মনৰ কথাঃ এখন 'অসুস্থ চিটিবাছ'ত এজাক উজ্জ্বল ভৱিষ্যত :: ডা° মৃগাংক শেখৰ চলিহা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ এখন 'অসুস্থ চিটিবাছ'ত এজাক উজ্জ্বল ভৱিষ্যত :: ডা° মৃগাংক শেখৰ চলিহা

মনৰ কথাঃ এখন 'অসুস্থ চিটিবাছ'ত এজাক উজ্জ্বল ভৱিষ্যত :: ডা° মৃগাংক শেখৰ চলিহা

Share This
এখন 'অসুস্থ চিটিবাছ'ত এজাক উজ্জ্বল ভৱিষ্যত
ডা° মৃগাংক শেখৰ চলিহা
চাহ বাগিচাৰ সৌন্দৰ্যৰ শোভা আৰোপিত ডিব্ৰুগড়। যিটো সময়ৰ কথা কৈছো সেই সময়ত উজনিৰ লুইতপৰীয়া চহৰখন বৰ ধুনীয়া আছিল আৰু চিটি বাছৰ ভাড়া আছিল আঠ অনা! সেই সময়ত ই-ৰিক্সা নাছিল, অনুশাসনহীন টেম্পো-গাড়ীবোৰ নাছিল। চিটি বাছবোৰেই আছিল সাধাৰণ মানুহৰ অহা যোৱাৰ উপায়। 

চিটিবাছবোৰ তেতিয়াও কিন্তু অসুস্থই আছিল। কেলঢুপিয়াই, থমকি থমকি ভাবি চিন্তি ৰৈ ৰৈহে গৈছিল । কেতিয়াবা নালিয়াপুলেদি কেতিয়াবা কাছাৰীয়েদি । নালিয়াপুলৰ পথটো অলপ দীঘল আছিল। মূল চহৰৰপৰা বৰবাৰী অৰ্থাৎ চিকিৎসা মহাবিদ্যালয়খন পাবলৈ এঘণ্টা লাগে। কাছাৰীয়েদি গ'লে আধা ঘণ্টা কম। গতিকে কাছাৰীয়েদি যোৱা বাছখনত বহা ছিট পালে অলপ সুবিধা হৈছিল। বাছৰ টাপলি মৰা টায়াৰবোৰৰপৰা বাছ চলি থাকোতে ফেটফেটকৈ কৰ্কশ শব্দ হৈছিল। কিন্তু সেই দূৰত্বৰ বা সেই বিলম্বৰ কোনো অস্বস্তিকৰ আমনিদায়কতা নাছিল। জীবনৰ বেগ তেতিয়া তেনেকুৱাই আছিল। নাছিল কোনো সময়-হ্ৰস্বতাৰ চটফটনি বা বা চাটিফুটি । কাৰণ জীবন আছিল সহজ আৰু সৰল। নালিয়াপুলেদি গ'লে আধা ঘণ্টা বেছি লাগিব। লাগক বাৰু। সেইটোনো কি ডাঙৰ কথা। কোনোবা নেপোলিয়নৰ যুদ্ধ কৰিবলৈতো নেযাও যে পাঁচ মিনিট দেৰী হলে পৃথিৱীখন সলনি হৈ যাব। সেইবাবে তেতিয়া আজিৰদৰে জীবনৰ অৰ্থযুক্ত বা নিৰৰ্থক ধামখুমীয়াৰপৰা ওপজা জীবনশৈলী যুক্ত বেমাৰ আজাৰবোৰো কম আছিল। এঘণ্টীয়া বাছ যাত্ৰাক লৈও কাৰো কোনো ওজৰ আপত্তি নাছিল। ডিবৰুৰ নৈসৰ্গিকতা, ধীৰ ছন্দৰ বাছ আৰু এজাক আপোনবিভোৰ বাছযাত্ৰীৰ মাজত সৃষ্টি হৈছিল যেন কিবা এটা মৃদুলয়ৰ ঐক্যতান । ঠিক শৰীৰমন শাঁত পেলোৱা কেনী ৰজাৰ্চৰ গীতৰ দৰেই। 

