প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাদেৱৰ সতে সাক্ষাৎকাৰঃ
“দেশত যি চলি আছে, তাক লৈ এজন মানৱতাবাদী হিচাপে মই সুখী নহওঁ”
প্ৰশ্ন: “আপুনি নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদতো মাত মাতিছিল। আৰু এতিয়া আপুনি অখিল গগৈক জেলৰপৰা এৰি দিবৰ বাবে ভিডিঅ’ যোগে গোহাৰি জনাইছে । আপোনাৰ এনে সামাজিক স্থিতিৰ অন্তৰালত কাৰণ কি , যাক হয়তো কোনো কোনোৱে চৰকাৰৰ বিপক্ষে বুলি ভাৱিব পাৰে ? আপোনাৰ ‘কা’প্ৰতিবাদী কন্ঠৰ কিছুদিন পাছতে আপুনি ৰাজনীতিত যোগদান কৰিব বুলিও কিছু উৰাবাতৰি ওলাইছিল । এই ক্ষেত্ৰত আপুনি কি ক’ব ?”
জাহ্ন বৰুৱা- বাৰু, প্ৰশ্নটিৰ উত্তৰলৈ যোৱাৰ আগতে মই অলপ ক’ব লাগিব। মই এনে প্ৰশ্নৰ কি উত্তৰ দিম সেয়া জনাৰ আগতে মই ভাৱোঁ আপুনি জনা উচিত মই কোন হয়- জাহ্নু বৰুৱানো কোন হয় । নিশ্চিতভাৱে, মই এজন সাংস্কৃতিক ক্ষেত্ৰৰ কৰ্মী । কিন্তু সকলোতকৈ উৰ্ধত, মই এই দেশৰ এজন দায়িত্বশীল নাগৰিক ।
মোৰ বাবে, মই নিজকে এজন নাগৰিক হিচাপে জনাতো অতি দৰকাৰী । যেতিয়াই মই নিজকে এজন নাগৰিক হিচাপে ভাৱোঁ, তেতিয়াই মোৰ মনলৈ মূলত: তিনিটা কথাই আহে- ক) মোৰ দেশৰ সংবিধান- যিখন মই ভাৱোঁ সমগ্ৰ বিশ্বৰ ভিতৰতে এখন সৰ্বোৎকৃষ্ট সংবিধান ।খ) এই দেশৰ শাসন–ব্যৱস্থা অৰ্থাৎ গণতন্ত্ৰ, যি হৈছে মানৱ জীৱনৰ বিৱৰ্তনত দেখা পোতৱা এটা অতি সুন্দৰ ব্যৱস্থা আৰু গ) আমাৰ মানৱতা । মই নিজকে এজন মানৱতাবাদী হিচাপে গণ্য কৰোঁ । গতিকে মই কাহানিও মানৱতাৰ সতে কোনো মূল্যৰ বিনিময়তে আপোচ নকৰোঁ । মই যেতিয়াই এজন নাগৰিক হিচাপে কাম কৰোঁ, এই তিনিটা কথা সদায় মনত ৰাখোঁ ।
এতিয়া, অসমৰ এজন গঞাঁ হিচাপে, যিয়ে আহি আজি এই মুম্বাই মহানগৰীত বসবাস কৰি আছোহি , মই বহুখিনি দেখিছোঁ আৰু বহু অভিজ্ঞতাৰো সমুখীন হৈছো । এতিয়ালৈকে অন্ত:ত মোৰ দেশখনে কিদৰে কাম কৰি আছে তাৰো বহুখিনি কথা জানিব পৰা হৈছোগৈ । আৰু খোলাখুলিকৈ ক’বলৈ গ’লে, মই দেশখনত বৰ্তমানে যি চলি আছে, তাক লৈ সুখী অনুভৱ নকৰোঁ । মই এনেকৈ কোৱাৰ এইটো কাৰণ নহয় যে শাসক প্ৰণালীৰ ধ্যাণ-ধাৰনাতকৈ মোৰ ধাৰণা পৃথক, কিন্তু এজন মানৱতাবাদী নাগৰিক হিচাপে মই সুখী নহয় ।
ক’ব লাগিব যে, দেশত যথেষ্ট খিনি ভাল কাম-কাজ চলি আছে। কিন্তু কিছুমান কামলৈ যেতিয়া মই চাওঁ,তাত অতি অসন্তুষ্টিহে অনুভৱ কৰোঁ । এনে লাগে যেন ক’ৰবাত কিবা অলপ ভুল হৈ আছে। যিহেতু মই কোনো ৰাজনীতিত নাই- আৰু আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈকে কওঁ যে মোৰ তেনে কোনো অভিপ্ৰায়ো নাই । এনে প্ৰেক্ষাপটত পোনছাটেই কোনো ঘটনাৰ সমালোচনা কৰিবলৈ যোৱাটো আচলতে মোৰ ফালৰপৰা সমীচীন নহ’ ব। সেয়া মই কৰিব নিবিচাৰোঁ; কিন্তু এজন নাগৰিক হিচাপে, দেশখনৰ পৰিস্থিতি উন্নত কৰাৰ ক্ষেত্ৰত মই কি কৰিব পাৰোঁ সেয়া মই সদায়ে লক্ষ্য কৰোঁ । মই জানো যে, দেশৰ ১৩৫ কোটি জনগণৰ হিচাপত সেয়া অতি নগণ্য। কিন্তু মই অতি গাঢ়ভাৱে অনুভৱ কৰোঁ যে, দেশৰ প্ৰতিজন নাগৰিকেই সমাজৰ যিকোনো কাম যদি ভুলভাৱে আগবাঢ়ি যোৱা বুলি অনুভৱ কৰে তেন্তে অতি দাযিত্বশীলভাৱে তেনে কাৰ্যসমূহৰ সমালোচনা কৰা উচিত ।
