মনৰ কথাঃ আগবাঢ়ি আহক যুৱচাম, জিলিকি উঠক গাঁওবোৰ!(২) :: কুমাৰ নৱজ্যোতি - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
মনৰ কথাঃ আগবাঢ়ি আহক যুৱচাম, জিলিকি উঠক গাঁওবোৰ!(২)  :: কুমাৰ নৱজ্যোতি

মনৰ কথাঃ আগবাঢ়ি আহক যুৱচাম, জিলিকি উঠক গাঁওবোৰ!(২) :: কুমাৰ নৱজ্যোতি

Share This
আগবাঢ়ি আহক যুৱচাম, জিলিকি উঠক গাঁওবোৰ!(২)
কুমাৰ নৱজ্যোতি

মোৰ মাজে-মাজে ভাব হয়-- তাহানিৰ গাঁওবোৰ যেন ক্ৰমশঃ নোহোৱা হৈ আহিছে৷ তথাকথিত নগৰীকৰণৰ প্ৰসংগত এই কথা কোৱা নাই৷ আমাৰ নগৰীকৰণো ইমান দ্ৰুতভাৱে হোৱা নাই যে ইয়াৰ বাবেই গাঁওবোৰ নোহোৱা হৈছে অথবা সবৰ্ত্ৰ নগৰ, মহানগৰ হৈছে৷ ‘স্মাৰ্ট চিটি’ৰ কথা শুনি থকা এটা প্ৰজন্মই হয়তো ৰাজ্যখনত ‘স্মাৰ্ট চিটি’ কাৰ্যতঃ নেদেখাকৈয়ে জীৱন সামৰিব লাগিব৷ তেনেহ’লে গাঁওবোৰ হেৰাই গৈছে বুলি কিয় ক’লোঁ, ভাবিলোঁৱেইবা কিয়? এটা কথা ঠিক যে সকলো গ্ৰামাঞ্চলতে নহ’লেও বহুততেই চৰকাৰীভাৱে যাতায়ত আৰু যোগাযোগ ব্যৱস্থা সূচল কৰি দিয়াৰ ক্ষেত্ৰত কিছু সফলতা অহাৰ বাবে ক্ৰমশঃ আমাৰ গাঁওবোৰতো নগৰীয়া পৰিৱেশৰ প্ৰভাৱ ঠাইবিশেষে পৰিবলৈ লৈছে৷ কিন্তু, এইবোৰ দিশত একান্তই বাঞ্ছিত প্ৰগতিসমূহক সাৱটি লৈও গাঁওবোৰকতো আমি উন্নত দেশসমূহৰ দৰে আধুনিক গাঁৱৰ ৰূপতেই সজাই তুলিব পাৰোঁ! তেনেহ’লে, নগৰ-মহানগৰলৈ পৰ্যৱসিত নোহোৱাকৈয়ে, আন সকলো দিশতে দেখাত গাঁও হৈ থকাৰ পাছতো গাঁওবোৰ হেৰাই যোৱাৰ কথা মনলৈ এইবাবেই আহিল যে মানুহৰ মাজৰ যি মৰম-সম্প্ৰীতি, সহযোগিতাৰ মনোভাব --সেইসমূহ প্ৰায়বোৰ গাঁৱতেই আজিৰ তাৰিখত দুৰ্লভ হৈ পৰিছে৷ যিসমূহ প্ৰমূল্যই গাঁওসমূহক যথাৰ্থতে গাঁও কৰি ৰাখিছিল কাৰ্যতঃ সেইসমূহ যেন আজিৰ তাৰিখত বহু ক্ষেত্ৰত দুৰ্লভ!


