কৰোনাৰ লক্-ডাউনৰ মাজত দেশত অৰ্থনীতিৰ দুৰৱস্থা। তাৰ মাজতে ওলাইছে অইলৰ আকৰ্ষণীয় চাকৰি। অসমৰ দুলীয়াজান পঞ্জীকৃত মুখ্য-কাৰ্যালয় থকা ভাৰতৰ নৱৰত্ন ৰাজহুৱা খণ্ডৰ কোম্পানী অইল ইণ্ডিয়া লিমিটিডত স্নাতক আৰু ১০+২ পাছ কৰা প্ৰাৰ্থীৰ পৰা ৯টাকৈ পদত নিযুক্তিৰ বাবে আবেদন আহ্বান কৰা হৈছে। পদসমূহ হৈছে চিনিয়ৰ এচিষ্টেণ্ট (ষ্টেনো-টাইপিষ্ট গ্ৰেড-VII), চিনিয়ৰ এচিষ্টেণ্ট (হিন্দী ট্ৰান্সলেটৰ গ্ৰেড-VII), জুনিয়ৰ এচিষ্টেণ্ট (ক্লাৰ্ক কাম কম্পিউটাৰ অপাৰেটৰ, গ্ৰেড-V)। এই পদসমূহৰ পোষ্টিং হব দিল্লী NCR ৰ নইডাস্থিত OIL ৰ কাৰ্যালয়ত। এই আবেদনৰ শেষ তাৰিখ ১ জুলাই পৰ্যন্ত আৰু আবেদন অনলাইন যোগে কৰিব পাৰিব।
অনলাইন আবেদন কৰিবলৈ এই লিংকত ক্লিক কৰকঃ
পদ সমূহৰ বাবে কম্পিউটাৰ বেচড পৰীক্ষাৰ লগতে স্কিল আৰু প্ৰফিচিয়েন্সি টেষ্ট লোৱা হব। কম্পিউটাৰ বেচড টেষ্টত জেনেৰেল ইংলিচ, সাধাৰণ জ্ঞান, ৰিজনিং, এৰিথমেটিক, নিউমাৰিকেল আৰু মেণ্টেল এবিলিটি আৰু নিজা বিষয়ৰ ওপৰত প্ৰশ্ন কৰা হব। স্কিল টেষ্টত আবেদন কৰা পদৰ বাবে প্ৰয়োজনীয় দক্ষতাৰ ওপৰত পৰীক্ষা লোৱা হব।
কম্পিউটাৰ বেচড টেষ্টত পঞ্চাশ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিলে দক্ষতাৰ পৰীক্ষালৈ মতা হব। অনলাইন আবেদন যোগে নিজৰ ৰেজিষ্ট্ৰেচন নম্বৰ ডাউলড কৰি ৰেজিষ্ট্ৰেচন শ্লিপ প্ৰিণ্ট লৈ পৰীক্ষাৰ বাবে সাজু হব পাৰিব। অসমৰ ছাত্ৰ-ছাত্ৰী সকলে পোনে পোনে দেশৰ ৰাজধানী অঞ্চলত পোষ্টিং পোৱা এই ৯টি পদৰ বাবে আবেদন কৰক আৰু প্ৰতিযোগিতাৰে নিজক প্ৰতিপন্ন কৰক।
বিজ্ঞাপনটো কোম্পানীৰ ৱেবচাইটত সম্পূৰ্ণকৈ পঢ়িবলৈ বিজ্ঞাপনৰ পেজটোত ক্লিক কৰকঃ
No comments:
Post a Comment