আটাইতকৈ প্ৰয়োজনীয় কথাটো হ’ল , প্ৰতিজন নাগৰিকেই আমাৰ দেশৰ সংবিধান আৰু গণতন্ত্ৰক লৈ গৰ্ব কৰা উচিত । সেই হিচাপত মোৰ মতে আমাৰ প্ৰতিজন নাগৰিকেই ক’বলৈ গ’লে স্বৰ্গত বাস কৰা যেনেই অনুভৱ কৰিব লাগে । কিয়নো, বিশ্বৰ ভিন্ন প্ৰান্তলৈ মই গৈছোঁ । গণতন্ত্ৰ নোহোৱাৰ বাবে কিদৰে নাগৰিকে দুৰ্দশা ভুঞ্জিব লগীয়াত পৰিছে , সেয়া তাত মই দেখা পাইছো । সেইটো হিচাপতে আমি স্বৰ্গত বসবাস কৰিছো বুলি মই কৈছো । কিন্তু একে সময়তে, আমি আমাৰ দু:খ দুৰ্দশাখিনিৰ বাবেও জগৰীয়া । সেইবোৰ দেশত শাসন-তন্ত্ৰটোৱাই ভুল বুলিব লাগিব । কিন্তু আমাৰ এখন অতি সুন্দৰ সংবিধান আছে আৰু আছে এখন অতি সুন্দৰ গণতান্ত্ৰিক চৰকাৰ । অথচ তথাপিও আমি ভুগিবলগীয়া হৈছে কিয় ? মই এই বিষয়টিত অত্যন্ত দুখী অনুভৱ কৰোঁ আৰু এজন নাগৰিক হিচাপে কথাবোৰ বুজিবলৈ এখন যুদ্ধ অনবৰত কৰি থাকোঁ।
দ্বিতীয়তে, আমি মুঠ ১৩৫ কোটি জনতা । তাৰে ভিতৰত, প্ৰায় ৬-৭ কোটি ভাৰতীয় হৈছে আনুষ্ঠানিকভাৱে কোনো ৰাষ্ট্ৰীয় বা আঞ্চলিক ৰাজনৈতিক দলৰ সদস্য । ইয়াৰ অৰ্থ হৈছে যে ভাৰতৰ সমগ্ৰ জনসংখযাৰ প্ৰায় ৪% লোকহে ৰাজনীতিৰ লগত প্ৰত্যক্ষভাৱে জড়িত । গতিকে বাকী ৯৬%ক অৰাজনৈতিক লোক বুলি ধৰি ল’ব পাৰি । আৰু সেই হিচাপেৰেই তেওঁলোক নিজৰ নিজৰ ভাৱনা-চিন্তাৰ ক্ষেত্ৰত স্বতন্ত্ৰ বুলি ধৰি ল’ব পাৰি । ক’বলৈ গ’লে সংবিধানে আমাক তেনেদৰেই হ’বলৈ দিছে । এখন গণতন্ত্ৰত, যেতিয়া আমি এখন চৰকাৰ গঠন কৰোঁ, তেতিয়া সেয়া আচলতে প্ৰতিজন নাগৰিকৰে চৰকাৰ। কিয়নো, এয়া হৈছে গণতান্ত্ৰিকভাৱে নিৰ্বাচন কৰা এটি ৰাজনৈতিক ব্যৱস্থা । ই এনেকি সেইজন ব্যক্তিৰ বাবেও যিয়ে কিজানি শাসকীয় দলৰ বাবে ভোটদান কৰাই নাছিল ! যি মূহুৰ্ততে আমি অনুভৱ কৰোঁ যে কিছুমান ভুল সিদ্ধান্ত গ্ৰহণ কৰি চৰকাৰখনে সঠিকভাৱে কাম কাজ কৰা নাই, যিবোৰৰ পৰা অনাগত সময়ত অধিক দুখ-দুৰ্দশা হ’ব পাৰে , তেতিয়াই আমাৰ হাতত এজন নাগৰিক হিচাপে তেওঁলোকক পুণৰাই নিৰ্বাচিত নকৰাৰ বাবে এক সুবিধা থাকে । গণতন্ত্ৰত সেয়াই হৈছে আমাৰ হাতত থকা ক্ষমতা ।
দুৰ্ভাগ্যজনকভাৱে, আজি আমি অন্য এক দৃশ্যহে দেখিবলৈ পাইছো । আজিৰ দৃশ্যপটত দেখা গৈছে যে দেশৰ প্ৰায় ৯৯% লোকেই যিকোনো প্ৰকাৰে ৰাজনীতিৰ দ্বাৰা প্ৰভাৱিত আৰু সেইবাবেই হ’বলা আমি প্ৰায়ে এইদৰে শুনিবলগীয়া হৈছে যে- “অমুক বা অমুকীৰ লগত কথা নাপাতিবা বা তেওঁৰ লগত হলিগলি নকৰিবা, কিয়নো তেওঁ অমুক দলটোক সমৰ্থন কৰে বা নকৰে ।” আনুষ্ঠানিকভাৱে কোনো ৰাজনৈতিক দলৰে সদস্য নোহোৱা এজন ব্যক্তিৰ বাবে গণতন্ত্ৰত ই হৈছে আটাইতকৈ দুৰ্ভাগ্যজনক কথা । এনে কথা যিসকল মানুহৰ প্ৰতি লক্ষ্য কৰি কোৱা হয়, তেওঁলোকৰ হয়তো ৰাজনীতিৰ সতে কোনো সম্পৰ্কই নাই , হয়তো সম্পূৰ্ণৰূপে নিৰপেক্ষ। কিন্তু মানি ল’ব লাগিব যে বৰ্তমানে এয়াই হৈছে আমাৰ দেশৰ দৃশ্যপট । মই অৱকশ্যে ইয়াৰ বাবে মানুহক সম্পূৰ্ণ দোষাৰোপ কৰিব নোৱাৰোঁ । দৰাচলতে এই বিষয়বোৰ সফলতাৰে জনতাৰ মাজলৈ টানি অনাৰ আঁৰত আছে ৰাজনৈতিক দলসমূহহে। নাগৰিকক দোষাৰোপ কৰিবপৰা বিশেষ কাৰণ নাই । তথাপি এটাই কাৰণ মই দেখোঁ । সি হৈছে যে তেওঁলোক ইমানেই দায়িত্বজ্ঞানহীন হ’ব লাগে নে যে এনে বিষয়ত ক’ব নোৱাৰাকৈয়ে সোমাই পৰিছে ? গণতন্ত্ৰত নাগৰিকৰ ভূমিকাৰ বিষয়ে জোৰ দিবলৈহে মই এই কথাৰ অৱেতাৰণা কৰিছো ।
প্ৰশ্ন: গতিকে আপোনাৰ দৃষ্টিৰেনো কি কি সলনি হ’ল ?
জা.ব. :- আজিৰ দিনত, যদি কোনো এজনে চৰকাৰৰ কোনো নীতি অথবা পদক্ষেপৰ বিপক্ষে মাত মাতিব যদি বিচাৰে, তেন্তে তেওঁ এনে কৰিবলৈ সংকোচ বা দ্বিধাবোধ কৰে । কিয়নো, এনে কৰিলে তেওঁক চৰকাৰ-বিৰোধী বা প্ৰতিষ্ঠান-বিৰোধী বুলি আখ্যা দিয়াৰ সম্ভাৱনা আছে । একে সময়তে আকৌ, কেৱল চৰকাৰৰ বিৰোধিতা কৰা দেখুৱাবৰ বাবেই অতিৰঞ্জিতভাৱে এচাম লোকে আজিৰ সময়ত বহু ভিত্তিবহীন সমস্যাক বাহুল্যাতাৰে ব্যাখ্যা কৰে বা ৰাইজৰ আগত প্ৰদৰ্শন কৰে । একেদৰে দেখা যায় যে, যিসকল শাসকীয় দলৰ সমৰ্থক, তেওঁলোকে দলৰ কিবা ভুল যদি দেখাও পায়, সেয়া কাহানিও বিভাগীয় কৰ্তৃপক্ষক আঙুলিয়াই নিদি কেৱল নীৰৱ দৰ্শকহে হৈ পৰে । গণতন্ত্ৰৰ ক্ষেত্ৰত এই আটাইকেউটা পৰিস্থিতিয়েই অতি দুৰ্ভাগ্যজনক! ইয়াৰ ফলশ্ৰুতিতে, আমিবোৰে যাতনা লভো।
যি কি নহওঁক, চৰকাৰৰ সমালোচনা কৰিবলৈ যোৱা লোকজনক সততেই চৰকাৰ-বিৰোধী আখ্যা দিয়াৰ সলনি ,মই ভাৱোঁ তেওঁৰ সমালোচনাক চৰকাৰে স্বাগতম জনাব লাগে । যেতিয়া এজন সচেতন, দায়িত্বশীল ব্যক্তিয়ে কোনো বিষয়ত প্ৰশ্ন উত্থাপন কৰে, মই ভাৱোঁ তেওঁৰ কথা চৰকাৰে অন্ত:ত শুনা উচিত ! আৰু সেয়াই হৈছে প্ৰকৃত গণতন্ত্ৰ। আত্মসমালোচনা বা অন্তৰ্দৰ্শনে সদায়েই উন্নতিৰ বাট দেখুৱায় । তেনে অন্তৰ্দৰ্শনৰ পথবোৰ কাহানিও বন্ধ হ’ব নালাগে । আপোনাক মই এটি সৰু উদাহৰণ দিওঁ- ধৰক, আমাৰ পৰিয়ালৰ মাজৰে এজন সদস্যই যদি মূৰব্বীজনৰ সিদ্ধান্তক সমালোচনা কৰিবলৈ যায়, তেন্তে তেনে সদস্যজনক আমি কি ‘পৰিয়াল-বিৰোধী’ আখ্যা দিবলৈ যাম নে তেওঁৰ কথাও শুনিবলৈ যত্ন কৰিম ? একেধৰণৰ অভ্যাস এটা গণতন্ত্ৰতো প্ৰযোজ্য হোৱাটো অতি জৰুৰী ।
গতিকেই মই গুৰুত্ব দি ক’ব খোজা কথাটো হৈছে যে, আমাৰ গণতন্ত্ৰত ক’ৰবাত কিবা এটা বিসংগতি ঘটিছে । আৰু সেইবাবেই মই এজন দায়িত্বশীল নাগৰিক হিচাপে সামাজিকভাৱে বিভিন্ন বিষয়ক লৈ মুকলিকৈ প্ৰশ্ন কৰিবলৈ লৈছো ।
প্ৰশ্ন: আপুনি তেনেহ’লে এজন সচেতন নাগৰিক হিচাপে অখিল গগৈৰ মুক্তিৰ দাবী কৰে ?
