বিশ্লেষণঃ কৰ’না কণ্ট্ৰোলঃ কেনেকৈ সফল হৈছে 'দিল্লী মডেল'? :: শোণিত কুমাৰ গোস্বামী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ কৰ’না কণ্ট্ৰোলঃ কেনেকৈ সফল হৈছে 'দিল্লী মডেল'? :: শোণিত কুমাৰ গোস্বামী

বিশ্লেষণঃ কৰ’না কণ্ট্ৰোলঃ কেনেকৈ সফল হৈছে 'দিল্লী মডেল'? :: শোণিত কুমাৰ গোস্বামী

Share This
কৰ’না কণ্ট্ৰোলঃ কেনেকৈ সফল হৈছে 'দিল্লী মডেল'?
শোণিত কুমাৰ গোস্বামী
বৰ্তমান সৰ্বাধিক চৰ্চা পাবলৈ সক্ষম হোৱা বিষয়টো হৈছে দিল্লীৰ কৰ’না নিয়ন্ত্ৰণৰ মডেল। ক্ষীপ্ৰতাৰে অধিক লোকৰ ওপৰত কৰা টেষ্টিং, কনটেইন্টমেন জ’ন মানে ভাইৰাছ প্ৰতিৰোধ কৰা অঞ্চলত তীক্ষ্ণ নজৰ ৰখা আৰু আক্ৰান্ত ৰোগীক অকলশৰীয়াকৈ (Isolation) ৰখা কাৰ্যপন্থাৰ জড়িয়তে বৰ্তমান কৰ’নাক নাকী লগাবলৈ সক্ষম হৈছে দিল্লীৰ কেজৰিৱাল চৰকাৰ।

সোমবাৰে দিল্লী এইমছৰ সঞ্চালক ডাঃ ৰণদ্বীপ গুলেৰীয়াই এয়া ব্যক্ত কৰিছে যে দিল্লীত চৰকাৰে সৰ্বাধিক টেষ্টিঙৰ জড়িয়তে চলোৱা সমীক্ষাৰ পৰা এই কথা স্পষ্ট হৈছে যে দিল্লীত কৰ’না আক্ৰান্তৰ সংখ্যাৰ যি পৰিসংখ্যাৰ শীৰ্ষতম স্তৰ, সেয়া অতিক্ৰম হৈছে। তাৰ অৰ্থ হৈছে যিটো মহামাৰী বিজ্ঞানত পিক্ বুলি কোৱা হয়, সেইটো পাৰ হৈছে আৰু এই হাৰ নিয়ন্ত্ৰণৰ দিশত। তথাপি ভাইৰাছৰ পৰা বাছি থকাৰ বাবে প্ৰয়োজনীয় নীতি-নিয়ম-পদক্ষেপবোৰ মানি চলি থাকিবলৈ তেওঁ সকলোকে আহ্বান জনাইছে। উল্লেখ্য যে দিল্লীত শেহতীয়াকৈ বিগত ২৪ঘন্টাত ধৰা পৰা কৰ’না ৰোগীৰ পৰিসংখ্যা নিম্নগামী হ’বলৈ আৰম্ভ কৰিছে। এয়া আশাব্যঞ্জক কথা। অৱশ্যে অভিজ্ঞ ৰাজনীতিকৰ পৰিচয় দি দিল্লীৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে দিল্লীৰ সফলতাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগতে সকলো দল-সংগঠনক সহায়-সহযোগিতাৰ বাবে ধন্যবাদ জনাইছে।


