বিশ্লেষণঃ আমেৰিকাৰ যুদ্ধবাজ ৰাজনীতি আৰু ‘ৱাগ দ্যা ডগ’ ::অনন্ত কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ আমেৰিকাৰ যুদ্ধবাজ ৰাজনীতি আৰু ‘ৱাগ দ্যা ডগ’  ::অনন্ত কলিতা

বিশ্লেষণঃ আমেৰিকাৰ যুদ্ধবাজ ৰাজনীতি আৰু ‘ৱাগ দ্যা ডগ’ ::অনন্ত কলিতা

Share This
আমেৰিকাৰ যুদ্ধবাজ ৰাজনীতি আৰু ‘ৱাগ দ্যা ডগ’
অনন্ত কলিতা
যুগ যুগ ধৰি সাহিত্য-সংস্কৃতিয়ে ভূমিকা গ্রহণ কৰি আহিছে শােষণ, বঞ্চনা, বৈষম্য, অমানৱীয়তা, অনাচাৰ, অত্যাচাৰ, অন্ধবিশ্বাস, কু-সংস্কাৰ, ফেচিবাদী আক্রমণ, নিপীড়িত জনগণৰ দুখ-যন্ত্রণাৰ বিৰুদ্ধে।
১৭৮৯ চনত ফৰাচী বিপ্লৱ সংঘটিত হৈছিল। সামন্ত-তন্ত্রৰ শােষণ, স্বেচ্ছাচাৰে এনেকুৱা এক নাৰকীয় পর্যায় পাইছিল যে সর্বস্তৰৰ লােকে বিপ্লৱত অৱতীৰ্ণ হ'বলৈ বাধ্য হৈছিল। এই অসন্তোষক যুক্তি, ন্যায় আৰু দার্শনিক ভিত্তিৰ ওপৰত থিয় ই শক্তিশালী কৰাৰ কাৰণে সেই সময়ত আলােড়নকাৰী সংস্কৃতিৰ সৃষ্টি কৰিছিল তদানীন্তন বুদ্ধিজীৱীসকলে।এই সাহিত্য-সংস্কৃতিৰ আন্দোলনটো বুৰঞ্জীত 'এনলাইটেনমেন্ট’ আন্দোলন নামে খ্যাত। ভল্টেয়াৰ, ৰুছাে, জুলিয়েন, ডিডাৰাে, হেলভিটিয়াছ, ডি হলবেগ প্ৰমুখ্যে বুদ্ধিজীৱীসকলে এই আন্দোলনৰ নেতৃত্ব লৈছিল। এওঁলােকৰ মাজত ভল্টেয়াৰ আৰু ৰুছাে অগ্রণী আছিল। ভল্টেয়াৰ আছিল বহুমুখী প্রতিভাৰ। ভল্টেয়াৰৰ নাটক, কাব্য, ইতিহাস, দার্শনিক উপন্যাস, প্রবন্ধ আদি সৃষ্টিবােৰ আছিল চার্চ, সামন্ততন্ত্ৰৰ দুর্নীতি, কুসংস্কাৰ আৰু ভ্রষ্টাচাৰ, স্বেচ্ছাচাৰৰ মূর্তিমান শত্রু। ভল্টেয়াৰৰ স্বাধীন চিন্তা আৰু নাস্তিকতাই তৰুণ প্রজন্মক বিশেষকৈ বিপ্লৱী তৰুণক আকর্ষণ আৰু অনুপ্রাণিত কৰিছিল।