তেনেহ’লে গাঁওবোৰ আগৰ দৰে হৈ নথকাৰ বাবে, বিশেষতঃ মানুহৰ মাজত আগৰ দৰে মানুহৰ মৰম-চেনেহ কমি যোৱাৰ বাবে আৰ্থিক অনাটনক জগৰীয়া কৰিব পাৰি নে কি? আৰ্থিক অনাটন হৈছে ঠিকেই! ক’ভিডসৃষ্ট এই সংকটকালততো ক’বই নালাগে৷ কিন্তু, সেইটোৱেই জানো একমাত্ৰ কাৰণ? আৰ্থিক অনাটনৰ মাজতো সকলোৱেই নহ’লেও গাঁওবাসীৰ একাংশই যোৱা বছৰলৈকে কিন্তু দুগাৰ্পূজা, দীপাৱলী আদি উছৱৰ নামত বহু টকা খৰছ কৰাৰ লগতে আন কিছু লাহ-বিলাহতো ঠিকেই খৰছ কৰিছিল৷ সেই কথাটোত বেয়া পাবলগীয়াও একো নাই৷ কিন্তু, ৰঙালী বিহু পালনৰ নামত যেতিয়া দুটামান টকা খৰছৰ কথা আহে তেতিয়া একাংশ গাঁৱৰ এচাম মধ্যবিত্তীয় লোক হঠাৎ ‘মিতব্যয়ী’ হৈ পৰা দেখা যায়৷ বিশেষ স্বাৰ্থ নাথাকিলে বছৰটোতো গাঁৱত থকা অথবা কৰ্মসূত্ৰে দূৰৈত থকা গাঁৱৰ লোক এগৰাকীক ঘৰলৈ মাতি ‘ফিকা চাহ’ এপিয়লা খুওৱাৰ কথা তেনে একাংশ গাঁওবাসীয়ে ভাবিবও নোৱৰা অৱস্থা এটাও ক্ৰমাগত পৰিলক্ষিত হৈছে৷ 

গাঁওবোৰত ৰাস্তা-ঘাটৰ পকীকৰণ হৈছে, বিভিন্ন সংঘ-ক্লাব আদিৰ গৃহও সুন্দৰকৈ নিমাৰ্ণ বা নৱনিমাৰ্ণ হৈছে৷ এইয়া ভাল খবৰ৷ কিন্তু, প্ৰায়সমূহতে মানুহৰ মনবোৰ ‘পকা’ হোৱা নাই৷ আগতে, ৰাস্তা-ঘাট তথা নামঘৰ-সংঘ আদিৰ গৃহবোৰ কেঁচা হৈ থাকোতেই যদি ‘পকা’ বুলিব পৰা ভাল ভাল কামবোৰ হৈছিল; পৰৱৰ্তী সময়ত সেইসমূহ চিমেণ্ট-বালি-শিল-ইটাৰে কংক্ৰিটৰ ৰূপত নিমাৰ্ণ হোৱাৰ পাছত তেনে কামবোৰ হয় সমূলঞ্চে নোহোৱা হৈছে, নহ’লেবা কমি গৈছে৷ ইয়াৰ বাবে অৱশ্যে পোনপটীয়াকৈ কেৱল বৰ্তমানৰ সংশ্লিষ্ট পৰিচালনা সমিতিসমূহকে দোষাৰোপ কৰিব নোৱাৰি৷ বিভিন্ন সমস্যাৰে আক্ৰান্ত একাংশ যুৱক-যুৱতী যিদৰে এইসমূহৰে সংশ্লিষ্ট বিভিন্ন কামলৈ আগ বাঢ়ি আহিব পৰা নাই, একেদৰে আন একাংশই পূবৰ্ৰ তিতা অভিজ্ঞতাৰ বাবেও এইসমূহৰ পৰা আঁতৰি থকা দেখা যায়৷ তদুপৰি, কথাই কথাই দলীয় ৰাজনীতিৰ বীজ সিঁচাৰ বাবে ঠাইভেদে সৃষ্টি হোৱা ভাঙোনসমূহৰ কথাতো আছেই! তদুপৰি পদবীত থাকি কাম কৰাৰ যথাৰ্থ, ন্যায়সংগত স্বাধীনতা নোপোৱাৰ আশংকাতো বিভিন্নজন এনে সমিতিসমূহৰ পৰা আঁতৰি থকা দেখা যায়৷ দুই-এটা এনে অনুষ্ঠানত কাৰ্যতঃ এনে ধৰণৰ অসুবিধাৰ বাবে মই নিজেও দায়িত্ব লোৱা নাছিলোঁ৷ মোৰ সতীৰ্থ দুজনমানেও এনেবোৰ কাৰণতে বিভিন্ন দায়িত্বত থাকিও কোনো কাম কৰিব নোৱাৰিলে৷ গ্ৰামাঞ্চলবিশেষে এনেকুৱাও হয় যে দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে সাহিত্যচর্চা, সাংবাদিকতাৰ ক্ষেত্ৰখনত পৰিচিত এগৰাকীকো উদীয়মান প্ৰতিপন্ন কৰি সংশ্লিষ্ট ক্ষেত্ৰত দখল নথকা এগৰাকীয়ে নিজকে অগ্ৰণী বুলি প্ৰতিষ্ঠা কৰাৰ অপপ্ৰয়াস কৰাৰ পাছতো যুক্তিনিষ্ঠ চিন্তা-চচাৰ্ৰ অভাৱত তেনে কথাৰ প্ৰতিবাদ নহয়৷ নিজে কোনো পদ লাভ কৰাৰ স্বাৰ্থত যোগ্য কোনো এগৰাকীৰ অযথা বদনাম ৰটিবলৈকো গাঁৱৰ একাংশ তথাকথিত শিক্ষিত লোক আজিৰ তাৰিখত পাছ পৰি থকা নাই৷ ৰাজহুৱা অনুষ্ঠানৰ নামত অৰ্থ সংগ্ৰহ কৰা কোনো ব্যক্তিক সংশ্লিষ্ট অনুষ্ঠানৰ বিষয়ববীয়াই হিচাপ দাখিল কৰিবলৈ বাৰম্বাৰ কোৱাৰ পাছতো সেই কথা আওকাণ কৰা তথাকথিত সামাজিক স্থিতিৰ ব্যক্তিয়ে পৰৱতীৰ্ সময়ত সেই আক্ৰোশতে বিষয়ববীয়াৰহে মিছা বদনাম ৰটনা কৰাৰ ঘটনা গাঁৱৰ সমাজবোৰতো ঘটিবলৈ লৈছে৷ 

