(১)
গণ-মাধ্যম বৌদ্ধিক দুৰ্ভিক্ষত ভূগিছে নেকি?
ভাৰতীয় গণ মাধ্যম যোৱা কিছুবছৰৰ ভিতৰত এনেদৰে পচন আৰম্ভ হল যে এতিয়া আৰু কোনো উপায়েৰে এই পচনৰ পৰা ৰক্ষা কৰাটো সম্ভব নহয়। ভাৰতীয় গণমাধ্যমৰ এতিয়া আৰু কোনো গণতান্ত্ৰিক চৰিত্ৰ নাই। আগেয়ে বেছিভাগ ডাঙৰ বাতৰি কাকত টেলিভিছন মালিক পক্ষক সুৰক্ষিত ৰাখিবলৈ মালিকৰ বাবে পক্ষপাতিত্ব কৰিছিল। এতিয়া এইবিলাক বাতৰি কাকত টেলিভিছনে প্ৰত্যক্ষ ভাবে শাসকীয় পক্ষৰ সকলোধৰণৰ সুৰক্ষাৰ বাবে পক্ষপাতিত্ব কৰে অতি নিৰ্লজ্জ ভাবে। গণমাধ্যম ৰ গণতান্ত্ৰিক চৰিত্ৰ বৰ্তাই ৰাখিব খোজা সাংবাদিক সকলক পৰোক্ষভাৱে নিৰ্যাতন আৰু চাটাই কৰে ।
চৰকাৰী পক্ষত থাকি নিৰ্লজ্জ ভাবে শাসকীয় পক্ষৰ বন্দনা কৰা এই সকল গণমাধ্যম ৰ মূল কাৰণটো হ'ল ধন। চৰকাৰে বিজ্ঞাপনৰ নামত প্ৰত্যক্ষ ভাবে আৰু অন্যধৰণেও পৰোক্ষভাৱে ধনৰ যোগান ধৰে। জনসাধাৰণ পাঠক সমাজ বা আইনৰ প্ৰতিষ্ঠান সমূহকো ভয় লাজ একো খাতিৰ নকৰে কাৰণ তেওঁলোকে ২৪ ঘন্টাই শাসকীয় পক্ষৰ পৰা সুৰক্ষা লাভ কৰে।
ৰাজনৈতিক দল সমূহে বিশেষকৈ শাসনত থকা দলটোৱে বিভিন্ন প্ৰকাৰে দান বৰঙণি উপঢৌকন প্ৰদান কৰাৰ ব্যৱস্থা ৰাখে। চৰকাৰৰ কোলাত বহি চৰকাৰৰ সৈতে দৈ মিঠৈ হৈ থকা মাধ্যমৰ সম্পাদক সাংবাদিক মালিক পক্ষই পৰোক্ষ অথবা প্ৰত্যক্ষ ভাবে ব্যক্তিগত সুবিধা লাভ কৰে।
তাৰ মাজতো বৌদ্ধিক চিন্তাৰ প্ৰায় বিলাক গণ মাধ্যমৰ অৱস্থা বেয়া হৈ আহিছে আৰু এখন দুখনকৈ লাহে বন্ধ হৈ যাব ধৰিছে। গণতন্ত্ৰ ৰ চতুৰ্থ স্তম্ভত এতিয়া ভয়ানক ভাবে মাৰাত্মক ভাবে ঘূণে ধৰি ফোপোলা কৰিছে। অগণতান্ত্ৰিক অচেতন অবৌদ্ধিক আৰু শাসকীয় দলৰ নিৰ্দেশত চলা মাধ্যম সমূহৰ বাণিজ্য বাঢ়িছে।
একাংশই শাসক পক্ষৰ জয়গান গাইছে হকে বিহকে। আন বিলাকে জনসাধাৰণৰ মাজত অবৌদ্ধিক চিন্তা আৰু অন্ধবিশ্বাস তথা ধৰ্মীয় চেতনা বৃদ্ধি কৰিবলৈ ৰামায়ণ মহাভাৰত মহাদেৱ শ্ৰীকৃষ্ণৰ কাহিনীৰ ৰংচঙীয়া প্ৰচাৰ আৰম্ভ কৰিছে। এইবিলাক চাই সাধাৰণ জনগণ বিমোহিত হৈ যুক্তি চিন্তাৰ পৰা দূৰলৈ গৈছে। তথাকথিত ভাবে বিখ্যাত সম্পাদক সকলে ব্যক্তিগত মুনাফাৰ লক্ষ্য উদ্দেশ্যে আগত ৰাখি গণমাধ্যম চলাই আছে মালিকৰ নিৰ্দেশ মতে। তেওঁলোকৰ মুখা বিলাক সহজে খোল খোৱাৰো সম্ভাৱনা নাই। এতিয়া এক বৌদ্ধিক দুৰ্ভিক্ষৰ সময়। সময় আহিছে গণতান্ত্ৰিক চিন্তাৰ বিপদৰ।