১৯৯৭ চনত আমেৰিকাত বেৰী লেভিনছন নামৰ পৰিচালক এজনে ‘ৱাগ দ্যা ডগ’ নামৰ এখন আলােড়নকাৰী চলচ্চিত্র প্রযােজনা ও নিৰ্মাণ কৰিছিল। চিনেমাখনৰ কাহিনীটো আছিল— আমেৰিকাত প্ৰথমবাৰ বাবে নির্বাচিত ৰাষ্ট্রপতি এজনে দ্বিতীয় কালছােৱাৰ বাবে পুনৰ নির্বাচিত হােৱাৰ প্রত্যাশী আছিল। কিন্তু এইজন ৰাষ্ট্ৰপতিৰ প্ৰথমবাৰৰ শাসনকালত মানুহৰ জীৱন যাত্ৰাৰ ভয়ানক অৱনতি ঘটে আৰুৰাষ্ট্রপতিজন স্বেচ্ছাচাৰী হৈ পৰে। এওঁৰ শাসনত দেশৰ জনসাধাৰণ অসন্তুষ্ট হয় আৰু ক্ষুব্ধ হৈ পৰে। এই পৰিস্থিতিত ৰাষ্ট্রপতিজন দ্বিতীয়বাৰৰ নিৰ্বাচনত পৰাজয় হােৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছিল। ৰাষ্ট্রপতিজনে এই সমস্যাৰ পৰা উদ্ধাৰ পাবলৈ সহায় ল’লে এজন বিখ্যাত ৰাজনৈতিক প্রচাৰকৰ। 

বিক্ষুব্ধ আমেৰিকান মানুহৰ মন জয় কৰাৰ পেছাদাৰী দক্ষতা আছিল এই ৰাজনৈতিক প্রচাৰকৰ। এই প্রচাৰকে নাগৰিকৰ দৃষ্টি বিপথগামী কৰিবলৈ ৰাষ্ট্রপতিক আন কোনাে এখন দেশৰ সৈতে যুদ্ধ লগাবলৈ ক'লে। ৰাষ্ট্রপতিয়ে দেশ এখনৰ বিৰুদ্ধে যুদ্ধ লগাই দি দেশখনৰ জনসাধাৰণক উগ্র জাতীয়তাবাদী কৰিলে আৰু জনসাধাৰণৰ জীৱন-জীৱিকাৰ মৌলিক সমস্যা, চৰকাৰখনৰ দুর্নীতি-ভ্রষ্টাচাৰ আদি সকলাে পাহৰি গ'ল আৰু অপদার্থ ৰাষ্ট্রপতিজন আমেৰিকান জাতি ৰক্ষাকাৰী আৰু জনপ্রিয় ৰাষ্ট্রপতি হৈ পৰিল। দ্বিতীয়বাৰৰ বাবে তেওঁ সহজেই ৰাষ্ট্রপতি নির্বাচিত হ’ল। আমেৰিকাক যুদ্ধত লিপ্ত কৰাই অনেক লােকৰ মৃত্যু ঘটায় আৰু সম্পদ ধ্বংস কৰিলে।