জীবনৰ লক্ষ্য আছিল কিন্তু উচ্চাভিলাষবোৰে আত্মধ্বংসী উন্মাদনা আৰু উন্মত্ততা কদাপিও অনা নাছিল। বাছৰপৰা নমাজনো গন্তব্যস্থানতহে নামিছিল। অধৈৰ্য হৈ আদবাটত নামি যোৱা নাছিল। অ'ভাৰটেক, কৰ্কশ-নিনাদিত হৰ্ণ এইবোৰ নাছিলেই দেখোন। মাজে মাজে হেণ্ডীমেনৰ মুখেৰে ওলোৱা 'কৰ্ট' , 'গ্ৰাহামবাজাৰ', 'এয়াৰলাইনচ্' বুলি চিঞৰা শব্দবোৰে যাত্ৰা আৰু গন্তব্য স্থানৰ বিষয়ে সন্ত্ৰস্ত সজাগতা আনিছিল সঁচা কিন্তু সেইবোৰে সেই মধুৰ ঐক্যতানৰ বিন্দুমাত্ৰও ছন্দপতন ঘটোৱা নাছিল। আগবাঢ়ি বাঢ়ি বাছযাত্ৰীৰপৰা ভাড়া বিচৰা হেণ্ডীমেনজনে কিন্তু কিবা ষষ্ঠেন্দ্ৰিয়ৰ মাধ্যমত তাৰ মাজৰ মেডিকেল কলেজৰ ছাত্ৰ কেইজনক ভাল কৈয়ে চিনি পাইছিল-চিনাকি নাথাকিলেও । তেওঁলোকৰপৰা বাছ চলি থাকোতে ভাড়া খোজা নহৈছিল আৰু কেতিয়াবা অকস্মাৎ কিবা ভুলবশতঃ ভাড়া খোজা হ'লেও 'নামি দিম' বুলি অহা নিৰ্দোষ, নিৰ্বিকাৰ আত্মম্ভৰি উত্তৰটোয়ে বুজাই দিছিল যে যাক ভাড়া খোজা হৈছিল তেওঁ মেডিকেল কলেজৰ ছাত্ৰ । আচলতে সেইয়া কোনো অহমিকা বা দাদাগিৰিও নাছিল। সেই দুটা শব্দৰ উত্তৰটো আছিল মেডিকেল কলেজৰ ছাত্ৰৰ একপ্ৰকাৰৰ স্বাভিমান। কাৰণ জ্যেষ্ঠজনে মেডিকেলৰ প্ৰথম চিনাকি পৰ্বতেই নবাগতজনৰ কাণত সেই মন্ত্ৰটো পিন্ধাই দি কয়। "বাছত সদায় পইচা দিবি কিন্তু নামিহে দিবি।" 

যিটো দিনৰ কথা ইয়াত কোৱা হৈছে সেইয়া ১৯৮৬ চনৰ কোনোবা শৰতৰ দিন। মেডিকেল কলেজত তেতিয়া নামভৰ্তি হৈ গৈছে। হোষ্টেলত থকাবোৰ হোষ্টেলত। কিন্তু ডে-স্কলাৰবোৰৰ বাছেই গতি । স্থানীয় হোৱা বাবে ৰেগিঙ পৰ্ব শাম কাটিবলৈ দি মাক-বাপেকেও তেওঁলোকক অলপদিন ঘৰৰপৰাই অহা যোৱা কৰিবলৈ দিছে। গতিকে সেই টায়াৰফটা লেহেমীয়া চিটিবাছেই তেওঁলোকৰ অগতিৰ গতি। ইউনিভাৰচিটিৰপৰা বাছযাত্ৰা আৰম্ভ হওতেই একেবাৰে আগৰ ছিটত আহি বহেহি মঞ্জিল নেওগ। সময় ছটা পঞ্চলিচ। সাত বজাত আহি পালেহি আমোলাপট্টি । তাত আহি উঠিলহি মণজিৎ বৰগোহাঞি । বাছ আগবাঢ়িল। অলপ পিছত বাছখন ৰয়হি চোকিডিঙিত। তাতেই উঠেহি মনোজ শইকীয়া আৰু মাধব শৰ্মা । প্ৰথমজন প্ৰায় ছফুট ওখ আৰু দ্বিতীয়জনৰ নাকটো বৰ জোঙা। বাছে আকৌ গতি ললে । সময় সাত বাজি দহ মিনিট। বাছ আহি পালেহি লাচিত নগৰ। তাত উঠেহি আৰু এগৰাকী যুৱতী। তেওঁৰ নাম বৰ্ণালী দত্ত । মনালিচা হোটেল, অভাৰব্ৰিজ পাৰ হৈ বাছ লাহে লাহে আগবাঢ়ি গ'ল। মাজে মাজে 'মেডিকেল মেডিকেল' বুলিও চিঞৰ এটা হেণ্ডীমেনৰ মুখত ওলায় যদিও সেই কথাৰ কোনো ভৌতিক প্ৰয়োজন নাছিল। কাৰণ সেই শব্দ আৰু সেই গতিৰ বাছৰ গন্তব্যস্থান আছিল অৱধাৰিত আৰু নিশ্চিত। অভাৰব্ৰিজ পাৰ হলেই থানা চাৰিআলি। তাতে উঠেহি শান্তিপাৰাৰ সুদৰ্শন বঙালী যুৱক জয় চক্ৰবৰ্ত্তী । সাধাৰণতে তেওঁৰ কেশবিন্ন্যাস আৰু সাজপাৰে কোনোবা এখন নতুন হিন্দী চিনেমাৰ কোনোবা অভিনেতালৈ মনত পেলাই দিয়ে। 

তাৰপিছত বাছখন সোফালে ঘূৰে নালিয়াপুলেদি যাবৰ বাবে। তাৰপৰা নালিয়াপুল পাওঁতে সাত বাজি পচিশ মিনিট। নাইনা চিনেমা হল পাওতে চাৰে সাত। ইতিমধ্যে গ্ৰাহাম বজাৰ তিনি আলিত ৰৈ থকাজন হল শান্তনুদাস। তেওঁ চাবুৱাত থকা ককায়েকৰ ঘৰৰ পৰা যোৰহাট অভিমুখী বাছত আহি তাতেই মেডিকেলৰ বাছখনলৈ ৰৈ থাকে। মুখত থাকে এটা চিৰপৰিচিত হাঁহি। ব্ৰহ্মপুৱাতে আহি দূখনকৈ বাছ সলাই আঠ বজাত পৰমা গগৈ চাৰৰ ক্লাছ কৰাৰ কোনো কষ্টৰ চিন সেই সদাহাস্যময় মুখমণ্ডলত নাই। ইতিমধ্যে আগত উঠা দুজনে সযত্নে প্ৰস্তুত কৰা হাতৰ ধুলিৰ প্ৰসাদ অকণ তেওঁক প্ৰত্যাৰ্পণ কৰাৰ লগে লগে তেওঁৰ সেই হাহিঁটিৰ দুগুণ জেউতি চৰে। যেন সেই মূহুৰ্তত এই ভূমণ্ডলত তেওঁতকৈ সুখী প্ৰাণী আৰু কোনো নাই। ইফালে মেধাবী ছাত্ৰী বৰ্ণালী দত্তই হাতৰ প্লাষ্টিকৰ বেগটোত শৱবিবেচ্ছদেনৰ কানিংহাম কিতাপখন আছেনে নাই হাতেৰে চাই তাৰ অৱস্থিতিৰ বিষয়ে আকৌ এবাৰ নিশ্চিত হৈ লয়। লাহে লাহে আহিও ঠিক সাত বাজি পছপন্ন মিনিটত দ্ৰাইভাৰ আৰু হেণ্ডীমেনদ্বয়ে গাড়ীখন ঠিকেই মেডিকেল গেট পোৱাই দিয়েহি। খৰগতিত আটাইকেওটি প্ৰাণী আগবাঢ়ি যায় পুনৰ আন এটা গন্তব্য স্থানলৈ- এনাটমি লেক্চাৰ হল। ঠিক আঠ বজাত আৰম্ভ হয় পৰমা গগৈ চাৰৰ গুৰু গম্ভীৰ কণ্ঠৰ এনাটমিৰ ক্লাছ । চাৰে আৰম্ভ কৰে " কেফাল' ক'ডেল ফ' ( Cephalo Caudal fold... ) 

