হাস্য-ব্যংগঃ মুদৈ বৰদেউতাৰ সৈতে এটি 'মাষ্টাৰষ্ট্ৰোক' সাক্ষাৎকাৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য-ব্যংগঃ মুদৈ বৰদেউতাৰ সৈতে এটি 'মাষ্টাৰষ্ট্ৰোক' সাক্ষাৎকাৰ

হাস্য-ব্যংগঃ মুদৈ বৰদেউতাৰ সৈতে এটি 'মাষ্টাৰষ্ট্ৰোক' সাক্ষাৎকাৰ

Share This
আজি আমাৰ দিনদুখী ৰাতসুখী গোস্বামীৰ 'সুধিচেছোন ৰাইজে' অনুষ্ঠানলৈ স্বাগতম জনাইছো। এই অনুষ্ঠানত আজিৰ অতিথি আমাৰ মুলুকৰ তীক্ষ্নতম সৌদাগৰ মুদৈ বৰ্তা। আমাৰ সন্মানীয় বৰ্তাই চৌবিশ ঘণ্টীয়া কৰ্ম-ব্যস্ততাৰ মাজতো আমাৰ এই অৰ্থহীন পেনপেনীয়া অনুষ্ঠানলৈ সন্মতি দিয়াত আমি নথৈ আনন্দিত হৈ পৰিছো। তেখেতৰ আমাৰ মুলুকত যি চোকা SMR মানে চ'চিয়েল মেডিয়া ৰেটিং, সেয়ে আমি তেখেতৰ দৰে তুলসীৰ লগত আমাৰ দৰে চালুকীয়া কলপতুৱাৰো মুক্তিৰ অৰ্থেই এই আয়োজন কৰিছো। এই ক্ষণত মুলুকৰ ৰাইজৰ মনত চটফটাই থকা কিছু জলন্ত প্ৰশ্নৰ উত্তৰ পাবলৈ আমি চেষ্টা কৰিম। আহক আমি আৰম্ভ কৰো।

দিনদুখীঃ বৰ্তা নমস্কাৰ। সদৌ মুলুক ভতিজা সন্মিলনৰ ফেবু পেজলৈ আপোনাক স্বাগতম।
মুদৈ বৰতাঃ  ধন্যবাদ ভতিজৌ!

দিনদুখীঃ বৰ্তা মানে এটা কথা সুধিব খুজিছো মানে আপুনি মানে আম কেনেকৈ খায়? কি খায় যে  চৌবিশ ঘণ্টা কাম কৰিও ভাগৰি নপৰে।
মুদৈ বৰ্তাঃ মেৰে প্যাৰে ভতিজৌ! মানে ইয়াতে কিছুমান চিক্ৰেছিয়া আছে। আমটো ফালি কিনে মিঠা মিঠা অংশটো চুহি কিনে খাই, তাৰ পাছত গৌটলী কেইটা গোটাই গোটাই থৈ দিবৰ কাৰণে মোৰ ব্যৱস্থা আছে। কাৰণ, আম খালী খায়েই খেল শেষ কৰিলে, কিনাকা হব! তাৰ পৰা কিবা এটা ডাৱল ফায়দা ভি কৰিব লাগিব। আমি সেইটো এটা অপৰচুনিটি হিচাবত লৈছো, মানে আমৰ গৌটলিটো। তাকে আমি কি কৰো, অলপ ৰ'দত চান-বাথ কৰাই কিনে, তাৰ ওপৰত ধুনীয়া এটা ৰঙ কৰাই দিও। তাৰ পাছতে তাৰ ওপৰতে ধুনীয়া চে প্ৰেম কী বানী এটা খোদাই মানে লিখাই দিও কি; 'চিপাহী তুঝে চেলুট' বা 'মা তুঝে চালাম'! বাজাৰত কি বিক্ৰী হয়, বস্তু, না বাবা! বস্তু নহায়, বিক্ৰী হয় ইমোচন! দেচত আটাইতকৈ ভাল ইমোচন থকা হটকেক্ কি আছে? আজি নাম্বাৰ ৱানত আছে দেচপ্ৰেম! ট' আমাৰ কাষ্টমাৰে হলচেলত আমাৰ গৌটলিতে 'চিপাহীক চালাম দিব', দেচপ্ৰেমী চবে ফটাফট কিনি চজাই ৰাখিব। টিভিৰ ওপৰতে গৌৰৱ কৰি কিনে চজাই ৰাখিব। তেহে গৰম গৰম চেনেল কেইটাত গধূলি গধূলি ৰণচিঙা ফুকিবৰ চময়ত তাতে দেচপ্ৰেমী চালাম ঠুকিব পাৰিব। ইয়াকেতো তুহাৰ ফঁকৰা-যোজনামে কহিছে-'আম কি আম, গৌটলীও চে ভি ইনকাম'!!

অচলিয়তমে ভতিজৌ, মই হমেশা ফায়ডা, অপৰচুনিটিৰ কথাকে ভাবি থাকো কামৰ মাজত, ভাবি ভাবিয়ে টোপনিভি কতিয়াবা গুচি যাও। সপ্নাতো বহুতো কাম হৈ থাকে, চিন্তা হৈ থাকে। ট' টোপনিতেও কাম কৰি থাকো। সাৰ পালেই বেপাৰ কৰো। সেই কাৰণে চৌবিশো ঘণ্টা বেপাৰৰ কাম কৰা বুলি ধৰিলেভি ভুল নহাব। ফায়ডাৰ সপ্নাটোৱে মোক জগাই ভি থাকে, শোলাই ভি থাকে!ফায়ডা-কা-স্বপ্নাই মোৰ টনিক!!

দিনদুখীঃ উস্, কি অপূৰ্ব লাইফষ্টাইল বৰ্তাৰ। দেশৰ সকলো মানুহেই অনুসৰণ কৰক এই নিৰন্তৰ লাইফষ্টাইল! পিছে এটা কথা বৰ্তা। 'চিপাহী তুঝে চালাম'টো ঠিক আছে, 'মা তুঝে চালাম'টো আকৌ কিয় লিখে!
মুদৈ বৰ্তাঃ ভতিজৌ! মাৰ্কেটত চবৰ টেষ্টটো একে নহায়। বেপাৰ কৰিব কাৰণে এইটো বুজিব লাগিব। কোনোবাই চিপাহী পচন্দ নকৰিব পাৰে। কিন্তু মাটোক চালাম নিদি কলৈ যাব! যি কেইটা গৌটলি চিপাহীৰ নামত বিকি নহয়, মাডাৰচ ডেট চেল্ফি তুলিবলৈ প্ৰমোট কৰি দিলেই ষ্টক ক্লীয়াৰ হৈ যায়। তুমি লৌগ ভিটো দেখিছাই, মইভি মাদাৰচৰ লগত মাজে মাজে চেল্ফি দি কেনেকা ষ্টক ক্লীয়াৰেঞ্চ চেলটো প্ৰমোট কৰি থাকো!

দিনদুখীঃ অপূৰ্ব বৰতা অপূৰ্ব। আপোনাৰ দৰে জিনিয়াছ এই মুলুকত নাই। পিছে এই কৰোনা অহাৰ পৰাটো বেপাৰ বেয়া। কেনেকৈ চলাইছে বণিজ? যদি শ্বেয়াৰ মাৰ্কেট ডাউন হৈ যায়, আপোনাৰ কোম্পানীৰ তেতিয়া কি হব?
মুদৈ বৰ্তাঃ মই আগতে ভি কহিছো যে মই চেলেঞ্জক এণ্টায়াৰ অপুৰচুনিটি বনোৱাতে মাষ্টাৰ ডিগ্ৰী কৰিছো।  বেপাৰ নাই কি হ'ল। পইচা নাই কি হ'? বিপদ আহিলে দান বৰঙনিৰ বেপাৰটো চলিবই। মুই এটা ট্ৰাষ্ট কৰিছো। মোৰ শ্বেয়াৰ হল্ডাৰবোৰক কৈছো, কি বিপদত মানুহক সহায় কৰিব কাৰণে অলপ অলপ সবে টাকা দিব ট্ৰাষ্টত। হামি সেইটো বজাৰটো মেনেজ কৰাত লগাম। নাম ভি হব, ব্ৰেণ্ড ভেল্য়ু ভি বাঢ়িব আৰু সিটো বাঢ়িলেই শ্বেয়াৰৰ ভেলুটো বাঢ়িবই। নিদিব, হৰ হৰাই পইচা দিছে। কোটি কোটি উঠিছে। নিজৰ শ্বেয়াৰ ডুবিবলৈ দিয়াতকৈ অলপ অলপ দান কৰি মাৰ্কেট মেনেজ কৰাইতো ভাল, সেই কথা চব্বেই বুজিছে। কহিছে ভী!

