
কোৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱে মানুহক বহু শিক্ষা দিছে। প্ৰকৃতিৰ ওপৰত মানুহৰ অবাধ লুণ্ঠন- ধ্বংসযজ্ঞৰ পৰিণাম আজি মানুহে ভুগিব লাগিছে। এই পৃথিৱীখন কেৱল মানুহৰ বাবে নহয়। বৰঞ্চ পৃথিৱীখন বৰ্তি থাকিবলৈ মানুহ অপৰিহাৰ্য নহয়। মানুহ বৰ্তি থাকিবলৈহে পৃথিৱীখন অপৰিহাৰ্য। এই পৃথিৱীত মানুহৰ সমানে সকলো জীৱ-জন্তু, গছ-লতাৰ জীয়াই থকাৰ অধিকাৰ আছে। মানুহ জীৱশ্ৰেষ্ঠ হ'ব পাৰে, বিজ্ঞানৰ জয়যাত্ৰা চলিব পাৰে, কিন্তু এই বিশ্ব-ব্ৰহ্মান্ধত প্ৰকৃতিৰ শক্তিৰ উৰ্ধত কোনো নহয়। প্ৰকৃতিৰ শক্তি-গতিক কোনেও ৰুদ্ধ কৰিব নোৱাৰে। সৰ্বোপৰি মানুহ প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব লাগিব।
অসম তথা উত্তৰ-পূৰ্বাঞ্চল প্ৰাকৃতিক সম্পদেৰে অতিকৈ চহকী। আমাৰ অৰণ্য, নৈ-বিল, আৰ্দ্ৰভূমি, জলাশয়বোৰ বিভিন্ন মূল্যৱান গছ-গছনি, ঔষধি গছ-লতা, অৰ্কিড, বন্য জীৱ-জন্তু, মাছ-কাচ আৰু চৰাই-চিৰিকটিৰ ভাণ্ডাৰ। অৰণ্যই পৃথিৱীৰ ওপৰত সেউজীয়া আৱৰণ সৃষ্টি কৰি গ্ৰীনহাউছ এফেক্ট প্ৰতিৰোধ কৰি পৃথিৱীক মানুহৰ বাবে বাসোপযোগী কৰি ৰাখিছে। অৰণ্য যিদৰে বিভিন্ন প্ৰাণীৰ বাসস্থান, সেইদৰে আমাৰ আৰ্দ্ৰভূমিবোৰ অসংখ্য প্ৰাণীৰ আবাসস্থল। ধৰিত্ৰী বুকুত জীৱ-বৈচিত্ৰ্য সংৰক্ষণ কৰিবলৈ হ'লে প্ৰথমতে সকলো জীৱৰ বাসস্থান সংৰক্ষণ কৰিব লাগে। আৰ্দ্ৰভূমিবোৰ পৰিৱেশতন্ত্ৰৰ ৰক্ষাৰ উপৰি অৰ্থনৈতিকভাৱেও অতিকৈ গুৰুত্বপূৰ্ণ। আৰ্দ্ৰভূমিবোৰ হ'ল মাছৰ ভঁৰাল। অসংখ্য প্ৰজাতিৰ মাছ প্ৰাকৃতিকভাৱে সংৰক্ষিত হৈ থাকে আৰু মাছৰ বংশবৃদ্ধিৰ বাবে বিল-জলাশয়বোৰ উপযুক্ত ঠাই। কিন্তু প্ৰতিনিয়ত নিৰ্বাক অৰণ্য-আৰ্দ্ৰভূমি ধ্বংসৰ ফলত টুটি আহিছে অৰণ্যভূমি-চহকী প্ৰাকৃতিক সম্পদ। অসমৰ বিভিন্ন প্ৰকৃতি সংগঠনে নিৰবচ্ছিন্নভাৱে অসমৰ বন, বন্যপ্ৰাণী আৰু পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰি আহিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অসমৰ প্ৰাকৃতিক সম্পদ সুৰক্ষা, প্ৰদূষণমুক্ত অসমৰ কথা কৈ আহিছে। কিন্তু চৰকাৰৰ গতি-মতি দেখিলে কথা আৰু কামৰ প্ৰাৰ্থক্য স্পষ্ট। