চিন্তন: অখিল গগৈঃ বন্দীত্ব বনাম বৰ্ধিত ৰাজনৈতিক গুৰুত্ব ::কস্তুৰী চুতীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তন: অখিল গগৈঃ বন্দীত্ব বনাম বৰ্ধিত ৰাজনৈতিক গুৰুত্ব ::কস্তুৰী চুতীয়া

চিন্তন: অখিল গগৈঃ বন্দীত্ব বনাম বৰ্ধিত ৰাজনৈতিক গুৰুত্ব ::কস্তুৰী চুতীয়া

Share This
অখিল গগৈঃ বন্দীত্ব বনাম বৰ্ধিত ৰাজনৈতিক গুৰুত্ব
কস্তুৰী চুতীয়া
গণতন্ত্ৰ কেৱল চৰকাৰৰ নহয়, গণতন্ত্ৰ সাধাৰণ ভোটাৰৰ, গণতন্ত্ৰ প্ৰভাৱগোষ্ঠীৰ , গণতন্ত্ৰ বিৰোধীৰো। গণতন্ত্ৰত চৰকাৰে যদি কিবা জনকল্যাণ বিৰোধী বা হঠকাৰী সিদ্ধান্ত লৈছে, তাৰ বিৰোধিতা জনতাই কৰিছে আৰু বহুসময়ত সেই বিৰোধিতাই জনকল্যাণমূলক প্ৰভাৱ লৈ আহিছে। গণতন্ত্ৰত চৰকাৰ আৰু ৰাষ্ট্ৰৰ সংজ্ঞা পৃথক।চৰকাৰ বিৰোধিতা ৰাষ্ট্ৰদোহ হ'ব নোৱাৰে। বৰঞ্চ কিছু কিছু সময়ত ই ৰাষ্ট্ৰপ্ৰেমহে হ'ব পাৰে। বিশ্বৰ দেশে দেশে তাৰ উদাহৰণ অলেখ।
ভাৰতবৰ্ষৰ এই অসম প্ৰদেশত বৰ্তমানৰ বিৰোধী দল সমূহৰ ভূমিকা সন্তোষজনক নহয়। চৰকাৰৰ দোষ আঙুলিয়াই দিয়াতকৈ অধিক সময় নিজৰ দলীয় খোৱা-কামোৰাৰ বাবেহে সংবাদ শিৰোনামাত থাকে। কেতিয়াবা চৰকাৰৰ হঠকাৰীতাৰ বিৰোধিতা ভালদৰে কৰা নাই আৰু কেতিয়াবা কল্যাণমূলক প্ৰসংগতো দুৰ্বল বিৰোধিতা আগবঢ়াইছে। অৱশ্যে তাৰ মাজতে ভাল কামৰ উদাহৰণো আছে | এই পৰিস্থিতি আজিৰ নহয়। কংগ্ৰেছ শাসনকালতো কংগ্ৰেছে বিৰোধীক প্ৰায় কণ্ঠৰূদ্ধ কৰিব বিচাৰিছিল। বিজেপিৰ শাসন কালত এই কণ্ঠৰূদ্ধ কৰিব বিছৰা মানসিকতা Information Technologyৰ বৃদ্ধিৰ সমান্তৰালভাৱে আকাশলংঘী হৈ বাঢ়ি আহিল। সামাজিক গণ-মাধ্য চলাবলৈ গঠন কৰা হ'ল সংগঠিত IT CELL. এই চেলৰ পৰা মেডিয়া পেনেললৈকে প্ৰতি আক্ৰমণৰ তীব্ৰতা অতি সাংঘাটিক। স্বাভাৱিকভাৱেই জনমতৰ প্ৰতি চৰকাৰৰ অসহিষ্ণুতা জল জল পট পট হৈ পৰিল। 