জা.ব. :- হয় । তেখেতৰ ওপৰত জাপি দিয়া গোচৰ সমূহৰ ন্যায়িক বিষয়বস্তুৰ ওপৰত মই মন্তব্য দিবলৈ নাযাওঁ । মই কোনো প্ৰশিক্ষণপ্ৰাপ্ত উকীল বা ন্যায়-কৰ্মী নহওঁ । কিন্তু যেতিয়া তেওঁৰ বিষয়ত হৈ থকা পৰিস্থিতিলৈ মই লক্ষ্য কৰোঁ, মোৰ অনুভৱ হয় যেন মানৱতা আজি হেৰাই গৈছে । তেওঁৰ চিন্তা-ধাৰা বা আদৰ্শবাদৰ কথা সমূলি বাদ দিও যদি আমি জনতাৰ দৃষ্টিৰে চাওঁ- আমি আচলতে দেখা পাই আছো চৰকাৰখনে তেখেতৰ সতে কি কৰি আছে । জনতা মুৰ্খ নহয়। দূৰৰ পৰা কৰা পৰ্যবেক্ষণতে আমি দেখিছো তেওঁ কেনে স্তৰৰ অপৰাধ সংঘটিত কৰি আছে । সেয়েই , সমাজৰ সকলো নাগৰিকৰে এজন হিচাপে, আমি আমাৰ ক’বলগীয়াখিনি কৈছো। মই মাথো মানবীয়তাৰ খাতিৰত মোৰ দায়িত্ব পালন কৰিছো।
অখিলে এখন জেইলৰ পৰা মুক্তি পোৱাৰ সময়তে, এনেকি নিজৰ ঘৰ গৈয়ো পোৱাৰ আগেয়ে অন্য এখন জিলাৰ পৰা পুলিচ আহি তেওঁক ধৰি লৈ গ’ল , যাতে তেওঁক যিমান দিন সম্ভৱ কাৰাবন্দী কৰি ৰাখিব পৰা যায় । কেৱল এজন ব্যক্তিবিশেষৰ প্ৰতি দেশৰ সমস্ত শক্তি প্ৰয়োগ কৰি তেখেতক কোঙা কৰি ৰখাটো, মই ভাৱোঁ এটা অতি অমানৱীয় ঘটনা । অন্যহাতে, ভাৰতকে ধৰি পৃথিৱীৰ অন্য বহুকেইখন দেশত ভিন্ন ন্যায়ালয়ে বৰ্তমান কোভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱলৈ লক্ষ্য কৰি বহু অপৰাধীকে জেইলৰপৰা মুক্তি দিবলৈ আদেশ দিছে ।
আপুনি যদি, একেবাৰে প্ৰাৰম্ভিক তথ্যলৈ যায় , তেন্তে মোক কওঁক- এজন ব্যক্তিয়ে সৰ্বোচ্চ কিমান বছৰ জীয়াই থাকিব পাৰে ? ৮০ বা ৯০ বছৰ ? আৰু সেই নিৰ্দিষ্ট জীৱনকালতে আমি পৃথিৱীত কত কিমান যে অমানৱীয় কাম-কাজৰ সৃষ্টি কৰো ! আমি এনেকি যাৰ সতে সন্মত নহওঁ তেওঁক অত্যাচাৰ কৰাৰ নিত্য নতুন পন্থাও বিচাৰি পাওঁ! আপুনি যদি সভ্যতাৰ ইতিহাসলৈ ঘুৰি চায়, দেখিব যে যিকোনো পৰিৱৰ্তন লাগিলে সেয়া নতুন ধৰ্মৰ প্ৰচাৰেই হওঁক বা নতুন চৰকাৰ গঠনেই হওঁক বা নতুন গণ আন্দো লনেই হওঁক - সেয়া সংঘটিত হৈছে কেৱল আৰু কেৱল মাথো মানৱতাৰ মৃত্যু হওঁতেই । আমাৰ দেশত তেন্তে গণতন্ত্ৰ কিয় লাগে ? কিয়নো, প্ৰতিগৰাকী নাগৰিকেই ইয়াত গুৰুত্বপূৰ্ণ আৰু প্ৰতিজনৰে সমান অধিকাৰ আছে । এইটো এই বাবেই যে মানৱতা কাহানিও হেৰাই যাবলৈ দিব নোৱাৰি । এইবোৰেই হৈছে বিষয়, যিবোৰৰ প্ৰতি মই অনুভূতিশীল আৰু সেইবাবেই মই তেখেতৰ মুক্তিৰ দাবী জনাইছো ।
প্ৰশ্ন: আপুনি ২০০৪ চনত ধেমাজীত হোৱা বোমা বিস্ফোৰণত ১৮ টি শিশুৰ মৃত্যু হওঁতেও মাত মাতিছিল ?
