ভাল খবৰঃ ষ্টেট বেংকলৈ নোযোৱাকৈয়ে পেপাৰলেচ চেভিংচ একাউণ্ট খোলাৰ সুবিধাৰ শুভাৰম্ভ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাল খবৰঃ ষ্টেট বেংকলৈ নোযোৱাকৈয়ে পেপাৰলেচ চেভিংচ একাউণ্ট খোলাৰ সুবিধাৰ শুভাৰম্ভ

ভাল খবৰঃ ষ্টেট বেংকলৈ নোযোৱাকৈয়ে পেপাৰলেচ চেভিংচ একাউণ্ট খোলাৰ সুবিধাৰ শুভাৰম্ভ

Share This

বেংক একাউণ্ট খুলিব লাগে, অথচ ক'ৰোনাৰ বাবে ভিৰৰ ভয়!! হয়, তেওঁলোকৰ বাবেই এই সুখবৰটো। ভাৰতৰ বৃহৎতম ৰাজহুৱা খণ্ডৰ বেংক ভাৰতীয় ষ্টেট বেংকে 'ইনষ্টা চেভিংচ বেংক' একাউণ্ট অফাৰ পুনৰাৰম্ভ কৰাৰ সুখবৰ। বিশেষকৈ ষ্টেট বেংকৰ ভিৰৰ পৰা বাচি থাকিবলৈ, ঘৰৰে পৰাই এতিয়া পেপাৰলেচ আৰু তাৎক্ষণিক ডিজিটেল পদ্ধতিৰে ষ্টেট বেংকত চেভিংচ বেংক একাউণ্ট খোলাটো এতিয়া সম্ভৱপৰ হৈ উঠিছে। তাৰ বাবে গ্ৰাহকৰ থাকিব লাগিব মাত্ৰ আধাৰ নম্বৰ আৰু পেনকাৰ্ড নম্বৰ।


ভাৰতীয় ষ্টেট বেংকে প্ৰকাশ কৰা মতে এটা সুবিধাজনক, কাগজবিহীন, অসুবিধাৰহিত আৰু বেংকলৈ নহাকৈয়ে বেংকিংৰ সুবিধা দিয়াৰ বাবে এই পদ্ধতিৰ শুভাৰম্ভ কৰা হৈছে। এনে একাউণ্টত RuPay ATM তথা ডেবিট কাৰ্ডো ঘৰলৈকে পঠাই দিয়া হব। ইয়াৰ বাবে কেৱল আগ্ৰহী ভাৰতীয় নাগৰিকে Yono টো নিজৰ মোবাইলত ডাউনলোড কৰি তাত পেনকাৰ্ড আৰু আধাৰ নম্বৰ দি আবেদন কৰিলে এবাৰ OTP ভেৰিফিকেচনৰ জৰিয়তে আন আন তথ্য সমূহেৰে অনলাইনত মোবাইলতে ফৰ্ম ফিলাপ কৰিব পাৰিব।

Received Rs 1.27 lakh crore in deposits: SBI
তাৎক্ষণিক ভাৱেই এই একাউণ্ট এক্টিভেট কৰাৰ লগতে লগে লগেই লেনদেনো কৰিব পাৰিব এনে চেভিংচ একাউণ্টত। নমিনেচন, এচএমএচ আৰু এচবিআইৰ মিচড কল চাৰ্ভিচৰো সুবিধা পাব একাউণ্ট খোলা সকলে। কাষ্টমাৰ সকলক এবছৰৰ ভিতৰত এবাৰ ওচৰৰ শাখালৈ গৈ KYC (Know Your Customer) প্ৰতীয়মান কৰি অহাৰো সুবিধা প্ৰদান কৰা হৈছে।

এপটোৰ ডাউনলোড লিংকটো হৈছেঃ
 https://play.google.com/store/apps/details?id=com.sbi.lotusintouch&hl=en_IN

No comments:

Post a Comment