বিগত দহ-পোন্ধৰ বছৰে যদি অসমত বিৰোধী দুৰ্বল , তেন্তে প্ৰশ্ন হয় বিৰোধীৰ ভূমিকা কোনে মূলতঃ গ্ৰহণ কৰিছে ? প্ৰভাৱগোষ্ঠীসমূহে নিঃসন্দেহে। তাৰ মাজত আছে সংবাদ মাধ্যমৰ পৰা অৰাজনৈতিক সংগঠনসমূহলৈকে। অখিল গগৈ তাৰে এটা উল্লেখনীয় শক্তি। অখিল গগৈ অকলেই এক বৃহৎ প্ৰভাৱগোষ্ঠী বা প্ৰেছাৰ গ্ৰুপ হিচাবে থিয় দিলে। ভূমি সুৰক্ষাৰ প্ৰসংগ উত্থাপিত কৰিলে। দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে। তাৰে কেইবাটাও প্ৰতিবাদ সফল হ'ল আৰু জেল অখিল গগৈৰ যেন দ্বিতীয় ঠিকনা হৈ পৰিল। অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ প্ৰসংগ উত্থাপন কৰি বিৰোধিতা কৰাৰ পৰা নাগৰকিত্ব সংশোধনী বিল/আইনৰ বিৰোধী স্থিতিলৈকে.... অখিল গগৈ যেন অসমত শাসকীয় চৰকাৰৰ চকুৰ কূটা , দাঁতৰ শূলত পৰিণত হৈ পৰিছিল। তৰুণ গগৈৰ চৰকাৰ, সৰ্বানন্দ সোনোৱাল চৰকাৰৰ তুলনাত বিৰোধ দমনত কিছু নৰম আছিল। সোণোৱাল চৰকাৰ বিৰোধ দমনত ক্ষিপ্ৰ। উন্নয়নতকৈও উন্নয়নৰ গুণ গান প্ৰিয় হ'লে, এনে অসহিষ্ণুতাই দেখা দিয়াটো স্বাভাৱিক!!

অখিল গগৈয়ে মাজে সময়ে দুই এক ভুলো কৰিছে। মানুহে তেখেতকো সমালোচনা কৰিছে। মাজতে অখিল গগৈক সমালোচনা কৰাটো ট্ৰেণ্ডৰ দৰে হৈছিল। তেনে এটা দিনতে 'প্ৰাগ য়ুথ কনক্লেভ'ত কিছু সতীৰ্থৰ লগত যাওঁতে ,অখিল গগৈক এবাৰ লগ পাইছিলো, মানে এবাৰেই লগ পাইছো। প্ৰথম লগ পাইয়ে মই কৈছিলো, "স্কুলত পঢ়ি থাকোতে আপোনাৰ নামটো প্ৰথম শুনিছিলো। তেতিয়া সকলোৱে আপোনাক ভাল পাইছিল। পিছলৈ আগৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিব পৰা নাই যেন! বহুতৰ মুখত এতিয়া আপোনাৰ সমালোচনা। আপুনি নিজকে দোষী বুলি নাভাবেনে?" মই ভাবিছিলো, ইমান সৰু ছোৱালী এজনীৰ মুখত তেনে কথা শুনি মানুহজনৰ খং উঠিব নতুবা এইবোৰ চক্ৰান্ত বুলি কৈ আঁতৰি যাব। কিন্তু নুঠিল। হাঁহি এটাৰে মানুহজনে কৈছিল, "আচলতে কথাবোৰ তেনেকুৱা নহয়। আকৌ লগ পাম নিশ্চয় , কেতিয়াবা কম।" পাছলৈ মই বুজিলোঁ ভাৱমূৰ্তিৰ ধাৰণাটো আপেক্ষিকহে। একেজন মানুহৰ ভাৱমূৰ্তি মানুহৰ জীৱনকালত আৰু মৃত্যুৰ পাছত সলনি হয়। চৰকাৰ ভেদে সলনি হয়। মতাদৰ্শভেদে সলনি হয়। মত নিমিলিলেই টেটুচেঁপা দিয়াৰ প্ৰচেষ্টাটো কিন্তু যে অতি পাশৱিক, তাতহে কোনো সন্দেহ নাই।

অখিল গগৈক লৈ চৰকাৰ-প্ৰশাসন আগৰ পৰা কঠোৰ। এইবাৰ ২০১৭ চনৰ সংবাদ শিৰোনাম পোৱা প্ৰসংগ কেইটিমানৰ উত্থাপন কৰোঁ-

*৮এপ্ৰিল, ২০১৭ : আৰ.আৰ. এছ.ৰ শোভাযাত্ৰাত শিশুৰ হাতত পৰিলক্ষিত হ'ল মৰণাস্ত্ৰ | ( দ্যা হিন্দুত প্ৰকাশিত বাতৰি মৰ্মে)

