চিন্তনঃ অসমীয়াই কৰ্পৰেট খণ্ডৰ প্ৰতি দৃষ্টিভংগী সলাবৰ হ'ল :: সঞ্জীত কুমাৰ বৰদলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ অসমীয়াই কৰ্পৰেট খণ্ডৰ প্ৰতি দৃষ্টিভংগী সলাবৰ হ'ল :: সঞ্জীত কুমাৰ বৰদলৈ

চিন্তনঃ অসমীয়াই কৰ্পৰেট খণ্ডৰ প্ৰতি দৃষ্টিভংগী সলাবৰ হ'ল :: সঞ্জীত কুমাৰ বৰদলৈ

Share This
অসমীয়াই কৰ্পৰেট খণ্ডৰ প্ৰতি দৃষ্টিভংগী সলাবৰ হ'ল
সঞ্জীত কুমাৰ বৰদলৈ 
আমাৰ ৰাজ্যখনত এজনো টাটা, বিৰলা, বাজাজ, আম্বানি,আদানিৰ দৰে ক’ৰ্পৰেট টাইকুন নাই কিয়? বহু বছৰৰ আগতে এই প্ৰশ্নটোৱে মোক আমনি কৰিছিল৷ এটা সময়ত আমাৰ এচাম প্ৰখ্যাত চাহ খেতিয়ক আছিল৷ ভাৰতৰ আন ৰাজ্যৰ একাংশৰ তুলনাত তেওঁলোক কোনো গুনে কম সমৃদ্ধিশালী আৰু কম প্ৰভাৱশালী নাছিল৷ তেনে স্থলত সেই সকলৰ মাজৰ পৰা কমেও এজন বা দুজন ক’ৰ্পৰেট টাইকুন সৃষ্টি হোৱাৰ নিশ্চয় থল আছিল৷
এইক্ষেত্ৰত অৱশ্যে হাভাৰ্ডত এম বি এ পঢ়ি অহা হেমেন্দ্ৰ প্ৰসাদ বৰুৱা বহুখিনি আগবাঢ়িছিল৷ তেওঁ উত্তৰ পুৰ্বাঞ্চলৰ প্ৰথম গৰাকী এম বি এ আছিল৷ কলকাতাৰ "চেম্বাৰ অব কমাৰ্চ"ৰ তেওঁ মুৰব্বী হৈছিল৷ তাৰ বহু আগতে সদাগৰ ভোলা বৰুৱাৰ কথা মনলৈ আহে৷ মণিৰাম দেৱানেও ব্যৱসায়ীক পাৰদৰ্শিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল৷ এনে দুই এক উদাহৰণৰ বাহিৰে অসমৰ বাণিজ্য ক্ষেত্ৰৰ তাৰকা বুলি ক’ব পৰাকৈ লেখত ল’ব লগা নাম নাই বুলিয়েই ক’ব পাৰি৷ 

