প্ৰৱন্ধঃ মহাকাশ যাত্ৰাৰ টিকট দিয়া বিস্ময়কৰ এল'ন মাক্স :: সঞ্জীত কুমাৰ বৰদলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ মহাকাশ যাত্ৰাৰ টিকট দিয়া বিস্ময়কৰ এল'ন মাক্স :: সঞ্জীত কুমাৰ বৰদলৈ

প্ৰৱন্ধঃ মহাকাশ যাত্ৰাৰ টিকট দিয়া বিস্ময়কৰ এল'ন মাক্স :: সঞ্জীত কুমাৰ বৰদলৈ

Share This
যোৱা ৩০ মে' দিনটো বিশ্ববাসীৰ বাবে এক বিশেষ দিন হিচাপে পৰিগণিত হ’ল৷ এই দিনটোতে "নাছা (NASA) ৰ কেনেডী স্পেছ ষ্টেচনৰ পৰা "Space X 9 ৰকেটে দুগৰাকী মহাকাশচাৰীক লৈ অন্তৰীক্ষলৈ উৰা মাৰিলে৷ এই ঘটনা এই বাবেই ঐতিহাসিক যে ইয়েই হৈছে নাছা ৰ যোগেদি বিশ্বৰ প্ৰথমটো ব্যক্তিগত কোম্পানীৰ ৰকেট প্ৰক্ষেপনৰ সম্পৰীক্ষা ৷ ইয়াৰ যোগেদি Space X ৰ মালিক এল’ন মাক্সে এক নতুন ইতিহাস খোদিত কৰিলে৷নিসন্দেহে মানুহৰ মহাকাশ অভিযানৰ ইতিহাসত ই এক মাইলৰ খুটি হিচাপে পৰিগণিত হ’ব৷ বিশ্বৰ কেইবাগৰাকী ধনকুবেৰ মহাকাশ অভিযানৰ ক্ষেত্ৰ খনৰ স’তে বিভিন্ন প্ৰকাৰে জৰিত হৈ আহিছে যদিও কোনেও এল’ন মাক্সৰ দৰে সাহস দেখুৱাব পৰা নাছিল৷ এল’ন মাক্সে কেবল সপোন দেখা নাছিল,সপোনক যোৱা ৩০ মেৰ দিনা তেওঁ বাস্তৱত ৰূপায়িত কৰি সমগ্ৰ বিশ্ববাসীক গৌৰাৱাম্বিত আৰু চমকৃত কৰি তুলিলে৷
 
এলেন মাক্স এইদৰে পুনৰ চৰ্চিত হৈ পৰাৰ লগে লগে মই মেলি লৈছিলোঁ মিছিঅ কাকুৰ(Michio Kaku)ৰ শেহতীয়া বহু সমাদৃত 'দি ফিউচাৰ অব হিউমিনিটি’ গ্ৰন্থ খন৷ মানুহৰ মহাকাশ অভিযানৰ প্ৰায় সকলোবোৰ তথ্য,প্ৰসংগক অতি আকৰ্ষণীয়কৈ বিস্তৃত ভাবে তুলি ধৰা মিছিঅ কাকুৰ উক্ত গ্ৰন্থ আক্ষৰিক অৰ্থতে অসাধাৰণ আৰু চিন্তা উদ্ৰেককাৰী৷ এই গ্ৰন্থত কাকুৱে মাক্সৰ প্ৰসংগত প্ৰায় চাৰিটা পৃষ্ঠা লিখিছে৷ সি যি হওক,মিছিঅ কাকুৱে এল’ন মাক্সৰ প্ৰসংগত দৃঢ়তাৰে লিখিছে-“Elon Musk is a bit of a maverick,entrepreneur with a cosmic mission:to build the rockets that one day will take us to Mars.Tsiolkovsky,Goddard,an Von Braun all dreamed of going Mars,but Musk may actually do it.In the process,he is breaking all the rules of the game.


Arrest me! Elon Musk defies county as Tesla makes electric cars ...

"যি সকলে এল’ন মাক্সৰ খৱৰ ৰাখিছে তেওঁলোকে জানে যে এল’ন মাক্স বৰ্তমান সময়ৰ এক বিৰাট বিস্ময় স্বৰূপ,নিসন্দেহে মাক্স এজন জিনিয়াচ৷একেধাৰে এল’ন মাক্স এগৰাকী বিজ্ঞানী,ৰকেট নিৰ্মাতা,ব্যৱসায়ীক টাইকুন৷ ১৯৭১চনত জন্ম হোৱা দক্ষিণ আফ্ৰিকাৰ এল’ন মাক্স বৰ্তমান আমেৰিকা আৰু কানাডাৰ নাগৰিক৷ মাত্ৰ ৪৯বছৰীয়া জীৱন কালতে এল’ন মাক্স এগৰাকী কিংবদন্তী হিচাপে পৰিচিত হৈ পৰিছে৷শৈশৱতে তেওঁ মহাকাশত ঘুৰি ফুৰাৰ সপোন দেখিছিল৷পিতৃ আছিল এগৰাকী অভিযন্তা৷ 


