ভাল খবৰঃ ভৰিৰে লিখিও প্ৰথম বিভাগ, অসমীয়াত লেটাৰ অৰ্জন কৰি দেখুৱালে ধলপুৰৰ সৌৰভে - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাল খবৰঃ ভৰিৰে লিখিও প্ৰথম বিভাগ, অসমীয়াত লেটাৰ অৰ্জন কৰি দেখুৱালে ধলপুৰৰ সৌৰভে

ভাল খবৰঃ ভৰিৰে লিখিও প্ৰথম বিভাগ, অসমীয়াত লেটাৰ অৰ্জন কৰি দেখুৱালে ধলপুৰৰ সৌৰভে

Share This
ভৰিৰে লিখিও প্ৰথম বিভাগ, অসমীয়াত লেটাৰ অৰ্জন কৰি দেখুৱালে ধলপুৰৰ সৌৰভে
সদ্য ঘােষিত উচ্চতৰ মাধ্যমিক চূড়ান্তপৰীক্ষাত ভৰিৰে লিখি ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হােৱা সৌৰভ অধিকাৰীয়ে অসমীয়া বিষয়ত লেটাৰ নম্বৰসহ প্রথম বিভাগত উত্তীৰ্ণ হৈ সমগ্র ধলপুৰৰ উপৰি লখিমপুৰ জিলালৈ গৌৰৱ কঢ়িয়াইআনিছে। 

পূৰ্বতে স্থানীয় ৰাইজক কথা দি কথা ৰাখিলে সৌৰভে। পৰীক্ষাত অৱতীৰ্ণ হােৱাৰ শেষৰ দিনা স্বদেশ অধ্যয়ন নামৰ নতুন বিষয়টোৰ পৰীক্ষা শেষ কৰি ওলাই আহোঁতে স্থানীয় সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্রথম বিভাগতউত্তীর্ণ হােৱাৰ কথা প্রকাশ কৰিছিল। স্বদেশ অধ্যয়ন নামৰ বিষয়ত লেটাৰ নম্বৰ পােৱাৰাে আশা কৰিছিল। মুঠ ৬৩.৮% নম্বৰ লাভ কৰিছে ছাত্রজনে। ধলপুৰ দৈনিক বজাৰৰ সমীপৰ নিৱাসী প্রয়াত শংকৰ অধিকাৰী আৰু অল্পনা অধিকাৰীৰ পুত্ৰ সৌৰভৰ দুয়ােখন হাত জন্মৰ পৰাই অস্বাভাৱিকভাৱে চুটি হােৱাত শৈশৱৰ পৰাই লিখা, ছবি আঁকা, আহাৰ খােৱা সকলাে কাম ভৰিৰে কৰি আহিছে। ২০১২ চনত পিতৃহাৰা হােৱা সৌৰভক মাতৃ আৰু জ্যেষ্ঠা ভগ্নী দীপাই বর্ণনাতীত কষ্টেৰে জীৱন যুঁজত আগুৱাই নিছে। 

সৌৰভৰ কাষত বিহপুৰীয়াৰ বিধায়ক
সৌৰভৰ মাতৃ আৰু ভগ্নীয়ে ঘৰৰ কাষতে ঘুগুনী আৰু কণী বিক্ৰী কৰি পােৱা সামান্যতম টকাৰে দুবেলা-দুসাজ খােৱাৰ সামন্তৰালকৈ তেওঁৰ শৈক্ষিক দিশত প্রয়ােজন হােৱা কিতাপ-পত্ৰ আদিৰ যােগান ধৰি আহিছে। পৰিয়ালৰ পৰা জানিব পৰা অনুসৰি, শৈক্ষিক দিশত চৰকাৰৰ পৰা কোনাে অর্থ সাহায্য পােৱা নাই। আনকি জুপুৰিত বসবাস কৰি জীৱন যুঁজত ধৰাশায়ী হােৱা এই সৌৰভৰ পৰিয়ালটোৱে অদ্যাপি স্থানীয় ধলপুৰ গাঁও পঞ্চায়তৰপৰা প্রধানমন্ত্রীৰ আৱাসগৃহএটাও পাবলৈও সক্ষম হােৱা নাই৷ বিশেষতঃ সৌৰভে তেওঁৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সত্যৰঞ্জন বৰা আৰু শিক্ষাগুৰুসকলে বিভিন্ন সময়ত দিঅহা দিহা-পৰামৰ্শৰকথা অৱগত কৰে। ভূগােল অথবা বুৰঞ্জী বিষয় অনাৰ্ছ হিচাপে লৈ নাৰায়ণপুৰস্থিত মাধৱদেৱ বিশ্ববিদ্যালয়ত স্নাতক শ্ৰেণীত নামভৰ্তি কৰিব বুলি দৈনিক জনমভূমি কাকতত প্ৰকাশ পাইছে।

শেহতীয়াকৈ ছাত্ৰজনক বিহপুৰীয়াৰ বিধায়ক দেবানন্দ হাজৰিকাই ঘৰত গৈ সাক্ষাত কৰি অভিনন্দন জনোৱাৰ লগতে সম্বৰ্ধনা জনায়। মনত অদম্য ইচ্ছা, তথা সাহস আৰু কিবা এটা কৰাৰ হাবিয়াস থাকিলে সফলতাৰ পথত একোৱেই হেঙাৰ হ’ব নোৱাৰে৷ সেই কথাকেই প্ৰতিপন্ন কৰিলে এই বিশেষ ভাৱে সক্ষম যুৱক জনে৷ 

তলৰ ভিডিঅ'টোত সৌৰভে বিধায়ক হাজৰিকাৰ সাক্ষাতৰ সময়ত ভৰি লিখি দেখুওৱাটো দেখিবলৈ পাব-

No comments:

Post a Comment