সম্প্ৰতি অৱশ্যে দুই এজনে ব্যৱসায়-বাণিজ্য কৰি উন্নতিৰ দিশত দোপতদোপে আগবাঢ়ি যোৱা দেখা গৈছে৷ বেজবৰুৱাই কাঠৰ ব্যৱসায় কৰাৰ কথা আমি জানো৷ ব্যৱসায় কৰিও সমান্তৰালকৈ বেজবৰুৱাই কিদৰে ভাষা সাহিত্যৰ কাণ্ডাৰী হিচাপে আৰু সেইসময়ৰ যুগদ্ৰষ্টা হিচাপে নিজক গঢ়ি তুলিছিল সেই কথা ভাবিলে আচৰিত লাগে৷ এই মুহূৰ্তত আৰু এগৰাকী প্ৰাতস্মৰণীয় অসমীয়াৰ কথা মনলৈ আহিছে৷তেওঁ হৈছে চন্দ্ৰ কুমাৰ আগৰৱালা৷এবাৰ আগৰৱালা পৰিয়াল ব্যৱসায়ীক বিপৰ্যয়ৰ ফলত ঋণগ্ৰস্ত হ’ব লগা হৈছিল৷ সেইসময়ত ছাত্ৰ চন্দ্ৰকুমাৰৰ বিলাতত পঢ়াৰ ইচ্ছা আছিল যদিও সি হৈ নুঠিল৷ তেওঁ কলিকতাত আছিল৷ পৰিয়ালৰ আৰ্থিক বিপৰ্যয়ৰ সময়তে চন্দ্ৰকুমাৰ আহি ডিব্ৰুগড়ৰ তামুলবাৰীত উপস্থিত হৈছিলহি৷ ইতিমধ্যে পিতৃ হৰিবিলাস আগৰৱালাই তেওঁলোকৰ ভুমি আদি বিক্ৰী কৰি ঋণ মুক্ত হৈছিল যদিও দুশ্চিন্তাৰ অন্ত হোৱা নাছিল৷ কাৰন শেষ সম্বল হিচাপে আছিলগৈ তামোলবাৰী বাগিচাখন৷ যুৱ চন্দ্ৰকুমাৰে মন দৃঢ় কৰি তামোলবাৰীত সোমোৱা বুঢ়া দলং পাৰহৈ আহিয়ে বাগিচা খনৰ মাটি অলপ হাততলৈ মুৰত তুলি কৈছিল--“আজিৰ পৰা এই তামোলবাৰীকে ধৰিলোঁ৷ এই তামোলবাৰীয়ে মাৰিলেও মাৰিব,তাৰিলেও তাৰিব৷’সুৰ্দীঘ ২৩বছৰ সময় চন্দ্ৰ কুমাৰ আগৰৱালা তামোলবাৰী বাগিচাত আছিল আৰু নিজৰ দক্ষতা আৰু একাগ্ৰতাৰে আগৰৱালা পৰিয়ালৰ হেৰুওৱা সমৃদ্ধিক ঘুৰাই আনিবলৈ সক্ষম হৈছিল৷মনৰ দৃঢ়তা আৰু আত্মবিশ্বাসৰ ই এক সুন্দৰ নিদৰ্শন বুলি ক’ব পাৰি৷ আমি সকলোৱে জানো এই দৰে ব্যৱসায়ৰ স’তে জৰিত হৈয়ো তেওঁৰ অসাধাৰণ প্ৰতিভাৰে কাব্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰত চন্দ্ৰ কুমাৰ আগৰৱালাই আমাৰ জাতিটোক সমৃদ্ধ কৰিবলৈ সক্ষম হৈছিল৷ 

বিভিন্ন কাৰণত আমাৰ ৰাজ্যখনত এক সুস্থ সবল ব্যৱসায়ীক পৰিমণ্ডল এটা গঢ়ি উঠা নাই৷ইয়াৰ আৰত কিছু ঐতিহাসিক কাৰনো নথকা নহয়৷ বিগত চাৰিটা দশকত হোৱা বিভিন্ন আন্দোলন,বিদ্ৰোহ আদিয়েও এই ক্ষেত্ৰত বহু ক্ষয়ক্ষতি কৰিলে৷ আটাইতকৈ পৰিতাপৰ কথাটো হৈছে আমাৰ বেছি ভাগ জাতীয় সংগঠন,বুদ্ধিজীৱী আৰু সংবাদ মাধ্যমেও ব্যৱসায়ীক পৰিমণ্ডল গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ ভুমিকা গ্ৰহণ কৰাটো দুৰৰ কথা বহুক্ষেত্ৰত নেতিবাচক স্থিতি গ্ৰহণ কৰাহে দেখা যায়৷ সঁচা মিছা বিচাৰ নকৰি উদ্দেশ্য প্ৰণোদিত আৰু একপক্ষীয় ভাবে ""বৰ্হি ৰাজ্যৰ বণীয়াৰ অবাধ লুন্ঠন","বহুজাতিক কোম্পানীৰ আগ্ৰাসন“ আদিৰ দৰে কিছুমান ৰেডিমেড তথা শ্ল’গান ধৰ্মী শিৰোনামাৰে জনগণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি ব্যৱসায় বাণিজ্যৰ প্ৰতি এক নেতিবাচক ধাৰণা দিয়াৰ উদাহৰণ বহু সময়ত দেখিবলৈ পোৱা যায়৷ 

ইয়াৰ মানে এইটো নহয় যে কোনো প্ৰতিষ্ঠানে কেবল ব্যৱসায়ীক মুনাফাৰ কথা ভাবি অন্যায় বা লুন্ঠন নকৰাকৈ আছে৷ তেনেবোৰৰ ক্ষেত্ৰত সচেতন সমাজে মাত মাতিবই লাগিব৷ কিন্তু হকে বিহকে ব্যৱসায়ীক বা উদ্যোগিক প্ৰতিষ্ঠানক সন্দেহৰ দৃষ্টিৰে চোৱা উচিত নহয়৷সাধাৰণতে কোনো উদ্যোগিক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত আমি তিনিটা কথাক গুৰুত্ব দিয়া উচিত। 

