বিশ্লেষণঃ ২০ লাখ কোটিৰ পেকেজে সঁচাকৈ জনসাধাৰণক স্পৰ্শ কৰিব পাৰিবনে? :: অনন্ত কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ ২০ লাখ কোটিৰ পেকেজে সঁচাকৈ জনসাধাৰণক স্পৰ্শ কৰিব পাৰিবনে? :: অনন্ত কলিতা

বিশ্লেষণঃ ২০ লাখ কোটিৰ পেকেজে সঁচাকৈ জনসাধাৰণক স্পৰ্শ কৰিব পাৰিবনে? :: অনন্ত কলিতা

Share This
কৰোনা মহামাৰীৰ প্রতিক্রিয়াত বিধ্বস্ত হােৱা দেশৰ ষ অর্থনীতিক পুনৰুজ্জীৱিত কৰিবলৈ প্রধান মন্ত্রী নৰেন্দ্ৰ মােদীয়ে ২০ লাখ কোটি টকাৰ এটা উদ্দীপক পেকেজ ঘােষণা কৰিলে। ২০ লাখ কোটি টকাৰ পৰিমাণটো ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ (জি ডি পি) প্ৰায় ১০ শতাংশৰ সমান। কৰোনা ভাইৰাছৰ সংক্রমণক বাধা দিবলৈ দীঘলীয়া সময়ৰ বাবে যি লকডাউন পালন কৰি থকা হ'ল, ইয়াৰ ফলত দেশৰ অৰ্থনীতিৰ সকলাে দিশৰ ক্রিয়া-কর্ম স্তব্ধ হৈ পৰিল আৰু ইয়াৰ প্রতিক্রিয়াত দেশৰ মুঠ শ্রমিক-কর্মচাৰীৰ প্রায় ৯০ শতাংশই কর্মহীন হৈ পৰিল। তথ্যমতে দেশৰ মুঠ শ্রমিক-কর্মচাৰীৰ সংখ্যা ৫৫ কোটি। এই শ্রমিকখিনিৰ ভিতৰত ৮ কোটি স্বনিয়ােজনকাৰী শ্রমিক আৰু ১৩৯ নিযুত প্রব্রজিত শ্রমিক। মুঠ শ্রমিক-কর্মচাৰীৰ ৯০ শতাংশই অসংগঠিত। অসংগঠিত শ্ৰমিকসকলৰ অধিকাংশই দিন-মজুৰ আৰু ঠিকা শ্রমিক। এই দিন-মজুৰ বা ঠিকা শ্ৰমিকসকলে প্রতিদিনে কাম কৰি আয় কৰিব নােৱাৰিলে তেওঁলােকৰ পৰিয়ালবােৰ অনাহাৰে থাকিবলগা হয়। দেশৰ এই বিধ্বস্ত অর্থনীতিক পুনৰোজ্জীৱিত কৰিব নােৱাৰিলে এই কর্মহীন শ্রমিক-কর্মচাৰীসকলৰ বাবে পুনৰ কর্মসংস্থান সৃষ্টি নহ'ব। এই পটভূমিতে দেশৰ অর্থনীতিক পুনৰুজ্জীৱিত কৰিবলৈ এটা শক্তিশালী উদ্দীপক পেকেজ জৰুৰী। বিশ্বৰ উন্নত দেশবােৰকে ধৰি বিভিন্ন দেশে তেওঁলােকৰ কৰ'নাই বিধ্বস্ত কৰা অর্থনীতিক পুনৰুজ্জীৱিত কৰিবলৈ শক্তিশালী উদ্দীপক পেকেজ ঘােষণা কৰিছে। আন্তর্জাতিক শ্রম সংস্থাই (ILO) কৈছে যে যদিহে ভাৰতৰ অর্থনীতি পুনৰুজ্জীৱিত কৰি কর্মহীন শ্রমিক কর্মচাৰীসকলৰ কর্মসংস্থান সৃষ্টি কৰিব নােৱাৰে, ৪০০ নিযুত শ্রমিক-কর্মচাৰী দৰিদ্ৰ অৱস্থাৰ গ্ৰাসত পৰাৰ আশংকা আছে। ৪০০ নিযুত শ্রমিক মানে ৪০০ নিযুত পৰিয়াল দৰিদ্ৰতাৰ গ্ৰাসত পৰিব।

