প্ৰৱন্ধঃ কি আছে মোডী চৰকাৰৰ "নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি"ত? :: অজয় লাল দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ  কি আছে মোডী চৰকাৰৰ "নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি"ত? :: অজয় লাল দত্ত

প্ৰৱন্ধঃ কি আছে মোডী চৰকাৰৰ "নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি"ত? :: অজয় লাল দত্ত

Share This
কি আছে মোডী চৰকাৰৰ "নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি"ত?
অজয় লাল দত্ত
অতিমাৰীৰ শংকাৰ মাজত শিশু-কিশোৰ-শিক্ষাৰ্থী সকলৰ এই বৰ্ষৰ পঢ়াশুনা, পৰীক্ষা আদিক লৈ সকলো উদ্বিগ্ন হৈ থকাৰ মাজতে ভাৰতবৰ্ষৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ( NATIONAL EDUCATION POLICY-2020 )ত আজি কেন্দ্ৰীয় কেবিনেটে অনুমোদন কৰিছে। 

এই নীতিৰ খছৰা ইছৰোৰ পূৰ্ব-মূৰব্বী কস্তুৰিৰংগনৰ নেতৃত্বৰ এখন কমিটিয়ে তৈয়াৰ কৰিছিল আৰু ইয়াৰ দ্বাৰা ১৯৮৬ চনতে নিৰ্ধাৰণ কৰা পূৰ্বৰ শিক্ষানীতিৰ সলনি প্ৰৱৰ্তন কৰা হৈছে। এই নীতিৰ ভিত্তিতে কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ নাম সলনি কৰি শিক্ষা মন্ত্ৰালয় কৰা হৈছে। পূৰ্বৰে পৰা প্ৰচলিত ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিক মাজতে ১৯৯২চনত কিছু সালসলনিও ঘটোৱা গৈছে। প্ৰায় ছয় বছৰ ধৰি এই শিক্ষানীতিৰ নবীকৰণৰ ওপৰত কাম চলি আছিল। এই নতুন শিক্ষানীতিক অধিক প্ৰযুক্তিগত কৰি সময়ৰ সৈতে খাপ খোৱাবৰ চেষ্টা কৰা হৈছে বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। 
নতুন ৰাষ্ট্ৰীয় নীতিৰ মূল কথাখিনি একত্ৰে থুলমূলকৈ দাঙি ধৰিবলৈ ইয়াত চেষ্টা কৰা হৈছে-

১. এই নীতিৰ আধাৰত চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিব বিচৰা হৈছে।

২. শিক্ষাৰ অধিকাৰ আইন-২০০৯ ৰ অধীনত পূৰ্বৰ ৬-১৪ বছৰৰ শিক্ষাৰ্থীক সামৰি লোৱাৰ বিপৰীতে নতুন শিক্ষানীতিত ৩-১৮ বৰ্ষৰ শিক্ষাৰ্থীক সামৰি লবলৈ প্ৰয়াস কৰা হৈছে। 

৩. নেচনেল কাউন্সিল ফৰ টেকনিকেল এডুকেচন (NCTE)ৰ অধীনত নেচনেল প্ৰফেচনলে ষ্টেণ্ডাৰ্ডচ ফৰ টিচাৰ্ছ (NPST) ২০২২ বৰ্ষৰ ভিতৰত গঢ়িব বিচৰা হৈছে। 

৪. শিক্ষকৰ শিক্ষাৰ বাবে বহু-মুখী কলেজ আৰু বিশ্ববিদ্যালয়ৰ ব্যৱস্থা হব। চাৰি বছৰীয়া সংহত বি.এড ডিগ্ৰীক ২০৩০ৰ ভিতৰত শিক্ষকতাৰ বাবে অৰ্হতা কৰিব বিচৰা হৈছে। বিশেষ বিষয়ৰ স্নাতকৰ বাবে ২ বছৰীয়া বিএড, আৰু চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম সম্পন্নৰ বাবে ১বছৰীয়া বিএডৰে বিশেষ বিষয়ৰ শিক্ষকতা কৰাৰ অৰ্হতা লভিব পাৰিব। বিএড প্ৰগাম সমূহক অধিক প্ৰযুক্তিগত আৰু বহু-বিষয় সামৰা কৰা হব। 

