প্ৰৱন্ধঃ জীৱনৰ ঢৌ-খেল আৰু হতাশা ব্যৱস্থাপনাঃ এগৰাকী চাইক'লজিষ্টৰ দৃষ্টিৰে ::আৰাধনা বৰুৱা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ জীৱনৰ ঢৌ-খেল আৰু হতাশা ব্যৱস্থাপনাঃ এগৰাকী চাইক'লজিষ্টৰ দৃষ্টিৰে ::আৰাধনা বৰুৱা

প্ৰৱন্ধঃ জীৱনৰ ঢৌ-খেল আৰু হতাশা ব্যৱস্থাপনাঃ এগৰাকী চাইক'লজিষ্টৰ দৃষ্টিৰে ::আৰাধনা বৰুৱা

Share This
"Positivity, Confidence, and Persistence are key in life, so never give up on yourself".

- আমেৰিকান সংগীতশিল্পী খালিদ


বলিউদৰ যুৱ প্ৰজন্মৰ এগৰাকী জনপ্ৰিয় অভিনেতাই আত্ম-হনন বাতৰিয়ে ভাৰতৰ চ'চিয়েল মেডিয়াত ধুমুহাৰ সৃষ্টি কৰাৰ পাছত এতিয়া চৌপাশে যেন এক গণ বিমৰ্ষতা। এই ভাৱনাৰ ধাৰাৰ মাজতে এগৰাকী পেছাত চাইক’লজিষ্ট হিচাবে কিছু কথা ৰাইজৰ জ্ঞাতাৰ্থে লিখিব খুজিছো। আত্মহনন কিয় কৰে? জীৱন বাটতটো থাকিবই অনেক খলা-বমা, জীৱনৰ আনন্দ, জীৱনৰ হতাশা!! সঁচাই আপোনাৰ কিঞ্চিত সজাগতাই চিনাকী কাৰোবাক আত্মহত্যা কৰাৰ পৰা ৰক্ষা কৰিব পাৰেনে? এয়াই হৈছে এই ক্ষণৰ প্ৰশ্ন।

এটি অভিজ্ঞতাঃ

কিছুদিনৰ আগতে আমাৰ চেম্বাৰ বন্ধ কৰিবলৈ লোৱাৰ ঠিক আগে আগে মাকৰ লগত এজন ল’ৰা আহিছিল৷সমস্যা নিচাগ্ৰস্ততাৰ বাবে ৰিহেবিলিটেচন চেন্টাৰত থাকি অহাৰ পিছত তীব্ৰ হতাশা,জীৱনটো ইতিমধ্যে নষ্ট হৈ যোৱা যেন অনুভৱ,মানুহৰ সমাগমত আমনি পোৱা,অকলে থাকিব খোজা,কথা নপতা ইত্যাদি৷ ইতিমধ্যে সেইদিনা দেৰি হৈ যোৱাত মূল সমস্যাটো থুলমুলকৈ পাতি পিছদিনাৰ পৰা নিয়মীয়া কাউন্সেলিঙৰ ছেছনৰ কাৰণে আহিবলৈ ক’লোঁ৷ কিন্তু পিছদিনা ল’ৰা জন নাহিল৷ তাৰ পিছদিনাখন গম পালোঁ মোক লগ কৰি যোৱাৰ দিনাই সেই ল’ৰাজনে টইলেট পৰিষ্কাৰ কৰা ক্লিনজাৰ খাই আত্মহত্যাৰ চেষ্টা চলাইছিল৷ ঘটনাটোৰ সময়ত ঘৰত তেওঁ অকলে আছিল৷ কিছুপৰৰ পিছত ঘৰলৈ অহা সৰু ভায়েকে অচেতন প্ৰায় অৱস্থাত তেওঁক জৰুৰী ভাৱে সিকিৎসালয়ত ভৰ্তি কৰে৷ এসপ্তাহ চিকিৎসাধীন হৈ থকাৰ পিছত ল’ৰাজন বিপদমুক্ত হয়৷ এই ঘটনাটোৱে মোৰ মনত মিশ্ৰিত প্ৰতিক্ৰিয়া কৰিছিল৷ মোৰ এনে অনুভৱ হৈছিল যে প্ৰথম ছেছনটোত মই যদি আৰু কিছুসময় তেওঁক দিলোঁ হেতেন তেন্তে হয়তো এনে পৰিস্থিতিৰ উদ্ভৱ নহ’লেই হেতেন৷