আমাৰ দেশৰ বিধ্বস্ত অর্থনীতিক পুনৰুজ্জীৱিত কৰিবলৈ প্রধান মন্ত্রী নৰেন্দ্ৰ মােদীয়ে ঘােষণা কৰা ২০ লাখ কোটিটকীয়া পেকেজটো দেখাত শক্তিশালী। ২০ লাখ কোটি টকা যদিহে প্রত্যক্ষভাৱে জনসাধাৰণৰ জীৱন-জীৱিকাৰ পথ সৃষ্টিৰ আঁচনিবােৰত বিনিয়ােগ হয়, তেতিয়া নিশ্চয় অনেক কোটি কর্মসংস্থান সৃষ্টি হ'ব আৰু কর্মহীন শ্রমিক-কর্মচাৰীসকলে - কর্মসংস্থানত নিয়ােজিত হােৱাৰ সুযােগ পাব। সমস্যাটো হ'ল যে যদিও ২০ লাখ কোটি টকাৰ পেকেজটো প্রধান মন্ত্রীয়ে সগৌৰৱেৰে ঘােষণা কৰিলে যিটো পেকেজ দেশৰ জি ডি পিৰ দহ শতাংশ; কিন্তু দেশৰ বিখ্যাত অর্থনীতিবিদ, অর্থনৈতিক বিশেষজ্ঞ আৰু আন্তর্জাতিক খ্যাতিসম্পন্ন বিভিন্ন অর্থনৈতিক প্রতিষ্ঠানে পর্যালােচনা কৰি কৈছে যে এই পেকেজটো প্ৰকৃততে ২০ লাখ কোটি টকাৰ নহয়। এই পেকেজটো খুব বেছি দুই লাখ কোটি টকাৰহে আৰু জিডিপিৰাে এক শতাংশহে, দহ শতাংশ নহয়। 

গতিকে প্রধান মন্ত্রীয়ে পেকেজটো ঘােষণা কৰি দেশৰ বিধ্বস্ত অর্থনীতি পুনৰুজ্জীৱিত হােৱাৰ যি এখন আশাৰঞ্চিত প্রতিচ্ছবি দাঙি ধৰিছে, সেইটো বাস্তৱত পৰিণত নহ'ব আৰু দেশৰ বিধ্বস্ত অর্থনীতিও পুনৰুজ্জীৱিত নহ'ব। দেশৰ অর্থনীতি পুনৰুজ্জীৱিত নহ'লে দেশৰ নিবনুৱাসকলৰ বাবে কর্মসংস্থান সৃষ্টি হােৱাটো দূৰৰ কথা কৰোনাৰ প্রতিক্রিয়াত যি কোটি কোটি শ্রমিক-কর্মচাৰীকর্মহীন হ’ল তেওঁলােকেই পুনৰ কর্মসংস্থানত ঘূৰি যােৱাৰ বাবে কর্মসংস্থানৰাে সৃষ্টি নহ'ব। ইয়াৰ পৰিণামত আন্তর্জাতিক শ্রম সংস্থাই আশংকা কৰাৰ দৰে ভাৰতৰ ৩০-৪০ কোটি পৰিয়াল দৰিদ্ৰতাৰ গ্ৰাসত পৰিব। এই পটভূমিতে প্রধান মন্ত্রী আৰু বিত্তমন্ত্রীয়ে বিভিন্ন কৌশল অৱলম্বন কৰি কেনেকৈ প্রায় দুই লাখ কোটি টকাৰ আৰু জি ডি পি এক শতাংশৰ পেকেজটো ২০ লাখ কোটি টকা আৰু জি ডি পি দহ শতাংশ হিচাপে দেখুৱাইছে, সেইটো বিভিন্ন অর্থনীতিবিদ আৰু অর্থনৈতিক প্রতিষ্ঠানে বিশ্লেষণ কৰি উদঙাই দিছে।

প্রধান মন্ত্রীয়ে ২০ লাখ কোটি টকাৰ উদ্দীপক পেকেজটো ঘােষণা কৰাৰ লগে লগে বিভিন্ন অর্থনীতিবিদ আৰু বিখ্যাত অর্থনৈতিক প্রতিষ্ঠানবােৰ তথা বিভিন্ন অর্থনৈতিক বিশেষজ্ঞই হিচাপ কৰি দেখুৱাইছে যে বিগত তিনি মাহত(ফেব্ৰুৱাৰী, মার্চ, এপ্রিল) দেশৰ বিত্তীয় ব্যৱস্থাত ৰিজাৰ্ভ বেংকে ৮.