সাম্প্ৰতিক প্ৰসংগঃ ভাইৰাছৰ 'ৰাজনীতি' নে ৰাজনীতিৰ 'ভাইৰাছ'? ::শোণিত কুমাৰ গোস্বামী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সাম্প্ৰতিক প্ৰসংগঃ ভাইৰাছৰ 'ৰাজনীতি' নে ৰাজনীতিৰ 'ভাইৰাছ'?     ::শোণিত কুমাৰ গোস্বামী

সাম্প্ৰতিক প্ৰসংগঃ ভাইৰাছৰ 'ৰাজনীতি' নে ৰাজনীতিৰ 'ভাইৰাছ'? ::শোণিত কুমাৰ গোস্বামী

Share This
ভাইৰাছৰ 'ৰাজনীতি' নে ৰাজনীতিৰ 'ভাইৰাছ'?
শোণিত কুমাৰ গোস্বামী
ভাইৰাছ মানেই হৈছে ব্যাধিৰ কাৰক। সমাজত দেখা দিয়া ব্যাধিবোৰৰ কাৰকবোৰক আঁতৰ কৰাটোৱেই নাগৰিকৰ কাম্য। সাধাৰণতে এজন নেতাই এই কামটো কৰে বাবেই ৰাজনীতিকৰ গুৰুত্ব সমাজত আছে। এতিয়া আমাৰ মাজত দেখা দিয়া ব্যাধিটোৰ নাম হৈছে ক’ভিদ-১৯ ভাইৰাছ। এই ভাইৰাছ ইমানেই ব্যাপক যে ই কেৱল আমাৰ ৰাজ্য বা দেশকেই নহয় বিশ্বৰ সকলো দেশৰ নাগৰিকক ব্যতিব্যস্ত কৰি তুলিছে। নাগৰিকেই নে, ৰাজনীতিকো আজি দিশহাৰা হৈ পৰিছে। কৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ সময়ত মাৰ্চ মাহতেই জাৰ্মানীৰ এজন মন্ত্ৰীয়ে আত্মহননৰ পথ বাছি লৈছিল। কৰ’না বেমাৰ কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ কোনো উমান নাপায় দুঃচিন্তাত পৰি সেই ৰাজনীতিকে কৰা আত্মহত্যাৰ পথে সেই সময়ত যদিও অন্য ৰাজনীতিকক পৰিস্থিতিৰ উপলব্ধি কৰোৱা নাছিল কিন্তু আজিৰ পৰিস্থিতিয়ে সেয়া সকলো লোকৰ বাবে স্পষ্ট কৰিছে। 

ৰাজ্যই নহয়, দেশ কিম্বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সকলো ৰাজনীতিকে এতিয়া দিকবিদিক হেৰুৱাই পেলাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিশ্ব স্বাস্থ্য সংস্থাক বেমাৰৰ সঠিক তথ্য নিদিয়াৰ অভিযোগ তুলি দোষাৰোপ কৰাৰ ওপৰি শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থালৈ বিত্তীয় অনুদান বন্ধ কৰি দিয়াৰ সিদ্ধান্তই তাৰেই ইংগিত দিছে। তাৰোপৰি শেহতীয়াকৈ শ্বেতাংগ আৰু কৃষ্ণাংগৰ বিবাদৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো ট্ৰাম্প সম্পূৰ্ণৰূপে বিফল হৈছে। অভিযোগ অনুসৰি এই শ্বেতাংগ-কৃষ্ণাংগ সংঘৰ্ষ আঁৰত কৃষ্ণাংগ জৰ্জ ফ্ল’ইডৰ মৃত্যু এটা কাৰক হয় সঁচা কিন্তু কৰ’না ভাইৰাছে জুৰুলা কৰা কৃষ্ণাংগ লোকসকলৰ মনত ক্ষোভ আগৰ পৰাই আছিল কিয়নো যুক্তৰাষ্ট্ৰত তুলনামূলকভাৱে শ্বেতাংগৰ তুলনাত দৰিদ্ৰ কৃষ্ণাংগসকল কৰ’নাৰ দ্বাৰা অধিক আক্ৰান্ত হৈছে আৰু মৃত্যুমুখত পৰিছে। ৰিপাব্লিকান দলৰ ড’নাল্ড ট্ৰাম্পে কৰা সোঁপন্থী ৰাজনীতি আৰু তাৰ জড়িয়তে শাসনলৈ অহা প্ৰক্ৰিয়া আৰু যুক্তৰাষ্ট্ৰৰ শেহতীয়া পৰিস্থিতিত লোৱা স্থিতিয়ে সকলো কথা জলজল পটপটকৈ স্পষ্ট কৰিছে। গতিকে পৰৱৰ্তী সময়ত কৰ’নাই ৰাজনীতিৰ ক্ষেত্ৰত কি পৰিৱৰ্তন আনে সেয়া নভেম্বৰ মাহৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনত প্ৰতিফলিত কৰিব।