এগৰাকী কাউন্সেলৰ হিচাপে এই ঘটনাটোৱে কোনোবা খিনিত মোক নিজৰ পাৰদৰ্শিতাৰ ওপৰত প্ৰশ্ন তুলিবলৈ বাধ্য কৰিছিল৷ মই সেয়ে এই কেচটো একপ্ৰকাৰৰ চেলেঞ্জ হিচাপে লৈছিলোঁ আৰু ল’ৰাজনক হতাশা আৰু আত্মহত্যাৰ প্ৰৱণতাৰ পৰা মুক্ত কৰিবলৈ যিমান পাৰি নিজে চেষ্টা কৰিছিলোঁ৷ আৰু সুদীৰ্ঘ ছয়মাহৰ পিছত তেওঁ সম্পূৰ্ণকৈ এই সমস্যাৰ পৰা বাহিৰ হৈ চাকৰিত যোগদান কৰে৷ বৰ্তমান তেওঁ বৈবাহিক জীৱনত আগবঢ়াৰো পৰিকল্পনা কৰিছে৷ এয়া কিমান সুখকৰ কথা, সেয়া কেৱল অনুভৱহে কৰিব পাৰি।

জীৱনৰ প্ৰতি মোহ হেৰুৱাই কিয় মানুহে আত্মহত্যা কৰে এয়া আচৰিত কথা নহয় জানো?

আত্মহত্যাৰ ঘটনাৰ বাতৰি আজিকালি সততে সংবাদ মাধ্যমত দেখা যায়৷নেশ্যনেল ক্ৰাইম ব্যুৰো অৱ ইণ্ডিয়াৰ তথ্য অনুসৰি ভাৰতত প্ৰতিবছৰে একলাখতকৈও অধিক আত্মহত্যাৰ ঘটনা সংঘটিত হয়৷আৰু এই ঘটনা বোৰ ১৫-৪৪বছৰ বয়সৰ ভিতৰত অধিক হোৱা দেখা যায়৷
জীৱনৰ ছাঁ-পোহৰবোৰ
আত্মহত্যা শব্দটোৰ ইংৰাজী প্ৰতিশব্দ suicide লেটিন ভাষাৰ পৰা লোৱা হৈছে ৷যাৰ অৰ্থ হৈছে 'Self Murder'৷ সমীক্ষাত্মক তথ্য অনুসৰি মহিলা সকলে পুৰুষতকৈ অধিক আত্মহত্যাৰ চেষ্টা কৰে যদিও আত্মহত্যাৰ দ্বাৰা মহিলাতকৈ পুৰুষৰ মৃত্যু অধিক হয়৷মধ্যবয়সীয়া লোকৰ ক্ষেত্ৰত বিশেষকৈ পুৰুষৰ ৪৫বছৰ আৰু মহিলাৰ ৫৫বছৰ বয়সৰ পিছত এই সম্ভাৱনা অধিক হয়৷অবিবাহিত সকলৰ ক্ষেত্ৰত এই প্ৰৱনতা অধিক দেখা যায়৷বৰ্তমান সময়ত ১৫ৰ পৰা ২৪ বছৰ বয়সৰ নৱপ্ৰজন্মৰ মাজত আত্মহত্যাৰ ঘটনা অভাৱনীয় ভাৱে বৃদ্ধি পাইছে।
ভাল কিতাপ হওক সংগী
কোনে আত্মহত্যা কৰে?
আত্মহত্যাৰ ভাৱনা মনলৈ অহা আৰু আত্মহত্যাৰ চেষ্টা কৰাৰ মাজত প্ৰাৰ্থক্য আছে৷বহুতে আত্মহত্যাৰ চিন্তা মনলৈ অহাৰ পিছতো কাৰ্যতঃ নকৰিব পাৰে,কিছুমানে আকৌ দীৰ্ঘদিনীয়া সুপৰিকল্পনা কৰি আত্মহত্যা কৰে,আৰু কিছুলোকে ক্ষন্তেকৰ আৱেগৰ বশৱৰ্তী হৈ হিতাহিত জ্ঞান হেৰুৱাই আকস্মিক ভাৱে আত্মহত্যা কৰে৷ Personality Disorder অৰ্থাৎ ব্যক্তিত্বৰ বিকাৰ থকা লোকৰ এনে প্ৰৱনতা অধিক৷সাধাৰণতে আত্মহত্যা কৰা লোক সকলৰ ৯৫% ই কিবা নহয় কিবা মানসিক সমস্যাত ভুগি থকা দেখা যায়৷ইয়াৰে ৮০%ডিপ্ৰেছন,১০% স্কিজ’ফ্ৰিনিয়া,৫%ডিমেনছিয়াত আক্ৰান্ত ব্যক্তি৷এনে মানসিক সমস্যা থকা লোকৰ ২৫% ৰে সমান্তৰালকৈ নিচাগ্ৰস্ততা থকাও দেখা যায়৷