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ ভিতৰতে অন্যতম সমৃদ্ধিশালী ধেমাজি জিলাৰ জোনাই মহকুমাৰ বৰ্ষাৰণ্য তথা জীৱ-বৈচিত্ৰ্যৰ ভঁৰাল পবা সংৰক্ষিত বনাঞ্চলখন ৰাষ্ট্ৰীয় বন্যপ্ৰাণী উদ্যান হিচাপে স্বীকৃতি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। আনকি সোণোৱালে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ হৈ থকাৰ সময়ত এখোজ আগুৱাই গৈ বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষা তথা পৰ্যটন উদ্যোগ বিকাশক অধিক প্ৰচাৰ-প্ৰসাৰৰ বাবে পবাৰ দাঁতিকাষৰীয়া জেলম গাঁৱক আদৰ্শ গাঁও হিচাপে গঢ়ি তোলাৰ কথা ঘোষণা কৰে। কিন্তু আজিও বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলখন ৰাষ্ট্ৰীয় বন্যপ্ৰাণী উদ্যান হিচাপে ঘোষণা নহ'ল। অগ্ৰণী পৰিৱেশ সংগঠন 'নেচাৰ্চ বেকন' 'ছেভ পবা ৰেইন ফৰেষ্ট'ৰ লগতে বিভিন্ন সংগঠন আৰু ৰাইজে বৰ্ষাৰণ্য পবা বনাঞ্চলক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী উদ্যান হিচাপে ঘোষণা কৰিবলৈ চৰকাৰৰ ওচৰত বাৰম্বাৰ আবেদন-দাবী জনাই আহিছে। কিন্তু অসমৰ প্ৰাকৃতিক সম্পদ সুৰক্ষা, প্ৰদূষণমুক্ত অসম গঢ়ৰ শ্ল'গান সততে আওৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী উদ্যান হিচাপে ঘোষণা কৰাৰ নিজৰ প্ৰতিশ্ৰুতিৰ পৰা আৰম্ভ কৰি প্ৰকৃতি-অৰণ্য সুৰক্ষা বিষয়ক কোনো এটা প্ৰতিশ্ৰুতিয়েই পূৰণ কৰা বা বাস্তৱ ৰূপ লোৱা ৰাইজে আজিকোপতি দেখা নাপালে। কিন্তু ৰাইজক দেখুৱাই ৰজাই আজি ব্যয়বহুল বিজ্ঞাপন আৰু আয়োজনেৰে পালন কৰে পৰিৱেশ দিৱস। ই অন্তৰৰ পৰা প্ৰকৃতিক ভালপোৱা মানুহৰ বাবে অসহনীয়, বিড়ম্বনা।
বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰি মহামাৰী ৰূপ ধাৰণ কৰা কোৰোনা ভাইৰাছৰ আতংকৰ মাজত আজি বিশ্বই পৰিৱেশ দিৱস পালন কৰিবলগা হৈছে। সম্প্ৰতি গোলকীয় উষ্ণতা বৃদ্ধিয়ে সমগ্ৰ মানৱ জাতিক চিন্তিত কৰি তুলিছে। অৰণ্য ধ্বংস আৰু মানবসৃষ্ট প্ৰদূষণ আদিৰ ফলত হোৱা গ্ৰীনহাউছ এফেক্টত বৃদ্ধি হোৱা গোলকীয় উষ্ণতাই সমগ্ৰ বিশ্বকে ধ্বংসৰ মুখলৈ ঠেলি দিছে। ষাঠিৰ দশকৰ পৰা আধুনিক প্ৰযুক্তি, বিকাশ, উন্নয়ন, উদ্যোগ আদিৰ প্ৰসংগই বহু নতুন চিন্তা-চৰ্চা আৰম্ভ হ'বলৈ ধৰে আৰু ইয়াৰ পৰিণতিতে গোলকীয় উষ্ণতা বৃদ্ধিয়ে সমগ্ৰ মানৱ জাতিক গভীৰভাবে চিন্তিত কৰি তোলে। এনে পটভূমিতে ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতা 1972 চনৰ 5 জুনৰ পৰা 16 জুনলৈ ষ্টকহ'মত এখন সন্মিলন অনুষ্ঠিত কৰা হয়। বিশ্বৰ 113 খন দেশৰ নেতৃবৰ্গই অংশগ্ৰহণ কৰা এই সন্মিলনত 'মানুহৰ পৰিৱেশ' সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হয়। বিশেষকৈ ঔদ্যোগিক উন্নয়নৰ ফলত পাৰিপাৰ্শ্বিকৰ ক্ষতি, ভৱিষ্যতৰ পৃথিৱীখনক ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুৰক্ষিত কৰি ৰখা আদি সন্দৰ্ভত সন্মিলনে আলোচনা কৰি বহু কেইটা সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পিছৰে পৰা অৰ্থাৎ 1973 চনৰ 5 জুনৰ পৰা সমগ্ৰ বিশ্বই প্ৰতি বছৰে ষ্টকহ'ম সন্মিলনৰ বাৰ্ষিক পূৰ্তিৰ দিনটোক অৰ্থাৎ 5 জুনত 'বিশ্ব পৰিৱেশ দিৱস' হিচাপে পালন কৰিবলৈ লোৱা হয়। পৃথিৱীৰ ভূমি, পানী, বায়ু, উদ্ভিদকুল আৰু প্ৰাণী সম্প্ৰদায় সমন্বিতে পৃথিৱীৰ প্ৰাকৃতিক সম্পদ আৰু পাৰিপাৰ্শ্বিকতাক বৰ্তমান আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে সু-ব্যৱস্থাপনাৰে সুৰক্ষিত কৰি এক প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ওপৰতে পৃথিৱীৰ ভৱিষ্যৎ নিৰ্ভৰশীল। কিন্তু পৃথিৱীত দ্ৰুতগতিত জনসংখ্যা বৃদ্ধিৰ বিপৰীতে তড়িৎ গতিত অৰণ্য ধ্বংসৰ ফলত দেখা দিয়া আধুনিক বিশ্বত গোলকীয় উষ্ণতা বৃদ্ধিয়ে মানৱ জাতিক বাৰুকৈয়ে অস্তিত্বৰ সংকটত ভোগাইছে। ক্ৰমবৰ্ধিত হাৰত বৃদ্ধি পোৱা বিশ্বৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ পৃথিৱীৰ জলবায়ু পৰিবৰ্তন হৈ দেখা দিয়া ভয়াবহ বানপানী, খৰাং পৰিস্থিতি, তীব্ৰ গৰম বতাহ, ভূমিকম্প আদি প্ৰাকৃতিক দুৰ্যোগবোৰ প্ৰতিহত কৰাৰ একমাত্ৰ উপায় হ'ল পৰিৱেশ সংৰক্ষণ বা প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰা। এনে পৰিস্থিতিত পৃথিৱীৰ প্ৰাকৃতিক ভাৰসাম্য তথা জীৱ-বৈচিত্ৰ্য সুৰক্ষা দায়িত্ব প্ৰত্যেকজন ব্যক্তিৰে আছে। সেয়ে মানুহ জীয়াই থকাৰ সমান্তৰালভাৱে সকলো জীৱক জীয়াই ৰখা পৰিৱেশ সৃষ্টি কৰাৰ দায়িত্ব মানুহৰ, কাৰণ কেৱল মানুহৰহে আছে প্ৰকৃতিক সুষম কৰি ৰখাৰ ক্ষমতা।
আহক আমি ক'ভিড-19 প্ৰতিৰোধৰ বাবে সামাজিক দূৰত্ব পালন কৰো, ৰাজহুৱা স্থানত মাস্ক পৰিধান বাধ্যতামূলক কৰো, ক'ভিড-19 ৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া চিকিৎসক, স্বাস্থ্যকৰ্মী, আৰক্ষী প্ৰশাসন আৰু চাফাই কৰ্মী সন্মান কৰো।
লগতে এখন সুস্থ পৃথিৱীৰ বাবে, বাসোপযোগী ধৰাৰ বাবে নিৰ্বাক প্ৰকৃতি-বন্য জীৱ-জন্তুৰ প্ৰতি শ্ৰদ্ধাশীল হওঁ, সহাৱস্থান কৰো। তেতিয়াহে আন্ধাৰ বিনাশী আকৌ নতুন প্ৰভাত আহিব পৃথিৱীৰ বুকুলৈ, মানুহৰ হৃদয়ে হৃদয়ে।
লেখক জোনাই নিবাসী এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু পৰিৱেশ কৰ্মী, ম'বাইল : 9954638967
No comments:
Post a Comment