯ চনৰ ভিতৰত এটা সমীক্ষাত দেখা গৈছে যে ১২ হাজাৰ বৰ্গকিলোমিটাৰতকৈও অধিক বনভুমি ধ্বংস কৰা হৈছে। ঘন বনভূমি অঞ্চল ধ্বংস আৰু বহু প্ৰজাতিৰ বিলুপ্তিৰ কাৰনে মানুহ আৰু বন্যপ্ৰাণীৰ মাজৰ দূৰত্ব ক্ৰমান্বে হ্ৰাস পাইছে। এই পৰিস্থিতিত পৰজীৱি জীৱাণু আৰু ভাইৰাছ, যিবোৰে ঘন জংঘলৰ পৰিবেশত উদ্ভিদ আৰু জীৱজন্তুৰ দেহক পোষঁক হিচাবে ব্যৱহাৰ কৰি জীয়াই আহিছিল, সেইবোৰৰ বহুতেই এতিয়া মানুহৰ দেহকেই পোষক হিচাবে বাছি লৈছে আৰু মাৰাত্মক জীৱাণুঘটিত ৰোগৰ সৃষ্টি কৰিছে। মিউটেচনৰ ফলত যি জিনগত পৰিবৰ্তন হয়, তাৰ ফলত, তাৰ সংক্ৰমণ ক্ষমতা বহুগুণে বাঢ়ি গৈছে। এটা প্ৰাণীৰ শৰীৰত কোনো ৰোগৰ সৃষ্টি নকৰাকৈ কোনো ভাইৰাছ বা বেক্টেৰিয়া নথকা নহয়, পিছে সেই ভাইৰাছ বা বেক্টেৰিয়াই অন্য এটা প্ৰাণীৰ শৰীৰলৈ আহি বিপদজনক চৰিত্ৰ ধাৰণ কৰিব পাৰে। বিজ্ঞানৰ পৰিভাষাত ইয়াক কোৱা হয় 'ক্ৰছঅভাৰ অৱ ডিজিজেছ' বা 'ক্ৰছ স্পেছিছ ট্ৰেনছমিছন।'

এই ধৰণে যিমানেই বেছি অবিবেচকৰ দৰে আৰু অনিয়ন্ত্ৰিতভাৱে প্ৰাকৃতিক পৰিবেশক বিপন্ন কৰা হ'ব, সিমানেই জীৱজন্তু আৰু উদ্ভিদৰ দেহত যিবোৰ ভাইৰাছ আৰু বেক্টেৰিয়াই আপাত দৃষ্টিত কোনো ক্ষতি নকৰে, সেইবোৰে মানুহৰ দেহ সংক্ৰমিত কৰি মানুহৰ জীৱন বিপন্ন কৰি তুলিব আৰু মানৱ সভ্যতাৰ ওচৰত বিভীষিকাময় হৈ উঠিব। ইয়াৰ বাহিৰেও ব্যৱসায়ীক কাৰনত যিবোৰ জীৱজন্তুৰ মাংস বা ছাল বিক্ৰী বা ৰপ্তানী কৰা হয় বা তাৰ চোৰাং চালান বা এঠাইৰ পৰা আন ঠাইলৈ নিয়া হয়, সেই জীৱজন্তুৰ দেহত থকা জীৱাণুবোৰ চাৰিওফালে বিয়পি পৰে। সেই সময়ত যিবোৰ মানুহ সেইবোৰৰ সংস্পৰ্শলৈ আহে, সেই মানুহবোৰৰ শৰীৰক এই জীৱাণুবোৰে সংক্ৰমিত কৰে আৰু বিভিন্ন ৰোগৰ সৃষ্টি কৰে।

আমাৰ স্বাস্থ্য পাৰিপাৰ্শ্চিক পৰিবেশ আৰু চাৰিওফালে উপস্থিত থকা অসংখ্য আণুবীক্ষণিক জীৱাণুৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু বৰ্তমান সময়ত যিটো সকলোতকৈ ভয়ংকৰ সি হ'ল দেশে দেশে পুঁজিপতি গোষ্ঠীবোৰে সিহঁতৰ অৰ্থলিপ্সা পুৰণৰ স্বাৰ্থত তথাকথিত