(২)
তলা বন্ধ সাহিত্যঃ স্বাধীনতাৰ পৰা গোলামীলৈ
দুনিয়াখনত প্ৰায় তিনিমাহে তলাবন্ধ। সদাগৰ বেপাৰী বাবু মহৰী ডাঙৰ মানুহ সৰু মানুহ সকলোৱেই ঘৰৰ ভিতৰত। যাৰ ঘৰ নাই সেই সকলো ফুটপাথ, বস্তিৰ বাঁহত সোমাই আছে। এয়াৰ কণ্ডিচন ছপিং মল, জিম, চিনেমা ৰেষ্টুৰা ধাবা সকলো বন্ধ। নিচা খাই জীয়াই থকা সকলৰো লকডাইনত অৱস্থা বেয়া। উইড্ৰৱেল চিন্ড্ৰমত ভূগি হাস্পাতালত। ভাত দালী আলুপিটিকাই ঠাই লৈছে ধুনীয়া ডাইনিং টেবুলত। এইকেইদিন গাঁৱৰ পোহাৰী বাইদেউ সকলৰ ভাল হৈছে। পাচলিৰ দোকান বুলি কবলৈ সেইকেইখনেই। খুতৰা ঢেকীয়া কচু ঠোৰৰ দাম বাঢ়িছে। নগৰ অঞ্চলতো বাটৰ দাতিৰ লেতেৰা ঠাইত গজি থকা কচু খুতুৰা এতিয়া জাতত উঠিছে।
পৃথিৱীখন এতিয়া ওলট পালট হৈছে। কাৰো কতো অঙ্ক নিমিলা হৈছে। প্ৰৱল প্ৰতাপী সাম্ৰাজ্যবাদী দেশৰ অৱস্থা পানীত হাঁহ নচৰা। উন্নত ধনী দেশ হোৱাৰ অহঙ্কাৰ মাটিত মিহলি হৈছে। সৰু সৰু দুখীয়া দেশ কিছুমান এতিয়াও মহামাৰীৰ পৰা বাচি আছে। ধনী দেশে দুখীয়া দেশক সহায় কৰাৰ নামত লুটিছিল। এতিয়া সৰু সৰু দুখীয়া দেশে ধনী সাম্ৰাজ্যবাদী দেশলৈ সহায় আগ বঢ়াইছে। কথা বিলাক হঠাতে যেন ওলট পালট হৈছে।
আগতে মানুহ বিলাকে বিদেশী সামগ্ৰী, বিদেশী চাকৰি, বিদেশৰ সম্পৰ্কীয় মানুহ, আনকি দেশৰ ভিতৰতে থকা দিল্লী মুম্বাই বাংগালোৰ আদি মহানগৰীত থকা, যিয়েই নহওক কিবা এটা চাকৰি কৰা সকলক লৈ কৈ ভাল পাইছিল। এতিয়া সেই কথা বিলাক সুখৰ পৰা দুখলৈ ৰূপান্তৰিত হৈছে। বিদেশৰ বহুত লোক বিপদত পৰিছে। বিদেশী কোম্পানীৰ চাকৰি যাও যাও হৈছে। দেশৰ ভিতৰতে ডাঙৰ মহানগৰীত কাম কৰা একাংশ বিপদত পৰিছে। ঘৰৰ মানুহ গাৱৰ মানুহ ঘৰলৈ গাৱলৈ ঘুৰি আহিব বিচাৰিছে। কথা বিলাক যেন সঁচাই ওলোটা হৈ পৰিছে।
কটন কলেজ গুৱাহাটী বিশ্ববিদ্যালয় আদি উচ্চ শিক্ষানুস্থান বিলাক নাথাকোতে অসমৰ উচ্চ শিক্ষা প্ৰয়াসী লোক সকল কলিকতা দিল্লী লণ্ডন আমেৰিকা আদিলৈ পঢ়িবলৈ গৱেষণা কৰিবলৈ গৈছিল। আজিকালি কলিকতা দিল্লীৰ দৰেই উচ্চ শিক্ষাৰ অনুষ্ঠান অসমতো হৈছে। কিন্তু তথাপিও ভাল উন্নত শিক্ষা বিচাৰি ছাত্ৰ ছাত্ৰী সকল বাহিৰলৈ যায়। আগতে অন্ততঃ স্কুলত পঢ়িবলৈ বাহিৰলৈ নগৈছিল। আজিকালি বহু ধনীলোকে স্কুলীয়া শিক্ষা দিবলৈও বাহিৰলৈ পঠিয়াই দিয়ে। আনকি টিউছন কৰিবলৈকো বাহিৰলৈ পঠিয়াই দিয়ে। এইবাৰ এনেদৰে বাহিৰলৈ স্কুল কলেজ বিশ্ববিদ্যালয় টিউচন চেন্টাৰ আদিত পঢ়িবলৈ টিউছন কৰিবলৈ যোৱা ছাত্ৰ ছাত্ৰী সকলক ঘৰলৈ ঘুৰাই আনিবলৈ চৰকাৰে বহুত ধন খৰচ কৰিব লগা হৈছে। তেওঁলোকৰ বাবে যাতায়তৰ সু ব্যৱস্থা কৰিবলৈ চৰকাৰো তৎপৰ হৈছে। বাহিৰত পঢ়াশুনা কৰা মানেই আধ্যবন্ত।
বাহিৰলৈ শ্ৰমিক হ'বলৈ যোৱা সকলৰ অৱস্থা বৰ বেয়া। আহিবলৈ উপায় নাই। উপাৰ্জন নাই। খাবলৈ নাই। কোনো কোনোৱে ২০০০ কি মি খোজ কাঢ়ি হ'লেও ঘৰলৈ আহিছে। কি ভয়ানক অৱস্থা। কি ভয়ংকৰ অসমতা। কাৰো বাবে বিলাসী বাহনৰ সুবিধা আৰু কাৰো বাবে খোৱা থকাৰ অসুবিধা। তাৰোপৰি ভুতৰ ওপৰত দানৱৰ দৰে নিৰ্যাতন।
আমি মেট্ৰিক পৰীক্ষা দিয়াৰ সময়ত গাঁৱত মেট্ৰিকুলেচন পৰীক্ষাৰ চেন্টাৰ নাই। মহানগৰীৰ স্কুলত পৰীক্ষা দিবলৈ আহিছিলো। তেতিয়া দৈনিক অহা-যোৱা কৰিব পৰাকৈ বাছৰ ব্যৱস্থা নাই। গতিকে মহানগৰীৰ মেছত থাকি নিজে ৰান্ধি বাঢ়ি খাই পৰীক্ষা দিছো। মেট্ৰিক পাছ কৰিলো গাঁৱত কলেজ নাই। আকৌ মহানগৰীৰ জীৱন। যিদিনা কলেজ আৰম্ভ হ'ব সিদিনা পুৱাতে কান্ধত ওলোমাই লোৱা মোনা এখনত দুখনমান কিতাপ বহী দুজোৰ কাপোৰ লৈ বাহিৰে বাহিৰে কলেজলৈ গলো। তেনেকৈয়ে ক্লাছ কৰিলো। তাৰ পিছত থকা ঠাইৰ অনুসন্ধান কৰি চিনাকি এঘৰত থাকি এসপ্তাহৰ ভিতৰতে মেছ ঠিক কৰি মেছলৈ আহিলো। নিজে ভাত ৰান্ধি একেটা কোঠাতে তিনিজনকৈ থাকি পঢ়া শুনা কৰিলো। তাৰ মাজে মাজে ঘৰলৈ যাব লাগে ঘৰুৱা দায়িত্ব ল'বলৈ। এনেকৈ য়ে পঢ়াশুনা কৰিলো। স্কুলত পঢ়া সময়তো সকলো কাম কৰিব লাগিছিল। গৰু চৰোৱা, খৰি লুৰা, খেতি কৰা, মাছমৰা, বজাৰলৈ বস্তু বেছিবলৈ নিয়া সকলো কামেই কৰিছিলো। কৰিব লাগিছিল। সৰুতে নিচেই পুৱাতে উঠি পাহাৰলৈ গৈছিলো খৰি কাটিবলৈ। গেছৰ কথা নাই। কেৰচিন কেৱল লেম্প চাকি জলাবৰ বাবেহে। ঘৰত বহুত খৰি লাগে। সকলো খৰি নিজে সংগ্ৰহ কৰিছিলো। ঘৰত হালোৱা আছে। পাহাৰৰ পৰা আহিয়েই পথাৰলৈ হালোৱাৰ বাবে জলপান লৈ যাব লাগে। কেতিয়াবা জাল খনো লৈ যাও। পথাৰৰ দোঙত বা বিলত মাছ মাৰি মাছ লৈ আহো। তাৰপিছত স্কুল। স্কুলৰ পৰা আহি আকৌ গৰু আনিবলৈ যোৱা। তাৰ মাজতে গৱৰ লাইব্ৰেৰী লৈ গৈ পঢ়িবলৈ কিতাপ অনা ইত্যাদি কিমান যে কাম।
