চিন্তনঃ অসমীয়াৰ শত্ৰু, কেৱল অসমীয়াই নে? : ডা° বিৰাজ কুমাৰ শৰ্মা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ অসমীয়াৰ শত্ৰু, কেৱল অসমীয়াই নে? : ডা° বিৰাজ কুমাৰ শৰ্মা

চিন্তনঃ অসমীয়াৰ শত্ৰু, কেৱল অসমীয়াই নে? : ডা° বিৰাজ কুমাৰ শৰ্মা

Share This

অসমীয়াৰ শত্ৰু, কেৱল অসমীয়াই নে?
ডা° বিৰাজ কুমাৰ শৰ্মা
অসমীয়া এটা বিশাল জাতি। বহু জাতি-উপজাতি ধৰ্ম-বৰ্ণ মিলনৰ ফলত এক অসমীয়া জাতিৰ ধাৰণাই গঢ় লৈছে। বহু সময়ত অসমীয়া জাতিক এলেহুৱা জাতি বুলি আখ্যা দিয়া হয়। কেতিয়াবা আকৌ কেকোঁৰা মানসিকতাৰ জাতি বুলি সমালোচনা কৰা হয়। কেতিয়াবা আকৌ আন্দোলনকাৰী বন্ধ প্ৰদেশৰ বাসিন্দা বুলিও খোঁচ মৰা হয়। অসমীয়া জাতিৰ যদিও কেইবা শতিকাৰ গৌৰৱোজ্বল ইতিহাস আছে, তথাপি অসমীয়া অস্তিত্ব ৰক্ষাক লৈ ভৱিষ্যতক লৈ শংকাৰ শেষ নাই। এই আশংকা দিনক দিনে বাঢ়িছেহে। অসমৰ খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপনেৰে পুৰণি অসমীয়াক অসমলৈ হোৱা নতুন অনুপ্ৰৱেশে সৃষ্টি কৰা ন-অসমীয়াৰ পৰা সুৰক্ষিত কৰা প্ৰশ্ন আহিল। ভাৰতীয়কৰণে অসমত ন-কৈ বসতিৰ সৃষ্টি কৰা অনা-অসমীয়া সকলৰ পৰাও অৰ্থনৈতিক ভাৱে সুৰক্ষিত কৰাৰ প্ৰশ্ন উঠিল। সেয়ে সৃষ্টি হ'ল জাতি-মাটি-ভেটি ৰক্ষাৰ ৰাজনৈতিক প্ৰতিশ্ৰুতি আৰু তাৰেই ভিত্তিত নিৰ্বাচনী ৰাজনীতি।
আজিৰ আলোচনাটোত ৰাজনৈতিক দিশতকৈ সামাজিক উদাহৰণহে দাঙি ধৰিবলৈ খোজা হৈছে। যাৰ পৰা হয়তো আমি নিজকে প্ৰশ্ন কৰিব পাৰিম, আজি অসমীয়া শত্ৰু কোন, উত্তৰো চাগে নিজেই দিব পাৰিম, অসমীয়াই বুলি। 

উদাহৰণঃ ১
বাঢ়নী পানীয়ে নতুনকৈ নিৰ্মিত মথাউৰিটো ভাঙি গাওঁখন জলমগ্ন কৰিলে ৷ সকলোৰে ঘৰ পানীৰ তলত ৷ নামঘৰত ৰাইজ একগোট হৈছে ৷ নামঘৰত ঠিকাদাৰক অভিশাপ দিছে ৷ অথচ একেখিনি মানুহেই যোৱাবছৰ একেজন ঠিকাদাৰকেই নায়ক সজাইছিল, যেতিয়া ৰাইজে নামঘৰৰ বাবে ঠিকাদাৰজনে আগবঢ়োৱা এক বুজন পৰিমাণৰ ধন বৰঙনি হিচাপে গ্ৰহন কৰিছিল ৷ তেতিয়া তেওঁলোকে পাহৰি গৈছিল যে ঠিকাদাৰজনৰ ইমান ধনৰ উৎস ক’ত ৷ বৰঙনি আগবঢ়াই ঠিকাদাৰজনে নিম্ন মানৰ কাম আৰম্ভ কৰিছিল আৰু নিজৰ আয় বঢ়াইছিল ৷ মানুহবোৰে সচেতন হৈ সেই নিম্নমানৰ কামৰ প্ৰতিবাদ কৰা নাছিল ৷ সকলোৱে চকু মুদা কুলিৰ ভাও লৈছিল৷ চতুৰ ঠিকাদাৰজনে গাঁৱৰেই দুজনমানক কেইটামান বটলেৰে মুখ বন্ধ কৰিছিল ৷ কাৰণ নামঘৰত বৰঙনি দি তেখেত ভাল মানুহ হৈ পৰিছিল আৰু সকলোৰে মুখ বন্ধ কৰিছিল ৷ মথাউৰিত মাটিৰ পৰিৱৰ্তে বালি পৰিছিল আৰু বাৰিষাৰ বানত সেই বালিৰে নিৰ্মিত মথাউৰি উটি গৈছিল ৷ ঈশ্বৰে যেন মানুহক একপ্ৰকাৰ বাৰ্তা দিছিল "মই দিছিলোঁ কিন্তু তোমালোকে লব নাজানিলা ৷ এতিয়া নিজৰ কৰ্মফল নিজে ভোগ কৰা ৷"