নগৰ সৃষ্টি আৰু উন্নয়নৰ নামত বেপৰোৱা হৈ বাধাহীন ভাৱে বনাঞ্চল ধংস কৰাত লিপ্ত হৈছে। শিল্প-উদ্যোগ, কল-কাৰখানাবোৰে বিষাক্ত গেছ আৰু বিভিন্ন বৰ্জ্য পদাৰ্থ উৎপন্নৰ জৰিয়তে ভীষণভাৱে পৰিবেশক দুষিত কৰি আহিছে। অথচ সেইয়া জানি-বুজিও বন্ধ বা বৈজ্ঞানীক উপায়েৰে নিয়ন্ত্ৰিত কৰা হোৱা নাই, কাৰন সেইয়া কৰিলে পুঁজিপতি মালিকৰ লাভৰ পৰিমাণ কমি যাব। খনিজ পদাৰ্থ খননৰ ক্ষেত্ৰতো পৰিবেশ ৰক্ষাৰ নিয়ম-নীতি মানি চলা নহয়, আমি দিহিং পাটকাইৰ ক্ষেত্ৰতে দেখিছো। যতে ততে বৰ্জ্য পদাৰ্থ জমা কৰা, জলাশয়বোৰক দূষিত কৰা, খনিৰ দূষিত পানী, আনকি খনিৰ পৰা ওলোৱা তেজস্ক্ৰিয় বিকিৰণে খনিৰ শ্ৰমিকসকল আৰু সংলগ্ন অঞ্চলৰ বসবাসকাৰীৰ প্ৰতি এক বিপদজনক স্বাস্থ্য সংকটৰ সৃষ্টি কৰি আহিছে। তাতোকৈ বিপদজনক হ'ল সাম্ৰাজ্যবাদী শক্তিসমূহে ক্ৰমবৰ্ধমান অৰ্থনীতিৰ সামৰিকীকৰণৰ বাবে আৰু স্থানীয় তথা আংশিক যুদ্ধৰ সৃষ্টি আৰু দখলদাৰী মানসিকতা কাৰ্য্যকৰী কৰাৰ বাবে ব্যাপকভাৱে পৰমাণু অস্ত্ৰ আৰু জীৱাণু অস্ত্ৰ তৈয়াৰ কৰি আহিছে।

এইবোৰৰ বাহিৰেও গৱেষণগাৰবোৰত বিভিন্ন ধৰণৰ জৈৱাস্ত্ৰ তৈয়াৰ কৰাৰ লগতে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ উৎপাদনৰ প্ৰক্ৰিয়াই পৰিবেশতন্ত্ৰৰ ভাৰাসাম্য নষ্ট কৰিছে। ভোগবাদী এই সমাজ ব্যৱস্থাত ব্যাপক হাৰত গ্ৰীন হাউচ গেছ উৎপন্ন হৈছে, বনাঞ্চলৰ মাটি দখল আৰু খনিজ পদাৰ্থ উত্তোলনৰ উদ্দেশ্যৰে ইচ্চাকৃত ভাৱে দাৱানলৰ সৃ্টি কৰা হৈছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত হিমবাহ আৰু মেৰু অঞ্চলৰ বৰফ গলি যোৱা, জলসংকট, নদীদূষণ, ভুমিকম্প, খৰাং, ধুমুহা-বতাহ, বানপানী, চুনামীৰ দৰে ক্ৰমবৰ্ধমান প্ৰাকৃতিক দুৰ্য্যোগ আৰু বিপৰ্য্যয় ন ন ৰূপত দেখা দিছে। এই সকলোবোৰে সাধাৰণলোকসকলৰ জীৱনক বিপন্ন কৰি তুলিছে, প্ৰাণহানি ঘটাইছে আৰু সম্পত্তি নষ্ট কৰিছে। ইয়াৰ বাহিৰও জলবায়ু পৰিবৰ্তনৰ কাৰনে কৃষিত পোঁক-পৰুৱাৰ আক্ৰমণ বাঢ়িছে, অনিয়মিত বৃষ্টিপাতৰ ফলত কেতিয়াবা বানপানী, কেতিয়াবা খৰাং হৈছে, যিয়ে কৃষিজাত পণ্যৰ উৎপাদন নিম্মগামী কৰিছে। ইয়াৰ ফলত দৰিদ্ৰ কৃষিজীৱিসকলৰ জীৱন আৰু জীৱিকাৰ ওপৰত সৰ্বনাশীয় প্ৰভাৱ পৰিছে।