প্ৰথমতে ক’ৰবাত কোনো এটা উদ্যোগিক প্ৰতিষ্ঠান হ’লে সেই অঞ্চলটোৰ প্ৰাকৃতিক তথা পাৰিপাৰ্শ্বিক ক্ষেত্ৰত কিবা হানি বিঘিনি হ’ব নেকি সেই কথা চালি-জাৰি চাব লাগিব৷ সেইক্ষেত্ৰত সংশ্লিষ্ট পক্ষৰ পৰা উপযুক্ত অনুমতি লোৱা হৈছে নে এই দিশটো চাব লাগিব৷ দ্বিতীয়তে,তেনে উদ্যোগিক প্ৰতিষ্ঠানৰ চাকৰি তথা প্ৰত্যক্ষ আৰু পৰোক্ষ ভটীয়নী উদ্যোগত স্থানীয় যুৱক যুৱতীয়ে অগ্ৰাধিকাৰ পোৱাটো নিশ্চিত কৰিব লাগিব৷ তৃতীয়তে, তেনে প্ৰতিষ্ঠানৰ নিৰ্ধাৰিত ক’ৰ্পৰেট সমাজিক দায়বদ্ধতা তথা চি.এচ.আৰৰ ধনৰাশিৰ যথাযথ ব্যৱহাৰ হৈছে নে নাই তাক নিৰীক্ষণ কৰা৷ মূলত এই তিনিটা দিশৰ প্ৰতি লক্ষ্য ৰাখিলেই যথেষ্ট৷তাকে নকৰি সৰুসুৰা বা অবাস্তৱ কিছুমান যুক্তি তৰ্ক কৰি বিনিয়োগকাৰীক অসুবিধাত পেলালে ক্ষতি কিন্ত আমাৰেই হ’ব বা হৈছে৷ অসমত সফলভাৱে মাকুম অঞ্চলত হিন্দুস্তান ইউনিলিভাৰৰ বিশাল উদ্যোগত দেশৰ বিভিন্ন ৰাজ্যলৈ পঠোৱা চাবোন, ক্ৰীম আদি উতপাদন চলি আছে। সেই অঞ্চলত বহুতো দল-সংগঠনো আছে, স্থানীয় ল'ৰায়ো কৰ্ম-সংস্থানো পাইছে। গতিকে এই উদ্য়োগটোৱে কৰা ব্যৱস্থাপনাও বহু ক্ষেত্ৰত অসমৰ নৱ-প্ৰজন্মৰ বাবে শৈক্ষিক কেচ-ষ্টাডিৰ বিষয় হব পাৰে, অসমত কৰ্পৰেট উদ্যোগৰ ব্যৱসায় আৰু সম্ভাৱনা সন্দৰ্ভত। 

শেহতীয়া কৈ ডিব্ৰু-চৈখোৱাৰ ক’য়লা খনন আৰু বাঘজানত হোৱা দুটা ঘটনাৰ কথা উদাহৰণ স্বৰূপে ক’ব পাৰি৷ এই কথা আমি সকলোৱে জানো ডিব্ৰু চৈখোৱাৰ আশেপাশে হৈ থকা কয়লা খনৰৰ স’তে স্থানীয় একাংশ লোক, জাতীয় সংগঠন,ৰাজনীতিক, বিষয়া, মাফিয়া আনকি সাংবাদিকো , কম বেছি পৰিমানে জৰিত হৈ আছে৷এ ইটো এটা অপেন চিকৰেট বুলি ক’ব পাৰি৷ গতিকে সেই কয়লা খননে যদি বৰ্ষা-অৰন্যলৈ ভাবুকি কঢ়িয়াই আনিছে তেন্তে তাৰ বাবে বহুজন প্ৰত্যক্ষ বা পৰোক্ষ ভাবে জগৰীয়া৷ কিন্তু কোনোবাই নিজৰ গাত চিকুটি চাবনে? এগৰাকী সচেতন নাগৰিক হিচাপে আমি আশা কৰোঁ-প্ৰকৃতি তথা পাৰিপাৰ্শ্বিক পৰিমণ্ডলৰ স্থায়ী ক্ষয়ক্ষতি নোহোৱাকৈ বিজ্ঞান ভিত্তিত কাৰিকৰী প্ৰযুক্তিৰ দ্বাৰা তথা বৈধ ভাবে সম্পদ আহৰণ কৰা হওক আৰু ৰাজ্যখনে উপযুক্ত ৰয়েল্টি পাওক৷ 