এতিয়া যদি আমি দেশৰ কথালৈ চাবলৈ যাওঁ তেন্তে দেখিম যে কৰ’না ভাইৰাছে সমগ্ৰ বিষয়টো বৰ্তমান বিজেপি বনাম বিৰোধী দলৰ দখলত থকা ৰাজ্য চৰকাৰ কৰি তুলিছে। কেন্দ্ৰীয় চৰকাৰে তলাবন্ধৰ ঘোষণা কৰি নিজৰ দায়িত্ব ঠিকেই কৰিলে কিন্তু সময়োচিত সিদ্ধান্তবোৰৰ লগতে প্ৰয়োজনীয় ব্যৱস্থাৱলী সময়মতে নোলোৱাৰ বাবেই সৃষ্টি হোৱা অৰ্থনৈতিক বিপৰ্যয়, প্ৰব্ৰজিত শ্ৰমিকৰ সমস্যা, স্বাস্থ্য খণ্ডৰ দুৰ্বলতাৰ কথাসমূহে এতিয়া কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ এক ৰাজনৈতিক যুদ্ধৰ কথা সদৰি কৰিছে। বিশেষত আপোনালোকে যদিহে মন কৰে তেন্তে দেখিব যে দিল্লী, মহাৰাষ্ট্ৰ, তামিলনাডু আদি ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ দুৰ্বলতাৰ কথা সংবাদ মাধ্যমত বিশেষত আলোচিত হৈছে তথা পৰিৱেশিত হৈছে। কৰ’নাৰ বাবে ৰাজনীতিৰ ক্ষেত্ৰখনত হোৱা যুদ্ধখনে কোনো এটা ৰাজনৈতিক দলক বিশেষভাৱে সহায় কৰিব কিন্তু বিশেষভাৱে ক্ষতি হোৱা শ্ৰেণীটো হৈছে দেশৰ জনতা। দেশৰ পুতৌজনক স্বাস্থ্য খণ্ডৰ কথা সামগ্ৰিকভাবে আলোচিত হোৱাৰ সলনি এতিয়া কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত এখন অঘোষিত যুদ্ধৰ সূচনা হৈছে। এই যুদ্ধখনে এই কথা স্পষ্ট কৰিছে যে দেশত স্বাস্থ্য খণ্ডৰ দুৰ্বলতা আছে সেয়া বিশেষত বিজেপি বিৰোধী দল যেনে আম আদমী পাৰ্টী, কংগ্ৰেছ, তৃণংমূল কংগ্ৰেছ, শিৱসেনা আদিৰ দখলত থকা ৰাজ্যকেইখনত বেছিকৈ আছে। উল্লেখ্য যে দিল্লীৰ আপ চৰকাৰ, মহাৰাষ্ট্ৰৰ এনচিপি-শিৱসেনা চৰকাৰ তথা পশ্চিম বংগৰ সম্পৰ্কত পৰিৱেশিত বাতৰিসমূহে এই কথা স্পষ্ট কৰিছে যে দেশত যদি কৰ’না নিয়ন্ত্ৰণত কোনোবা ব্যৰ্থ হৈছে তেন্তে সেয়া কেৱল দিল্লী, মহাৰাষ্ট্ৰ আৰু পশ্চিম বংগ চৰকাৰ, আৰু আন কোনো নহয়। যেনে দেশৰ অন্য প্ৰান্তত(ৰাজ্যত) ভাইৰাছৰ কোনো প্ৰভাৱেই নাই। কৰ’না ভাইৰাছক লৈ দেশত এতিয়া যি হৈছে সেয়া মূলত ৰাজনীতিৰ বাদে আন একো নহয়। ৰাজনীতিক আৰু তেওঁ প্ৰতিনিধিত্ব কৰা ৰাজনৈতিক দলৰ সৈতে অন্য ৰাজনৈতিক দলৰ বাকযুদ্ধই কৰ’না নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এই কথা স্পষ্ট কৰিছে যে কৰ’না নামৰ এই ভাইৰাছে সকলোকে আক্ৰান্ত কৰিছে আৰু চৰকাৰৰ বিফলতা উদঙাই দিছে কিন্তু নিজৰ ৰাজনৈতিক লাভালাভৰ কথা চিন্তা কৰি ৰাজনৈতিক দলসমূহে ৰাইজৰ সম্মুখত অন্য দলৰ বিফলতা প্ৰকাশ কৰি সন্তুষ্টি লভি ৰাজনৈতিক মুনাফা লাভৰ চিন্তা ব্য়ক্ত কৰিছে। এই সম্পৰ্কত অধিক শুদ্ধ বিবেচনা আপোনালোকৰ বাবে এৰিছো।