০৪ লাখ কোটি টকাৰ নগদ ধন (Liquidity) যােগান ধৰিছে। ভাৰতৰ কেন্দ্রীয় বেংকে (ৰিজাৰ্ভ বেংক) নিয়মিত বাণিজ্যিক বেংকৰ মাধ্যমেৰে দেশৰ বিত্তীয় ব্যৱস্থাত নগদ ধন যােগান দিয়ে বজাৰত প্রচলনৰবাবে। বাণিজ্যিক বেংকবােৰে বিভিন্ন ঋণ তথা বিভিন্ন আদায়েৰে (Payments) এই নগদ ধনবােৰ বজাৰত উলিয়াই দিয়ে। বিশ্বৰ সকলাে দেশৰ কেন্দ্ৰীয় বেংকে দেশবােৰৰ বিত্তীয় ব্যৱস্থাত নগদ ধন যােগান দিয়ে প্রচলনৰ বাবে। ৰিজাৰ্ভ বেংকে যােগান দিয়া নগদ ধনবােৰ দেশৰ বছৰেকীয়া বাজেটতাে ৰাজহ প্রাপ্তিৰ শিতানত অন্তর্ভুক্ত কৰিব নােৱাৰে তথা নকৰে, কাৰণ এইবােৰ ধন প্রস্তাৱিত চৰকাৰী আঁচনিবােৰত আবণ্টন দি খৰচ কৰিব নােৱাৰে। কিন্তু প্রধান মন্ত্রী মােদীৰ ২০ লাখ কোটিটকীয়া উদ্দীপক পেকেজত এই ৮.০৪ কোটি টকাৰ নগদ ধনাে অন্তর্ভুক্ত কৰিছে। অর্থনীতিবিদসকলে আৰু অর্থনৈতিক প্রতিষ্ঠানবােৰে ২০ লাখ কোটিটকীয়া পেকেজত এই নগদ ধনখিনি অন্তর্ভুক্ত ক্ৰাত প্রতিক্রিয়া প্রকাশ কৰি কৈছে যে এই ধনখিনি চৰকাৰে কোনাে আঁচনিত খৰচ দেখুৱাব নােৱাৰে, গতিকে এই ধনখিনি ২০ লাখ কোটি টকাৰপৰা বাদ যাব। তদুপৰি প্রধানমন্ত্রীয়ে ২৭ মার্চত ১.৭ লাখ কোটি টকাৰ এটা পেকেজ ঘােষণা কৰিছিল। এই ১.৭ লাখ কোটি টকাও ২০ লাখ কোটি টকাৰ পেকেজৰ লগত যােগ দিছে। অর্থনীতিবিদসকলে তথা অর্থনৈতিক প্রতিষ্ঠানবােৰে কৈছে যে ইতিমধ্যে ঘােষিত পেকেজৰ টকা ২০ লাখ কোটি টকাৰ পেকেজৰ লগত যােগ হ'ব নােৱাৰে। গতিকে এই ১.৭ লাখ কোটি টকাও বাদ যাব ২০ লাখ কোটিটকীয়া পেকেজৰপৰা। এই দুটা অংক মিলি মুঠ টকা হয় ৯.৭৪ লাখ কোটি টাকা। গতিকে ২০ লাখ কোটিটকীয়া পেকেজৰপৰা ৯.৭৪ লাখ কোটি টকা প্রত্যক্ষভাৱে বাদ যাব আৰু এইখিনি ধন ২০ লাখ কোটিৰপৰা বাদ দিলে থাকে ১০.২৬ লাখ কোটি টকা।


বিত্তমন্ত্রী নির্মলা সীতাৰমণে পাঁচদিনত পাঁচদফীয়া কাৰ্যসূচী ঘােষণাৰে এই ১০.২৬ লাখ কোটি টকা কেনেকৈ চৰকাৰে আহৰণ কৰিব তথা বিভিন্ন আঁচনিত খৰচ কৰিব, তাৰে হিচাপটো প্ৰকাশ কৰিছে। অর্থনৈতিক প্রতিষ্ঠানবােৰে হিচাপ কৰি কৈছে যে নির্মলা সীতাৰমণে ৰিজাৰ্ভ বেংকৰ ৮.০৪ লাখ কোটি আৰু মাৰ্চৰ উদ্দীপক পেকেজ ১.৭ লাখ কোটিকে ধৰি ২০ লাখ কোটি টকাৰ পেকেজটোত মুঠ ২০,৯৭,০৫৩ কোটি টকাৰ পেকেজ হিচাপে পাঁচদফীয়া কাৰ্যসূচীৰ ঘােষণা কৰিছে। | ‘দ্য টাইমছ অব ইণ্ডিয়া’ কাকতখনে ২১ মে সংখ্যাত 'Govt's Eco Package only 1% of GDP' বুলি বাতৰি এটাত বিভিন্ন বিখ্যাত অর্থনৈতিক প্রতিষ্ঠানবােৰৰ বিশ্লেষণেৰে দেখুৱাইছে যে ২০ লাখ কোটিটকীয়া পেকেজটো জিডিপিৰ ১০ শতাংশতো নহয়েই, আনকি এক শতাংশৰ বেছি ওনহয়। বাতৰিটোত গল্ডমেন চশ্বে কৈছে ১.