দেশৰ ৰাজধানী দিল্লীৰ কিছুমান কথা সুকীয়া। জনসাধাৰণৰ প্ৰতি আগবঢ়োৱা সহায়-সহযোগিতাই এই মহানগৰীক বিশ্বৰ অন্যতম লেখত ল’বলগীয়া মহানগৰী কৰি তুলিছে। শিক্ষিত মানুহৰ, কৰ্মী মানুহৰ জীৱিকাৰ সন্ধান পোৱা বাসস্থানৰূপে পৰিচিত দিল্লী। ৩কোটিৰো অধিক লোকৰ বাসস্থান এই দিল্লী বিশ্বৰ অন্যতম ঘন জনবসতি থকা চহৰ। স্বাভাৱিকভাৱেই জনসংখ্যাৰ ইমান ঘনত্ব, বিশ্বৰ সকলো প্ৰান্তৰ পৰা আগমন হোৱা লোকৰ প্ৰৱেশদ্বাৰ এই মহানগৰী কৰ’নাৰ দ্বাৰা সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছিল। দেশত কৰ’নাৰ বিভীষিকাৰ আৰম্ভনি হোৱাৰ সমান্তৰালকৈ চলি থকা লকডাউনত এই মহানগৰী জামাতৰ কথাৰে দুঃচৰ্চালৈ আহিছিল। দিল্লীৰ পৰাই ভাইৰাছ বিয়পি পৰিছে বুলি দেশৰ জনতাই ভাৱিবলৈ বাধ্য হৈ পৰিছিল। এই মহানগৰৰ মানুহক হাৰিয়ানা, উত্তৰ-প্ৰদেশৰ মানুহে বেয়া পাবলৈ আৰম্ভ কৰিছিল। তীব্ৰ গতিত বৃদ্ধি পোৱা কৰ’না ৰোগীৰ সংখ্যাই শংকিত কৰি তুলিছিল কাষৰীয়া ৰাজ্যৰ সাধাৰণ জনতাক। কিন্তু আজিৰ তাৰিখত কথাবোৰ সলনি হৈছে। 

বিগত ১ জুনৰ পৰা কেন্দ্ৰই তলা খোলা কাৰ্যসূচী হাতত লোৱাৰ পাছৰ পৰা তলাবন্ধ মানে লকডাউন কাৰ্যসূচী দিল্লীয়ে লোৱা নাই। অৰ্থনৈতিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী কেজৰিৱাল তেনে সিদ্ধান্ত লোৱাৰ পৰা বিৰত আছে। কিন্তু লগতে তেওঁ দিল্লীৰ বাসিন্দাৰ ছোৱাব টেষ্টিং ক্ষীপ্ৰতাৰে বৃদ্ধি কৰিছিল। এনে কৰাৰ ফলত ভাইৰাছটোত পজিটিভ হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছিল সঁচা কিন্তু দিল্লীৰ অঞ্চলবিশেষে কৰ’নাৰ উপস্থিতি সম্পৰ্কে এক স্পষ্ট ধাৰণা গঢ় লৈ উঠিছিল। এই কাৰ্যই বেমাৰটোক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সহায় কৰিছে। মঙলবাৰলৈ দিল্লীত লক্ষাধিক লোকৰ সংখ্যা কৰনা পজিটিভত আছে সঁচা কথা কিন্তু সক্ৰিয় ৰোগীৰ সংখ্যা মাথো পোন্ধৰ হাজাৰহে আছেগৈ। ইয়াৰ অৰ্থ এয়াই যে কেজৰিৱাল চৰকাৰে লোৱা ব্যৱস্থাবোৰৰ জড়িয়তে সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা বৃদ্ধি পাই গৈ আছে।