আমেৰিকাত চাৰি বছৰৰ অন্তৰে অন্তৰে ৰাষ্ট্রপতি নির্বাচিত হয়। মধ্যবর্তী দুবছৰৰ মূৰত নির্বাচন হয় আমেৰিকান কংগ্ৰেছৰ ছিনেট আৰুপ্রতিনিধি সভাৰ। ২০০০ চনতৰাষ্ট্রপতি নির্বাচিত হৈছিল জর্জ বুশ্ব। ৰিপাব্লিকান দলৰ ৰাষ্ট্রপতি জর্জ বুশ্ব কিন্তু এই দলৰ উভয় সদনত নিয়ন্ত্রণ থাকিলেও ছিনেটত মাত্র দুই ভােটত সংখ্যাগৰিষ্ঠতা আছিল। বুশ্বৰ শাসনকালত অসংখ্য সমস্যাত জৰ্জৰ হৈছিল আমেৰিকা। বুশ্ব-বিৰােধী হৈ পৰিছিল আমেৰিকান জনগণ। ২০০০ চনত মধ্যবর্তী নির্বাচনত বুশ্বৰ দল জিকাৰ কোনাে আশা নাছিল। আমেৰিকাৰ তদানীন্তন সকলােধৰণৰ সমীক্ষাতে প্রকাশ পাইছিল যে ডেমােক্রেটিক দলে মধ্যৱর্তী নির্বাচনত বিৰাট সংখ্যাৰে জয়যুক্ত হ’ব। সেই সময়ত প্রতিদিনে সংবাদপত্ৰত আৰু টিভিৰ বাতৰিত ছাটাই, লে-অফ, নিবনুৱা সমস্যা, ষ্টক বজাৰত ধুমুহা, চুৰি, জালিয়াতি, কৰ্প'ৰেট কেলেংকাৰি আদি অর্থনীতিৰ দেউলীয়া অৱস্থাক লৈ তুমুল আলােড়ন সৃষ্টি হৈছিল আমেৰিকাত। এই পৰিস্থিতিত ছিনেটত ডেমক্রেটিক দলে সংখ্যাগৰিষ্ঠতা পালে ২০০৪ চনত হ'বলগীয়া ৰাষ্ট্রপতি নির্বাচনৰ আগৰ দুবছৰৰ কালছােৱাত ৰিপাব্লিকান দলে চৰকাৰ আৰু আমেৰিকান কংগ্রেছ। চলােৱা মস্কিল হৈ পৰিব আৰু বুশ্বে ২০০৪ চনৰ নিৰ্বাচনত পৰাজয়বৰণ কৰিব। এই অনিবার্য পৰাজয়ৰ সন্মুখত ২০০২ চনৰ মে’ত নির্বাচনৰ আগত নির্বাচনী প্রচাৰৰ আৰম্ভণিতে ৰাষ্ট্রপতি বুশ্বে ‘ষ্টেচু অব লিবাৰ্টীৰ সন্মুখত থিয় হৈ ঘােষণা কৰে ইৰাকৰ হাতত বিপুল পৰিমানৰ ‘গণহত্যাৰ অস্ত্র' মজুত আছে। যিটোৱে আমেৰিকাৰ সন্মুখত মহাবিপদৰ ভাবুকি হিচাপে দেখা দিছে। আমেৰিকাৰ ওপৰত যিকোনাে সময়তে বিধ্বংসী আক্রমণ ঘটিব পাৰে।

আমেৰিকানক এই প্ৰপাগাণ্ডাত পতিয়ন নিয়াবলৈ পটভূমিও আছিল। ইয়াৰ আগতে ২০০০ চনত আমেৰিকাৰ বিশ্ব বাণিজ্য কেন্দ্ৰত মাৰাত্মক সন্ত্রাসবাদী আক্রমণ ঘটিছিল যিটোৰ বাবে আমেৰিকান লােকসকল সন্ত্রাসবাদ প্রতি ভীতিগ্রস্ত হৈ আছিল। বুশ্বে এক মুহূর্তও পলম নকৰাকৈ ইৰাক আৰু ছাদ্দাম হুছেইনৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰে। ডেমক্রেটিক দলে দাবী কৰিছিল যে যুদ্ধলৈ যােৱাৰ আগতে আমেৰিকান জনসাধাৰণৰ ওচৰত ইৰাকত জমা ৰখা ‘গণহত্যাৰ অস্ত্র’ৰ তথ্য প্রকাশ কৰিব লাগে। ৰাষ্ট্রপতি বুশ্বে লগে লগে দেশৰ নিৰাপত্তাৰ বিষয়ত ডেমক্রেটিক দল একেবাৰে উদ্বিগ্ন নহয় বুলি অভিযােগ আনে। ডেমক্রেটিক দলৰ বিৰুদ্ধে ‘দেশবিৰােধী’, ‘জাতিবিৰােধী’, ‘ৰাষ্ট্রবিৰােধী’ আদি অভিযােগ বুশ্বে অনাত ডেমক্রেটিক দল চুপ হৈ যাবলৈ বাধ্য হয়।

