অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন হৈছে টাটা ট্ৰাষ্ট আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ এক যুটীয়া উদ্যম। অসমত কেঞ্চাৰ চিকিতসা আৰু পেলিয়েটিভ কেয়াৰৰ বাবে আন্তঃগাঁথনি গঢ়াৰ বাবে ২০১৭ চনৰ ডিচেম্বৰ মাহৰ পৰা এই ফাউণ্ডেচনে কাম আৰম্ভ কৰিছে। অসমৰ ৫০ শতাংশ কেঞ্চাৰ ৰোগীলৈ সেৱা আগবঢ়োৱাটো এই ফাউণ্ডেচনৰ মূল উদ্দেশ্য। এই ট্ৰাষ্টৰ অধীনত চৰকাৰী চিকিৎসা মহাবিদ্যালয়বোৰৰ প্ৰাংগনতে সুকীয়াকৈ কেঞ্চাৰ হস্পিতাল গঢ়ি তোলাৰ কথা ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে।
আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় প্ৰাংগণত গঢ়ি তোলা আন্তঃগাঁথনিত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন কেমোথেৰাপি সুবিধাৰ শুভ উদ্ধোধন কৰে অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানত জিলাখনৰ কেইবাজনো স্থানীয় বিধায়কো উপস্থিত আছিল। এই কেন্দ্ৰৰ যোগেদি অহা ছেপ্তেম্বৰ মাহৰ পৰাই LINAC BASED RADIATION থেৰাপিৰেও ৰোগী সকললৈ চিকিৎসা সেৱা আগবঢ়োৱা হব বুলি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰিছে। উজনি অসমৰ বহু ৰোগীৰ বাবে এই কেন্দ্ৰই দীৰ্ঘদিনীয়া এটা অভাৱ পূৰণ কৰিব। অসমৰ লগতে অৰুণাচলৰো বহুতো কেঞ্চাৰ ৰোগীয়ে এই কেন্দ্ৰৰ দ্বাৰা উপকৃত হব।
RMRC লাহোৱাত স্বাস্থ্য মন্ত্ৰীৰ পৰ্যালোচনা সভা |
আজি স্বাস্থ্য মন্ত্ৰীয়ে লাহোৱালত থকা ICMR ৰ এটি গৱেষণা কেন্দ্ৰ RMRC টো উপস্থিত হৈ কেন্দ্ৰটোৱে কোভিড-১৯ৰ প্ৰায় ২৫ হাজাৰটা চেম্পোল পৰীক্ষণৰ দ্বাৰা অসম, নগালেণ্ড আৰু অৰুণাচল বাসীলৈ সেৱা আগবঢ়োৱাৰ বাবে কেন্দ্ৰটোৰ কৰ্মী সকলকো অভিনন্দন জ্ঞাপন কৰে।
No comments:
Post a Comment