দিল্লীৰ কৰ’না মডেল অন্য একো নহয় কিন্তু সেয়া হৈছে মাত্ৰাধিক টেষ্টিং আৰু ক্ষেত্ৰভিত্তিক লকডাউনৰ সুসংহত পদক্ষেপবোৰেই। উল্লেখ্য যে মঙলবাৰৰ (২১ জুলাই) দিনটোত দিল্লীত সম্পন্ন হোৱা Serological surveyৰ প্ৰতিবেদন প্ৰকাশ কৰা হয়। এই সমীক্ষা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে সম্পন্ন কৰিছিল। ২৭ জুনৰ পৰা ১০ জুলাইৰ ভিতৰত লোৱা ২১,৩৮৭টা চেম্পলৰ পৰীক্ষাৰ দ্বাৰা এই ছেৰ’ল’জিকেল (Serological) সমীক্ষা কৰা হয়। এই পৰীক্ষাৰ দ্বাৰা মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা কিমান সেয়া সমীক্ষা কৰা হৈছিল। বিভিন্ন অঞ্চলৰ সমূহীয়া সমীক্ষাৰ ফলাফলত দিল্লীৰ ২৩ দশমিক চাৰি-আঠ শতাংশ লোকৰ কৰনা প্ৰতিৰোধী ক্ষমতা গঢ় লৈ উঠিছে বুলি মন্ত্ৰণালয়ে নিশ্চিতি দিছে। ইয়াৰ অৰ্থ এয়াই যে দিল্লীৰ ইমান শতাংশ লোকৰ কৰনা হৈ গৈছে আৰু তেওঁলোক নিজে নিজে ঠিক হৈ গৈছে। ২৩.৪৮ শতাংশৰ Serological সমীক্ষাৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে কৰ’নাৰ গণ-সংক্ৰমণ দিল্লীত হোৱা নাই। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্যত এই কথা প্ৰকাশ যে যদিহে দিল্লীত গণ-সক্ৰমণ হ’লহেতেন তেন্তে আক্ৰান্ত ৰোগীৰ সংখ্যা ৪৭লাখৰো অধিক হ’লহেতেন কিন্তু তেনে হোৱা নাই। মঙলবাৰৰ দিনটোলৈ কৰনাই আক্ৰান্ত কৰাৰ লোকৰ সংখ্যা ১,২৩,৭৪৭ গৰাকী। এই ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ সূত্ৰত প্ৰকাশ যে দিল্লী চৰকাৰে লোৱা ব্যৱস্থাৱলী যেনে আংশিক ক্ষেত্ৰভিত্তিত লকডাউন, পজিটিভ হোৱাৰ লগে লগেই ঘৰত অকলশৰীয়াকৈ থকা, ৰোগীক সোনকালেই চিকি९সা কৰোৱা আদি কামবোৰে দিল্লীত ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেতৰত সফলতা দিছে। দিল্লীৰ সফলতাৰ পাছত এতিয়া সমগ্ৰ দেশত পৰ্যায়ক্ৰমে Serological পৰীক্ষা ৰাজ্যবোৰত সম্পন্ন কৰা হ’ব বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে স্পষ্ট কৰিছে।

কৰ’না ৰোগ প্ৰতিৰোধৰ একমাত্ৰ উপায় হৈছে টেষ্টিং কৰা। অধিক টেষ্টিং হোৱাৰ ফলত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাটো স্বাভাৱিক কথা। কিন্তু ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ কথাটোত উত্তেজিত হৈ শংকিত হৈ থাকিলে ক্ষতি সাধাৰণ ৰাইজৰেই। তাৰ সলনি স্বাস্থ্য পৰীক্ষাৰ অন্তত ধনাত্মক ফলাফল অথবা কৰ’নাৰ লক্ষণ নিজৰ গাত অহা বুলি সন্দেহ হোৱাৰ লগে লগে টেষ্টিং কৰি ঘৰতেই আৱদ্ধ হৈ অকলশৰীয়াকৈ থকাৰ কাৰ্যপন্থা কটকটীয়াকৈ ল’ব পাৰিলে সফলতা পোৱাটো খাটাং। কিন্তু এনে কৰাৰ সলনি ৰাজ্যবোৰত ভাইৰাছটোক লৈ সাধাৰণ ৰাইজক অধিক শংকিত কৰি তোলাৰ এক অঘোষিত প্ৰতিযোগিতাৰ আৰম্ভ হৈছে। স্বাস্থ্য মন্ত্ৰণালয়ে সম্পন্ন কৰা শেহতীয়া সমীক্ষাই কেতবোৰ কথা স্পষ্ট কৰিছে। আগন্তুক দিনলৈ কথাবোৰ অধিক স্পষ্ট হ’ব। আশা কৰো দিল্লীত কেজৰিৱালে সমন্বিতে সকলোৱে লোৱা পদক্ষেপক আৰ্হি হিচাপে লৈ দেশৰ পৰা কৰ’না ভাইৰাছ শীঘ্ৰেই নিৰ্মূল হ’ব।

লেখক নতুন দিল্লী নিবাসী এগৰাকী জ্যেষ্ঠ সাংবাদিক, ফোনঃ ৯৮৯৯৬৬০৫৮২। তেখেতৰ আন আন প্ৰকাশিত লেখাৰ পঢ়িবলৈ তলৰ সূত্ৰত ক্লিক কৰকঃ
https://www.xukhdukh.com/search/label/SONIT%20KUMAR%20GOSWAMI

No comments:

Post a Comment