বিশ্লেষণঃ বাঘজানৰ ঘটনাই দিয়া শিক্ষাঃ এগৰাকী ড্ৰিলিং ইঞ্জিনীয়াৰৰ দৃষ্টিৰে :: ৰিণ্টুমণি দত্ত (কুৱেইট অইল কোম্পানী) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ বাঘজানৰ ঘটনাই দিয়া শিক্ষাঃ এগৰাকী ড্ৰিলিং ইঞ্জিনীয়াৰৰ দৃষ্টিৰে :: ৰিণ্টুমণি দত্ত (কুৱেইট অইল কোম্পানী)

বিশ্লেষণঃ বাঘজানৰ ঘটনাই দিয়া শিক্ষাঃ এগৰাকী ড্ৰিলিং ইঞ্জিনীয়াৰৰ দৃষ্টিৰে :: ৰিণ্টুমণি দত্ত (কুৱেইট অইল কোম্পানী)

Share This
অভিযন্তা হিচাবে যোৱা ২৩ টা বছৰে আমি তেল আৰু গেচ খনন কাৰ্য্য (Oil drilling Process)ৰ লগত জড়িত। ঘৰৰ পৰা ২৮ দিনৰ বাবে যেতিয়া চাকৰিলৈ যাবলৈ ওলাও, তেতিয়া ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা প্ৰথমে কৰোঁ‌ - চাকৰিত থাকিব লগীয়া ২৮ দিনত যাতে কিক (Kick), ব্ল'-আউট (Blow out) আদি শব্দৰ পৰা দূৰত থাকিবলৈ সক্ষম হওঁ‌।

তাৰবাবে হয়তো কেতিয়াবা একেলেথাৰিয়ে তিনি-চাৰি ৰাতি উজাগৰে থাকিব লগা হয়। অকল ময়েই নহয়, অইল-গেচ ড্ৰিলিঙৰ এই আপষ্ট্ৰিম উদ্যোগটোৰ লগত জড়িত সকলোৱেই এইটোৱেই কামনা কৰে যে তেওঁলোকৰ প্ৰফেচনেল জীৱনত কেতিয়াও যেন ব্ল'-আউটৰ সন্মুখীন হ'বলগীয়া নহয়। সেইয়া লাগিলে খননৰ লগত জড়িত কোনোবা উচ্চপদস্থ বিষয়াই হওক বা ৰিগ এটাৰ সহায়কাৰী কৰ্মী ৰিগমেন-ৰাফনে'কেই হওক।
তৈল খাদ এটাৰ ভূ-গৰ্ভৰ গঠনৰ বিৱৰণ
 কিয় বিপদজনক এই ব্ল'-আউট? 
ব্ল'-আউট হোৱাৰ লগে লগে আমি প্ৰায় নিঃসহায় হৈ পৰোঁ। ব্ল'-আউট নিয়ন্ত্ৰণত বিশেষজ্ঞ (expert) হিচাপে গোটেই পৃথিৱীত মুষ্টিমেয় চাৰিটা নে পাঁ‌চটা কোম্পানী আছে। ৱাইল্ড ৱেলৰ ৰূপ লোৱা সেই তেলখাদবোৰ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰয়োজনীয় অত্যাধুনিক প্ৰযুক্তিৰ সা-সৰঞ্জামো মাত্ৰ তেওঁলোকৰ লগতেই আছে। গতিকে ৱেল এটাত ব্ল'-আউট হৈ যোৱাৰ পিছত দুৰ্ভাগ্যজনকভাৱে হ'লেও আমি ড্ৰিলিঙৰ লগত জড়িত মানুহখিনিয়ে হাত দাঙি দিব লগাৰ দৰে অৱস্থা হয়।