উদাহৰণঃ ২
নতুনকৈ নিৰ্মাণ কৰা পথটি এবছৰ নহওতেই খহি গ’ল ৷ চৰকাৰ আৰু ঠিকাদাৰক সকলোৱেই সমালোচনা কৰাত ব্যস্ত হ’ল ৷ চাৰিআলিৰ চাহৰ দোকানত ইয়াকেই লৈ সৰব চৰ্চা ৷ অথচ, সেইজন ঠিকাদাৰৰ পৰাই বহুকেইখন অনুষ্ঠানত শকত অংকৰ ধন বৰঙনি হিচাপে গ্ৰহন কৰি ঠিকাদাৰজনৰ ডিঙিত গামোচা পিন্ধোৱা হৈছিল ৷ ৰাইজে ধন গ্ৰহন কৰি নাচ-গানৰ অনুষ্ঠান চাই আপোন পাহৰা হৈছিল আৰু আৰু ঠিকাদাৰে নিম্নমানৰ কামেৰে বৰঙনি দিয়া ধনতকে দুগুন-চাৰিগুণ ধন উলিয়াই লৈছিল ৷ বৰঙনি দি সকলোৰে মুখ বন্ধ কৰিছিল ৷ এতিয়া ৰাস্তা খহি গ’ল ৷ চাইকেল চলোৱা সকলৰ ককাঁলৰ বিষ আৰম্ভ হ’ল, কিন্তু ঠিকাদাৰজনে এতিয়া এই বাটেৰে নাহে ৷ ৰাইজক বিভিন্ন অনুষ্ঠান আয়োজনৰ বাবে ধন আগবঢ়াই ডিঙিত গামোচা পিন্ধি ৰাস্তাৰ কাম শেষ কৰি এতিয়া বিলাসী গাড়ীত ঘুৰি ফুৰিছে ৷ আৰু ৰাইজে এতিয়া ভগা ৰাস্তাৰে যাতায়ত কৰি চৰকাৰক সমালোচনা কৰাত লাগিছে ৷ দোষ কাৰ ?

উদাহৰণঃ ৩
চাকৰিৰ তাগিদাত মানুহজনে চহৰখনলৈ নতুনকৈ বদলি হৈ আহিছে৷ চৰকাৰী কাম সূচাৰুৰূপে কৰিমবুলি মানুহজন দৃঢ়প্ৰতিজ্ঞ আছিল আৰু দৰ্নীতি সহ্য নকৰিছিল ৷ কিন্তু চহৰখনত পাবত গজা সংগঠনৰ অভাৱ নাছিল ৷ তেখেতৰ কাৰ্যালয়লৈ জাতিৰক্ষাৰ বাবে চান্দা বিছৰা লোকৰ প্ৰকোপ বৃদ্ধি পাইছিল ৷ দৰমহাৰ পইচাৰে দাবী কৰা ধন দি দি মানুহজন একপ্ৰকাৰ দেউলীয়া হোৱাৰ উপক্ৰম হৈছিল ৷ ধন নিদিলে বিভিন্ন মিছা অভিযোগেৰে মানুহজন লাঞ্ছিত হবলৈ ধৰিছিল ৷ সন্তুষ্ট কৰিব নোৱাৰাৰ বাবে কাকতত তেখেতৰ বিৰুদ্ধে বিভিন্ন মিছা বাতৰি প্ৰকাশ হবলৈ ধৰিছিল ৷ উপায়হীন মানুহজনে শেষত দুৰ্নীতিৰ আশ্ৰয় লৈ ধন আৰ্জন কৰি সেইসকলক বৰঙনি দি নিজেও লাভান্বিত হবলৈ লৈছিল ৷ মিছা অভিযোগৰ পৰা তেওঁ মুক্তি পাইছিল যদিও এনেকৈয়ে এজন দুৰ্নীতিগ্ৰস্থ বিষয়াৰ সৃষ্টি কৰাত জাতিৰক্ষাৰ ঠিকাদাৰ সকলৰ পৰোক্ষ অৰিহনা আছিল ৷