সেইয়া আছিল ১৯৮৬। আমাৰ মেডিকেল কলেজৰ আৰম্ভণিৰ বৰ্ষ। এনাটমি হলটো আছিল তেওঁলোকৰ এটা হ্ৰস্বযাত্ৰাৰ তৎকালীন গন্তব্যস্থান। কিন্তু চৰৈৱতি চৰৈৱতিৰ দৰে আন এবিধ যাত্ৰা চলি থাকিল। হয়টো বাছবোৰৰ চালক পৰিচালক সলনি হৈ থাকিল। আজিও নিৰৱধি চলি আছে সেই যাত্ৰা। অৱশ্যে এক বিস্তৃত আৰু বিস্তীৰ্ণ পৰিধিত; এক বেলেগ মাত্ৰাত। দিল্লীৰ এইমছৰপৰা এম্ চি এইছ ডিগ্ৰী লোৱা মনোজ শইকীয়া বৰ্তমান শ্বিলঙৰ নেগ্ৰিমছৰ হৃদবক্ষশল্যবিভাগৰ (Cardiothoracic surgery)ৰ মুৰব্বী । চণ্ডীগড়ৰ পি জি আইৰপৰা ডি এম্ ডিগ্ৰী লোৱা বৰ্ণালী দত্ত এতিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগৰ মুৰব্বী । মেডিচিনত এম ডি ডিগ্ৰী লোৱা জয় চক্ৰবৰ্ত্তী বৰ্তমান গুৰগাৱঁৰ এজন ব্যস্ত চিকিৎসক । নাক জোঙা মাধব শৰ্মা শিলিগুৰিৰ এখন আগশাৰীৰ বৃহৎ চিকিৎসালয়ৰ আপাতকালীন বিভাগৰ মুৰব্বী । মঞ্জিল নেওগ, মণজিৎ বৰগোহাঞি আৰু শান্তনু দাস তিনিও অসম চৰকাৰৰ স্বাস্থ্যবিভাগৰ দক্ষ চিকিৎসক। একালত এখন অসুস্থ চিটিবাছেৰে স্বাস্থ্যৰ শিক্ষা গ্ৰহণ কৰিবলৈ অহা আটাইকেইজনেই আজি ভাৰতৰ স্বাস্থ্যশিক্ষা অভিযানৰ একো একোজন অন্যতম কাণ্ডাৰি। অধুনাবিলুপ্ত সেই তাহানিৰ চিটিবাছখনৰ কথা আজি আকৌ মনত পৰি গল। এনে লাগে যেন, এখন অসুস্থ চিটিবাছত আমিবোৰে যাত্ৰা কৰিছিলো, এই এক উজ্জ্বল ভৱিষ্যতৰ দিশেহে। স্মৃতিবোৰ সতেজ হ'ল, হয়তো এটা বহু বিতৰ্কিত নতুন কবিতাৰেই প্ৰভাৱত নহওক কিয়।
লেখক অসম মেডিকেল কলেজৰ হৃদৰোগ বিভাগৰ বিশেষজ্ঞ। তেখেতৰ অন্য প্ৰকাশিত লেখা সমূহ পঢ়িবলৈ ক্লিক কৰক তলৰ সূত্ৰঃ https://www.xukhdukh.com/search/label/MRIGANKA_SEKHAR_CHALHA

No comments:

Post a Comment