ইয়াৰ পাছত বুশ্বে দেশৰ জনসাধাৰণক টিভিত ভাষণ দি চোৰাংচোৱাৰ তথ্য অনুযায়ী ইৰাকৰহাতত ৩১ হাজাৰ ৰাসায়নিক উপাদানৰ মিশ্রিত অস্ত্র, ৫০০ টন ৰাসায়নিক অস্ত্র, ২৫ হাজাৰ লিটাৰ এনথ্রাছ, ২৮ হাজাৰ লিটাৰ বিষাক্ত অস্ত্র মজুত আছে। আমেৰিকাক ধ্বংস কৰাৰ বাবে আল-কায়দাই বিশাল আন্তঃগাঁথনি তৈয়াৰ কৰিছে। তদুপৰি পাৰমাণৱিক বােমা তৈয়াৰ কৰাৰ বাবে ইৰাকে ইউৰেনিয়াম আমদানি কৰিছে। ইৰাকক আক্রমণ কৰিবলৈ বুশ্বে ২০০৩ চনত ২ লাখ ৬০ হাজাৰ সৈন্য পঠিয়াই দিলে ইৰাকৰ কুয়েট সীমান্তলৈ। লগে লগে আমেৰিকাৰ সংবাদপত্র-টিভি আদি গণমাধ্যমৰ সংবাদ জগতৰ পৰা জনসাধাৰণৰ আর্থিক সমস্যা, জনগণৰ দুর্বিষহ অৱস্থা, নিবনুৱা সমস্যা, অর্থনৈতিক সংকট আদিৰ বাতৰি অন্তর্ধান হৈ প্রাধান্য পালে যুদ্ধৰ খবৰে। কাকতবােৰৰ শিৰােনাম ভর্তি হয় যুদ্ধৰ খবৰৰ দ্বাৰা। বুশ্ব মহাবীৰ হৈ পৰিল আমেৰিকাত।

বুশ্বে প্রকৃত আমেৰিকান জাতিপ্রেমী হিচাপে স্বীকৃতি পালে। মধ্যবর্তী নির্বাচনত বুশ্বৰ দল ৰিপাব্লিকানে ছিনেট, প্রতিনিধি সভাত পূৰ্বৰ সম্ভাৱনাৰ শােচনীয় পৰাজয়ৰ বিপৰীতে বিপুল আসনত জয়ীহে হয়। আমেৰিকান জনসাধাৰণৰ অর্থনৈতিকভাৱে শোচনীয় অৱস্থা সত্ত্বেও ২০০৪ চনৰ ৰাষ্ট্রপতি নির্বাচনত বুশ্বে বিপুল ভােটত জয়ী হয়। ডেমক্রেটিক দল যেন ৰাইজৰ চকুত দেশদ্রোহী হৈ পৰিল। বিশ্বৰ ৰাজনীতিৰ ৰহস্য এয়াই। চাওক, ৰাষ্ট্রপতি বুশ্বে দেশখনৰ জনসাধাৰণৰ মৌলিক সমস্যাবােৰ সমাধান কৰিব নােৱাৰি জনপ্রিয়তা হৰণ হােৱাত আৰু ২০০৪ চনৰ ৰাষ্ট্রপতি নির্বাচনত পৰাজয়বৰণ কৰাৰ আশংকা দেখি অস্ত্র জমা ৰখা মিছা অজুহাত দেখুৱাই ইৰাক আক্রমণ কৰিছিল।

আমেৰিকাৰ জনসাধাৰণৰ দৃষ্টি তেওঁলােকৰ দুখ-যন্ত্রণা তথা আমেৰিকাৰ দেউলীয়া অর্থনীতিৰ সমস্যাৰ পৰা বিপথগামী কৰি বুশ্বে নির্বাচন জিকাৰ লক্ষ্যৰে এখন দেশ ধ্বংসকৰি, লাখ লাখ লােকক হত্যাকৰি ইৰাকলৈ বিপর্যয় আনিলে। ছাদ্দাম হুছেইনক হত্যা কৰিলে। ইৰাকক আজিও পুনৰ নিৰ্মাণ কৰিব পৰা নাই। বুশ্ব আমেৰিকাত জনপ্রিয় নেতা হৈ থকাহেঁতেন আৰু ২০০৪ চনৰ নিৰ্বাচনত বিপুল ভােটত জয়ী হােৱাৰ আশা থাকিলে যুদ্ধও নলগালেহেঁতেন, ইৰাকো ধ্বংস নহ'লহেঁতেন। মন কৰিব লগা যে, ইৰাকত বুশ্বে ঘোষণা কৰা অস্ত্ৰ ভাণ্ডাৰ আৱিস্কাৰ হোৱাৰ কোনো তথ্যও পাছত প্ৰকাশ নহ'ল!! এয়াও হৈছে একোটা কৌশলহে, নন-ভেৰিফাইয়েবল অভিযোগ আনি আক্ৰমণৰ পটভূমি ৰচাৰ!