দিনদুখীঃ মানে বৰ্তা, মানে মই এই ইকনমিটো মানে কোম্পানীৰ ইকনমিটো মেনেজ কৰাৰ কথাহে কৈছো। মানে বিক্ৰী নাই, বাৰ্তা নাই, ৰাজহ নাই, তাৰ মানে পইচা পাতি নাই! ইফালে ডেইলী দা-দৰমহাৰ খৰছতো আছেই। কোম্পানী নুডুবিবনে? আপুনি কেনেকৈ মেনেজ কৰিছে, মানে অৰ্থনীতিটো!
মুদৈ বৰ্তাঃ ভতিজৌ! যেতিয়া যিটো কৰিব নোৱাৰা, তাতে চময় বৰ্বাদ কৰি কিনে কি হব! যিটো কৰিব পাৰি, চেইটোকে কৰিব লাগে, কৰাব লাগে! এই অংকতটো মোৰ ভালকৈ মাষ্টাৰী ডিগ্ৰী আছে। তুমিলৌগটো দেখিছা, আমি ভালেই মেনেজ কৰি আছো নহয়!

দিনদুখীঃ হয় দৰ্শক, চাওক কিদৰে মুদৈ বৰতাই এই দুৰ্দিনতো মেনেজ কৰি আছে! মেনেজ কৰি আছে অপূৰ্ব। মাষ্ট্ৰাৰষ্ট্ৰোক!! মাষ্ট্ৰাৰষ্ট্ৰোক!! (ষ্টুডিঅ'ত দৰ্শকৰ হাত তালিৰ জোৱাৰ উঠে)
মুদৈ বৰতাই হাত ওপৰলৈ তুলি দৰ্শকলৈ হাতজোৰ কৰি ধন্যবাদ জনায়।

দিনদুখীঃ আৰু এটা কথা বৰতা, আপোনাৰ কোম্পানীয়েতো মাল চাইনাৰ পৰা আনে, ইয়াত খালী ডাঠ কাগজৰ পেকেটহে বনায়, অহ নহয় মানে এচেমব্লিং এণ্ড পেকেজিং কৰি ইয়াত বিকে! এতিয়া চাইনাৰ লগত যুদ্ধ লাগো লাগো! মোৰ ভয়েই হৈছে বৰতাআপোনাৰ বেপাৰ কি দৰে চলিব। যদি চাইনাৰ লগত বেয়াই হৈ যায়। যুদ্ধত যদি দেশৰ অৱস্থা বেয়া হৈ যায়। আৰু বেপাৰ কৰাৰ পৰিৱেশ নাইকীয়া হৈ যায়। তেনে ক্ষেত্ৰত আপুনি কি ভাবিছে।
মুদৈ-বৰ্তাঃ আমি সেইটোভি ভালেই মেনেজ কৰিছো। আমি চাইনিজৰ লগতে যুদ্ধই কৰিচো। চফটৱেৰ যুদ্ধ! বয়কট চাইনিজ এপ লগাই দিছো। মানুহে টিক-টক  আৰু বিলগ চাইনিজ এপ আন-ইনষ্টল কৰিছে, চাইনা হিলি গৈছে। মানুহেও ফুৰ্তি পাইছে, নিজে কিবা এটা চাইনাৰ বিৰুদ্ধে কৰিবলৈ পাই। দেচৰ লগত বিপদ কী ঘড়ী মে খাড়া হবলৈ অপৰচুনিটি পাইছে। (লগে লগে দৰ্শকৰ হাততালি) মুঠতে এইটোভি আমি ভালেই মেনেজ কৰিছো। মই প্ৰথমে ভী কহিছো, চীনাৰ ভি নিউক্লিয়াৰ ফটকা আছে, আমাৰ ভী আছে! না সি ফুটাব পাৰিব, না-আমি ফুটাব পাৰিম! ত' কৰিব নোৱাৰা চবত মাথা মাৰি কিনে কি লাভ আছে? কৰিব পাৰাটো কৰি কিনেই চন্তুষ্টি লব লাগে! আৰু জীৱনত মেইন বস্তুটোৱেই আছে এই চণ্টুষ্টি!!