তৈল খাদ খননৰ সময়ত ড্ৰিল বিট আৰু মাদ চাৰ্কুলেচন

কিন্তু সৌভাগ্যক্ৰমে ব্ল'-আউট এটা কোনো লক্ষণ নেদেখুওৱাকৈ সংঘটিত নহয়। ব্ল'-আউট পৰ্য্যায়লৈ যোৱাৰ আগতে তেলখাদটোৱে আমাক বহুকেইটা লক্ষণ দেখুৱায়। ব্ল'-আউট হোৱাৰ আগৰ পৰ্য্যায়টোক ড্ৰিলিঙ ইণ্ডাষ্ট্ৰিত "কিক" বুলি কোৱা হয়। সহজ ভাষাত 'কিক'ৰ অৰ্থ হ'ল ৱেল এটাৰ ফৰ্মেচন বা ৰিজাৰ্ভয়ৰৰ পৰা ফৰ্মেচন ফ্লুইড বা গেচ ৱেলটোৰ ভিতৰলৈ লৈ প্ৰৱেশ কৰা, যিটো ড্ৰিলিঙ বা ৱৰ্ক-অভাৰ অপাৰেচনৰ সময়ত সম্পূৰ্ণ অবাঞ্চিত। সাধাৰণতে ড্ৰিলিঙ বা ৱৰ্ক-অভাৰ অপাৰেচনৰ সময়ত তেল-গেচৰ ভাণ্ডাৰ ফৰ্মেচন এটাৰ পৰা খাদটোৰ ভিতৰলৈ (ৱে'ল-ব'ৰ) ফৰ্মেচন ফ্লুইড বা গেচ অহাত বাধা দি ৰখা হয় ড্ৰিলিং বা ৱৰ্ক-অভাৰ অপাৰেচনত ব্যৱহাৰ কৰা ড্ৰিলিঙ ফ্লুইডৰ হাইড্ৰষ্টেটিক চাপৰ জৰিয়তে। ড্ৰিলিঙ বা ৱৰ্ক-অভাৰ অপাৰেচনৰ সময়ত ড্ৰিলিঙ ফ্লুইডৰ হাইড্ৰষ্টেটিক চাপ সদায় ৱেলটোৰ তেল-গেচৰ ভাণ্ডাৰটোৰ আভ্যন্তৰীণ চাপ (ফৰ্মেচন প্ৰেচাৰ)ত কৈ বেছি ৰখা হয়, যাতে ফৰ্মেচনৰ পৰা কোনো হাইড্ৰকাৰ্বন ৱেলটোত প্ৰৱেশ কৰিব নোৱাৰে। যদি ভুলবশতঃ ফৰ্মেচনৰ চাপ ড্ৰিলিঙ ফ্লুইডৰ হাইড্ৰ'ষ্টেটিল চাপতকৈ বেছি হয়, তেন্তে ফৰ্মেচনৰ পৰা তেল বা গেচ খাদটোৰ ভিতৰলৈ প্ৰৱেশ কৰে, তাকেই ড্ৰিলিঙৰ ভাষাত 'কিক' বুলি কোৱা হয়। 'কিক' এটা আহিলে আমি ৱেলটোত বহু কিবা-কিবি লক্ষণ দেখিবলৈ পাওঁ‌ আৰু সেই লক্ষণবোৰৰ পৰা আমি ৱেলটো বন্ধ কৰি বিভিন্ন প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰো, যাতে কিকটো ব্ল'-আউটলৈ ৰূপান্তৰিত নহয়।
ৰিগ এটাৰ ওপৰ ভাগৰ বিৱৰণ

এই যে ড্ৰিলিঙ ফ্লুইডৰ হাইড্ৰষ্টেটিক প্ৰেচাৰৰ সহায়ত ড্ৰিলিঙ বা ৱৰ্ক-অভাৰ অপাৰেচনৰ সময়ত আমি ভূগৰ্ভৰ ৰিজাৰ্ভয়ৰৰ পৰা হাইড্ৰ'-কাৰ্বন খাদটোলৈ প্ৰৱেশ কৰাত বাধা দি ৰাখো, তাক ৱেল কণ্ট্ৰলৰ ভাষাত কোৱা হয় প্ৰাথমিক ৱেল কণ্ট্ৰল পদ্ধতি। কেনেবাকৈ এই পদ্ধতিয়ে কাম নকৰিলে চেকেণ্ডেৰী বাধা থাকে ব্ল'-আউট প্ৰিভেণ্টাৰ, চ'ক মেনিফ'ল্ড, হাইড্ৰলিকেলি কণ্ট্ৰলড ৰিমোট ভালভ ইত্যাদি। এইবোৰ খাদটোৰ বাবে দ্বিতীয় ৱেল কণ্ট্ৰল সঁ‌জুলি।