সেই সূত্ৰে এল’ন মাক্সে অনুপ্ৰেৰণা পাইছিল আৰু পৰবৰ্তী সময়ত তেওঁ মানুহক অন্যগ্ৰহত বাস কৰিব পৰাকৈ উপযুক্ত কৰি তোলাৰ সপোনত বিভোৰ হৈ পৰে৷ ৰকেটৰ প্ৰতি এল’ন মাক্সৰ আগ্ৰহ অসীম৷ ৰকেটৰ উপৰিও তেওঁৰ আন দুটা আগ্ৰহ বা পচন্দ হৈছে কম্পিউটাৰ আৰু ব্যৱসায়৷দহ বছৰ বয়ষতে এল’ন মাক্সে কম্পিউটাৰ প্ৰগেমিং কৰি১২ বছৰ বয়ষত "ব্লাস্টাৰ" নামৰ ভিডিঅ গেম তৈয়াৰ কৰি ৫০০ ডলাৰত বিক্ৰী কৰিবলৈ সক্ষম হৈছিল৷ সোতৰ বছৰ বয়সত তেওঁ কানাডালৈ আহে আৰু তাৰ পৰাই পদাৰ্থ বিজ্ঞানত স্নাতক হয়৷প্ৰায়োগিক পদাৰ্থ বিজ্ঞানৰ পি এইচ ডি কৰিবলৈ আহোতেই এল’ন মাক্সৰ জীৱনৰ গতিপথ সলনি হয়৷ মাত্ৰ দুমাহতে তেওঁ বিশ্ববিদ্যালয়ৰ আতৰি আহি ব্যৱসায়ত মনোনিৱেশ কৰে৷দোপতদোপে উন্নতি কৰি এল’ন মাক্সে Space X আৰু Telsa Motors নামৰ কোম্পানী গঢ়ি এল’ন মাক্স আজিৰ তাৰিখত ৩৬.৫ বিলিয়ন ডলাৰৰ সাম্ৰাজ্যৰ মালিক৷বহুতে এল’ন মাক্সক "আইৰন মেন’ৰ alter ego টনী স্টাৰ্ক(Tony Stark)ৰ স’তে তুলনা কৰে৷ মাক্সৰ উদ্ভাৱন ফেলকন ৰকেটৰ নামকৰণ স্টাৰৱাৰৰ পৰা কৰা হৈছিল৷

শেহতীয়া ফেলকন ৰকেটত দুগৰাকী মহাকাশচাৰী গৈছে৷ তেওঁলোক হৈছে-Bob Behnken আৰু Doug Hurley. তলৰ ছবিখন ড’গ হাৰ্লিক তেওঁৰ পৰিয়ালে বিদায় দিয়াৰ মুহূৰ্ত) Space Xৰ যোগেদি ফেলকন ৰকেট ৯ ৰ ড্ৰেগন স্পেচ ক্ৰাফ্ট উৎক্ষেপনৰ মুহূৰ্ত বিশ্ববাসীৰ লগতে স্বাভাৱিকতে এল’ন মাক্সৰ এক দীৰ্ঘদিনীয়া সপোন ৰূপায়ণৰ এক অবিস্মৰণীয় মুহূৰ্ত৷মহা শূন্যলৈ গতিকৰা মাক্সে তেওঁৰ সপোন বাস্তৱ হোৱাৰ সেই মুহূৰ্তত কৈছিল- “I think it was an argument that the returns is more dangerous in some ways than the ascent,So in order to declare victory yet,we need to bring them home safely and make sure that we are doing every things we can do minimize that risk of reentry and returns.'

মহাকাশ অভিযানত ব্যক্তিগত খণ্ডক জড়িত কৰাটো কিমান সমীচীন সি এক বিচাৰ্য বিষয়৷ ইয়াৰ সপক্ষে বিপক্ষে যুক্তি দাঙি ধৰি মিছিঅ' কাকুৱে প্ৰশ্ন তুলিছে '...Can this combination of private funds and government financing pave the way to the heavens? এই প্ৰশ্নৰ সঠিক উত্তৰ পাবলৈ আমি কিছুদিন অপেক্ষা কৰিব লাগিব৷অন্যগ্ৰহত মানুহৰ বসতি স্থাপন তথা মহাকাশত কেন্দ্ৰ গঠন কৰি মানুহে পৰিভ্ৰমণ কৰাৰ হেপাহক অদূৰ ভৱিষ্যতে পূৰণ কৰাৰ ক্ষেত্ৰত এল’ন মাক্স বহুখিনি আগবাঢ়ি গ’ল৷ এনে কাম কেবল এল’ন মাক্সৰ দৰে স্বপ্নদ্ৰষ্টা লোকৰ বাবেহে সক্ষম৷

No comments:

Post a Comment