বিপদৰ আগজাননী কেনেকৈ চিনিব?
সাধাৰণতে আত্মহত্যাৰ পৰিকল্পনা কৰা ব্যক্তিৰ পৰা এই ঘটনাৰ আগজাননী পোৱা যায়৷ ঘনিষ্ঠ জনৰ সজাগতা আৰু সুক্ষ্ম পৰ্যবেক্ষণে প্ৰতিৰোধী ব্যৱস্থা হিচাপে কাম কৰিব পাৰে৷এই আগজাননী বোৰ এনে ধৰণৰঃ

*যদি ব্যক্তিজন কোনো মানসিক ৰোগত ভুগি আছে আৰু আগতে আত্মহত্যাৰ চেষ্টা কৰিছে তেন্তে সদায়েই সাৱধান হোৱা উচিত৷

*যদি ব্যক্তি জনে কেতিয়াবা জীয়াই থকাৰ অৰ্থ নাই বা মৰি যোৱাই ভাল জীৱনৰ কোনো আশা নোহোৱা হৈছে,দোষী অনুভৱ আদি অৰ্থত কথা কৈছে তেন্তে তাক গুৰুত্ব সহকাৰে লোৱা উচিত৷

*ব্যক্তিজনে যদি আত্মহত্যাৰ বিষয়ে খুউব আলোচনা কৰিছে,বিভিন্ন আত্মহত্যাৰ পদ্ধতিৰ বিষয়ে জানিব বিচাৰিছে,এনে ঘটনা ঘটাব পৰা দ্ৰব্য বা অস্ত্ৰ আদি লগত ৰাখিব বিচাৰিছে তেনেহ’লে সেয়া নিঃসন্দেহে চিন্তাৰ বিষয়৷

*যদি অতিশয় হতাশাত ভুগি সাধাৰণতে অকলে মানুহৰ পৰা আঁতৰি থকা এজন ব্যক্তিয়ে আকস্মিক ভাৱে ফুৰ্তি কৰি লক্ষনীয় ভাৱে স্বাভাৱিক আচৰণ প্ৰদৰ্শন কৰিছে তেন্তে পৰিয়ালৰ লোক উচ্ছাসিত নহৈ অধিক মনোযোগ দিয়া হে উচিত৷কিয়নো এনে আচৰণ প্ৰদৰ্শন কৰি আত্মীয়ৰ মনোযোগ আঁতৰাৰ সুযোগতে সাধাৰণতে পৰিকল্পিত আত্মহত্যা কৰা দেখা যায়৷

*ব্যক্তি জনৰ যদি আচৰণ,মানসিক স্থিতি,ভোক,টোপনি আদিত লক্ষণীয় পৰিৱৰ্তন আৰু বিসংগতি দেখা গৈছে তেনেক্ষেত্ৰত সাৱধান হোৱা উচিত৷

*সাধাৰণতে সকলোৰে লগত মিলি থকা ব্যক্তিয়ে যদি আকস্মিক ভাৱে সকলোৰে পৰা আঁতৰি থাকিব বিচাৰে তেন্তে তেওঁৰ মনতো এনে কিবা ভাৱ থাকিব পাৰে৷

*যদি ব্যক্তিজনে যিকোনো ধৰনেৰে কেতিয়াবা নিজক ক্ষতি কৰা বা মৰি যোৱাৰ চেষ্টা কৰিছে তেন্তে তেওঁ পুনৰ এনে কৰাৰ সম্ভাৱনা থাকে৷


আত্মহননৰ ক্ষেত্ৰত প্ৰচলিত কিছুমান ভ্ৰান্তিঃ
আত্মহত্যাৰ ক্ষেত্ৰত বহুতো ভ্ৰান্তধাৰণা মানুহৰ মাজত প্ৰচলিত আছে,যিবিলাকৰ কোনো বাস্তৱ ভিত্তি নাই৷ যেনে,

• মানুহে ভাৱে যিবিলাক ব্যক্তিয়ে আত্মহত্যা কৰিম বুলি প্ৰায়ে উচ্চাৰণ কৰে তেনেলোকে প্ৰকৃততে আত্মহত্যা কৰিব নোৱাৰে৷ কিন্তু দৰাচলতে তেনে কোনো কথা নাথাকে৷