প্ৰকৃতিৰ ওপৰত আমি যি অত্যাচাৰ কৰিছো, ব্যহ্যিক দৃষ্টিত হয়তো লাগিব প্ৰকৃতিয়ে সেইয়া নীৰৱে সহ্য কৰি গৈছে ! কিন্তু সেইয়া নহয়। প্ৰকৃতিয়ে তাৰ সমুচিত প্ৰত্যুত্তৰো আমাক দিছে। যিদৰে আজি জলবায়ু সংকট হৈছে, ছাৰ্ছ, মাৰ্ছ, এইছআইভিৰ আদিৰ দৰে এটাৰ পাছত এটা মহামাৰিৰ আক্ৰমণ চলি আহিছে, এই দীৰ্ঘ তালিকাত অতি সংক্ৰামক কোভিদ ১৯ ব্যাধি নৱতম সংযোজন। নোভেল কৰ'না ভাইৰাছ যোৱা ৫-৬ মাহৰ ভিতৰত সমগ্ৰ বিশ্বত ব্যাপক ভাৱে বিয়পি পৰি ত্ৰাসৰ সৃষ্টি কৰিছে। অথচ ইয়াৰ আৰম্ভ হৈছিল চীনৰ উহান চহৰৰ এক নিৰ্দ্দিষ্ট স্থানৰ কিছুমান মানুহৰ মাজত। বিশ্বায়নৰ বাবে মূলত আকাশীপথেৰে পৰিভ্ৰমণ কৰা মাধ্যমৰে আজি সি সংক্ৰমিত হৈছে বিশ্বৰ প্ৰান্তে প্ৰান্তে। উহান চহৰ হৈছে চীনৰ অন্যতম গুৰুত্বপূৰ্ণ ইণ্ডাষ্ট্ৰিয়েল হাব। ইয়াত চীন সহ বিশ্বৰ অন্যান্য সাম্ৰাজ্যবাদী দেশৰ বহুতো শিল্প কল-কাৰখানা আছে। ফলত আকাশীপথ আৰু জলপথেদি অন্যান্য দেশৰ লগত এই চহৰৰ যোগাযোগ খুবেই সুদৃঢ়। সংক্ৰমণৰ লগতে মৃত্যুৰ সংখ্যাও ক্ৰমান্বে বাঢ়ি অহাত ২০ জানুৱাৰীৰ পৰা এই চহৰক অৱৰুদ্ধ কৰা হয় অৰ্থ্যাত দেশৰ অন্যান্য অঞ্চলৰ লগত সম্পৰ্ক বিছিন্ন কৰি দিয়া হয়। কিন্তু এই চহৰৰ লগত অন্যান্য দেশৰ আকাশীপথ আৰু জলপথৰ যোগাযোগ বাণিজ্যৰ স্বাৰ্থত, লাভৰ স্বাৰ্থত চলি থাকিব দিয়া হয়। আৰু তাৰ লগে লগে এই সংক্ৰামক ব্যাধি সংক্ৰমিত হৈছে বিশ্বৰ প্ৰান্তে প্ৰান্তে। প্ৰথমৰ পৰায়েই যদি চীনে এই ৰোগৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ চেষ্টা কৰিলে হয়, তেনেহ'লে এই ৰোগ সমগ্ৰ বিশ্বত বিয়পি নপৰিলে হয়। 