৫. কম দৈৰ্ঘ্যৰ কিছু শিক্ষক শিকনৰ কৰ্ছ যিবোৰ ডায়েট, বাইট আদি সংস্থাত উপলদ্ধ হব। সেইবোৰ কৰ্ছত স্থানীয় সমল ব্যক্তিয়ে স্থানীয় কলা, শিল্প, কৃষি, ব্যৱসায়কে ধৰি ভকেচনেল দিশৰো শিক্ষা প্ৰদান কৰাৰ প্ৰস্তাৱ। পোষ্ট-বিএড কৰ্ছ কিছমানো মাল্টি-ডিচিপ্লিনেৰী কলেজ আৰু ইউনিভাৰ্চিটিৰ জৰিয়তে দিয়াৰ প্ৰস্তাৱ। 

৬. অহা ২০২১ চনৰ ভিতৰ এটা নেচনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ফৰ টিছাৰ এডুকেচন (NCFTE2021) দেশৰ NCERT সৈতে পৰামৰ্শ কৰি গঢ়ি তোলা হব। পাঁচ বা দহ বছৰৰ মূৰত এই শৈক্ষিক-কৰ্মসূচীৰো সালসলনিৰ প্ৰস্তাৱ। 

৭. মানদণ্ড পালিত নোহোৱা শিক্ষকতা শিক্ষণ প্ৰতিষ্ঠানবোৰক এবছৰৰ ভিতৰত মানদণ্ড উন্নতৰ সময়সীমা বান্ধি দিয়া হব। ২০৩০ৰ ভিতৰত কেৱল উন্নত গুণগত মানদণ্ডৰ শিক্ষকতা শিক্ষণ কাৰ্যসূচীহে দেশত বৰ্তাই ৰখাৰ প্ৰস্তাৱ। 

৮. উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান সমূহৰ নতুন-গাঁথনি কৰি গৱেষণা, শিক্ষণ আৰু স্নাতক ডিগ্ৰী প্ৰদান কৰা কলেজ হিচাবে তিনিটা ভাগত গঢ়ি তোলা হব। 

৯. ইউনিভাৰ্চিটিৰ অনুমোদিত কলেজৰ ঠাইত সেই সমূহক বহুমুখী শিক্ষণ প্ৰতিষ্ঠান হিচাবে গঢ় দিয়াৰ প্ৰস্তাৱ। ১৫ বছৰত পৰ্যায় ক্ৰমে এই লক্ষ্যত উপনীত হোৱাৰ কথা। 

১০. চাৰি বছৰীয়া স্নাতক শ্ৰেণীৰ পৰা এবছৰ, দুবছৰতো চাৰ্টিফিকেট, ডিপ্লমা লৈ ওলাই যোৱাৰ নতুন ব্যৱস্থা। তিনিবছৰত স্নাতক আৰু চাৰি বছৰত মাল্টি-ডিচিপ্লিনেৰী স্নাতক কৰাৰ প্ৰস্তাৱ। 

১১. মেজৰ আৰু মাইনৰ ডিগ্ৰী চিষ্টেমৰ জৰিয়তে পচন্দৰ বিষয়ত অধ্যয়নৰ সুবিধা। যেনে পদাৰ্থবিদ্যাত মেজৰ লৈ লগত ফেশ্বন ডিজাইন পঢ়াৰ সুবিধা। 

১২. মেৰু নামেৰে মাল্টি-ডিচিপ্লিনেৰী এডুকেচন আৰু ৰিচাৰ্ছ ইউনিভাৰ্চিটি গঢ়াৰ প্ৰস্তাৱ। 

১৩. নেচনেল ইনষ্টিটিউট ফৰ পালি, পাৰ্চিয়ান আৰু প্ৰাকৃত স্থাপন কৰা হব। 

১৪. নেচনেল ৰিচাৰ্ছ ফাউণ্ডেচনৰ স্থাপনৰ প্ৰস্তাৱ। 

১৫. ভাৰতীয় ভাষাৰ অধুনালুপ্ত হব ধৰা স্থানীয় পৌৰাণিক, জনজাতীয় ভাষা সমূহৰ ৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণৰ প্ৰস্তাৱ। 

১৬. ইণ্ডিয়ান ইনষ্টিটিউট অৱ ট্ৰানস্লেচন এণ্ড ইণ্টাৰপ্ৰিটেচন স্থাপনৰ প্ৰস্তাৱ। 

১৭. হায়াৰ এডুকেচন কমিচন অৱ ইণ্ডিয়া নামৰ এটা প্ৰাধিকৰণ স্থাপনৰ প্ৰস্তুতি, যিয়ে সকলোবোৰ চৰকাৰী, বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ বাবে নীতি নিয়ম নিৰ্ধাৰণ কৰিব। 