তলৰ ভিডিঅ'টোত ৱেল-কণ্ট্ৰল প্ৰক্ৰিয়াৰ বিষয়ে জানিব পাৰিব


এই 'কিক'ৰ লক্ষণসমূহ যাতে আমি সময়মতে ধৰা পেলাব পাৰো, তাৰ বাবে ড্ৰিলিঙ বা ৱৰ্ক-অভাৰৰ লগত জড়িত, সিদ্ধান্ত লোৱাৰ অধিকাৰ থকা প্ৰত্যেকজন কৰ্মীয়েই প্ৰত্যেক দুবছৰৰ মূৰে মূৰে Internation Well Control Forum ৰ পৰা ৱেল কণ্ট্ৰলৰ এটা ট্ৰেইনিং লৈ থাকিব লাগে যাতে সময়ত 'কিক' ধৰা পেলাই আমি খাদ বা ৱেল এটাক ব্ল'-আউটৰ পৰা বচাব পাৰোঁ‌। এইখিনি কাৰিকৰী কথা।

বাঘজানৰ তৈলক্ষেত্ৰৰ কথাঃ

তিয়া আহোঁ‌ বাঘজানৰ বিষয়লৈ। ড্ৰিলিঙ বা ৱৰ্ক-অভাৰ অপাৰেচনৰ লগত জড়িত সকলো ব্যক্তিয়ে ইতিমধ্যে হয়তো অনুমান কৰিব পাৰিছে, ঘটনাটো কিদৰে সংঘটিত হ'ল। আৰু এটা কথা এইখিনিতে প্ৰণিধানযোগ্যযে সমগ্ৰ পৃথিৱীত এতিয়ালৈ যিমান কেইটা ব্ল'-আউট হৈছে, তাৰ প্ৰায় ৯৬% ই মানুহৰ ভুলৰ বাবে হোৱা, চাৰি শতাংশতকৈয়ো কম ঘটনাহে ইকুইপমেণ্ট ফেইলাৰৰ বাবে হৈছে। বাঘজানৰ ঘটনাটোও হিউমেন এৰ'ৰৰ বাবে হোৱাৰ সম্ভাৱনাই বেছি, ৱেলটোৰ বিষয়ে এতিয়ালৈ যিমান জানিব পাৰিছো, তাৰপৰা অনুমান কৰাৰ মতে।

কিন্তু কোনোবাই এই ভুলবোৰ কৰোঁ বুলি ক'ৰে নে? কোনেও নকৰে। আগতেও কৈছো, ব্ল'-আউট ঘটনাটোৱেই ড্ৰিলিঙ প্ৰফেচনেলৰ বাবে এক দুস্বপ্ন, worst nightmare.

তেন্তে কিয় হ'ল? হয়তো ভালদৰে আনুষংগিক বিপদবোৰৰ বিষয়ে চিন্তা কৰা নহ'ল (ৰিস্ক এচেচমেণ্ট), হয়তো সিদ্ধান্ত লোৱাত অলপ দৌৰাদৌৰি হ'ল, হয়তো কিছুমান কথা পৰীক্ষা নকৰাকৈ অনুমানতেএনেকুৱাই হ'ব বুলি ধৰি লোৱা হ'ল। এনেকুৱা বহুতো 'হয়তো' থাকিব পাৰে। কিন্তু এটা কথাত মই এশ শতাংশ নিশ্চিত যে ভুলটো কোনেও জানি-বুজি কৰা নাই।