আনকি ইৰাক যুদ্ধৰ চাৰি বছৰ আগতে নিৰ্মাণ কৰি উলিওৱা ‘ৱাগ দ্যা ডগ’ কাহিনীৰ লগত হুবহু মিলি গৈছিল বুশ্বৰ ৰাজনৈতিক কর্মকাণ্ড। ‘ৱাগ দ্যা ডগ’ চিনেমাখনে বুশ্বৰ কর্মকাণ্ডক আগতীয়াকৈ কেনেকৈ সুন্দৰভাৱে প্রতিফলিত কৰিছিল সেয়াও বিশ্ববাসীৰ বাবে এক ৰহস্যই। কিন্তু এইটো এক তত্বই যে যেতিয়াই এখন দেশত জনসাধাৰণে চৰকাৰী নীতিৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হয় আৰু শাসক দল অজনপ্রিয় হৈ পৰে, তেতিয়া জনসাধাৰণৰ দৃষ্টি বিপথে পৰিচালিত কৰিবলৈ যুদ্ধ এখন লগাই দিয়ে বা যুদ্ধৰ পৰিস্থিতিৰ সূচনা কৰা হয়। পাছত ২০০৪ চনত ‘নিউয়র্ক টাইমছ’ নামৰ সংবাদ গােষ্ঠীয়ে ইৰাকৰ ক্ষেত্ৰত ভুৱা বাতৰি প্ৰকাশ কৰাৰ বাবে বিশ্বৰ জনগণৰ ওচৰত ক্ষমা বিচাৰিছিল। কিন্তু তেতিয়ালৈ ইৰাকৰ ভৱিষ্যত সলনি হৈ গৈছিল, এই যুদ্ধবাজ ৰাজনীতিৰ ধুমুহাত। উক্ত ঘটনাৰ সৈতে ‘ৱাগ দ্যা ডগ’ ৰ নাট্যলিপি লেখক Lay Beinhart-য়ে মন্তব্য কৰিছিল যে, ৰাষ্ট্রপতি এজনে যেতিয়া সমস্ত দেশখনকে অর্থাৎ কুকুৰক জোকাৰি দিছিল, আমেৰিকান প্রায় সমস্ত সংবাদ মাধ্যমে অতি আনন্দৰে তেওঁলােকৰ নেজ জোকাৰি হয়ভৰ দিছিল। এই ক'লা ইতিহাসবোৰেই মানুহক যি কোনো ৰাজনৈতিক পৰিবেশক বুজিবলৈ, বিশ্লেষণ কৰিবলৈ সমল দিয়ে। কাৰণ কথিত আছে যে, History Repeat itself. কিন্তু যুদ্ধবাজ ৰাজনীতিৰ ধুমুহাই চিৰদিনেই যে সাধাৰণ মানুহ আৰু মানৱতাকেই বিধ্বস্ত কৰি আহিছে, সেয়াহে অন্য এক চিৰসত্য!
লেখক এগৰাকী বিশিষ্ট অৰ্থনীতিবিদ তথা নিবন্ধকাৰ। ভাৰতীয় ষ্টেট বেংকৰ কেন্দ্ৰীয় বৰ্ডৰ সঞ্চালক ৰূপে অৱসৰপ্ৰাপ্ত। ফোনঃ ৯৪৩৫০-৪১২০৩। লেখাটি আমাৰ অসম কাকতত পূৰ্বে প্ৰকাশ পাইছে। লেখকৰ আন আন প্ৰকাশিত লিখা ইউনিকোডত পঢ়িবলৈ সংৰক্ষণৰ একত্ৰ লিংক তলৰ সূত্ৰত ক্লিক কৰকঃ

No comments:

Post a Comment