৩ শতাংশ, মতিলাল অছােৱালে কৈছে ১.৩ শতাংশ, ইউ বি এছে কৈছে ১.২ শতাংশ, ফিটছে কৈছে এক শতাংশ, এইচ এছ বি চিয়ে কৈছে এক শতাংশ, জেফিৰিছে (Jefferies) কৈছে এক শতাংশ, কোটাকে কৈছে এক শতাংশ, এছ বি আয়ে কৈছে এক শতাংশ, বামষ্টেইনে (Benstein) কৈছে ০.৯ শতাংশ, এডেলৱেলছে। কৈছে ০.৮৪ শতাংশ। তদুপৰি, কেয়াৰ ৰেটিংছ নামৰ এটা বিখ্যাত অর্থনৈতিক প্রতিষ্ঠানে কৈছে—... five tranches provide for Rs. 10 lakh crore. The actual outflow from the budget is not clear. It looks like that there could be Rs. 75,000 to 80,000 crore which could go immediately while the tranche three package of Rs. 1.5 lakh crore would be provided for over a period of time and not immediately as the targets are fairly long term and it is not clear if organisations like NABARD would be playing a role' আৰু চি এল এছ এ (CLSA) নামৰ প্রতিষ্ঠানটোৱেতাে কৈছে যে ২০ লাখ কোটিটকীয়া পেকেজটোৰ পাঁচটা দফাত বিত্তমন্ত্রী নির্মলা সীতাৰমণে ঘােষণা কার্যসূচীবােৰত জিডি পিৰ মাত্র ০.৩৪ শতাংশহে খৰচ হ’ব, ৫৮ শতাংশই আহিব পুৰণি পেকেজটোৰ (১.৭ লাখ কোটিৰ) পৰা। এই প্রতিষ্ঠানটোৱে কৈছে— ‘We calculate that of the final economic package of Rs. 20.97 lakh crore only 8.4% or 1.77 lakh crore to hit the FY 21 fiscal deficit, that is, only 0.8% of GDP. Notably, new announcements over the past five days make up 42% of this hit or 0.34% of GDP, and the remaining 58% comes from old measures which were known from before.' এই সংস্থাটোৰ মতে বিত্তমন্ত্রী নির্মলা সীতাৰমণে পাঁচদিন ধৰি দেশৰ জনসাধাৰণক অর্থনৈতিক উন্নয়নৰ যি মহামন্ত্র শুনালে, ইয়াৰ বাবে চৰকাৰে খৰচ কৰিব মাত্র ৬১ হাজাৰ কোটি টকাহে।


সামগ্রিকভাৱে বিত্তমন্ত্রী নির্মলা সীতাৰমণে ঘােষণা কৰা ২০,৯৭,০৫৩ কোটি টকাৰ আঁচনিবােৰ উক্ত অর্থনৈতিক প্রতিষ্ঠানে পৰীক্ষা কৰি দেখুৱাইছে যে খুব বেছি চৰকাৰৰ বিত্তীয় দায়বদ্ধতা ২.৪০ লাখ কোটি টকাৰ বা চৰকাৰী কাৰ্যসূচীৰ ফলত দেশৰ জনসাধাৰণৰ মাজত প্রত্যক্ষ বিত্তীয় প্রভাৱ (Fiscal Impact) পৰিব মাত্র ২.