• কেৱল মানসিক ৰোগত ভুগি থকা ব্যক্তিয়েহে আত্মহত্যা কৰে বুলি থকা ধাৰণাটো ভুল৷

• বহুতে ভাৱে আত্মহত্যা কৰিম বুলি নিশ্চিতকৈ ভাৱি লোৱা ব্যক্তিৰ সিদ্ধান্ত সলনি কৰাতো অসম্ভৱ৷কিন্তু প্ৰকৃততে জীৱনত একো পথ দেখা নাপাই বা হিতাহিত জ্ঞান হেৰুৱাইহে এনে সিদ্ধান্ত লয়৷এনেসময়ত কোনো আত্মীয়ৰ কিছু সঁহাৰি আৰু সহায়ে নিশ্চয় আত্মহত্যাৰ সিদ্ধান্ত সলনি কৰাত সহায় কৰিব৷

• আত্মহত্যাৰ চেষ্টা কৰা ব্যক্তিৰ লগত এই বিষয়ে কথা পাতিলে আত্মহত্যাৰ ভাৱ বেছিকৈ মনলৈ আহে বুলি ভৱা ধাৰণাটো সম্পূৰ্ণ ভুল৷


আত্মীয় বা বন্ধুৰ ভূমিকা কি হব পাৰে?
এজন আত্মহত্যাৰ প্ৰৱনতা থকা ব্যক্তিয়ে এনে সিদ্ধান্ত উপৰুৱা ভাৱে কেতিয়াও নলয়৷ তেওঁৰ হাতত ইয়াৰ সপক্ষে যথেষ্ট যুক্তি থাকে৷ সেয়ে এনে ব্যক্তিৰ লগত এইবিষয়ে কথা পতা বা মানসিক সাহচৰ্য দিয়াৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰাতো বাঞ্ছনীয়৷ উদাহৰণ স্বৰূপে,

• আপোনাৰ বিশ্বাস যোগ্যতা আৰু আন্তৰিকতাৰ অনুভৱ কৰাওক যাতে তেওঁ নিজৰ কথাবোৰ খুলি ক’বলৈ দ্বিধাবোধ নকৰে৷

• তেওঁৰ পৰিৱৰ্তিত আচৰণ সমুহ উল্লেখ কৰি কিবা সমস্যা হৈছে নেকি জানিব বিচাৰক৷

• যদি ব্যক্তিজনে আশাহীনতা বা জীয়াই থকাৰ ইচ্ছা নোহোৱা বুলি উল্লেখ কৰিছে তেন্তে পোনপটীয়াকৈ আত্মহত্যাৰ কিবা ভাৱনা বা পৰিকল্পনা আছে নেকি সোধক৷

• যদি তেওঁ আত্মহত্যাৰ ভাৱনা থকাৰ কথা কয় তেন্তে কেতিয়াবা কিবা পৰিকল্পনা কৰিছে নেকি (কেতিয়া,ক’ত,কেনেকৈ ইত্যাদি) জানিবলৈ চেষ্টা কৰক৷

• সাধাৰনতে এনেক্ষেত্ৰত শুভাকাংক্ষী হিচাপে জীৱনটো কিমান মুল্যৱান বা আত্মহত্যা কৰাটো সমস্যাৰ সমাধান নহয় ইত্যাদি কথাই প্ৰথম কোৱা দেখা যায়৷কিন্তুযিহেতু সেই ব্যক্তিজনেও জানে জীৱন কিমান মুল্যৱান,তথাপিও তেওঁ এই সিদ্ধান্তক আপোন কৰি বিচাৰিছে তাৰ নিশ্চয় সবল যুক্তি তেওঁৰ আছে৷সেয়ে এনে উপদেশ দিয়াৰ পৰিৱৰ্তে সতৰ্কতাৰে আত্মহত্যা কৰিব খোজা ব্যক্তিজনৰ স্বাভিমানত আঘাত নলগাকৈ তেওঁৰ সমস্যাৰ আন কিবা সমাধানৰ পথ আছে নেকি তাক আলোচনা কৰিবলৈ চেষ্টা কৰা উচিত৷

• আমি সদায়ে এটা কথা মনত ৰখা উচিত আত্মহনন কৰিব বিচৰা ব্যক্তিৰো জীৱনৰ প্ৰতি যৎকিঞ্চিত হ’লেও মোহ থাকে৷তেওঁলোকৰ সমস্যাৰ কেৱল মাত্ৰ এটা সম্ভৱপৰ সমাধান যদি আমি দেখুৱাই দিব পাৰোঁ হয়তো আত্মহত্যাৰ ইচ্ছা তেওঁ বাদ দিব৷