সকলো ৰাজনৈতিক সচেতন লোকৰ এইটো জ্ঞাত যে চীনে বহুত দিন আগতেই সমাজতন্ত্ৰৰ পথ পৰিহাৰ কৰি পুঁজিবাদী অৰ্থনীতিৰ পথ গ্ৰহণ কৰিছে। অকল সেইয়াই নহয় চীন এতিয়া বিশ্বৰ অন্যতম শক্তিশালী সাম্ৰাজ্যবাদী ৰাষ্ট্ৰ আৰু আমেৰিকাৰ সমকক্ষ। গতিকে চীনে লকডাউন কৰি নিজৰ অৰ্থনীতিক মন্দা অৱস্থালৈ ঠেলি দিবলৈ বিছৰা নাছিল - তাৰ বাবে লাগে কিছু মানুহ মৰে যদি মৰক। বিশ্বৰ অধিকাংশ পুঁজিবাদী-সাম্ৰাজ্যবাদী দেশৰ ৰাষ্ট্ৰপ্ৰধানসকলেও এই ৰোগক প্ৰথমে বৰ সাধাৰণ ভাৱে লৈছিল। ৰোগ বেছিকৈ সংক্ৰমিত হোৱাৰ বহুত পিছত পৰিস্থতি আয়ত্বৰ বাহিৰলৈ গুছি যোৱাৰ আশংকা কৰি তেওঁলোকে লকডাউন ঘোষণা কৰিছিল। সমগ্ৰ বিশ্বতেই পুঁজিবাদী অৰ্থনীতি আজি ভীষণ মন্দা অৱস্থাত নিমৰ্জিত। গতিকে কোনো দেশেও লকডাউন বিছৰা নাছিল। পুঁজিবাদী সমাজত প্ৰকৃতিৰ পৰা পোৱা কেঁচামালৰ দৰে মানুহো এটা কেঁচামাল মাত্ৰ। পুঁজিবাদী শাসনব্যৱস্থাত যি যি ক্ষেত্ৰ বেছি লাভজনক সেই ক্ষেত্ৰবোৰত বেছি গুৰুত্ব দিয়া হয়, অৱহেলিত হয় চৰকাৰী পৰিসেৱা দিয়া ক্ষেত্ৰবোৰ। কভিদ ১৯য়ে দেখুৱাই দিছে তথাকথিত উন্নত পুঁজিবাদী দেশবোৰৰ চৰকাৰী স্বাস্থ্য পৰিসেৱাৰ কৰুণ অৱস্থা। স্বাস্থ্য কাঠামো দুৰ্বল, নাই উপযুক্ত সংখ্যক চিকিৎসালয়, নাই ঔষধৰ যোগান অথবা উন্নত মানৰ যন্ত্ৰপাতি। অথচ অতি ক্ষুদ্ৰ সমাজতান্ত্ৰিক ৰাষ্ট্ৰ কিউবাই আজি তাৰ উন্নত স্বাস্থ্য পৰিসেৱাৰে কভিদ-১৯ নিয়ন্ত্ৰণ কৰাৰ উপৰিও অন্য দেশলৈ সাহাৰ্য্যৰ হাত আগবঢ়াই দিছে।

প্ৰকৃতিত কোনো ঘটনা এনেই নঘটে, প্ৰতিটো ঘটনাৰ পাছত কাৰ্য্যকাৰণ সম্পৰ্ক থাকে। প্ৰত্যেকটো ঘটনাৰ দ্বাৰা অন্য ঘটনাবোৰ প্ৰভাৱিত হয়। প্ৰকৃতি সদায় দ্বন্দৰ মাজেদি অৱস্থান কৰে আৰু দ্বান্দিক ভাৱে কাম কৰে। সকলো জীৱ-জন্তুৰ দৰে মানুহেওঁ তাৰ অৱস্থান আৰু কাম-কাজৰ দ্বাৰা এই প্ৰাকৃতিক পৰিবেশক প্ৰভাৱিত কৰিছে আৰু দ্বান্দিক ভাৱে ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে। যিক্ষেত্ৰত জীৱ-জন্তুয়ে পৰিবেশক অনিচ্ছাকৃত ভাৱে প্ৰভাৱিত কৰি আহিছে, সেই ক্ষেত্ৰত মানুহে পৰিকল্পনা অনুসৰি কৰা নিজৰ স্বাৰ্থত কাম-কাজৰ জৰিয়তে প্ৰকৃতিক প্ৰভাৱিত কৰি আহিছে। কিন্তু বিচাৰিলেও মানুহে প্ৰকৃতিক সম্পূৰ্ণভাৱে নিজৰ ইচ্ছা অনুসৰি চলাব পৰা নাই। দাৰ্শনিক