মনৰ কথাঃ ৰাজনীতিত ফেচিষ্ট বনাম গণ-আন্দোলনঃ প্ৰতিষ্ঠিত সাংবাদিকৰ লেখাত এয়া কিহৰ ইংগিত? :: দীপজ্যোতি গগৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ ৰাজনীতিত ফেচিষ্ট বনাম গণ-আন্দোলনঃ   প্ৰতিষ্ঠিত সাংবাদিকৰ লেখাত এয়া কিহৰ ইংগিত? :: দীপজ্যোতি গগৈ

মনৰ কথাঃ ৰাজনীতিত ফেচিষ্ট বনাম গণ-আন্দোলনঃ প্ৰতিষ্ঠিত সাংবাদিকৰ লেখাত এয়া কিহৰ ইংগিত? :: দীপজ্যোতি গগৈ

Share This
ৰাজনীতিত ফেচিষ্ট বনাম গণ-আন্দোলনঃ 
প্ৰতিষ্ঠিত সাংবাদিকৰ লেখাত এয়া কিহৰ ইংগিত?
দীপজ্যোতি গগৈ
(১)
অসমৰ এগৰাকী জ্যেষ্ঠ তথা জনপ্ৰিয় সাংবাদিক প্ৰাণজিত শইকীয়া ডাঙৰীয়া বৰ্তমান DY-365 নামৰ সংবাদ চেনেলৰ কাৰ্যবাহী সম্পাদকৰ দায়িত্বত আছে। তেখেতে সিদিনা অখিল গগৈৰ সম্পৰ্কত ফেচবুকত লিখিছে, লেখাটি আমাৰ অসম কাকতেও প্ৰকাশ কৰিছে। তেওঁ মূলতঃ দুটা কথা কৈছে। তাৰে প্ৰথমটো হৈছে যে অখিল গগৈৰ উপদেষ্টা নিৰ্বাচনৰ ভুলক অখিলৰ আজিৰ অৱস্থা বাবে জগৰীয়া কৰিছে। শইকীয়াই ব্যক্তিগত ভাৱে দিয়া পৰামৰ্শবিলাক অখিল গগৈয়ে নামানে বুলি কৈ বুজাব খুজিছে যে নেকি যে, অখিল গগৈ আজি জেলত নাথাকি মন্ত্ৰী-MLA হৈ থাকিলহেঁতেন যদিহে সেইবিলাক কথা শুনিলেহেঁতেন। 
এই কথাটো বহুবাৰ নিতুমনি শইকীয়া নামৰ সম্পাদকজনেও নিজা চেনেলৰ পৰ্দাত কৈছে। ইয়াৰ দ্বাৰা তেওঁলোকে তিনিটা কাম খুব কৌশলেৰে দাঙি ধৰিছে বুলি আমাৰ অনুভৱ হয়। এক. অখিলৰ ব্যক্তিগত উপদেষ্টা নিৰ্বাচনৰ ব্যৰ্থতাক অধিক প্ৰাথমিকতা দি বৰ্তমানৰ ফেচিজিমে গ্ৰাস কৰা পলিটিক্সক জনতাই যাতে নুবুজে তাক পথভ্ৰষ্ট (Mislead) কৰাৰ এক কৌশল। দ্বিতীয়টো হৈছে ব্যক্তিগত পৰামৰ্শ বিলাকৰ কথা টানি পাকে-প্ৰকাৰে অখিলৰ দৰে অদ্বিতীয় সংগ্ৰামী নেতা এগৰাকীক ক্ষমতালিপ্সু নেতাৰ ৰূপত প্ৰজেক্ট কৰা (কাৰণ শইকীয়াই হয়তো অখিলক সেই ৰূপত চাবলৈহে ব্যক্তিগত ভাৱে বাঞ্চা কৰে বা বিচাৰে)। তৃতীয়তে প্ৰাণজিত শইকীয়া বা নিতুমনি শইকীয়া দৰে সম্পাদকসকলৰ উপস্থাপনাৰ কৌশলটো অতি সাংঘাটিক যেনহে বোধ হয়। এই সম্পাদকসকলৰ মতে ভাৰতীয় সংসদীয় গণতন্ত্ৰ সুচাৰুৰূপে চলি আছে,ভোটবিলাক জেগাত পৰি আছে- গতিকে 'পৰিৱেশ-প্ৰক্ৰিয়াত' ব্যৱস্থাগত পৰিবৰ্তনৰ আন্দোলনৰ চিন্তা-চৰ্চাৰে কোনো হকা-বাধা কৰা দৰকাৰ নাই। তেওঁলোকে হয়তো সংবিধান স্বীকৃতি মত-প্ৰকাশ আৰু গণতান্ত্ৰিক প্ৰতিবাদৰ পথৰ এনে অহিংস আন্দোলনক স্বীকাৰ কৰি ৰাজনৈতিক ব্যৱস্থাৰ সলনি কথা কোৱা সংগ্ৰামী নেতৃত্বৰ কথাবিলাক গ্ৰহণ কৰিব নিবিচাৰে; প্ৰচাৰ কৰিবলৈ বেয়া পায়। পিছে তেওঁলোকৰো এই মনোভাৱৰ সলনি হ'লহেঁতেন, যদিহে বিশ্বাসৰ মূল ভেঁটিটো শুদ্ধ হ'লহেঁতেন। দ্বিতীয় যিটো কথা শইকীয়া ডাঙৰীয়াই লিখিছে সেইটো এনেধৰণৰ যে- অনাগত ২০২১ৰ নিৰ্বাচনত বিজেপি চৰকাৰে অখিলক মুকলিকৈ কৰি দিলেও শাসনলৈ আহিব। গতিকে অখিলক মুক্ত কৰি বিজেপিয়ে নিজৰ জয় অধিক উপভোগ্য কৰি তোলক!