জা.ব. :- হয়, একেধৰণেই মই কোনো হত্যাকে সহজভাৱে ল’ব নোৱাৰোঁ । সেইবাবেই মই ২০০৪ চনৰ উক্ত ঘটনাটিৰ বিপক্ষেও মোৰ ক’বলগীয়া খিনি কৈছিলো । মোৰ ‘তৰা’ নামৰ চিনেমাখনে তেতিয়া শ্ৰেষ্ঠ শিশু চলচ্চিত্ৰ হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ পৰা যিখিনি আৰ্থিক পুৰষ্কাৰ মই লাভ কৰিছিলো, সকলোখিনি সেই দুৰ্ভগীয়া পৰিয়ালকেইটালৈ দান কৰিছিলো । এনে হত্যাৰ ঘটনাই মোক ভাৰাক্ৰান্ত কৰি তোলে ।
মই অতি দূৰৱৰ্তী গাঁৱৰ পৰা আহিছো । মোৰ গাওঁ ইমানেই দুৰ্গম আছিল যে ৩০ বছৰ আগেয়ে তালৈ কোনো বাহন যাব পৰা নাছিল , কিয়নো বাহন যাবপৰাকৈ তাত কোনো ৰাষ্টাই নাছিল । কিন্তু মই এই কথাটো ভাৱি বৰ গৌৰৱ অনুভৱ কৰোঁ যে, আজিৰ এই তথাকথিত ‘আধুনিক সভ্যসমাজ’ৰ পৰা বহু যোঁজন আঁতৰত থাকিও আমাৰ গাৱঁত আজিলৈকে মই তেনে কোনো অমানৱীয় ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা নাই ।
যেতিয়া কোনো অমানৱীয় কাণ্ড কেৱল মাথো নিৰ্বাচনত জিকাৰ উদ্দেশ্যেৰেই বা অন্য উদ্দেশ্যেৰেই সংঘটিত কৰা যেন দেখোঁ তেতিয়া মই বহুত কষ্ট পাওঁ ।
প্ৰশ্ন: বাৰু আমি এইবাৰ নাগৰিকত্ব সংশোধনী আইনৰ বিষয়ত কথা পাতোঁ। আপুনি কিয় ভাৱে, যে এই আইনখন অসমৰ বাবে লাভজনক নহয় ?
জা.ব. :- মই এটা প্ৰশ্নৰে আৰম্ভ কৰোঁ – আপুনি মোক কওক, জনতাৰ প্ৰতিবাদলৈ ভ্ৰুক্ষেপ নকৰি, একেধৰণৰ এখন আইন অসমৰ বাদে অন্য ৰাজ্যত গৃহীত হ’ব পাৰিব নে ? যেতিয়া লক্ষ লক্ষজন জনতাই ঘৰৰপৰা ওলাই আহি ৰাজপথত চিঞঁৰি চিঞঁৰি ক’লে যে তেনে এখন আইনে আমাক ক্ষতি কৰিব, তাৰ পাছতো এয়া হ’বলৈ পালে আমাৰ ৰাজ্যত! কেন্দ্ৰই একেধৰণে অন্য ৰাজ্যত অনুৰূপভাৱে এখন আইন প্ৰণয়ন কৰাব কিয় নোৱাৰে, সেয়া মোক ক’বলৈ দিয়ক । স্বাধীনতাৰ পাছৰে পৰাই অসমৰ নেতৃত্ব অতি দুৰ্বল হৈ আহিছিল আৰু বৰ্তমানে ই আটাইতকৈ দুৰ্বল । সেয়ে বৰ্তমান সময়ৰ ৰাজনৈতিক নেতাসকল কাহানিও অসমৰ জনগণৰ সঁচা অৰ্থৰ প্ৰতিনিধি হ’ব পৰা নাই, যিয়ে অসমৰ জনগণৰ হৈ ৰাইজৰ মতামত কেন্দ্ৰত উপস্থাপন কৰিব পাৰে । সেইবাবেই নেতাসকলে ভাৱে যে কেন্দ্ৰই যি নিৰ্দেশ দিয়ে, সেয়াই অসমত আখৰে আখৰে প্ৰতিফলিত হ’ব লাগিব ।