৪০ লাখ কোটি টকাৰহে, বাকীখিনি টকা ঋণৰ কাৰ্যসূচীহে। এই প্রতিষ্ঠানবােৰৰ অর্থনীতিবিদসকলে দেখুৱাইছে যে প্রথম (২৭ মার্চত ঘােষণা কৰা) পেকেজৰ টকা দেখুওৱা হৈছে ১,৯২,৮০০ কোটি টকা, কিন্তু প্রকৃততে জনসাধাৰণৰ মাজত বিত্তীয় প্রভাৱ (Fiscal Impact) পৰিব বা চৰকাৰী খৰচ ৮৫,৬৯৫ কোটি টকাৰপৰা ৯৫,৮০০ কোটিহে হ'ব। দ্বিতীয় অংকটো ৮,০১,৬০৩ কোটি টকা আৰ বি আইৰ নগদ ধন যােগান। এই ধনখিনিৰ অকণাে চৰকাৰী খৰচৰ ধন নহয় বা জনসাধাৰণৰ ওপৰত কোনাে বিত্তীয় প্রভাৱ নাই। তৃতীয়তে ক্ষুদ্র, মজলীয়া উদ্যোগক বন্ধকীবিহীন ঋণ, ইকুইটী, এন বি এফ চি পুঁজি, শক্তি বিতৰণ কোম্পানীৰ পুঁজি। বাবে দিয়া মুঠ ৫,৯৪,৫৫০ কোটি টকাৰ ভিতৰত বিত্তীয় প্রভাৱ বা চৰকাৰী খৰচ মাত্র ১৬,৫০০ কোটি টকাৰপৰা ৫৫,০০০ কোটি টকাহে। চতুর্থ কার্যসূচী প্রব্রজিত শ্রমিক সাহায্য, কে চি চি ঋণ, নাবার্ডর্ক পুঁজি, মুদ্রা ঋণ—মুঠ ৩,১০,০০০ কোটি টকাৰ ভিতৰত চৰকাৰী খৰচ ৫,০০০ কোটি টকাৰপৰা ১৪,৭৫০ কোটি টকা। পঞ্চমতে কৃষিখণ্ডৰ উন্নয়নত দেখুওৱা। হৈছে ১,৫০,০০০ কোটি টকা, কিন্তু এই কাৰ্যসূচীত চৰকাৰী খৰচ বা বিত্তীয় প্রভাৱ হ'ব খুব বেছি ৩০,০০০ কোটি টকা। আৰু ৪০,০০০ কোটি টকা মহাত্মা গান্ধী গাঁৱলীয়া কর্মসংস্থান নিশ্চয়তা আঁচনিত দিয়াৰ কথা কৈছে। এইটো চৰকাৰী খৰচ হ’ব। 

অর্থনীতিবিদসকলে হিচাপ কৰি কৈছে যে বিত্তমন্ত্রীয়ে হিচাপ দিয়া ২০,৯৭,০৫৩ কোটি টকাৰ পেকেজটো প্ৰকৃততে ২.৪ লাখ কোটি টকাৰ ওচৰা-উচৰি অংকৰহে পেকেজ। | জনসাধাৰণক আভুৱা-ভাঁৰিবলৈ লকডাউনে বিধ্বস্ত কৰা অর্থনীতি পুনৰুজ্জীৱিত কৰাৰ নামত ২১ লাখ কোটি টকাৰ জনসাধাৰণক যি মােহিনীবাণী শুনালে, ইয়াৰ মুখ্য উদ্দেশ্য আছিল দেশী-বিদেশী পুঁজিপতিবােৰে বিচৰা মতে অর্থনীতি সংস্কাৰৰ নামত সকলাে জাতীয় সম্পদ বিক্ৰী কৰি এই দেশীবিদেশী পুঁজিপতিসকলৰ জাতীয় সম্পদ তথা সকলাে জাতীয় প্রাকৃতিক সম্পদৰ ওপৰত অধিকাৰ সাব্যস্ত কৰা। ২০১৪ চনতে নির্বাচনত বিজেপি জয়ী হােৱাত দেশী-বিদেশী পুঁজিপতিসকলৰ যি অৰিহণা আছিল, ইয়াৰ কৃতজ্ঞতাস্বৰূপে অর্থনৈতিক সংস্কাৰৰ বাবে মােদী চৰকাৰে সদায়ে প্রচেষ্টা চলাইছিল। দেশৰ লােকসভা তথা গণতান্ত্রিক বিৰােধিতাৰ পৰিৱেশত সেইটো কৰিবপৰা নাছিল। গণতন্ত্রহীন। লকডাউনৰ পৰিৱেশে মােদী চৰকাৰক অর্থনৈতিক সংস্কাৰৰ সুযােগটো আনি দিলে। 