উদাহৰণঃ ৪
মানুহজনৰ ৰূপিত মাটি আছিল দুপুৰা ৷ ৰাস্তাৰ কাষত ৷ সকলোৱে একেমুখেই কৈছিল সোনৰ মূল্যৰ সদৃশ মাটি ৷ তেওঁৰ পিছফালে গঞাৰ মুকলি পথাৰ ৷ আহিনত পথাৰখনত সোনগুটি ওপচি পৰে ৷ এদিন মাটিখিনিত চকু পৰিল অনা-অসমীয়া ব্যৱসায়ীৰ ৷ তেতিয়াৰ মূল্যতকৈ চাৰিগুণ লোভ দেখুৱালে ৷ ইমানখিনি ধনৰ লোভ দেখি মানুহজন মান্তি হ’ল নিজৰ পৈতৃক সম্পত্তি আনৰ হাতত গটাই দিবলৈ ৷ গাৱঁৰে আন এজন আহিছিল মাটিখিনি অনা-অসমীয়াক দিয়াৰ পৰিবৰ্তে নিজে কিনিম বুলি ৷ মানুহজনে গৰ্বৰে কৈছিল "তই ইমান টকা দিব পাৰিবি জানো ? মোৰ মাটি, য’ত টকা বেছি পাম তাতেই বিক্ৰী কৰিম ৷" চাৰিগুণৰ পৰিৱৰ্তে মানুহজনে ছয়গুণ অধিক দামত অনা-অসমীয়াৰ হাতত নিজৰ পৈতৃক ভূমি গটাই দিছিল ৷ অনা-অসমীয়াজনে ৰাতিটোৰ ভিতৰতে মাটিখিনিত প্ৰকাণ্ড ৱাল সাজিছিল আৰু পিছফালৰ মাটিৰ মালিকসকলৰ অহাযোৱাৰ কৰাৰ পথ একপ্ৰকাৰ ৰুদ্ধ কৰাৰ দৰে কৰিছিল ৷ উপায়ান্তৰ মানুহখিনিয়ে অনা-অসমীয়াজনক কাবৌ-কাকূতি কৰিছিল যদিও তেখেতে উদাসীন হোৱাৰ ভাও লৈছিল ৷ উৎপাদন নথকা আৰু ক্ৰমান্বয়ে চন পৰিবলৈ ধৰা মাটিখিনি উপায়ান্তৰ ৰাইজে অনা-অসমীয়াজনকে কিনিবলৈ অনুৰোধ কৰিছিল ৷ অনা-অসমীয়াজনে তেখেতক আৰু মাটিৰ প্ৰয়োজন নাই বুলি মিছাকে কৈ কৰি উপায়ন্তৰ হোৱা হোজা ৰাইজক পাকচক্ৰত পেলাইছিল আৰু পিছত মিছা সহানুভূতি দেখুৱাই পানীৰ দৰত মাটিখিনি ৰাইজৰ পৰা ক্ৰয় কৰিছিল আৰু উপায়ন্তৰ ৰাইজে পানীৰ দৰতে নিজৰ পৈত্ৰিক ভূমি অনা-অসমীয়াৰ হাতত সমৰ্পণ কৰিবলৈ বাধ্য হৈছিল ৷ এনেদৰেই খিলঞ্জীয়া ৰাইজে ভূমি হেৰুওৱাত এজন খিলঞ্জীয়াৰেই অৱদান আছিল আৰু এইদৰেই এখন পথাৰ নোহোৱা হৈছিল ৷

এই সৰু-সৰু উদাহৰণ কেইটাই অসম আৰু অসমীয়াৰ আজিৰ স্থিতিকেই তুলি ধৰিছে। যিবোৰ ছবি অতি বাস্তৱ আৰু তাৰেই ভিত্তিত অসমীয়া জাতিয়ে আত্ম-বিশ্লেষণৰেৰে ভৱিষ্যতৰ বুকুলৈ যে আগুৱাই যাব লাগিব। ভুল ক্ৰুতিবোৰ যে ব্যক্তিগত আৰু ৰাজহুৱা দুয়োটা স্তৰতে চিনাক্ত কৰি এই যাত্ৰা কৰিলেহে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা পৰিব,  সেই কথাও কিন্তু নিশ্চিত।
লেখক লখিমপুৰস্থিত পশু চিকিতসা বিজ্ঞান মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক।
তেখেতৰ আন আন প্ৰকাশিত লেখা পঢ়িবৰ বাবে লিংকঃ
https://www.xukhdukh.com/search/label/dr.%20biraj%20kr%20sarma

No comments:

Post a Comment