কোনো কোনো ক্ষেত্ৰত সামাজিক অৱদান থকা এই ধৰণৰ ব্যক্তিৰ ‘সবৰ্জান্তা’ মনোভাৱৰ প্ৰকোপত একাংশ গ্ৰামাঞ্চলত বিভিন্ন সামাজিক তথা সাহিত্যমূলক অনুষ্ঠানত ভাঙোন ধৰাৰ উদাহৰণো নিতান্তই দুভাৰ্গ্যজনক৷ নতুন প্ৰজন্মৰ চিন্তাশীল যুৱক-যুৱতীয়ে যুক্তিনিষ্ঠ মনোভাবেৰে যাৰ যি প্ৰতিভা আৰু যোগ্যতা আছে--সেই অনুসৰি সংশ্লিষ্টসকলৰ পৰা সমাজৰ ভালৰ বাবে প্ৰয়োজনীয়সমূহ গ্ৰহণ কৰিব লাগে৷ অযুক্তিকৰভাবে আবেগপ্ৰৱণ হৈ যাতে কোনো ব্যক্তিৰ অসৎ লক্ষ্যপ্ৰাপ্তিৰ যাত্ৰাত নিজকে সমদলকাৰী হিচাপে আজিৰ যুৱক-যুৱতীয়ে চিনাকি নিদিয়ে, তাৰ বাবেও গ্ৰামাঞ্চলত সতৰ্কতাৰ প্ৰয়োজন আছে৷

সম্প্ৰতি গাঁওবিশেষে ঘৰে ঘৰে ‘ঘৰুৱা ব্যৱহাৰ’ৰ বাবেই হওক বা ব্যৱসায়ৰ বাবেই হওক গাড়ীৰ সংখ্যা বাঢ়িছে৷ ৰঙীন টেলিভিশ্যন ছে’ট, ইণ্টাৰনে’টযুক্ত এণ্ড্র্ইড ম’বাইল ছে’ট, ঘৰবিশেষে কম্পিউটাৰো সুলভ হোৱাটোৱে গাঁওবাসীৰ জীৱনশৈলীৰ সূচাংক বৃদ্ধি হোৱাটোও সূচাইছে৷ এইসমূহক লৈ সাধাৰণ তৃপ্তি , সন্তুষ্টি অপ্ৰয়োজনীয় বুলিব নোৱাৰি৷ কিন্তু, এঘৰত গাড়ী কিনিলে আনঘৰৰ অসূয়া অথবা নিজেও এখন লোৱাৰ পাছত ‘মোৰো আছে’ ধৰণৰ অশুভংকৰ প্ৰতিযোগিতাই একাংশ গাঁৱত অসুস্থ মধ্যবিত্তীয় প্ৰতিযোগিতাৰ সৃষ্টি কৰাটো দুঃখবৰ৷