অসমৰ ক্ষেত্ৰতো একেই কথা প্ৰতিফলিত হৈছে। লকডাউন শিথিলতাৰ পাছত বৰ্ধিত ৰোগীৰ সংখ্যই স্বাস্থ্যমন্ত্ৰীৰ লগতে ৰাজ্যৰ প্ৰতিজন ৰাজনীতিকক চিন্তিত কৰি তুলিছে। কোনোবা সময়ত হতাশ হোৱা স্বাস্থ্য মন্ত্ৰীৰ সংবাদমেলৰ ভাষ্যত আমি এয়া শুনিবলৈ পাইছো যে ৰাজ্যলৈ অহা বহিৰাগতৰ সংখ্যাই ৰোগীৰ সংখ্য বৃদ্ধি কৰিছে। কিন্তু অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে লোৱা ব্যৱস্থাই ৰাজ্যৰ নাগৰিকক এয়া আশ্বাস দিবলৈ সক্ষম হৈছে যে কোনো এজন ৰাজনীতিকে ৰাজ্যবাসীৰ বাবে দিন-ৰাতি একাকাৰ কৰি কষ্ট কৰিছে আৰু ৰাজ্যবাসীৰ কল্যাণৰ বাবে চেষ্টা কৰিছে। এই প্ৰচেষ্টাই ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীক নিশ্চিতভাৱে সহায় কৰিব আৰু আগন্তুক দিনত(বিধানসভাৰ নিৰ্বাচন সমাগত) ভোট লাভৰ ক্ষেত্ৰতো সহায় কৰিব। কিন্তু অন্য ৰাজনৈতিক দলে এই ক্ষেত্ৰত কি কৰিব পাৰিছে। স্বয়ং শাসনাধিষ্ঠিত দলটোৰ অন্য ৰাজনৈতিক নেতাসকলে এই ক্ষেত্ৰত কোনো ধৰণৰ উল্লেখনীয় পদক্ষেপেৰে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হোৱা নাই। স্থানীয় ভিত্তিত কোনো কোনো নেতাই কৰ’নাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিত সফলতা লাভ কৰিছে কিন্তু উচিত ধৰণে কৰ’না  যোদ্ধাৰ খিতাপ সংবাদ মাধ্যমৰ নজৰত পোৱা নাই। এয়া দুৰ্ভাগ্যজনক। ৰাজ্যৰ শাসনত থকা এগৰাকী মন্ত্ৰীয়েই এই ক্ষেত্ৰত জনপ্ৰিয়তা লাভ কৰিছে যে কৰ’না প্ৰতিৰোধ আৰু নাগৰিকৰ সুৰক্ষাৰ বাবে যদি কোনোবাই কিবা কাম কৰিছে তেন্তে সেয়া তেওঁৰ বাদে আন কোনো নহয়। এযা উচিত নে অনুচিত সেয়া বিবেচনা কৰাৰ অধিকাৰ আমাৰ নাই কিন্তু কৰনা ভাইৰাছে ৰাজ্য, কেন্দ্ৰ তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত যি ভূমিকা গ্ৰহণ কৰিছে আৰু এয়া নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমত যিদৰে কথাবোৰ আলোচিত হৈছে তাৰ পৰা এয়া স্পষ্ট যে বিশ্বক জুৰুলা কৰা কৰনাই প্ৰভাৱশালী ৰাজনীতিকক ৰাজনীতি কৰাৰ ক্ষেত্ৰত এক বিশেষ সুবিধাৰ সৃষ্টি কৰি দিছে।
লেখকৰ ঠিকনাঃ লাজপট নগৰ, দিল্লীঃ ১১০০২৪, ফোনঃ ৯৮৯৯৬৬০৫৮২

No comments:

Post a Comment