জনসাধাৰণক আভুৱা-ভৰিবলৈ লকডাউনে বিধ্বস্ত কৰা অর্থনীতি পুনৰুজ্জীৱিত কৰি জনসাধাৰণৰ দুখ-দুর্দশা নিবাৰণৰ নামত ২০ লাখ কোটিটকীয়া উদ্দীপক পেকেজৰ প্রকৃত স্বৰূপটো ওলাই পৰিল বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ পঞ্চমদীয়া ঘােষণাত। প্রকৃততে কৰ'না তথা লকডাউন সুযােগত দেশী-বিদেশী বৃহৎ পুঁজিপতিসকলৰ দাবী অর্থনীতি অধিক হাৰত সংস্কাৰ কৰা, অর্থাৎ সকলাে ৰাজহুৱা খণ্ডৰ উদ্যোগ তথা জাতীয় সম্পদবােৰৰ ওপৰত তেওঁলােকৰ অধিকাৰ সাব্যস্ত কৰা লক্ষ্যটো পূৰণ কৰা। কয়লা, বক্সাইটৰ ৫০০টা খনি বিক্ৰী কৰিব পুঁজিপতিক, ৫০টা নতুন কয়লা খনি আৰু মিথেন গেছৰ ভাণ্ডাৰৰ শীঘ্ৰে নিলাম কৰিব। হাস্পতাল, শিক্ষানুষ্ঠানত পি পি পিৰ নামত ব্যক্তিগতকৰণ কৰিব, প্রতিক্ষা খণ্ডত প্রত্যক্ষ বিদেশী বিনিয়ােগ ৪৯ শতাংশৰপৰা ৭৪ নিয়ােগেৰেী গ্রহণ করাত্র দুই অর্থনীতি
শতাংশলৈ বৃদ্ধি কৰিলে, কেন্দ্রীয়শাসিত অঞ্চলত বিদ্যুৎ বিতৰক প্রতিষ্ঠান, সামাজিক আন্তঃগাঁথনি, মহাকাশ আৰু আণৱিক শক্তি আদি আঠটা ৰাজহুৱা খণ্ডক ব্যক্তিগত খণ্ডক হস্তান্তৰৰ কাৰ্যসূচী গ্রহণ কৰিলে। অসমৰ আঠখন তৈলক্ষেত্রকে ধৰি দেশৰ ৪৯খন তৈলক্ষেত্র বিক্ৰী কৰিব। বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ সামগ্রিক ঘােষণা হ'ল— এতিয়াৰপৰা সকলাে ৰাজহুৱা খণ্ডই ব্যক্তিগত খণ্ডৰ কাৰণে মুকলি থাকিব। অর্থাৎ মােদী চৰকাৰে সম্পূর্ণ জাতীয় সম্পদ ব্যক্তিগত খণ্ডক গতাই দিয়াৰ পৰিকল্পনা কৰিছে। আনফালে কৃষিখণ্ডৰ বাণিজ্য সংস্কাৰৰ নামত বৃহৎ পুঁজিপতিৰ বাবে কৃষিপণ্য মুকলি কৰাৰ দ্বাৰা কৃষিপণ্যত সেইসকলৰ আধিপত্য বাঢ়িব। কৃষকৰ যেতিয়া শস্য বিক্ৰীৰ সময় হ’ব, সেই সময়ত ক্ৰয় নকৰি সামগ্ৰীবােৰৰ দৰ হ্রাস কৰাৰ ষড়যন্ত্র কৰি খাদ্যশস্যবােৰ কম দামতে কিনি ল'ব আৰু মজুত কৰি ৰাখি কৃত্রিমনাটনিৰ সৃষ্টি কৰি অধিক দামত বিক্ৰী কৰাৰ সুযােগ পাব। বৃহৎ ব্যৱসায়ীৰ স্বাস্থ্য ৰক্ষাৰ বাবেই এ এম চি আইনখন সংশােধন কৰিব।

এই তথাকথিত ২০ লাখ কোটিটকীয়া পেকেজে দেশৰ অর্থনীতি পুনৰুজ্জীৱিত কৰিব নােৱাৰে আৰু জনসাধাৰণক দুর্ভিক্ষৰ গ্ৰাসত ডুব যােৱাৰপৰা ৰক্ষা কৰিব নােৱাৰে। আজি দেশৰ অৰ্থনীতিৰ মুখ্য সমস্যা হ’ল দেশৰ ১৩৫ কোটি লোেক ভিতৰত ৮০ কোটি লােকৰ আয় ব্ৰাৰ সুযােগ নােহােৱা হৈছে, ফলত দেশত সামগ্রী উৎপাদন হলেও ক্ৰয় কৰা লােক নােহােৱা হৈছে। মােদী চৰকাৰৰ কর্মসূচী মতে কেইটামান উদ্যোগে ঋণ লৈ উৎপাদন কৰিব পাৰিলেও উৎপাদিত