শোণিত কুমাৰ গোস্বামী
কৰ’না কালৰ পৰা উদ্ধাৰৰ পথ হিচাপে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মনিৰ্ভৰশীলতাৰ কথা উল্লেখ কৰিছে। এতিয়া ৰাজনৈতিক-সামাজিক মহলত কেৱল আত্মনিৰ্ভৰশীলতাৰ আলোচনা। এই আত্মনিৰ্ভৰশীলতাৰ সম্পৰ্কত বিশেষভাৱে চৰ্চাসকলৰ মাজত আছে বিজেপি দল তথা মোদী ডাঙৰীয়াৰ সমৰ্থক। তেওঁলোকৰ আত্মনিৰ্ভৰশীলতাৰ গূঢ়াৰ্থ কি সেয়া উপলব্ধি কৰিবৰ চেষ্টা নকৰি আত্মনিৰ্ভৰশীলতাক কেৱল স্বদেশীকৰণৰ সৈতে সংপৃক্ত কৰি ইয়াৰ জয়ঢোল কোবাইছে। ভাল কথা। কথাবোৰ স্বদেশী হ’লে আমাৰেই ভাল। দেশৰ উদ্যোগখণ্ডটো যদি সম্পূৰ্ণৰূপে আত্মনিৰ্শৰশীল হৈ পৰে তেন্তে ভাৰতীয়ৰেই দপদপনি চলিব।
কিন্তু এই কথাটোত এটা অন্য এটা দিশ লুকাই আছে। সেই দিশটো হৈছে দেশৰ অৰ্থনীতি চৰকাৰৰ হাতৰ পৰা ব্যক্তিগতখণ্ডলৈ গতি কৰাৰ কথাটো। আত্মনিৰ্ভৰশীলতাৰ মাজত সোমাই থকা মাৰাত্মক কথাটোৱেই হৈছে পুঁজিপতিৰ আগ্ৰাসন। দেশত এতিয়া মূলত কথাবোৰ তেনেকুৱাই হ’বলৈ গৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আত্মনিৰ্ভশীলতাৰ শ্ল’গান আওৰাবলৈ আৰম্ভ কৰাৰ পাছৰ পৰা কেন্দ্ৰ চৰকাৰৰ মূল উদ্দেশ্যটো স্পষ্ট হৈ পৰিছে। মিশ্ৰিত অৰ্থনীতিৰে চলা এই দেশ এতিয়া সমাজবাদ, কল্যাণকামী ৰাষ্ট্ৰৰ তত্ব নস্যা९ কৰি সম্পূৰ্ণভাৱে পুঁজিপতিৰ দেশ হোৱাৰ বাবে প্ৰয়োজনীয় কাম-কাজবোৰ আৰম্ভ কৰিছে। দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা অধিকসংখ্যক লোকৰ দেশত আত্মনিৰ্ভৰশীলতাৰ কথাৰে ব্যক্তিগতকৰণৰ দিশত গৈ পুঁজিবাদক উ९সাহ জনোৱা কথাটো কিমান সমীচিন সেয়া সঠিক সময়হে সাধাৰণ জনতাক বুজাব।
আত্মনিৰ্ভৰশীলতা মানে কি? এই কথাটো প্ৰথমে আমি বুজি পোৱাটো প্ৰয়োজনীয়। সাধাৰণ ভাষাত আত্মনিৰ্ভৰশীলতা বা স্বনিৰ্ভৰশীলতাৰ মানে হৈছেঃ
(১) এক বিশেষ ধৰণৰ কাৰ্যক্ৰমণিকা যি এটা সম্প্ৰদায়ক আৰ্থ-সামাজিক আৰু পৰিৱেশৰ দিশৰ পৰা আগবাঢ়ি যোৱাত সহায় কৰে।
(২) নব্য উদাৰীকৰণৰ অংশ স্বৰূপে ঔদ্যোগশীলতাৰ মানসিকতা বৃদ্ধি কৰা।
(৩) সমাজবাদৰ এটা নীতি যিয়ে আত্মনিৰ্শৰশীলতাৰ জড়িয়তে দেশৰ অৰ্থনীতি টনকিয়াল কৰাৰ দিশত আগবাঢ়ে।