কিমান সুচতুৰ ভাৱে এই বিজেপিৰ ফেচিষ্ট দমনমূলক নীতিক নিৰ্বাচনৰ জয়-পৰাজয় লগত সাঙুৰি দিলে ৰাইজে নিশ্চয় মন কৰিব পাৰিছে! ইয়াৰ দ্বাৰা বিজেপিক কঠোৰ সঁকিয়নী নিদি মৃদু মৰমেৰে যেন নিজৰেই ধৰণৰ এক সাধাৰণ উপদেশ এফাঁকি দিছে। জনতাই যাতে ফেচিষ্ট চৰকাৰৰ বিৰুদ্ধে প্ৰৱল জনমত গঢ়াৰ আচল সংগ্ৰামখনৰ ধাৰা বুজিব উঠিব নোৱাৰে,ইয়াৰ তীব্ৰতা আৰু গুৰুত্বক ভৱিষ্যত প্ৰজন্মই অনুধাৱন কৰিব নোৱাৰে; তাৰ উদ্দেশ্যৰেই এনে প্ৰতিষ্ঠিত সাংবাদিক-বুদ্ধিজীৱিয়ে এনে কথা কৈ BJP-RSS ৰ ফেচিষ্ট পলিটিক্সক, এক সুবিধাজনক (advantage) পজিশ‍্যনত ৰখাৰ, পৰিকল্পনাৰ এক পৰিকল্পিত প্ৰচাৰৰ ই এক ক্ষুদ্ৰ অংশ বুলি ক'লেও হয়তো সম্ভৱতঃ বঢ়াই কোৱা নহ'ব। 