মই এইটোও আঙুলিয়াই দিব বিচাৰোঁ যে, ৰাজনৈতিক প্ৰেক্ষাপটতো সেয়া সত্য হৈ আহিছে । কেইবাবাৰো দেখা গৈছে যে, অসমৰ বাহিৰৰ একোজন ব্যক্তিয়েও অতি সহজেই অসমৰ পৰা এজন ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হ’ব পাৰিছে , যিয়ে নেকি ৰাজ্যসভাত গৈ কোনো কাহানিও অসমৰ হকে এষাৰি মাত দি পোৱা নাই ! আমি সাধাৰণ নাগৰিক হিচাপে এইবোৰ কিছু সময়ৰপৰা লক্ষ্য কৰি আছো । এইবোৰ কেৱল মাথো স্থানীয় ৰাজনীতিকসকলৰ বিফলতা বা দুৰ্বলতাৰ বাবেই সম্ভৱপৰ হৈছে । সেইবাবেই এই ৰাজনৈতিক ব্যক্তিসমষ্টিয়ে অসমীয়া জাতিটোৰ মৰ্যাদা তথা পৰিচয় ৰক্ষা কৰিব পাৰিব বুলি জনতাই এতিয়া বিশ্বাস নকৰা হৈছে । যিসকল ব্যক্তিয়ে আমাৰ নিজৰ জাতি, মাটি আৰু ভেঁটিৰ সুৰক্ষা দিম বুলি প্ৰতিশ্ৰুতি দি ভোট বিচাৰিছিল সেইসকলেই এতিয়া সাধাৰণ মানুহৰ সতে যোগাযোগৰ সকলো দুৱাৰ বন্ধ ৰাখিছে । ক’ব লাগিব, সেইবোৰ কাৰণতেই সাধাৰণ মানুহৰ খং আৰু আৰু উষ্মাবোৰ স্বয়ংক্ৰীয়ভাৱে প্ৰকাশ পাইছে আৰু আমি এনেধৰণৰ অবিশ্বাস্য ৰূপত বহুলভাৱে আইনখনৰ প্ৰতিবাদ হোৱা দেখা পাইছো ।
আপুনি বুজিব লাগিব যে, ঐতিহাসিকভাৱে বা ভৌগোলিকভাৱেও অসমীয়া জাতিটোক অন্য কোনো জাতি যেনে মাৰাথী, গুজৰাটী বা এনেকি বেংগলীৰ সতেও তুলনা কৰিব নোৱাৰি । অসমীয়াৰ পৰিচয় সম্পূৰ্ণৰূপে সুকীয়া । ই হৈছে এটা ভাষা-কেন্দ্ৰিক সমাজ যাৰ ধৰ্মাচাৰ বা ধৰ্ম-বিশ্বাসৰ লগত কোনো সম্পৰ্ক নাই । আপুনি হিন্দু, মুছলিম, খ্ৰীষ্টান, পাহাৰ ভৈয়ামৰ জনজাতি, জনগোষ্ঠী সকলো একেলগে মিলি এটা সুদৃঢ় একক পৰিচয় হোৱা অইন ক’ত দেখিবলৈ পাইছে ? অৱয়শ্যে স্বাধীনতাৰ পাছৰে পৰাই আমাৰ ৰাজনৈতিক নেতা সকলে এই স্বকীয়তাখিনিৰে আমাৰ পৰিচয়টো কেন্দ্ৰৰ ওচৰত দাঙি ধৰাত অক্ষম হৈছে , যিটো অতি পৰিতাপৰ কথা ।
ছয় শতাধিক বছৰৰ আগতে, চাউলুং চ্যুকাফাই জাতি, জনগোষ্ঠী আৰু সকলো সম্প্ৰদায়কে একত্ৰিত কৰিছিল । তেওঁলোকে বহিৰাগত শত্ৰুৱে কৰা আক্ৰমণৰ উচিত প্ৰত্ত্যুত্তৰ দিছিল এক গোট হৈ । ইয়াৰ আগতে অসমখন বিচ্ছিন্ন হৈ আছিল । কিন্তু কেৱল মাথো একতাৰ বাবেই শক্তিশালী মোগল ৰজা জাহাংগীৰ, শ্বাহ জাহান বা ঔৰংগজেৱৰ সময়ত অসমে এবাৰ নহয় দুবাৰ নহয়, ১৭ বাৰকৈ তেওঁলোকক হৰুৱাব পাৰিছিল । শ্ৰী শ্ৰী শংকৰদেৱে সংস্কৃতিৰ দোলেৰে আমাক এক সুন্দৰ সামাজিক ব্যৱস্থাৰ দুৱাৰ খুলি দিছিল । তেওঁ হিন্দু, মুছলীম, জনজাতি, জনগোষ্ঠী এই সকলোকে একেটা ছাতিৰ তললৈ আনি একেডাল সমন্বয়ৰ সূতাৰে বান্ধিছিল । এই একতাই হৈছে অসমীয়া ভাষাৰ ওপৰত ভিত্তি দি হোৱা অসমীয়াৰ আচল পৰিচয় ।