অইল ইণ্ডিয়াৰ বহুত মানুহৰ লগত কাম কৰাৰ অভিজ্ঞতা আছে, বহুতৰ লগত ড্ৰিলিঙৰ টেকনিকেল কথা আলোচনা কৰাৰ অভিজ্ঞতা আছে। সেইখিনি অভিজ্ঞতাৰ পৰা মই এটা কথাত নিশ্চিত যে, অইলত দক্ষ ড্ৰিলিঙ অভিযন্তাৰ কোনো অভাৱ নাই। বৰ্তমান অইলৰ উচ্চপদস্থ বহু কেইজন বিষয়াক চিনি পাওঁ‌, ড্ৰিলিঙ বা ৱৰ্ক-অভাৰ সম্বন্ধে তেওঁলোকৰ খুব ভাল কাৰিকৰী জ্ঞান আছে। মোৰ কৰ্মস্থলী কুৱেইট অইল কোম্পানীতো বহুকেইজন প্ৰাক্তন অইল ইণ্ডিয়াৰ অভিযন্তাৰ লগত কাম কৰিছো। অইলৰ বহুকেইজন প্ৰাক্তন অভিযন্তা এতিয়া চৌডি-আৰামকো, পেট্ৰনাচ, বিপি, কাটাৰ গেচ, কুৱেইট অইল কোম্পানী আদিৰ দৰে পৃথিৱী বিখ্যাত আপষ্ট্ৰিম তেল কোম্পানীৰ উচ্চপদস্থ পদত সুখ্যাতিৰে চাকৰি কৰি আছে। গতিকে অইল ইণ্ডিয়াৰ কৰ্মচাৰীৰ কৰ্মদক্ষতা সম্বন্ধে প্ৰশ্ন তোলাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়।


ৱেল-কেপিংৰ বাবে কেপিং ষ্টেক

এইবোৰ কিয় লিখি আছো - সকলোৱে এতিয়া অইল ইণ্ডিয়াৰ কৰ্মীসকলক গালি দি আছে। কিন্তু এতিয়া জানো গালিগালাজ কৰা, শিলগুটি দলিওৱাৰ সময়? কোনোপধ্যে নহয়। এতিয়া আমি সকলো অসমীয়াৰে এটাই প্ৰাৰ্থনা হ'ব লাগে - বাঘজান ৫ ক্ষান্ত হওক। অইল আৰু এলাৰ্টৰ এক্সপাৰ্টসকলে মিলি সেই বলিয়া ৱেলটোক কেপ কৰিবলৈ সক্ষম হওক। ৱেলটো কেনেকৈ ক্ষান্ত হ'ব - নিশ্চয়কৈ অইল, ONGC আৰু এলাৰ্টৰ এক্সপাৰ্টসকলৰ প্ৰচেষ্টাত। 



সেইয়ে সকলোলৈ অনুৰোধ, অইল, ONGC আৰু ফৰেইন এক্সপাৰ্টসকলক পজিটিভ মন এটাৰে কাম কৰিবলৈ পৰিবেশ এটা দিয়ক। প্ৰথমে ৱেলটো ক্ষান্ত হওক, বিধ্বংসী জুইকুৰা বন্ধ হওক। তাৰপিছত এইটো ঘটনাৰ পোষ্টমৰ্টেম কৰিব, অনুগ্ৰহ কৰি। 

মানি লৈছো, ঘটনাটোৰ মূল কাৰণ অনুসন্ধান (Root Cause Analysis) এটাৰ অত্যন্ত দৰকাৰ, যাতে ভবিষ্যতে এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি ৰোধিব পৰা যায়। মই জনাত ভাৰত চৰকাৰে ইতিমধ্যেই তাৰ ব্যৱস্থা লৈছে। ঘটনাৰ পিছৰ পৰা অইল ইণ্ডাষ্ট্ৰি চেফটি ডিৰেক্টৰেট আৰু ডিৰেক্তৰ জেনেৰেল অৱ মাইন চেফটিৰ দুটা টিমে এই দুৰ্ঘটনাটোৰ কাৰণ বিচাৰি উলিয়াবলৈ তথ্যসংগ্ৰহ কৰি আছে। যোৱাকালি পেট্ৰলিয়াম মন্ত্ৰ্যালয়ৰ ফালৰ পৰাও এটা তিনিজনীয়া বিশেষজ্ঞ টিম গঠন কৰিছে, য'ত মুৰব্বী হৈ থাকিব অসমৰ এজন সুযোগ্য সন্তান, অ'এনজিচিৰ প্ৰাক্তন চিএমডি বিকাশ বৰা ছাৰ। গতিকে আমি নিশ্চিত থাকিব পাৰো যে খুব সোনকালেই আমি দুৰ্ঘটনাটোৰ সকলো খুতি-নাটি জানিব পাৰিম। 