আৰু এটা কথা-কংগ্ৰেছৰ দিনৰ অখিলৰ ওপৰত হোৱা অত্যাচাৰৰ কথা কৈ এতিয়া BJP-RSS ৰ নির্দেশত হোৱা অত্যাচাৰৰ কথাক যদি মান‍্যতা দিয়াৰ এক প্ৰয়াস চলিছে, তেন্তে এই উদ্দেশ্য নিশ্চয়কৈ সঠিক নহয়। দুটা পৃথক শাসকীয় দলৰ নিজা নিজা  ভুল দৃষ্টিভংগী আৰু কৰ্মৰ মাজত তুলনা কৰি কোনটো ভাল কোনটো বেয়া যদি কোনো তুলাচনীৰে জোখাৰ মানস কৰিছে, সেই চিন্তাত এক ফেচিষ্ট শাসনক একচিত্তে মানি লোৱাৰ মানসিকতাহে তাত প্ৰকাশ পাইছে।  ইয়াৰ ইংগিত কিন্তু প্ৰাণজিত শইকীয়াৰ লেখাটোৰ শেষৰ ফালে স্পষ্টকৈ প্ৰকট হৈ পৰিছে। ছদ্মবেশী ৰূপত ৰাষ্ট্ৰৰ গুনগান গাই ফুৰা,বৰ্তমানৰ ক্ষমতালিন্সু ফেচিষ্ট ৰাজনৈতিক ব্যৱস্থাক সৰ্বোত্তম ৰূপত ৰাখিব বিচৰা ব্যক্তিসকলৰ উদেশ্য ৰাইজে সময়ত বুজি উঠাতো ভাল হব!
(২)
শেহতীয়াকৈ মানস কোঁৱৰ, বিতু সোনোৱালৰ জামিন লাভে অসমৰ জনতাৰ প্ৰতিবাদৰ ক্ষমতাকে প্ৰদৰ্শন কৰি তোলা নাইনে? যোৱা কেইদিনত বহু লোকেই ছচিয়েল মিডিয়া যোগে যি গৰজি উঠিল,ইয়াক দেখি নিশ্চয়কৈ চৰকাৰী পক্ষ,ৰাষ্ট্ৰ বাহিনীৰ ভিতৰ-চৰাত অলপ হলেও কঁপনি উঠিছে। ছচিয়েল মিডিয়াৰ শক্তিও যে ক্ৰমবৰ্ধমান,ৰাজপথৰ সংগ্ৰামৰ লগতে পৰিপূৰক  চাপৰ সৃষ্টি কৰিব পৰা এক বিশাল শক্তি হৈ পৰিছে, এই ধাৰণা এই আধুনিক সময়ত নতুনকৈ দেশে দেশে প্ৰতিষ্ঠিত হৈছে। মানস কোঁৱৰ, বিতু সোনোৱালৰ দৰে ৰাজনৈতিক বন্দীৰ মুক্তিত চৰকাৰে বাধা নিদিয়াটোও ইয়াৰৰেই প্ৰমাণ।

সময়ৰ লগত সংগ্ৰামৰ ৰাস্তাবিলাকো সলোৱাটো প্ৰয়োজনীয়। অখিল গগৈকে ধৰি আন আন কাঁ আন্দোলনৰ বাবে কাৰাবাসত থকা বন্দী সকলৰ মুক্তিৰ দিন চমু চাপিছে, মানস আৰু বিতুহঁতৰ ন্যায়িক জয়ৰ পৰা এই কথা অনুধাৱন কৰিব পাৰি। ৰাইজে,বিশেষকৈ ছাত্ৰ সমাজে ছচিয়েল মিডিয়া যোগেদি কা বিৰোধী সংগ্ৰামখন,ৰাষ্ট্ৰৰ ফেচিষ্ট নীতি বিৰোধী সংগ্ৰামখন অৱধাৰিতৰূপত চলাই নিব লাগিব। অখিল গগৈ আৰু তেওঁৰ সতীৰ্থ সকলৰ মুক্তিয়েই অসমৰ ৰাইজৰ লক্ষ্য নহয়। ৰাজহুৱা সংগ্ৰামখন কোনোদিন ব্যক্তিকেন্দ্ৰিক নাছিল; আৰু সেইয়া হ'বলৈ দিলে ব্যৰ্থতা বাদে একো নেদেখিম। এওঁলোকৰ মুক্তিৰ দাবী বৃহত্তৰ সংগ্ৰামখনৰ এটি অংশ বুলিহে গণ্য কৰিব লাগিব। আৰু শক্তিৰে জাপি দিয়া কোনো আইন তথা দমনমূলক নীতি ওফৰাই অসমৰ ৰাইজৰ সামুহিক স্বাৰ্থ ৰক্ষা কৰাৰ নিশ্চিতি লাভ কৰাহে যে মূল লক্ষ্য, সেই কথাহে কিন্তু নিশ্চিত।

No comments:

Post a Comment