এংগেলছে দেখুৱাইছে- যিদৰে এজন ৰজা বা সম্ৰাটে দেশক শাসন কৰে, তেনেদৰে মানুহে প্ৰকৃতিক শাসন কৰিব নোৱাৰে। মানুহে প্ৰকৃতিৰ নিয়মবোৰ সৃষ্টি কৰিব নোৱাৰে, বিজ্ঞানৰ সহায়ত মাত্ৰ সি নিয়মবোৰ আৱিস্কাৰ কৰিব পাৰে। ক্ষতিকাৰক প্ৰকৃতিৰ নিয়মক সি মাথোন সংযত কৰিব পাৰে, প্ৰকৃতিৰ নিয়মবোৰ ব্যৱহাৰ কৰাৰ উপায় উলিয়াব পাৰে, যাতে তাৰ দ্বাৰা মানুহৰ উপকাৰ হয়। এতিয়াও আমি প্ৰকৃতিৰ গঠন আৰু ধৰণৰ অন্তৰ্নিহিত নিয়মবোৰ জনাৰ চেষ্টা কৰি গৈছো। প্ৰকৃতিৰ মাজৰ বিভিন্ন উৎপাদন প্ৰক্ৰিয়াৰ তাৎক্ষণিক আৰু দীৰ্ঘস্থায়ী প্ৰভাৱ কি হ'ব পাৰে আৰু প্ৰকৃতিৰ কাৰ্য্যধাৰাত সি কি ভাৱে প্ৰভাৱ পেলাইছে - প্ৰতিদিনেই আমি এই নিয়মবোৰ আৰু সুন্দৰ ভাৱে বুজাৰ চেষ্টা কৰিছো। সেয়েহে দাৰ্শনিক মাৰ্ক্সে কৈছিল - ইতিহাস নিজেই প্ৰকৃতিৰ ইতিহাসৰ এটা বাস্তৱ অংশ, প্ৰকৃতিৰ পৰা মানুহ হৈ উঠাৰ ইতিহাস।

দাৰ্শনিক এংগেলছে আজিৰ পৰা ১৩৭ বছৰ আগতেই সতৰ্কবাণী দিছিল-"প্ৰকৃতিৰ ওপৰত মানুহৰ এই জয়লাভত আমি যাতে বহুত বেছি আত্মপ্ৰসাদ লাভ নকৰো। কাৰণ এনেধৰণৰ প্ৰতিটো জয়লাভৰ বাবে প্ৰকৃতিয়েও আমাৰ ওপৰত প্ৰতিশোধ লয়। এটা কথা সত্য যে, প্ৰতিটো জয়ৰ ফলাফল প্ৰথমে আমাৰ ইপ্সিত আকাংখা অনুযায়ী ঘটে, কিন্তু দ্বিতীয় আৰু তৃতীয় ক্ষেত্ৰত ইয়াৰ ফলাফল সম্পূৰ্ণ পৃথক হয় আৰু সেইয়া অপ্ৰত্যাশিত। প্ৰায়েই সি প্ৰথম ফলাফলক ব্যৰ্থ কৰি দিয়ে। মেছোপটেমিয়া, গ্ৰীছ, এচিয়া মাইনৰ আৰু অনান্য ঠাইত এদিন মানুহে কৃষি উপযোগী মাটি উলিয়াবলৈ বনভূমিক নিৰ্মূল কৰি দিছিল। তেওঁলোকে সপোনতো ভৱা নাছিল যে আজি এই দেশবোৰৰ বিধ্বস্ত অৱস্থাৰ ভিত্তি তেওঁলোকেই স্থাপন কৰি গৈছিল। কাৰন বনভুমি নিৰ্মূল কৰাৰ লগে লগে সি জলীয় বাস্প সংগ্ৰহ আৰু ধাৰণ কৰাৰ কেন্দ্ৰবোৰ নি:শেষ কৰি দিয়ে। আল্পচৰ দক্ষিণ ঢালৰ পাইন অৰণ্যবোৰক ইটালীয়সকলে যেতিয়া ধ্বংস কৰি পেলালে, তেতিয়া তেওঁলোকৰ অলপমানো ধাৰণা হোৱা নাছিল যে ইয়াৰ ফলত তেওঁলোকে পশুপালনৰ মূলতেই কুঠাৰাঘাত কৰিছে। ইয়াৰ ফলত