বিশ্লেষণঃ বৰ্ণ বৈষম্যৰ প্ৰতিবাদত কিয় জ্বলিছে ট্ৰাম্পৰ আমেৰিকা? ::পাৰভিন চুলতানা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ বৰ্ণ বৈষম্যৰ প্ৰতিবাদত কিয় জ্বলিছে ট্ৰাম্পৰ আমেৰিকা? ::পাৰভিন চুলতানা

বিশ্লেষণঃ বৰ্ণ বৈষম্যৰ প্ৰতিবাদত কিয় জ্বলিছে ট্ৰাম্পৰ আমেৰিকা? ::পাৰভিন চুলতানা

Share This
আনুষ্ঠানিক বৈষম্যবাদ আৰু বর্ণবাদৰ প্ৰতি আজি উত্তপ্ত আমেৰিকা। যদিও, বিগত ২০০৯ চনত আমেৰিকাৰ ৰাষ্ট্রপতিৰূপে বাৰাক ওবামা নির্বাচিত হোৱাৰ পিছত বহুতে আশাবাদী হৈ পৰিছিল যে আমেৰিকাত পৰোক্ষ বর্ণবাদৰ দীর্ঘ ইতিহাসৰ এইবাৰ অন্ত পৰিব। কিন্তু তাৰ পিছতো কৃষ্ণাঙ্গ ব্যক্তি, আফ্রিকান আমেৰিকান নিয়মীয়াভাৱে আনুষ্ঠানিক বৈষম্যৰ সন্মুখীন হৈ আহিছে। যোৱা কিছু বছৰত এনে ভালে কেইটামান ঘটনা সংঘটিত হৈছে যত এগৰাকী নিৰস্ত্র ব্যক্তিক একমাত্র বর্ণৰ ভিত্তিত আৰক্ষীয়ে হত্যা কৰিছে। 

Black Lives Matter' protestors rally at Trump golf resort in ...
শেহতীয়া ঘটনা সংঘটিত হয় মে মাহৰ ২৫ তাৰিখে মিনিয়েপোলিছত যত ৪৬ বছৰীয়া জর্জ ফ্লয়ডোক আৰক্ষীয়ে মাটিত বগৰাই তেওঁৰ গলৰ ওপৰত নিজৰ আঠুৰে হেঁচি ধৰে। বহুলভাৱে প্রচাৰিত ভিডিও এটাত দেখা যায় যে ফ্লয়ডে বাৰে বাৰে কই আছে যে তেওঁৰ উশাস লওঁতে কষ্ট হৈছে কিন্তু তাৰ পিছতো আৰক্ষীগৰাকীয়ে তেওঁক এৰি নিদিয়ে। ইয়াৰ পিছতে তেওঁৰ মৃত্যু হয়। এই ঘটনাৰ পিছতে আমেৰিকাৰ বিভিন্ন ঠাইত ব্লেক লাইভছ মেটাৰৰ বেনাৰত প্রতিবাদ আৰম্ভ হয়। কিছু ঠাইত এই প্রতিবাদে হিংসাত্মক ৰূপ লয়। 
Black Lives Matter, ACLU sue Trump admin over DC protest clearing ...

আমেৰিকাৰ বর্ণবাদৰ উৎপত্তি দাসপ্রথাৰ দৰে এক অমানৱীয় ব্যৱস্থাত। দীঘলীয়া গৃহযুদ্ধ আৰু তাৰ পিছতে ১৯৬০ৰ দশকলৈকে চলা নাগৰিক অধিকাৰ আন্দোলনৰ পিছতহে আফ্রিকান-আমেৰিকানসকলে সমান অধিকাৰ লাভ কৰে। কেৱল সাতটা দশক পুর্বে আমেৰিকাত পৃথকীকৰণৰ বাবে প্রযোজ্য কুখ্যাত জিম ক্র’ আইন নিষিদ্ধ কৰা হয়। এই আইনবোৰে আনুষ্ঠানিকভাৱে বর্ণবাদক জীয়াই ৰখাত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। কৃষ্ণাঙ্গসকলৰ পৃথক বসবাস, শিক্ষা ইত্যাদিৰ পৰা আৰম্ভ কৰে, ভিন্ন বর্ণৰ মাজত বৈবাহিক সম্পর্কক নিষিদ্ধ কৰিছিল এই বৈষম্যমূলক আইনে।

১৯৫০ৰ দশকত আলাবামাত বয়োজ্যেষ্ঠা কৃষ্ণাঙ্গী মহিলা ৰোজা পার্ক্সে নিজৰ এক সৰু পদক্ষেপেৰে এটি আন্দোলন আৰম্ভ কৰে। তেওঁ বাছত এগৰাকী শ্বেতাংগ ব্যক্তিৰ বাবে নিজৰ স্থান এৰি নিদিয়ে। তাৰ পিছতে নাগৰিক অধিকাৰ আন্দোলনে শক্তিশালী নেতাৰ ৰূপত গান্ধীবাদী মার্টিন লুথাৰ কিং, মেলকম এক্সৰ পৰা ব্লেক পেন্থাৰৰ দৰে গোটৰ জন্ম দিয়ে। দীঘলীয়া আন্দোলনৰ পিছতহে বৈষম্যতা দুৰীকৰণৰ বাবে আইন প্রনয়ণ কৰা হয়। 