*৫জুন,২০১৭-থিৰুৱান্তপুৰম : আৰ.আৰ.এছৰ দ্বাৰা ত্ৰিশটাকৈ শিবিৰত মৰণাস্ত্ৰৰ প্ৰয়োগৰ প্ৰশিক্ষণ দিয়া হৈছিল বুলি তথ্য লাভ |

*১৩ ছেপ্তেম্বৰ,২০১৭-অসম : অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ প্ৰয়োজনত হেংদানৰ পৰিৱৰ্তে AK 47 তুলি ল'ম বুলি অখিল গগৈয়ে দিয়া বক্তব্যৰ ভিত্তিত গোলাঘাটৰ পৰা গেপ্তাৰ কৃষক নেতাজনক | IPC section 124 (A), IPC sections 120-B (অপৰাধমূলক মন্তব্যৰ বাবে), 121 (চৰকাৰ বিৰোধী উচতনিমূলক মন্তব্যৰ বাবে), 109 (Abetment of an offence), 153 (সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্টৰকাৰী মন্তব্যৰ বাবে), আৰু153-A (ঘৃণাপূৰ্ণ মন্তব্যৰ বাবে) আদি ধাৰা জাপি দিয়া হ'ল |

আৰ. এছ. এছ.ৰ দ্বাৰা বিদ্যালয় নিৰ্মাণ হৈছে. চিকিৎসালয় নিৰ্মাণ হৈছে : আমি সুখী হৈছো | কিন্তু এইয়া চৰকাৰৰ আইন প্ৰয়োগৰ ক্ষেত্ৰত বৈষম্য নহয় যদি, বৈষম্যমূলক পদক্ষেপৰ সংজ্ঞাইবা হব কি?

কাঁ বিৰোধী প্ৰতিবাদৰ সময়ত প্ৰত্যক্ষভাৱে জড়িত আছিলো আমাৰ দৰে ছাত্ৰ-ছাত্ৰীসমূহো। কটনৰ বাকৰিত প্ৰথম দিনা আমি আছিলো | পাছত পুলিচৰ খেদাও খালো। বিভিন্ন প্ৰতিবাদী সভাত বক্তব্য ৰাখিলো। সেই সময়ৰ ঘটনাক্ৰম কিছু সাঁচি থলো। তাৰ মাজতে খবৰ পালো যোৰহাটৰ পৰা অখিল গগৈক গ্ৰেপ্তাৰ কৰিছে। সেইবাৰ অখিল গগৈয়ে কোনো উত্তেজিত ভাষণ দি থকা নাছিল। উচতনিমূলক বক্তব্য নাছিল। ভাবিলো এইয়া কিছুদিনৰ বাবেহে হ'ব। কিন্তু তাৰ পাছত অখিল গগৈ আজিলৈকে মুকলি নহ'ল। এই ভাৰ্চুৱেল পৃথিৱীৰ মানুহৰ আৱেগ ক্ষন্তেকীয়া। কাঁৰ পৰা এতিয়া পৰা ক'ৰণাক লৈ সকলো ব্যস্ত হ'ল। ভেকচিন ওলালেই হয়তো ক'ৰণাৰ ত্ৰাসো পাহৰি যাব। কিন্তু , কাৰাৰুদ্ধ হৈ থাকিল অখিল গগৈ আৰু সতীৰ্থসকল। 