বাঘজানবাসীৰ দুৰৱস্থা মৰ্মে মৰ্মে উপলব্ধি কৰিছো। চকুৰ সন্মুখতে নিজৰ ঘৰ, নিজৰ খেতি-বাতি আদি জ্বলি যোৱা কোনো মানুহে চাই থাকিব নোৱাৰে। কোনোধৰণৰ ক্ষতিপূৰণে এইবোৰ ক্ষতি দুৰ কৰিব নোৱাৰে, সেইয়াও বুজি পাওঁ‌। সমগ্ৰ অসম এতিয়া আপোনালোকৰ লগত আছে। আমিও দিনে-ৰাতিয়ে প্ৰাৰ্থনা কৰিছো, বিধ্বংসী জুইকুৰা শান্ত হওক। বাঘজানলৈ শীঘ্ৰে শান্তি ঘুৰি আহক। 

আন এটা চিন্তনীয় বিষয় - অইলে বাঘজানৰ প্ৰত্যেকজন বাসিন্দালৈ ক্ষতিপূৰণ দিব, সেইটো জানো। এই ক্ষতিপূৰণে বাঘজানবাসীৰ ক্ষোভ দূৰ কৰিব নোৱাৰে বুলিও জানো, কিন্তু আৰ্থিক সঁ‌কাহ এটা দিব বুলি আশা কৰিব পাৰি। সন্দিহান এটা বিষয়তে, পাবত গজা নেতা আৰু এসোপামান মধ্যভোগী মিলি বাঘজানৰ প্ৰকৃত ক্ষতিগ্ৰস্তসকলৰ পৰা তেওঁলোকৰ প্ৰাপ্য ক্ষতিপূৰণ কাঢ়ি নিব নেকি? মাজতে কোনোবা মধ্যভোগী ওলোৱাৰ লক্ষণ এইকেইদিনত বহুতেই দেখিছো। এটাই আশা, ক্ষতিপুৰণ বাঘজানৰ প্ৰকৃত ক্ষতিগ্ৰস্তসকলে পাওক, তেওঁলোকৰ প্ৰাপ্যবোৰ কোনোবা পাবত গজা নেতা বা মধ্যভোগীয়ে লৈ নাযাওক। এনেয়ো এই কিছু পাবত গজা নেতা আৰু সংগঠনৰ বাবে অইল, অ'এনজিচি, এন আৰ এল আদি অতীজৰে পৰা একোজনীকৈ খীৰতি গাই।

পুনৰাই সমুহ অসমবাসীলৈ অনুৰোধ - আহকচোন আমি সদ্যহতে অইল বা জন এনাৰ্জিৰ ভুল-ত্ৰুটিৰ পোষ্টমৰ্টেম কৰি থকা বন্ধ কৰি বাঘজান-৫ ক্ষান্ত হোৱালৈ প্ৰাৰ্থনা কৰোঁ‌। অইলৰ অভিযন্তা-কৰ্মচাৰীসকলক এটা পজিটিভ মনোভাৱেৰে বলিয়া খাদটো বন্ধ কৰিবলৈ কাম কৰিবলৈ এটা পৰিবেশৰ সৃষ্টি কৰোঁ। বাঘজানলৈ কিঞ্চিৎ হ'লেও স্বাভাৱিকতা ঘুৰি আহক, তাৰপিছত আমি পোষ্টমৰ্টেম কৰিম।

