চাকৰিৰ খবৰঃ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৬ টা পদঃ দৰমহা ১৪-৬০ হাজাৰ পৰ্যন্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চাকৰিৰ খবৰঃ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৬ টা পদঃ দৰমহা ১৪-৬০ হাজাৰ পৰ্যন্ত

চাকৰিৰ খবৰঃ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৬ টা পদঃ দৰমহা ১৪-৬০ হাজাৰ পৰ্যন্ত

Share This
অসমৰ জনজাতীয় (ভৈয়াম) আৰু জনজাতীয়(পাহাৰীয়া) তথা শাৰিৰীকভাৱে অক্ষম কিছু শিক্ষিত ছাত্ৰ-ছাত্ৰীলৈ আহিছে সুখবৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ত নিযুক্তিৰ বাবে কেইটিমান সংৰক্ষিত পদত আবেদন পত্ৰ আহ্বান কৰা হৈছে। জানিব পৰা মতে নতুনকৈ SYSTEM ASSISTANT ৰ ৬টা পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। 


শিক্ষাগত অৰ্হতাঃ BCA/BA বা পলিটেকনিক পাছ
দৰমহাৰ হাৰ- ১৪০০০ৰ পৰা ৬০,৫০০ টকা প্ৰতিমাহে

পোষ্টিংৰ স্থানঃ গুৱাহাটী মহানগৰ

অন লাইন আবেদনৰ শেষ তাৰিখঃ ২৪ জুন ২০২০
বয়সঃ ST(P) & ST(H) : ২১-৪৩ বছৰ, PWD: ২১-৪৮ বছৰ।

শাৰিৰীক ভাৱে অক্ষমতা থকা (PWD) প্ৰাৰ্থীৰ বাবে কোনো আবেদন মাচুল নালাগে। ST(P) & ST(H) ৰ প্ৰাৰ্থীৰ আবেদন মাচুল ১৫০টকা মাত্ৰ। পৰীক্ষা দিবলৈ অহাৰ বাবে TA, DA দিয়াৰ ব্যৱস্থা নাই।  প্ৰথমে ১৪০ নম্বৰৰ লিখিত পৰীক্ষা হব, দ্বিতীয়তে ৩০ নম্বৰৰ প্ৰেক্টিকেল পৰীক্ষা আৰু তৃতীয় ঢাপত ৩০ নম্বৰৰ বাবে মৌখিক পৰীক্ষা হব এই নিৰ্বাচনী প্ৰক্ৰিয়াত।

নিৰ্বাচিত সকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত চাকৰি কৰিবলৈ পাব। এই আবেদন প্ৰক্ৰিয়াৰ সৱিশেষ জানিবলৈ আৰু অনলাইন আবেদনৰ বাবে তলৰ লিংকত ক্লিক কৰক।

অসমীয়াৰ সুখ-দুখত প্ৰকাশিত 'চৰকাৰী চাকৰিৰ খবৰ'ৰ অন্য বা-বাতৰিৰ বাবে তলৰ লিংকত ক্লিক কৰকঃ 
https://www.xukhdukh.com/search/label/JOBALERT?&max-results=6

No comments:

Post a Comment