কিন্তু এইখিনি কথা আপুনি ইতিহাসৰ কিতাপত বিচাৰি পায় নে ? অতি শৃংখলাবদ্ধভাৱে আমি আমাৰ নৱপ্ৰজন্মক আমাৰ নিজৰ শিপাৰপৰা আঁতৰাই আনিছো । আমাৰ শিক্ষা ব্যৱস্থাত ল’ৰা-ছোৱালীক শিকাবলৈ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰপৰা ইতিহাস বিষয়টোৱেই আমি গুচাই দিছো । আজি, আমাৰ শিশু-কিশোৰে হয়তো জাহাংগীৰ, শ্বাহ জাহান অথবা ঔৰংগজেৱৰ নামহে জানিব পাৰে, আমাৰ অসমীয়া ৰজাসকলৰ বিষয়ে নহয়, যিয়ে তেৰাসকলক ৬৮ বছৰৰ বাবে (১৬১৪ চনৰ পৰা ১৬৮২ লৈকে) হৰুৱাই নিজৰ বিজয়-ধ্বজা উৰুৱাবলৈ সক্ষম হৈছিল । দুখৰ কথা, আজি গুৱাহাটী হেন মহানগৰত আমি এনে মহাপ্ৰতাপী ৰজাৰ নামত এটি ৰাষ্টাৰো নামকৰণ কৰিব নোৱাৰিলো ।
মই আপোনাক অন্য এটি উদাহৰণ দিছোঁ। আমাৰ ইতিহাসত মহিলা চৰিত্ৰসমূহ এবাৰ চাওঁক । মূলা গাভৰুৱেয়ে ঘোঁৰা চলাই এটা মহিলা সৈন্যদলক আগুৱাই নি ১৫৩০ খ্ৰীষ্টাব্দত তুৰ্বক খানৰ সতে যুঁজিছিল। কিন্তু আমাৰ প্ৰজন্মই এতিয়া কেৱল ঝান্সীৰ ৰাণীৰ কথাহে গম পায়, যিয়ে তিনি শতাধিক বছৰৰ পাছতহে ব্ৰিটিছৰ সতে যুঁজিছিল ।
ইতিহাসৰ এনে গুৰুত্বপূৰ্ণ কথাখিনি সোঁৱৰাই দিয়া বাবে কোনোবাই হয়তো মোক এজন আহোম হোৱা বাবেহে এনেকৈ কৈছো বুলি ক’ব পাৰে। কিন্তু মই আহোম ৰজাসকলক অসমৰ একোজনকৈ প্ৰতাপী দক্ষ ৰজা হিচাপেহে গণ্য কৰোঁ , যাৰ বাবে আমি প্ৰতিজন অসমীয়াই গৌৰৱ কৰিব পাৰোঁ। আপুনি আমাৰ উপাধিবোৰ চাওঁক – এজন ‘ফুকন’ অথবা ‘বৰুৱা’ উপাধিৰ লোক হয়তো ব্ৰাহ্মণ হ’ব পাৰে, কলিতা হ’ব পাৰে , আহোম হ’ব পাৰে অথবা মুছলীম হ’ব পাৰে । ইয়ে কি সূচায় ? ইয়ে এইটোকেই প্ৰতিপন্ন কৰে যে, আমি কাহানিও ধৰ্ম-ভিত্তিক নহয় । এইয়া হৈছে এনে সময় য’ত আমি আমাৰ হাতত থকা এনে অক্ষয় সম্পদ সমূহৰবাবে সামগ্ৰিক ভাৱে গৌৰৱ অনুভৱ কৰিব পাৰোঁ আৰু ইয়েহে দৰাচলতে আমাৰ পৰিচয়ক সুৰক্ষা দিব পাৰিব ।
অসমৰ জনসাধাৰণক কৰা অৱিহেলা, শোষণৰ উপৰিও নাগৰিকৰ মতামতক শাসকীয় নেতৃত্বই কৰা উপেক্ষা তথা ভেঙুচালিৰ বাবেই মই নাগৰিকত্ব সংশোধনী আইনৰ ৰাজহুৱাভাৱে বিৰোধিতা কৰিছো। ইতিমধ্যে এনে অৰাজকতা বহু দূৰ আগবাঢ়ি গৈছে । আমি ভাৰতীয় হয় নে নহয় ? সেই হিচাপে অন্য দেশৰ নাগৰিকতকৈ নিজ মাতৃভূমিৰ নাগৰিকৰ প্ৰতি মনোযোগ দিয়াটো দেশৰ প্ৰাথমিক দায়িত্ব হয় নে নহয় ? নে আমাক কেৱল আমাৰ চাহপাত,তেল, কয়লা বা অন্য সম্পদসমূহৰ বাবেহে লাগে ? সেয়েহে সংশ্লিষ্ট নাগৰিক হিচাপে মাত মতাৰ বাহিৰে আমাৰ হাতত অন্য উপায় নাই। গতিকেই মই কা-প্ৰতিবাদৰ সময়তো আইনখন প্ৰণয়ন কৰিলে কিদৰে অতি সোনকালে অসমীয়া জাতিটো এটা অতি সংখ্যালঘু জাতিলৈ পৰিণত হ’ব সেয়া এটা ভিডিঅ’ৰ জৰিয়তে তথ্য সহকাৰে দাঙি ধৰিছিলো।
প্ৰশ্ন: গতিকে আপুনি ক’ব বিচাৰিছে যে কেৱল মাথো দুৰ্বল নেতৃত্বৰ বাবেই অসমত আইনখন প্ৰণয়ণ কৰাটো সম্ভৱপৰ হ’ল?
