গ্ৰামোন্নয়নত চিভিলৰ ৩৪৪ টা কনিষ্ঠ অভিযন্তা আৰু ২২২ টা সহকাৰী অভিযন্তাৰ পদঃ APSCয়ে পাতিব পৰীক্ষা
অসম লোকসেৱা আয়োগে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিকাশৰ বিভাগৰ অধীনত সহকাৰী অভিযন্তা (চিভিল)ৰ ২২২ টা পদৰ বাবে ২৪ জুনৰ পৰা আবেদন পত্ৰ আহ্বান কৰিছে। দৰমহাৰ নিৰিখিঃ পে স্কেল: ৩০,০০০-১,১০,০০০/- , গ্ৰেড পে ১২,৭০০/- আৰু অন্যান্য চৰকাৰী বানচৰ সৈতে। আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হব লাগিব। অসমৰ চৰকাৰী ভাষা অসমীয়া, বাঙালী অথবা বড়ো ভাষা জনা হব লাগিব। কাৰ্বি আংলং সায়ত্ত শাসিত পৰিষদ আৰু ডিমা হাচাও সায়ত্ত শাসিত পৰিষদ অঞ্চলৰ প্ৰাৰ্থীৰ বাবে ভাষাৰ কোনো তেনে বাধ্য বাধকতা নাই।
অসম লোকসেৱা আয়োগে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিকাশৰ বিভাগৰ অধীনত কনিষ্ঠ অভিযন্তা (চিভিল)ৰ ৩৪৪ টা পদৰ বাবে আবেদন পত্ৰ আহ্বান কৰিছে। দৰমহাৰ নিৰিখিঃ পে স্কেল: ১৪,০০০-৬০,৫০০/- , গ্ৰেড পে ৮,৭০০/- আৰু অন্যান্য চৰকাৰী বানচৰ সৈতে। আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হব লাগিব। অসমৰ চৰকাৰী ভাষা অসমীয়া, বাঙালী অথবা বড়ো ভাষা জনা হব লাগিব। কাৰ্বি আংলং সায়ত্ত শাসিত পৰিষদ আৰু ডিমা হাচাও সায়ত্ত শাসিত পৰিষদ অঞ্চলৰ প্ৰাৰ্থীৰ বাবে ভাষাৰ কোনো তেনে বাধ্য বাধকতা নাই।
বয়সৰ উচ্চসীমা ৩৮ বছৰ আৰু তাৰ বাবে চৰকাৰী নিয়মমতে ৰেহাইৰ ব্যৱস্থা আছে।
এপ্লিকেচন ফৰ্মঃ www.apsc.nic.in ৰ পৰা ডাউনলোড কৰিব পাৰিব। প্ৰপত্ৰ জমা দিয়াৰ শেষ তাৰিখঃ ২৪-০৭-২০২০
পৰীক্ষাৰ তাৰিখ নিৰ্ধাৰণ কৰি উপৰোক্ত ৱেবচাইটতে ঘোষণা কৰিব বুলিও আয়োগৰ সূত্ৰত প্ৰকাশ পাইছে।
পৰীক্ষাৰ তাৰিখ নিৰ্ধাৰণ কৰি উপৰোক্ত ৱেবচাইটতে ঘোষণা কৰিব বুলিও আয়োগৰ সূত্ৰত প্ৰকাশ পাইছে।
আবেদনৰ মাচুল আদিৰ সৈতে সৱিশেষ মূল বিজ্ঞাপনত পাব। তাৰ বাবে তলৰ সূত্ৰ ক্লিক কৰিলেই হব।
No comments:
Post a Comment