১৮. পেশাগত শিক্ষা উচ্চ শিক্ষাৰ এক এৰাব নোৱোৰা অংশ কৰাৰ প্ৰস্তাৱ। সকলো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানক ২০৪০ ৰ ভিতৰত মাল্টিডিচিপ্লিনেৰী কৰাৰ লক্ষ্য। 

১৯. প্ৰাইভেট আৰু ৰাজহুৱা বিশ্ববিদ্যালয়ৰ বাবে ফিজ নিৰ্দিষ্ট কৰাৰ প্ৰস্তাৱ। বেছি শিক্ষকৰ নিযুক্তি আৰু স্বায়ত্ততা প্ৰদানৰো লক্ষ্য। 

২০. শিক্ষাৰ আন্তঃৰাষ্ট্ৰীয়কৰণৰ লক্ষ্যৰে বিদেশী বিশ্ববিদ্যালয়, বিদেশী ছাত্ৰ আৰু শিক্ষক অহাৰ বাবে সহজ বাট মুকলিৰ প্ৰস্তাৱ। 

২১. ষষ্ঠ শ্ৰেণীৰ পৰা ভকেচনেল শিক্ষা দিয়াৰ ব্যৱস্থা। বেগ নিনিয়া দিনৰ নিশ্চয়তা দিয়াৰ প্ৰস্তাৱ। 

২২. কণ্যা সন্তান আৰু ট্ৰান্সজেণ্ডাৰ শিক্ষাৰ্থীলৈ সম মানদণ্ডৰ শিক্ষা দিয়াৰ নিশ্চিতকৰণৰ বাবে জেণ্ডাৰ-ইনক্লুজন ফাণ্ড খোলাৰ প্ৰস্তাৱ। 

২৩. স্কুলৰ পৰীক্ষা ৩, ৫ আৰু ৮ম শ্ৰেণীত আৰু বৰ্ডৰ পৰীক্ষা দশম আৰু শ্ৰেণীত। নতুন শিক্ষানীতিত ৫+৩+৩+৪ বছৰীয়া শিক্ষাবৰ্ষৰ প্ৰস্তাৱ। 

২৪. মাতৃভাষা মাধ্যমত নিৰ্দেশনা পোৱাকৈ পঞ্চম শ্ৰেণী পৰ্যন্ত শিক্ষাদান। ৩৬০ ডিগ্ৰী হলিষ্টিক প্ৰগেচ কাৰ্ডৰ ব্যৱস্থা। স্থানীয় ভাষাতো e-content গঢ়াৰ প্ৰস্তাৱ। 

২৫. বুক প্ৰমোচন পলিচিআৰু ডিজিটেল লাইব্ৰেৰী। একৈশ শতিকাৰ প্ৰয়োজনীয় কৌশল, গাণিতিক চিন্তা আৰু বিজ্ঞানমনস্কতা গঢ়াৰ বাবে শিক্ষাৰ পাঠ্যক্ৰম। 

২৬. এম ফিল পাঠ্যক্ৰম চলাই নিনিয়াৰ প্ৰস্তাৱ। তাৰ ঠাইত পাঁচ বছৰীয়া ইণ্টিগ্ৰেটেড স্নাতক তথা স্নাতকোত্তৰ কৰ্চৰ প্ৰস্তাৱ। 

দেশৰ বিভিন্ন ঠাইত থকা ডিমড ইউনিভাৰ্চিটি, কেন্দ্ৰীয় বিশ্ববিদ্যালয় বা একক শিক্ষা প্ৰতিষ্ঠান সমূহক একে মাপদণ্ডৰে জোখাৰ প্ৰস্তাৱ ৰখা হৈছে, এই বিবেচনাৰ মূল মালিকিস্বত্ব নহব বুলিও উচ্চ শিক্ষা সচিবে মন্তব্য প্ৰকাশ কৰিছে। সুধী সমাজে এই পৰিবৰ্তনৰ বিষয়ত নিশ্চয়কৈ আলোচনা কৰিব আৰু নতুন শিক্ষা নীতিয়ে ভৱিষ্য নাগৰিকৰ ভৱিষ্যত উজ্জ্বল কৰিবনে, তাৰো উত্তৰ নিশ্চয়কৈ বিচাৰিব।
সমগ্ৰ ৰাষ্ট্ৰীয় নীতি পঢ়িবৰ বাবে মূল সূত্ৰঃ 

No comments:

Post a Comment