সামগ্ৰীৰ বিক্ৰী নহ'লে পুনৰ সেই উদ্যোগবােৰ বন্ধ হৈ যাব। চৰকাৰী ধন বিনিয়ােগেৰে সমান্তৰালভাৱে দেশৰ জনসাধাৰণৰ হাতত ধন যােৱাৰ কাৰ্যসূচী গ্রহণ কব্বি লাগিছিল। মােদী চৰকাৰে ২০ লাখ কোটি টকা ঘােষণাৰ মাত্র দুই লাখ কোটি টকাতকৈও কম খৰচ কৰি দেশত আত্মনিৰ্ভৰশীল অর্থনীতি গঢ়াৰ নামত দেশৰ জাতীয় সম্পদ, প্রাকৃতিক সম্পদবােৰ দেশী-বিদেশী পুঁজিপতিৰ ওচৰত বিক্রীতহে মনােযােগ দিছে। দেশত মেনুফেকচাৰিং সামগ্ৰীৰ চাহিদাকে ধৰি সমগ্র ঔদ্যোগিক উৎপাদনৰ চাহিদা ৬০ শতাংশ হ্রাস পাইছে। কিছুমান উদ্যোগ যেনে মটৰ গাড়ী উদ্যোগৰ চাহিদা ১০০ শতাংশই হ্রাস হৈছে। সেৱাখণ্ডৰ চাহিদা ৯৫ শতাংশই হ্রাস পাইছে। এই পটভূমিত অর্থনীতি পুনৰুজ্জীৱিত কৰিবলৈ উৎপাদিত সামগ্ৰীৰ বজাৰ চাহিদাৰ সৃষ্টি কৰিব লাগিব। আমাৰ দেশখন পুঁজিবাদী অর্থনীতিৰ সমাজ ব্যৱস্থা। ইয়াত উৎপাদন কৰা হয় বজাৰৰ চাহিদা অনুপাতে বিক্ৰীৰ বাবে। দেশৰ জনসাধাৰণৰ প্রয়ােজন অনুযায়ী উৎপাদন নহয়, দেশৰ মানুহ অনাহাৰত মৰিলেও উৎপাদনকাৰীয়ে বিনামূল্যে বিতৰণ কৰিবলৈ উৎপাদন নকৰে। সমাজবাদী দেশত উৎপাদন হয়। দেশৰ নাগৰিকসকলৰ প্রয়ােজন অনুযায়ী। আজি কর্মসংস্থানহীন লােকসকলৰ তাৎক্ষণিকভাৱে কর্মসংস্থান সৃষ্টি কৰিবলৈ মহাত্মা গান্ধী জাতীয় গাঁৱলীয়া কর্মসংস্থান। নিশ্চয়তা আঁচনিত পর্যাপ্ত ধন আবণ্টন কৰি ত্ৰিছ কোটি পৰিমাণৰ কর্মসংস্থান সৃষ্টিৰ ব্যৱস্থা কৰাৰ প্রয়ােজন। এই আঁচনিৰ কামৰ ভিতৰত মজলীয়া আৰু ক্ষুদ্র খেতিয়কৰ। কামবােৰ আৰু কৃষি আনুষংগিক উদ্যোগ আৰু ক্ষুদ্র উদ্যোগৰ কামবােৰাে অন্তর্ভুক্ত কৰা উচিত কর্মসংস্থানৰ পৰিমাণ বৃদ্ধি কৰা উচিত। চহৰৰ নিবনুৱাকো এই আঁচনিত অন্তর্ভুক্ত কৰিবলৈ চীন দেশৰ টি ভি ই (Township and village enterprises) আঁচনিৰ আৰ্হিত আঁচনি প্ৰৱৰ্তন কৰক। পর্যাপ্ত পৰিমাণৰ শস্য প্রক্রিয়াকৰণ উদ্যোগ মুকলি কৰি কৃষকৰ বাবে কৃষিপণ্যৰ বর্ধিত বজাৰৰ সৃষ্টি কৰক। উল্লেখ্য, উৎপাদিত সামগ্ৰীৰ বজাৰ চাহিদা সৃষ্টি কৰিবলৈ ব্রিটেইন চৰকাৰে সকলাে অংশৰ শ্রমিক-কর্মচাৰীক মুঠ মাহিলি দৰমহাৰ আশী শতাংশ ক্ষতিপূৰণ হিচাপে সর্বাধিক মাহে ২৫০০ পাউণ্ড (২,৩২,০০০ টকা), জাপান চৰকাৰে সকলাে নাগৰিককে ৯৩০ ডলাৰ (৭০,০০০ টকা), ব্রাজিলে সকলাে শ্রমিককর্মচাৰীকে মাহে ১২০ ডলাৰ (৯,০০০ টকা) আৰু কানাডা চৰকাৰে প্রত্যেক ছাত্র-ছাত্রীকে মাহে ১,২৫০ ডলাৰ (৯৫,০০০ টকা) দিয়াৰ ব্যৱস্থা কৰিছে।