তেওঁলোকে গমেই নাপালে যে, বছৰৰ বেছিভাগ সময়ৰ বাবে পাৰ্বত্য অঞ্চলত পানী পোৱাৰ সম্ভাৱনা নষ্ট হৈ গ'ল আৰু ফলস্বৰূপে বাৰিষাকালত তলৰ সমতলভূমি আৰু ভয়ংকৰ বানত বিধস্ত হৈ যাব। আমাৰ প্ৰতিটো পদক্ষেপ আমি এনেধৰণে স্মৰণ কৰিব লাগিব যে, বিজেতা যিদৰে বিজিত জাতিৰ ওপৰত আধিপত্য বিস্তাৰ কৰে, আমিও কোনোপধ্যে সেই ধৰণে প্ৰকৃতিৰ ওপৰত প্ৰভূত্ব কৰিব নোৱাৰো। বৰং তেজ, মঙহ আৰু মগজুলৈ আমিও প্ৰকৃতিৰ ভিতৰৰে এটা অংশ, প্ৰকৃতিৰ মাজতে আমাৰ অস্তিত্ব। প্ৰকৃতিৰ ওপৰত আমাৰ যি প্ৰভুত্ব তাৰ কাৰন এই যে আমি প্ৰকৃতিৰ নিয়মবোৰ আয়ত্ব কৰিবলৈ আৰু নিৰ্ভূল ভাৱে প্ৰয়োগ কৰিবলৈ সক্ষম হৈছো.........যিসকল ব্যক্তিয়ে পুঁজিবাদী উৎপাদন আৰু বিনিময় ব্যৱস্থাৰ ওপৰত নিয়ন্ৰণ বিস্তাৰ কৰে, তেওঁলোকে তেওঁলোকৰ কাৰ্য্যৰ কেৱল মাত্ৰ প্ৰত্যক্ষ্তম উপযোগী ফলাফল লৈ ভাবিবলৈ সক্ষম।"(প্ৰকৃতিৰ দ্বান্দিকতা-Dialectics of Nature ) তেওঁৰ এই বক্তব্য কিমান সত্য আছিল সি আজি প্ৰমানিত।

শেষ বিচাৰত আমি কবয়েই লাগিব যে পুঁজিবাদী সমাজৰ লোলুপ, বৰ্বৰ, অধিক লাভ অৰ্জ্জনৰ প্ৰবৃত্তিয়ে এই ভয়ংকৰ ভাইৰাছক উন্মুক্ত কৰিছে, মৃত্যুৰ দামামা বজাই আজি মানৱ সভ্যতাক ভয়লগাকৈ কঁপাই তুলিছে। পুঁজিবাদী সমাজ ব্যৱস্থাৰ শোষণ কিমান নিৰ্মম, নৃশংস, অমানৱিক, প্ৰতিক্ৰিয়াশীল, দুৰ্নীতিগ্ৰস্ত, সি লাগে আমেৰিকা-ইউৰোপৰ দৰে তথাকথিত উন্নত পুঁজিবাদী সমাজ ব্যৱস্থাই হওঁক, বা পচ্চাদপদ পুঁজিবাদী দেশেবোৰেই হওঁক, কোভিদ ১৯ মহামাৰীয়ে তাক আকৌ প্ৰমাণ কৰিলে। পুঁজিবাদৰ নীতিয়েই হ'ল সকলোতকৈ বেছি লাভ অৰ্জ্জন কৰা, কেৱল মাত্ৰ সাধাৰণ জনগণক নৃশংসভাৱে শোষণ কৰায়েই নহয়, সৰ্বতোপ্ৰকাৰে প্ৰকৃতিকো শোষণ কৰা। ফলত এই ধাৰাবাহিক মহামাৰিৰ প্ৰকোপ আৰু তাৰ ফলত জনগণৰ স্বাস্থ্যহানি, প্ৰাণহানিৰ বাবে আমি পুঁজিবাদী সমাজ ব্যৱস্থাকেই আজি বিচাৰৰ কাঠগড়াত থিয় কৰাব লাগিব।
(লেখকৰ হোৱাটছআপ: ৯৪৩৫৭০৪০৯০)
তেখেতৰ আন আন প্ৰকাশিত লেখা পঢ়িবৰ বাবে একত্ৰ লিংকঃ

No comments:

Post a Comment