মোদী ডাঙৰীয়াই নিজৰ আত্মনিৰ্ভৰশীলতাৰ সমৰ্থনত দেশ স্বনিৰ্ভৰশীল হোৱাৰ কথা ঠিকেই কৈছে কিন্তু বিত্তমন্ত্ৰীয়ে যেতিয়া সংবাদ মেলত ২০ লাখ কোটি টকাৰ অৰ্থনৈতিক সাহাৰ্যৰ কথা উল্লেখ কৰে তেতিয়া আমাৰ বুজিবলৈ অসুবিধা নহয় যে অৰ্থনৈতিক সাহাৰ্যৰ কথা বাৰে বাৰে কৈ থকা এইখন দেশত আত্মনিৰ্ভৰশীলতা মাথো এটা মনোগ্ৰাহী শ্ল’গানহে। নব্য উদাৰীকৰণৰ সূত্ৰ অনুসৰি স্বনিৰ্ভৰশীলতাই ব্যক্তিত্বকেন্দ্ৰীক বিকাশৰ ওপৰতহে গুৰুত্ব দিয়া দেখা যায়। ভৌগলিক (Geographer) তথা মানৱ বিজ্ঞানী (Anthropologist) ডেভিদ হাৰ্ভেই এইবুলি যুক্তি দিয়ে যে নব্য উদাৰীকৰণে ব্যক্তিগত সিদ্ধান্ত, ব্যক্তিগত বিকাশকহে গুৰুত্ব দিয়ে কিন্তু সামাজিক সামঞ্জ্যতা বিনষ্ট কৰে। প্ৰথম অৱস্থাত ব্যক্তিগত বিকাশে সকলোৰে মনলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনে কিন্তু কালক্ৰমত ই দৰিদ্ৰ আৰু প্ৰান্তিক জনগোষ্টীৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনে। নব্য উদাৰীকৰণৰ নীতি অনুসৰি প্ৰথমে ব্যক্তিগতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি লাহে লাহে ৰাষ্ট্ৰ সমাজবাদী নীতিসমূৰ পৰা আঁতৰলৈ গৈ থাকে। প্ৰয়োজনীয় নিত্য ব্যৱহাৰ্য সেৱা যেনে স্বাস্থ্য, শিক্ষা, বেংকীয় সেৱা, ৰেল সেৱা, প্ৰতিৰক্ষা আদি বিষয়সমূহ লাহে লাহে ব্যক্তিগতকৰণলৈ গতি কৰিবলৈ আৰম্ভ কৰে। বৰ্তমান আমাৰ দেশত চৰকাৰে যিবোৰ সিদ্ধান্ত ল’বলৈ আৰম্ভ কৰিছে সেইবোৰে আত্মনিৰ্ভশীলতাৰ কথাৰে ব্যক্তিগতকৰণৰ দিশতেই ধাৱমান হৈছে। মোদী ডাঙৰীয়াই লোৱা সিদ্ধান্তবোৰৰ পৰা এয়া সহজেই অনুমেয় যে ৰাষ্ট্ৰৰ দায়িত্বত থকা খণ্ডবোৰ চৰকাৰে গুৰুত্ব দিয়াৰ সলনি সেইবোৰৰ চম্ভালি লোৱাৰ দায়িত্ব ব্যক্তিত্বক দিয়া হৈছে। অনাগত দিনবোৰত পৰ্যায়ক্ৰমে ৰেল, কয়লা, খনন, শক্তিখণ্ডক ব্যক্তিগতখণ্ডলৈ মানে বৃহ९ পুঁজিপতি গোষ্ঠীলৈ হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে।
আত্মনিৰ্ভশীলতাৰ কথাবোৰ শুনিবলৈ ভাল কিন্তু চৰকাৰী নীতি আৰু কামবোৰে অন্য এটা দিশহে উন্মোচিত কৰিছে। মেক-ইন-ইণ্ডিয়াৰ জৰিড়তে ভাৰতত বিদেশী বিনিয়োগ কেইবাটাও খণ্ডত এশ শতাংশ কৰি দিয়াৰ পাছত চীন দেশৰ লগতে বহুকেইখন দেশে ইয়াত ব্যৱসায় আৰম্ভ কৰিছে তাৰোপৰি পুঁজিপতি গোষ্ঠীক ঋণ মাফ কৰি দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে অভিলেখ গঢ়িছে। শেহতীয়া এক সিদ্ধান্ত অনুসৰিয়েই ৬৮,৬০৭ কোটি টকাৰ বেংক ঋণ পৰিশোধ নকৰা ৫০ জন পুঁজিপতিক মোদী চৰকাৰে ঋণ ক্ষমা কৰি দিছে। এই লোকসলকৰ ভিতৰত নিৰৱ মোদী, মেহুল চোকচী, বিজয় মালিয়াও আছে। গতিকে কথাবোৰ স্পষ্ট। পুঁজিবাদী চিন্তাধাৰেৰে আগবঢ়া চৰকাৰখনৰ বাবে আত্মনিৰ্ভৰশীলতা মাথো শ্লগানহে। বৈদেশিক বিনিয়োগ বৃদ্ধি হোৱাৰ লগে লগে দেশৰ জনতা মাথো চাকৰিমুখী হৈছে।
চীন দেশেই আমাৰ দেশত বৈদেশিক বিনিয়োগৰ জড়িয়তে দেশীয় কোম্পানী পেটিএম, ছুইগী, জোমেটো অ’লা আদিত অধিক বিনিয়োগ কৰিছে। ইয়াৰ ফলত ভাৰতত এই কোম্পানীসমূহৰ কাৰ্য বৃদ্ধি পাইছে আৰু একে সময়তে ই দেশৰ নিবনুৱা সমস্যাৰ আংশিক সমাধান আনিছে। এতিয়া ৰাজনৈতিক কাৰণত বা সীমা বিবাদৰ বাবে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অৱনতি ঘটিলে বা চীনে ভাৰতৰ এই কোম্পানীসমূহৰ পৰা নিজৰ বিনিয়োগ কৰা ধন উঠাই নিলে আমাৰ সাধাৰণ জনতাই অধিক ক্ষতিগ্ৰস্ত হ’ব। দেশৰ চৰকাৰৰ সিদ্ধান্তই যেতিয়া ব্যক্তিগতকৰণ, তেনে পৰিপ্ৰেক্ষিটত আত্মনিৰ্ভশীলতাৰ জয়গানৰ জড়িয়তে ৰাষ্ট্ৰৰ সাধাৰণ জনতাৰ কল্যাণ হ’ব বুলি চিন্তা কৰা কথাটো অমূলক কথা। বৈদেশিক বিনিয়োগৰ ওপৰত নিৰ্ভৰশীল হৈ পৰা এখন দেশ কিমান বিপদৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে সেয়া কৰ’নাকালৰ জড়িয়তে স্বাস্থ্যখণ্ডৰ ছৱিখনে স্পষ্ট কৰিছে। স্বাস্থ্য খণ্ডত থকা বিদেশী বিনিয়োগৰ ফলত বিশ্বৰ সৰ্বাধিক সাধাৰণ ঔষধ প্ৰস্তুত কৰা দেশ ভাৰত এতিয়া ৭০ শতাংশ সক্ৰিয় ঔষধ প্ৰস্তুতকাৰী উপাদানৰ (Active Pharmaceutical Ingredients, API) বাবে চীন দেশৰ ওপৰত আমি নিৰ্ভৰশীল হৈ পৰিবলগীয়া হৈছে। এনে তথ্য এতিয়া দেশৰ প্ৰতিটো খণ্ডত ভয়ংকৰভাৱে আত্মপ্ৰকাশ কৰিছে। মোদী ডাঙৰীয়াই নিজৰ যাদুকৰী কণ্ঠৰে দিয়া ভাষণে সকলোকে মোহিত কৰি আহিছে ঠিকেই কিন্তু তেওঁ চৰকাৰে লৈ থকা প্ৰকৃত সিদ্ধান্তবোৰে জনতাক এক ভয়ংকৰ ভৱিষ্যতৰ দিশে লৈ গৈ আছে।
লেখক দিল্লী নিবাসী এগৰাকী জ্য়েষ্ঠ সাংবাদিক,
তেখেতৰ অন্য প্ৰকাশিত লেখা পঢ়িবৰ বাবে তলৰ লিংকত ক্লিক কৰকঃ
No comments:
Post a Comment