একেদৰে কাৰোবাৰ ভুুল(Human error)বা দুৰ্ঘটনাৰ বাবেই হওক বাঘজানৰ ঘটনা দুৰ্ভাগ্যজনক আৰু হৃদয় বিদাৰক৷ এইক্ষেত্ৰত দুটা কথা আমাৰ বাবে গুৰুত্বপুৰ্ণ,- যথা সম্ভব সোনকালে সংকট দুৰ হওক আৰু দুুুুৰ্ভগীয়া ক্ষতিগ্ৰস্ত সকলে যাতে উপযুক্ত ক্ষতিপুৰণ পায়৷এই কামটো সংশ্লিষ্ট পক্ষই সুচাৰুৰূপে পালন কৰিলে বাহিৰৰ পৰা হৈ চৈ কৰাৰ অৱকাশেই নাথাকে৷ কিন্তু ক’ৰবাত অন্যায়, বিসংগতি হ’লে তাৰ বিৰুদ্ধে সৰৱ হ’বই লাগিব৷ ইতিমধ্যে আমি দেখিছো বাঘজান কাণ্ডৰ অচিলা লৈ বহুজনে গনমাধ্যমত অইলক হকে বিহকে গালি গালাজ পাৰি অইলক জনমানসত হেয় কৰিবলৈ চেষ্টা কৰিছে৷ তেওঁলোকৰ বেছি ভাগেই হয়তো কাৰিকৰী কথাবোৰ নাজানে৷ কাৰিকৰী কথা, পাব্লিক ৰিলেচন আৰু ক্ষতিপূৰণ তিনিওটা কথাক আচলতে আমি সুকীয়া সুকীয়াকৈ পৰ্যবেক্ষণ আৰু আলোচনা কৰি যোগাত্মক সমালোচনা কৰিলেহে অসমলৈ অৰিহণা যোগাই অহা ৰাজহুৱা উদ্যোগটো এই দুৰ্যোগৰ পৰা উদ্ধাৰ পাই বাচি থকাত সহায়ক হব। 

সাধাৰণতে স্বাভাৱিকতে প্ৰাকৃতিক সম্পদক লৈ আমি গৌৰৱবোধ কৰোঁ৷ এনে গৌৰৱ বা স্বাভিমান যাতে বাস্তৱ বৰ্জিত হৈ খন্তেকীয়া আৱেগলৈ পৰ্যবসিত নহয় তাৰ প্ৰতিও আমি সচেতন হ’ব লাগিব৷ সমগ্ৰ বিশ্বৰ লগতে আমাৰ ৰাজ্যখনটো ক্ৰমে খনিজ সম্পদ কমি আহিব ধৰিছে৷ ভাৰতে প্ৰায় ৮৫%তেল আন দেশৰ পৰা আমদানি কৰে৷দেশীয় ১৫% উৎপাদনৰ মাত্ৰ ১৩-১৫%হে অসমে উৎপাদন কৰে৷ আমাৰ চাৰিটা তেল শোধনাগাৰৰ বাবে প্ৰয়োজনীয় তেল খিনিকে(বছৰি ৭০০ মিলিয়ন টন)আমাৰ নাই৷ বাৰাউনিৰ পৰা পাইপ-লাইনেৰে বিদেশৰ পৰা আমদানিকৃত খাৰুৱা তেল আনিব লাগে৷ অৰ্থাৎ আমাৰ তেল শোধনাগাৰ চাৰিটা জোৰাটাপলি মাৰি চলিছে৷ 