বিশেষ সংযোজনঃ
১) মধ্যপ্ৰাচ্যৰ ড্ৰিলিঙৰ অভিজ্ঞতাৰ পৰা কৈছো - মধ্যপ্ৰাচ্যৰ প্ৰায়বিলাক অপাৰেটৰ কোম্পানী (কুৱেইট অইল কোম্পানী, কাটাৰ গেচ, চৌডি-আৰামকো, পেট্ৰলিয়াম ডেভেলপমেণ্ট ওমান) আদিয়ে যোৱা দুবছৰমানৰ পৰা ব্ল'-আউটৰ পৰা হাত সাৰি থাকিবলৈ ব্ল'-আউট কণ্ট্ৰলৰ বিশেষজ্ঞ কোম্পানী (ৱাইল্ড ৱেল কণ্ট্ৰল, বুটচ এণ্ড কুটচ) আদিৰ লগত এক বিশেষ বুজাবুজিত চহী কৰিছে। সেই চুক্তি (contract) অনুসৰি, এই বিশেষজ্ঞ কোম্পানীৰ দুজন বিশেষজ্ঞ বছেৰেকৰ প্ৰত্যেকটো দিনতে সেইখন দেশত উপলব্ধ থাকে। ব্ল'-আউট নহ'লেও তেওঁলোকে কোম্পানীবোৰৰ সকলো ৰিগৰ ব্ল'-আউট কন্ট্ৰলৰ সঁ‌জুলিবোৰৰ নিয়মীয়া নিৰীক্ষণ আৰু টেষ্টিঙ কৰে, যাতে ব্ল'-আউটৰ দৰে পৰিস্থিতি আহিলে এই খুব দৰকাৰী সঁ‌জুলিবোৰৰ কোনো কাৰিকৰী অসুবিধা নাহে। লগতে তেওঁলোকে ড্ৰিলিং প্ৰগ্ৰেমবোৰত সম্ভাৱ্য ব্ল'-আউট প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় পৰামৰ্শসমূহ আগবঢ়ায়। 

অইল আৰু অ'এনজিচিৰ কতৃপক্ষলৈ অনুৰোধ, এনেকুৱা এখন চুক্তি অইল আৰু অ'এনজিচি মিলি এনেকুৱা এক্সপাৰ্ট টিম এটাৰ লগত কৰিব পৰা যায় নেকি চিন্তা কৰিব পাৰে। অন্তত অইল আৰু অ'এনজিচিৰ মাজত বছেৰেকৰ প্ৰত্যেকটো দিনতে যদি এনে টিমবোৰৰ এজন এক্সপাৰ্ট থাকে অসমত, তেন্তে হয়তো আমি ১৩-১৪ দিন বিশেষজ্ঞৰ বাবে অপেক্ষাত থাকিব নালাগিব। 

ময়ো জানো, এইটো আৰ্থিক দিশৰ পৰা অলপ খৰচী কথা। অনুমান কৰা মতে, বাঘজানৰ ঘটনাটোত অইলৰ প্ৰায় এহেজাৰ কোটিৰো অধিক টকাৰ প্ৰয়োজন হ'ব। গতিকে সাতে-পাঁ‌চে গুণি অইল আৰু অ'এনজিচি মিলি ইমানকণ ফাইনেঞ্চিয়েল ৰিস্ক হয়তো ল'ব পাৰে। অৱশ্যে সেই বিশেষজ্ঞ টিমৰ কোনোবা উপস্থিত থাকিলেই ব্ল'-আউট নহ'ব বুলি আশা কৰাটো মুৰ্খামি হ'ব, সম্ভাৱনীয়তা কমিব বুলি ক'ব পাৰি। 