উল্লেখযোগ্য যে এই নাগৰিক আন্দোলনত কেৱল কৃষ্ণাংগ ব্যক্তিসকলে অংশগ্রহণ কৰা নাছিল। সমতাত বিশ্বাসী বহু শ্বেতাংগ ব্যক্তিয়ে এই আন্দোলনবোৰত আগভাগ লৈছিল। ঠিক একেদৰে আজিৰ সময়তো ভিন্ন জাতি, বর্ণৰ বহুসংখ্যক ব্যক্তিয়ে এই আন্দোলনবোৰত অংশগ্রহণ কৰি আছে। কিন্তু ইয়াৰ পিছতো যেন আমেৰিকাত বর্ণবাদৰ সমস্যা সময়ে সময়ে গা কৰি উঠে। বহু গৱেষকে প্রমাণ কৰিছে যে কেৱল আফ্রিকান আমেৰিকানসকলক সমান অধিকাৰ প্রদান কৰি ঐতিহাসিকভাৱে তেওঁলোকে সন্মুখীন হোৱা বৈষম্যৰ অন্ত পেলোৱা একপ্রকাৰ অসম্ভৱ। আজিও আমেৰিকাৰ জেলবোৰত কাৰাবন্দী হৈ থকা সৰহ সংখ্যক মানুহ আফ্রিকান আমেৰিকান মুলৰ। শিক্ষা, কর্ম সংস্থাপনৰ ক্ষেত্রতো এওঁলোক এতিয়াও পিছ পৰি আছে। কেৱল সমান অধিকাৰে মানুহৰ মানসিকতা পৰিবর্তন কৰিব পৰা নাই। Ku Klux Klanৰ দৰে বর্ণবাদী আৰু শ্বেতাংগৰ আধিপত্যৰ হকে মাত মাতি থকা সংগঠন এতিয়াও আমেৰিকাত সৰৱ। 

প্রতিবাদৰ সময়তে পিছে এক অভিনৱ ঘটনা সংঘটিত হ’ল। বহু ঠাইত আৰক্ষীয়ে প্রতিবাদকাৰীৰ বিৰোধীৰূপে থিয় নিদি, প্রতিবাদকাৰীসকলৰ সন্মুখত আঠু কাঢ়ি, মুৰ দোৱাই ক্ষমা প্রার্থনা কৰিলে। যেন তেওঁলোকৰ সতীর্থৰ বর্বৰতাৰ বাবে তেওঁলোক লজ্জিত। আফ্রিকান আমেৰিকান সম্প্রদায় আমেৰিকাৰ সমাজৰ এক অবিচ্ছেদ্য অংগ। সঙ্গীত, ক্রীড়া, চলচ্চিত্র, ৰাজনীতি জগত এই সম্প্রদায়ক এৰি থলে অসম্পূর্ণ। বহুসংস্কৃতিবাদত বিশ্বাসী দেশ এখনে নিজৰ সমাজৰ এক বৃহৎ গোটৰ প্রতি এনে বৈষম্যমূলক আচৰণ কৰিব নোৱাৰে। দুর্ভাগ্যজনকভাৱে আমেৰিকাৰ ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পে প্রতিবাদকাৰীক যিমান কঠোৰ ভাষাত নিন্দা কৰিছে, দোষী আৰক্ষী বা আৰক্ষীৰ মাজত থকা এনে সংবেদনশীলতাৰ অভাৱৰ বিষয়ে একো মাত মতা নাই। 

সমস্যা এটা সমাধান কৰাৰ প্রথম পদক্ষেপ হল সমস্যাক চিহ্নিত কৰা। দুর্ভাগ্যজনকভাৱে আমেৰিকাৰ এনে আনুষ্ঠানিক বৈষম্যতাৰ বিৰুদ্ধে ব্লেক লাইভছ মেটাৰৰ দৰে শ্লগানৰ বিৰুদ্ধে একাংশই অল লাইভছ মেটাৰ বুলি কয়। তেওঁলোকে কৃষ্ণাংগসকলৰ বৈষম্যতাৰ সুকীয়া অভিজ্ঞতা আৰু ইতিহাসক নাকচ কৰিব বিচাৰে। এনে মানসিকতা আনুষ্ঠানিক বৈষম্যতাৰ নির্মূলকৰণৰ পথত হেঙাৰ হৈ থিয় দিব। 

আমেৰিকাত সংঘটিত ঘটনাই আমাক এই কাৰণে চিন্তিত কৰা উচিত কাৰণ ভাৰতবর্ষতো এনে আনুষ্ঠানিক বৈষম্যতাৰ উপস্থিতিক আমি নুই কৰিব নোৱাৰোঁ। জাতিভেদ যাৰ ফলত দলিতসকলক, জনজাতীয় মুলৰ মানুহক বা পুৰুষতন্ত্র যাৰ ফলত মহিলা, সমকামীসকল আৰু তৃতীয় লিংগৰ ব্যক্তিক বৈষম্যৰ সন্মুখীন হব লগা হয়, এইবোৰ একো একো ধৰণৰ আনুষ্ঠানিক বৈষম্যৰ উদাহৰণ। 

গণতান্ত্রিক মূল্যত প্রচলিত দেশ এটা তেতিয়াহে সঁচা অর্থত সফল আৰু উন্নত হব যেতিয়া প্রত্যেকে এই উন্নয়নত সমান ভাৱে অংশগ্রহণ কৰিব পাৰিব। গতিকে সকলো ধৰণৰ আনুষ্ঠানিক বৈষম্যতাৰ বিৰুদ্ধে একতৃত ভাৱে আমি থিয় দিলেহে আমি এটি সমতাপূর্ণ সমাজৰ পিনে আগবাঢ়িব পাৰিম। 

No comments:

Post a Comment