২০০৭ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সিদ্ধান্ত অনুসৰি ১৫ ছেপ্তেম্বৰক "আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱস"ৰ মান্যতা দিয়া হৈছিল | গণতন্ত্ৰ ৰাইজৰ প্ৰতিনিধিৰ দ্বাৰা ৰাইজৰ চৰকাৰ। গণতন্ত্ৰ ৰাইজৰ মংগলাৰ্থে ৰাইজৰ চৰকাৰ। অথচ, আজিৰ গণতন্ত্ৰৰ নতুন ৰূপ, য'ত 'জোৰ যাৰ মুলুক তাৰ' এই অৱস্থাৰহে ঘটিছে বাস্তৱ প্ৰতিফলন। আজিৰ গণতন্ত্ৰত মুষ্টিমেয় প্ৰকৃত নেতাৰ জন্ম হোৱা নাই, জন্ম হৈছে বিষাক্ত কাঠফুলাৰ দলিচাৰ দৰে অসংখ্য মিছা নেতাৰ দল আৰু যদি ক'ৰবাত শুনা গৈছে খাটিখোৱা জনতাৰ চিঞৰ, সেই চিঞৰ ৰুদ্ধ কৰি সুৰক্ষিত কৰা হৈছে গাদী। বাৰে বাৰে জনতাই কেৱল ঠগন খাইছে। সমগ্ৰ বিশ্বত এতিয়া গণতন্ত্ৰ এটা কেৱল চ'চিয়েল মেডিয়াৰ হেচটেগলৈ ( # ) ৰূপান্তৰিত হ'ব ধৰিছে। চৌপাশে যেন স্বৈৰতন্ত্ৰৰ চৰিত্ৰবোৰেহে লাহে লাহে মূৰ দাঙি উঠিছে। গণতন্ত্ৰৰ সুৰক্ষা তেতিয়া হ'ব যেতিয়া ব্যক্তি স্বাধীনতা, মানৱ অধিকাৰ , গণতান্ত্ৰিক অধিকাৰ সুৰক্ষিত থাকিব। অন্যথা, কেৱল ভোটাধিকাৰ গণতন্ত্ৰৰ শেষ চৰ্ত হৈ থাকিব নোৱাৰে।

অখিল গগৈক গণতান্ত্ৰিক প্ৰতিবাদৰ বাবেই এটাৰ পাছত আন এটা গোচৰৰ অজুহাতত কাৰাৰুদ্ধ কৰি ৰখাটোয়ে এক প্ৰকাৰ মানৱ অধিকাৰ ভংগ কৰিছে। তেখেতৰ বিৰুদ্ধে চৰকাৰৰ দৃঢ় একো তথ্য প্ৰমাণ নাই বাবেই তেনে তথ্য প্ৰমাণে সংবাদ শিৰোনামা দখল কৰা নাই। চাৰ্জশ্বীটৰ যিবোৰ কথা প্ৰকাশ পাইছে, সেইবোৰতো 'ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত' কথাৰহে উমান পোৱা গৈছে। ডঃ হীৰেন গোহাঁই চাৰেও বিবৃত্তি দি 'টুলুঙা কাৰণ' দৰ্শাই পক্ষপাতদুষ্টভাৱে চৰকাৰে অখিল গগৈ আৰু সতীৰ্থ সকলক কাৰাৰুদ্ধ কৰি ৰখা বুলি আঙুলিয়াই দিছে।

চৰকাৰ চলোৱা দলৰ নেতাই কৈছে সংবাদ মাধ্যমত, অখিল গগৈ প্ৰাসংগিক নহয়, ফেক্টৰ নহয়!! কিন্তু শেষত মানি লওক বা নলওক, ভাল পাওক বা বিৰক্ত হওক, আজিৰ তাৰিখত সত্য এইটোৱেই যে, অখিল গগৈৰ কণ্ঠ এতিয়াও প্ৰাসংগিক আৰু অখিল গগৈৰ কণ্ঠৰ অসমৰ জনমানসত বহুল প্ৰভাৱ আছে। অখিল গগৈক অনিশ্চিতকালীন ভাৱে কাৰাবন্দী কৰি কণ্ঠৰূদ্ধ কৰাৰ অপচেষ্টা আৰু এই অতিমাৰীৰ দিনতো বন্ধ কুঠৰীত ৰখাটোৱেই আচলতে প্ৰমাণ কৰে অখিল গগৈৰ অস্তিত্ব!! যুক্তিৰ বল, জনকণ্ঠৰ বলৰ যথাৰ্থতাও। এই প্ৰক্ৰিয়াত নিজৰ ভূমিকাৰে আচলতে চৰকাৰে নিজৰ হাতৰ কুঠাৰ ভৰিত মাৰি নিজেই যে প্ৰতিষ্ঠান বিৰোধী ঢৌৰ হে জন্ম দিছে, সেই কথাহে কিন্তু নিশ্চিত।
(অখিল গগৈ আৰু আন কাৰাবন্দী সতীৰ্থ সকল সোনকালে সুস্থ হৈ উঠাটো কামনা কৰিছো )
লেখিকা এগৰাকী শক্তিশালী তৰ্কবিদ আৰু গুৱাহাটীৰ সন্দিকৈ কলেজৰ ছাত্ৰী।

No comments:

Post a Comment