২) অনুসন্ধানকাৰী সংস্থা কেইটালৈ অনুৰোধ: ইতিমধ্যে পৃথিৱীৰ সমগ্ৰ ড্ৰিলিঙ কোম্পানীলৈ বাঘজানৰ ঘটনাৰ বিষয়ে প্ৰাৰম্ভিক চেফটি এলাৰ্ট গৈছে, মোৰ কোম্পানীৰ ফালৰ পৰাও মই পাইছো। আপোনালোকলৈ অনুৰোধ, কেৱল মাত্ৰ অনুসন্ধানৰ খাতিৰত অনুসন্ধান নকৰি দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণটো বিচাৰি উলিয়াওক। আপোনালোকৰ প্ৰতিবেদনৰ পৰাই সমগ্ৰ পৃথিৱীৰ ড্ৰিলিঙ কোম্পানীবোৰলৈ ঘটনাটোৰ সম্ভাৱনীয় কাৰণবোৰ যাব। এনেকুৱা ধৰণৰ ঘটনা যাতে অকল অসম কিয়, সমগ্ৰ পৃথিৱীতে যাতে নঘটে তাৰ বাবে আপোনালোকৰ অনুসন্ধানৰ তথ্যখিনি অতীৱ প্ৰয়োজন হ'ব, যাতে আন কোম্পানীবোৰে ইয়াৰ পৰা শিক্ষা লৈ তেনে ভুল নকৰে। 

সেইয়ে অনুৰোধ, চৰকাৰী মেৰ-পেঁ‌চৰ আওঁ‌তাত নোসোমাই এটা পক্ষপাতদুষ্ট নোহোৱা এক প্ৰতিবেদন (Report)দাখিল কৰক, যাতে তাৰ পৰা পোৱা শিক্ষাই (Lesson learnt) আকৌ এনেকুৱা ঘটনা পৃথিৱীৰ কোনো দেশত হোৱাত প্ৰতিবন্ধকতা লগাব পৰা যায়। অসুবিধা কিছু থাকিব, সেইটো আমিও বুজিছো। তথাপি আশা ৰাখিছো আৰু ৰাখিম। 

অইল বা এন আৰ এলৰ প্ৰতি সকলো অসমীয়াৰ এটা দুৰ্বলতা আছে, কিয়নো সদায় এনেকুৱা অনুভৱ হয় যে এই অনুষ্ঠান দুটা আমাৰেই। কৰ্মচাৰীৰ পৰা বিষয়ালৈ, প্ৰায় সকলো আমাৰ অসমীয়া। 

বিপদৰ সময়ত অইল বা এন আৰ এল আমাৰ লগত সদায় থাকে। অসমৰ আৰ্থসামাজিক ক্ষেত্ৰখনত অইল ইণ্ডিয়াই সদায় সহায় কৰি আহিছে। অইল ইণ্ডিয়া আজি বিপদত। আহকচোন, এই বিপদৰ সময়ত আমিয়ো অইলৰ কাষত থিয় হওঁ‌। এজন অসমীয়া আৰু এজন ড্ৰিলিঙ প্ৰফেচনেল হিচাপে মই আজি অইলৰ ইণ্ডিয়াৰ পক্ষে আছো।
--------------------------------
কুৱেইট অইল কোম্পানীৰ ড্ৰিলিং ইঞ্জিনিয়াৰ ৰণ্টুমণি দত্তৰ এই লেখাটি 'দৈনিক অসম' কাকততো প্ৰকাশ পাইছে। ইউনিকোডত Google searchable content হিচাবে সংৰক্ষণৰ বাবে অসমীয়াৰ সুখ-দুখত পুনৰ প্ৰকাশ কৰা হৈছে।

----------------------

সম্পাদকৰ সংযোজনঃ 

তলৰ ভিডিঅ'ত ৱৰ্ক-অভাৰ অপাৰেচনৰ সময়ত হোৱা ব্ল-আউটৰ ঘটনাক ৰিগৰ কৰ্মীয়ে সফলতাৰে নিয়ন্ত্ৰণ কৰাৰ ভিডিঅ' দেখুওৱা হৈছে। এই ভিডিঅ'ই দৰ্শায় যে তৈলখাদৰ ড্ৰিলিং আৰু ৱৰ্ক-অভাৰ ৰিগৰ কৰ্মীয়ে কিমান বিপদ সংকুল অৱস্থাতো নিজৰ দায়িত্ব পালন কৰে।

No comments:

Post a Comment