তেনেহ’লে এই কথাবোৰ কেৱল গাঁৱতেই হয় নে কি? চহৰত নহয়!! আচলতে, তেনে কথা নাই৷ এনে ধৰণৰ সামাজিক বিষযুক্ত চিন্তাচচাৰ্ই ক্ৰমশঃ সকলোকে গ্ৰাস কৰিছে৷ কিন্ত কথাটো হ’ল--আমাৰ ৰাজ্যখনৰ ছয়াশী শতাংশ লোকে বাস কৰা গাঁওসমূহ যদি যুক্তিনিষ্ঠ চিন্তাচচাৰ্ৰে পৰিচালিত হ’লহেঁতেন, তেনেহ’লে নি(য় সামগ্ৰিকভাৱে জাতীয় জীৱনৰে মংগল হ’লহেঁতেন! নতুনচাম যুৱক-যুৱতীয়ে গাঁৱৰ মানুহক যুক্তিনিষ্ঠ কৰাত আগভাগ ল’বই লাগিব৷ মোৰ নিজৰ গাঁৱতে এই ক’ভিডৰ সময়ত মই মাক্স ব্যৱহাৰ কৰাৰ বাবে, সামাজিক দূৰত্ব মানি চলাৰ বাবে সমনীয়া ল’ৰাৰ পৰা ‘তহঁতৰ ঘৰৰ কেইটাহে বৰ ছায়েণ্টিষ্ট ওলাইছ!’ বুলি ভৎসনা শুনিবলগীয়া হোৱাৰ লগতে ‘থ থ, নিপিন্ধিলেও একো নহয়’ বুলি মাক্সখন খুলি দিয়াৰ বাবে সংশ্লিষ্টজনৰ সৈতে মই মৃদু তৰ্কত প্ৰবৃত্ত হ’বলগীয়াও হৈছিল৷ ইয়াৰ বাদেও, লকডাউনৰ প্ৰথমৰ পৰিস্থিতিত ঘৰত বাহিৰৰ লোকৰ বিশেষ প্ৰয়োজন নহ’লে প্ৰৱেশ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰাত, লগতে চৰকাৰী নিৰ্দেশনা থকা সত্বেও বহু ভিৰ হোৱা ৰাজহুৱা অনুষ্ঠানত সক্ৰিয় অংশ গ্ৰহণ নকৰাৰ বাবে বহুসংখ্যক লোকে আমাৰ ঘৰখনৰ প্ৰতিয়েই ব্যক্তিগত আক্ৰোশৰ মনোভাৱ গ্ৰহণ কৰাৰ দুভাৰ্গ্যজনক ঘটনাও সংঘটিত হৈছে৷ গ্ৰামাঞ্চলত ঘটা এনেবোৰ অবাঞ্ছিত ঘটনা কেৱল বিজ্ঞানসন্মত চিন্তাৰ প্ৰচাৰ আৰু প্ৰসাৰেহে আঁতৰাব পাৰিব বুলিহে মই প্ৰত্যয়শীল৷ যুক্তিনিষ্ঠ চিন্তাৰে আমাৰ গাঁওবোৰ সজাই তুলি সমাজখন সুন্দৰ কৰাৰ ক্ষেত্ৰত যুৱচাম হাত হাত ধৰি আগ বাঢ়ি ওলাই অহাৰ কোনো বিকল্প নাই৷ (আগলৈ)
(লেখা সম্পৰ্কত মন্তব্য প্ৰেৰণৰ Whatsapp নম্বৰঃ ৯৮৫৪৪-৩১৮৬৮, লেখাটি অসম আদিত্য কাকততো প্ৰকাশ পাইছে। লেখকৰ সুখ-দুখত প্ৰকাশিত আন আন লেখা পঢ়িবলৈ ক্লিক কৰকঃ https://www.xukhdukh.com/search/label/Kumar_Navajyoti

No comments:

Post a comment