মােদীচৰকাৰে এবছৰ আগতে ঘােষণা কৰিছিল যে পাঁচ বছৰৰ ভিতৰত দেশৰ আন্তঃগাঁথনি উন্নয়নত ১০০ লাখ কোটি টকা খৰচ কৰিব। ইয়াৰে এই বছৰৰ লক্ষ্যৰ ২০ লাখ কোটি টকাৰদ্বাৰা তাৎক্ষণিকভাৱে দেশৰ নিৰ্মাণ খণ্ডত কেইলাখমান কোটি টকা বিনিয়ােগ কৰি কাম আৰম্ভ কৰক। তদুপৰি পথ-দলং আদি নির্মাণৰ কামাে আৰম্ভ কৰক। ২০ লাখ কোটিটকীয়া পেকেজত স্বাস্থ্যখণ্ডৰ উন্নয়নৰ উল্লেখ কৰা নাই, কিন্তু স্বাস্থ্যখণ্ডৰ উন্নয়ন জৰুৰী। গতিকে দুই-তিনি লাখ টকা বিনিয়ােগ কৰি হাস্পতালৰ সংখ্যা বৃদ্ধি, হাস্পতালৰ বিছনাৰ সংখ্যা বৃদ্ধি, সকলাে অঞ্চলতে আধুনিক চিকিৎসা ব্যৱস্থাৰ প্ৰৱৰ্তন আদি কাম হাতত লােৱাটোও জৰুৰী।

উক্ত কামখিনি তাৎক্ষণিকভাৱে আৰম্ভ কৰিলে তীখা, চিমেন্ট, বিভিন্ন সা-সৰঞ্জাম, বিভিন্ন বাহনৰ চাহিদা বৃদ্ধি হৈ এই উদ্যোগবােৰাে পুনৰুজ্জীৱিত হ'ব। ফলত নির্মাণ, আন্তঃগাঁথনি, স্বাস্থ্যখণ্ডৰ উপৰি তীখা, চিমেন্ট, বাহন, সা-সৰঞ্জাম আদি উদ্যোগবােৰতাে বহু কোটি কর্মসংস্থান সৃষ্টি হ’ব। এই বহু কোটি লােকে আয় কৰিব পাৰিলে বজাৰত সকলাে সামগ্ৰীৰে চাহিদা বৃদ্ধি হৈ অর্থনীতি পুনৰুজ্জীৱিত হােৱাত সহায়ক হয়। অর্থনীতি আত্মনিৰ্ভৰশীলতাৰ নামত জাতীয় সম্পদবােৰৰ অধিকাৰ পুঁজিপতিক দিলে অর্থনীতি পুনৰুজ্জীৱিত নহয়। তদুপৰি বর্তমান কোটি কোটি লােক দুর্ভিক্ষৰ গ্ৰাসত পৰাৰপৰা ৰক্ষা পাবলৈ অন্ততঃ অহা ছয় মাহৰ বাবে আয়হীন বা কম আয়ৰ লােকসকলক বিনামূলীয়া খাদ্যশস্য যােগান আৰু মাহে ন্যূনতম ৭,০০০ টকাৰ নগদ ধন দিয়াৰ ব্যৱস্থা কৰক। দেশৰ ভৰালত ৭৭ নিযুত টন খাদ্যশস্য জমা আছে আৰু তাৰ খাৰিফ শস্যৰপৰাও ৪০ নিযুত টন খাদ্যশস্য জমা হােৱাৰ আশা। আছে। এইধৰণৰ কাৰ্যসূচী গ্রহণ কৰিলে তাৎক্ষণিকভাৱে। ন্যূনতম হলেও উদ্যোগখণ্ডৰ, সেৱাখণ্ডৰ আৰু কৃষিশস্যৰ। বজাৰ চাহিদা বৃদ্ধি হ’ব আৰু অর্থনীতি পুনৰুজ্জীৱিত  হােৱাৰ দিশত গতি কৰি দেশৰ জনসাধাৰণক দুর্ভিক্ষ। গ্রাসত পৰাৰপৰা ৰক্ষা কৰিবপৰা যাব।
লেখক ভাৰতীয় ষ্টেট বেংকৰ কেন্দ্ৰীয় বৰ্ডৰ ডাইৰেক্টৰ ৰূপে অৱসৰপ্ৰাপ্ত এগৰাকী বিশিষ্ট অৰ্থনীতিবিদ। লেখকৰ ফোন : ৯৪৩৫০-৪১২০৩। লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে আৰু ইউনিকড সংৰক্ষণৰ অৰ্থে সুখ-দুখতো প্ৰকাশ কৰা হৈছে।

No comments:

Post a Comment