দিনদুখীঃ মাষ্টাৰষ্ট্ৰোক বৰ্তা, মাষ্টাৰষ্ট্ৰোক!!
মুদৈ-বৰ্তাঃ মোৰ কাষ্টমাৰক, শ্বেয়াৰ হল্ডাৰকে এনেকা 'অন্দৰ-কী-বাত' খোল কে কহিব পাই ভী আমি বহুত আনন্দ পাইছো। দিন-দুখী তোমাক ভি অভিনন্দ জনাইছো। মই ইণ্টাৰভিঅ ভী টুইট কৰিব, তোমাৰ ভি TRP বাঢ়িব! এইটোত ভি মই অপৰচুনিটি দেখা পাইছো।
দিন-দুখীঃ মাষ্টাৰ-ষ্ট্ৰোক বৰ্তা। মাষ্টাৰ-ষ্ট্ৰোক! ৰাইজ সকলোলৈ ধন্যবাদ জনায়। আজিলৈ সামৰিছো। ধন্যবাদ।
কেমেৰা, মাইক্ৰফোন, দৰ্শক আদি আঁতৰাবলৈ দিনদুখীয়ে নিৰ্দেশ দিয়ে। চাহ আহে, ধুনীয়া চাহ। চাহত সোহা মাৰি মাৰি বৰ্তালৈ দিনদুখীয়ে প্ৰশ্নবোধক দৃষ্টিৰে চায়। যেন কিবা এটা উত্তৰ পোৱা নাই। সেয়ে বৰ্তাক পটাই হ'লেও অফ-কেমেৰা কিছু জ্ঞান লবলৈ মনটো কূট-কূটাবলৈ ধৰিলে দিনদুখীৰ। তাৰ পাছত সৰু মাতেৰে কানত ক'লে- মানে বৰ্তা, আপোনাৰ মাষ্টাৰষ্ট্ৰোক কেইটা বাৰু বুজিলো। পিছে আপুনি আচলতে 'কি' মেনেজ কৰি আছে, সেয়াহে বুজিব নোৱাৰিলো।
মুদৈ-বৰ্তাঃ ধেত ভতিজা! মেডিয়াত থাকিনো তুমভি ইমানভি নুবুজিছা? আমিতো এটাই বস্তু মেনেজ কৰি আছো!
দিন-দুখীঃ কওকচোন বৰ্তা কানে কানে, অফ-কেমেৰা, সেয়ানো কি?
মুদৈ-বৰ্তাঃ ধেত অঁকৰাটো, অচলি বস্তু হৈছে 'হেডলাইন' !! আমি সেইটোৱেই মেনেজ কৰি আছো!!!!!
দিন-দুখীৰ মুখেদি স্বতঃস্ফুত ভাৱে ওলাই আহিল, ওৱাহ বৰ্তা ৱাহ্! মাষ্ট্ৰাৰষ্ট্ৰোক!!!!
কাষতে শুই থকা শ্ৰীমতী সুখময়ীয়ে শুনিলে, দিনদুখীয়ে দেখোন মৰ-টোপনিতো ভক্তিৰ মন্ত্ৰ বিৰবিৰাই আছে! তাইৰ কিবা এটা মৰম লাগি গ'ল মানুহটোলৈ!! কপালখন চুই চালে, সন্দেহত, চেহঃ জ্বৰ উঠা নাইতো, ভাইৰাছে পোৱা নাইতো?

No comments:

Post a Comment