• যিহেতু আত্মহত্যাৰ প্ৰৱনতা মানসিক স্বাস্থ্যৰ লগত জড়িত সেয়ে এনেক্ষেত্ৰত মানসিক ৰোগ বিশেষজ্ঞ বা কাউন্সেলৰৰ কাষ চপাটো অতি প্ৰয়োজনীয় কথা৷চিকিৎসকৰ নিদান আৰু কগনিতিভ বিহেভিয়াৰ থেৰাপিৰ জৰিয়তে এনে সমস্যাৰ স্হায়ী সমাধান সম্ভৱপৰ৷

বৰ্তমান সময়ত ভাৰতত কেইবাটাও আত্মহত্যা প্ৰতিৰোধী অৰগেনাইজেশ্যনে সক্ৰিয় ৰূপত সফলতাৰে কাম কৰি আছে৷কোনো ব্যক্তিৰ মনলৈ আত্মহনন চিন্তা আহিলে হেল্পলাইন নম্বৰত সহায় বিচাৰি ফোন কৰিব পাৰে৷ এইক্ষেত্ৰত ব্যক্তিজনৰ তথ্যসমূহ গোপনে ৰখা হয়৷ এই অৰগেনাইজেশ্যন সমুহৰ হেল্পলাইন নম্বৰ বোৰ হৈছে,
• ৱান্দ্ৰেৱালা ফাউণ্ডেচনৰ,নংঃ১৮৬০২৬৬২৩৪৫(সেৱা প্ৰদানৰ সময় ২৪×৭)

• স্নেহা ফাউণ্ডেচন ইণ্ডিয়া,নংঃ+৯১৪৪২৪৬৪০৫০(সেৱা প্ৰদানৰ সময় ২৪×৭)

• কানেকটিং,নংঃ+৯১৯৯২২০০১১২২(সেৱা প্ৰদানৰ সময় ৰাতি ১২ বজাৰ পৰা পুৱা ৮বজালৈ)

• কুজ,নংঃ+৯১৮৩২২২৫২৫২৫(সেৱা প্ৰদানৰ সময় সোমবাৰৰ পৰা শুক্ৰবাৰলৈ ৰাতি ১বজাৰ পৰা পুৱা ৭ বজালৈ)

----------------------------------------
লেখিকা নগাঁৱত নিবাসী এগৰাকী চাইক’লজিষ্ট৷ 'উপশম' নামৰ এটি ব্যক্তিগত প্ৰকল্পৰ জৰিয়তে অলপমান মানসিক সজাগতাৰ কাম চলাই থকা লেখিকাৰ সদ্য-প্ৰকাশিত গ্ৰন্থখন হৈছে- 'মানসিক স্বাস্থ্যঃ জীৱন যাপন আৰু সুখৰ মন্ত্ৰ'

 গ্ৰন্থখনৰ বিষয়ে এটি সৰু মতামতঃ

"বিগত গ্ৰন্থমেলাৰ সময়তে তেখেতে "মানসিক স্বাস্থ্য জীৱন-জাপন আৰু সুখৰ মন্ত্ৰ" বুলি মানসিক সমস্যাৰ ওপৰত এখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছিল।যাৰ এটা কপি মোলৈও উপহাৰ হিচাবে কেতিয়াবাই পঠিয়াইছে।তাৰবাবে তেখেতলৈ অশেষ ধন্যবাদ থাকিল।কিতাপখন পঢ়ি আমি আপ্লুত।মানসিক স্বাস্থ্যৰ ওপৰত লিখা অসমীয়া কিতাপ আগতে দেখা মনত নপৰে। সহজ-সৰল ভাষাত লিখা এই কিতাপখনে আমি বহুতে বুজি নোপোৱা কিছুমান সৰু-বৰ সমস্যাৰ গুৰিটো যে মানসিক সমস্যাহে তাক বুজিবলৈ সহজ হয় আৰু সেইমতেই তাৰ প্ৰতিকাৰৰ বাবেও আমি আগবাঢ়িব পাৰো।এক কথাত এই কিতাপখন সকলো পৰিয়ালৰে কামত অহা বিধৰ। আৰাধনা বৰুৱাৰ পৰা আৰু এনে কিতাপ বিচাৰোঁ।" — জনপ্ৰিয় উপন্যাসিক বৈদুৰ্য বৰুৱা

No comments:

Post a Comment