তেনে স্থলত বিভিন্ন প্ৰতিবাদ,আন্দোলনৰ ফলত অসমৰ থলুৱা তৈলক্ষেত্ৰ সমূহ বন্ধ হৈ থাকিলে কিমান তৰপীয়া লোকচান ভৰিব লাগে সি সহজেই অনুমান কৰিব পাৰি৷ তেল-গেছ-কয়লা খণ্ডৰ স’তে বহু পৰিয়াল সংস্থাপিত হৈ আহিছে আৰু বহু সংখ্যক পৰোক্ষভাৱে বিভিন্ন ভটিয়নি উদ্যোগৰ স’তে জৰিত হৈ আছে৷তাৰোপৰি ক’ৰ্পৰেটৰ সামাজিক দায়বদ্ধতা তথা চি এচ আৰৰ ধনৰাশিৰ জৰিয়তে বহু উন্নয়ন মূলক কাম কৰি অহা হৈছে৷ অসম চিকিৎসা মহাবিদ্যালয়ত চি এচ আৰ ৰ যোগেদি বহু কোটি টকাৰ কাম চলি আছে৷ অ'এনজিচিৰ ৫ কোটি এনে অনুদানেৰে এ.এম.চি অপেন হাৰ্ট-চাৰ্জাৰিৰ সুবিধা দিব পৰা কেথ লেবৰ আন্তঃগাঁঠনি নিৰ্মাণ হৈছে। 

ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ ১১ জন বিধায়কে নিজৰ সমষ্টিৰ বাবে যিমান খৰছ কৰে তাতকৈ বেছি ধনৰাশি চি.এচ.আৰৰ যোগেদি ক’ৰ্পৰেট গোষ্ঠী সমূহে উন্নয়ন মূলক কাম কৰে, সেই কথাও আমি পাহৰি যাব নালাগিব। গতিকে সমালোচনাৰ নামত ক’ৰ্পৰেট খণ্ডৰ প্ৰতি অনবৰতে নেতিবাচক ধাৰণা পোষণ কৰা উচিত নহয়৷ ক’ৰবাত দুই এক অসাধু বিষয়া বা চক্ৰৰ বাবে দুই এটা অবাঞ্চিত ঘটনা নোহোৱা নহয় কিন্তু তেনে আজুহাতেৰে অনবৰতে ব্যৱসায় উদ্যোগিক প্ৰতিষ্ঠানক সন্দেহ কৰা উচিত নহয়৷ তেনে মনোভাৱ গ্ৰহণ কৰা মানে নিজৰ ভৰিত নিজে কুঠাৰ মৰা৷ এই কথা এই বাবেই ক’ব লগা হৈছে যে বহু প্ৰতিষ্ঠান ধংস বা দুৰ্বল হৈ পৰাৰ অন্যতম এক কাৰন হৈছে ব্যৱসায়,উদ্যোগৰ প্ৰতি আমাৰ নেতিবাচক ধাৰনা,অদক্ষতা আৰু কিছু অজ্ঞতা,নিৰ্বুদ্ধিতা৷ আমাৰ অনগ্ৰসৰতাৰ বাবে কেবল আনক জগৰীয়া কৰাটো আমাৰ অন্য এক বদ স্বভাৱ৷ 

ব্যৱসায়ীক মনোভাৱক আয়ত্ত কৰিব পৰাকৈ আমাৰ শিকিব লগা বহু বাকী আছে ৷ সৌ সিদিনালৈকে আমাৰ বহুতৰে সাধাৰণ বেংক একাউণ্ট এটাই নাছিল৷ এতিয়াও বহুজনে সৰু বা মজলীয়া কাৰবাৰ চেভিংছ একাউণ্ট ততে চলাই আছে৷ কাৰেণ্ট একাউণ্ট কিয় লাগে সেই কথাকে বুজিবলৈ চেষ্টা নকৰে৷ এনে অজ্ঞতা আৰু সীমাবদ্ধতা বোৰৰ কথা আমি উপলব্ধি কৰা উচিত৷ আমি এই কথা বুজি উঠা উচিত যে পেছাদাৰী তথা প্ৰতিযোগিতা সুলভ মানসিকতাৰে ব্যৱসায়,বাণিজ্যত মনোনিৱেশ কৰিব নোৱাৰিলে আমি কেতিয়াও সমৃদ্ধিশালী বা স্বাৱলম্বী হ’ব নোৱাৰিম৷
লেখকৰ ফোনঃ ৯৮৫৪৬০৪৩৬৬। লেখকৰ অসমীয়াৰ সুখ-দুখত প্ৰকাশিত আন আন লেখা পঢ়িবৰ বাবে তলৰ সূত্ৰত ক্লিক কৰক:
https://www.xukhdukh.com/search/label/SANJIT-KR-BORDOLOI

No comments:

Post a Comment