জা.ব. :- হয় । ইয়াৰ অন্যতম এটা কাৰণ হ’ল আমাৰ ইতিহাসৰ, আমাৰ স্বাভিমানৰ বিষয়ত আমাৰ নেতৃত্বৰ কোনো গৌৰৱ নাই, নাই কোনো শিপা খামোচা মন। সকলোখিনি কথা কেৱল মাথো পাছৰটো নিৰ্বাচন কিদৰে জিকিব পৰা যায় সেই দৃষ্টিৰেহে চোৱা হৈছে । তেওঁলোক সকলোৱেই মাথো হয়তো ৰাজনৈতিক অভিসন্ধিত ব্যস্ত অথবা ভোটাৰৰ মাজত সাম্প্ৰদায়িক মেৰুকৰণত ব্যস্ত । মই আপোনাক এটা উদাহৰণ দিওঁ- আমি জানো যে, ব্ৰহ্মপুত্ৰ উপত্যকা এটি সাৰুৱা ভূমি । কিন্তু আপুনি মন কৰক যে আমাৰ খেতিয়কক আমি অধিক খেতিৰ বাবে অধিক ফচলৰ বাবে উৎসাহিত কৰাৰ সলনি আমি কি কৰিছো ? আমাৰ নেতৃত্বই যিমান পাৰে সিমানে মানুহক কেৱল ভোট কিনাৰ স্বাৰ্থতে ২টকীয়া চাউল দিছে । এনে হোৱাৰ ফলত কোনে আৰু তেন্তে কষ্ট কৰি ধানৰ খেতি কৰিব কওঁক ? ৰাজনৈতিক নেতাসকলে আচলতে এনে কিছু তথাকথিত জনপ্ৰিয় আঁচনিৰ জৰিয়তে আমাৰ মানুহক একপ্ৰকাৰে বিকলাংগ কৰি তুলিছে । ইয়াৰ অন্তৰালত এটাই উদ্দেশ্য, সেয়া হৈছে –চলে বলে কৌশলে মাথো গাদী দখল কৰা! মই ভাৱোঁ যে প্ৰকৃতাৰ্থত কি হৈ আছে সেয়া আমাৰ নাগৰিকে চালি-জাৰি চাব পৰাকৈ সক্ষম হ’ব লাগিব । ইয়াৰ বাবে আপুনি ৰাজনীতি খেলিবলৈ যাব নালাগে, কিন্তু সতৰ্ক থাকিব লাগিব, যাতে আপুনি অহা পাঁচ বছৰৰ বাবে কাক ভোট দিব সেয়া বিচাৰ কৰিব পাৰে । গণতান্ত্ৰিক ব্যৱস্থাত এইটো খুবেই প্ৰয়োজনীয় ।
আমাৰ সংবিধানে আমাক আমাৰ অধিকাৰ দিয়াৰ লগতে কিছু দায়িত্বও দিছে । গতিকে আমি নাগৰিক হিচাপে কিছু পূৰঠ হ’বই লাগিব ।
(সাক্ষাৎকাৰটি যোৱা ২৫ জুলাই ২০২০ তাৰিখে ‘দ্য ৱায়াৰ’.ইন সংবাদ মাধ্যমত প্ৰকাশ হৈছিল । সাক্ষাতকাৰ গ্ৰহণ কৰিছিল, thewire.in ৰ NATIONAL AFFAIRS EDITOR Sangeeta Barooah Pisharoty য়ে। ইংৰাজীৰ মূল সাক্ষাতকাৰটিৰ লিংকঃ
https://thewire.in/rights/jahnu-barua-interview-citizens-rights-caa-government
জাহ্নু বৰুৱদেৱৰ অনুমতিক্ৰমে সমলটি অসমীয়ালৈ তৰ্জ্জমা কৰি যুগুতালে- অৰুণজ্যোতি দাসে)
অসমীয়াৰ সুখ-দুখৰ সাক্ষাতকাৰৰ শিতান 'কথা-বাৰ্তা'ৰ আন লেখাবোৰ পঢ়িবৰ বাবে ক্লিক কৰকঃ
https://www.xukhdukh.com/search/label/KOTHA-BARTA
https://thewire.in/rights/jahnu-barua-interview-citizens-rights-caa-government
জাহ্নু বৰুৱদেৱৰ অনুমতিক্ৰমে সমলটি অসমীয়ালৈ তৰ্জ্জমা কৰি যুগুতালে- অৰুণজ্যোতি দাসে)
অসমীয়াৰ সুখ-দুখৰ সাক্ষাতকাৰৰ শিতান 'কথা-বাৰ্তা'ৰ আন লেখাবোৰ পঢ়িবৰ বাবে ক্লিক কৰকঃ
https://www.xukhdukh.com/search/label/KOTHA-BARTA
No comments:
Post a Comment