আজিকালি গাঁৱৰ বেছিভাগ ল'ৰা ছোৱালী ঘৰৰ দায়িত্ব ল'ব নোখোজে। মাক দেউতাক সকলেও দিব নোখোজে। সৰুৰে পৰা টিউছন মাষ্টাৰ লগাই দিয়ে। ঘৰৰ কুটা এডালো ইফাল সিফাল নকৰে। এতিয়া গাঁৱত গেছ হ'ল ঘৰে ঘৰে। বিজুলী চাকি হ'ল। গধুলি হ'লেই লেম্পৰ চিমনি চাফা কৰি তেল ভৰাই ফিটা ঠিক কৰি পোহৰৰ ব্যৱস্থা কৰাৰ কথা নাই। গৰু নাই গৰু চৰোৱাৰ কথাও নাই। খৰি কাটিবলৈ পাহাৰলৈ যোৱাৰ কথা নাই। স্কুলীয়া ল'ৰা ছোৱালীক পথাৰলৈ পঠিওৱা টো এক প্ৰকাৰৰ বেয়া কথা বুলি ভাবে। মাছ মাৰিবলৈ যাবলৈ এতিয়া মাছো নাই। আনকি ঘৰত পাচলি খেতিও নাই। সকলো বজাৰৰ পৰা কিনা। গাঁৱৰ বজাৰত ওলোৱা পাচলি গাঁৱত উৎপাদন হোৱা নহয়। সেইবোৰ বাহিৰৰ পৰা আহে। কণী মাছ মঙহ চব বাহিৰৰ। যি সকলৰ খেতি মাটিৰ উৎপাদন ভাল তেওঁলোকে ধান বেছি খৰচ চলায়। যি সকলৰ চাকৰি কৰা বা ব্যৱসায় কৰা মানুহ আছে তেওঁলোকৰ চিন্তা নাই। বহুতে দিন হাজিৰা কৰি ঘৰ চলাই। উপায় নাথাকিলে মাটি বিক্ৰী কৰে। এনেকৈ থাকি মেট্ৰিক বি এ, এম এ কৰাৰ পিছতো চাকৰি বাকৰি নাপালে বাহিৰলৈ যায় । যি কোনো কাম কৰি জীবিকা নিৰ্বাহ কৰে। এক পৰনিৰ্ভৰ অৰ্থনীতি, সমাজ সংস্কৃতি।
লকডাউনৰ বিপৰ্যয়ৰ পিছত এতিয়া সেইসকল লোক ঘৰলৈ আহিব বা আহিছে। আহিবলৈ বাধ্য।হয়তো আকৌ সেইবিলাক চাকৰি নাথাকিবও পাৰে। আকৌ তালৈ ঘুৰি যাব নোৱাৰিব পাৰে। হাল বাই খেতি কৰিবলৈও নিশিকিলে। ব্যৱসায় কৰিবলৈও নিশিকিলে। ঘৰতো উপাৰ্জনৰ পথ নাই। চাকৰিও নোহোৱা হ'ল।
এই ভয়ানক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত হয়তো খাদ্য সামগ্ৰী ৰ অভাৱ হ'ব পাৰে। এক ধৰণৰ সামাজিক বিশৃংখলতাৰ সৃষ্টি হ'ব পাৰে। হয়তো এক প্ৰকাৰৰ আকাল দুৰ্ভিক্ষ হ'ব পাৰে। কথা বিলাক লাহে লাহে জটিল হৈ পৰিছে। সমস্যা আমি নিজে সৃষ্টি কৰিছো। আমি চাকৰি মূখী হলো। শিক্ষা বিলাক ডিগ্ৰী মূখী হ'ল। ডিগ্ৰী বিলাক স্বাধীন হবলৈ নহ'ল। আজিকালি আমাৰ ল'ৰা ছোৱালী বিলাকে বিজিনেজ মেনেজমেন্ট পঢ়ে। কিন্তু ব্যৱসায় নকৰে। বহুতে হোটেল মেনেজমেন্ট বা টুৰিজিম মেনেজমেন্ট পঢ়ে। বিশ্ববিদ্যালয় অনুদান আয়োগে ৰিটেইল মেনেজমেন্ট পঢ়াবলৈ অনুদান দিছে। বহুতে সহজে চাকৰি পাব বুলি সেই বিষয়ে পঢ়িছে। কোৱা হৈছিল ৱালমাৰ্টৰ দৰে বিশ্ববিখ্যাত ছপিং কোম্পানী আহিব তাতেই চাকৰি হ'ব। এতিয়া এইবিলাক কথা সুদুৰ পৰাহত । সমগ্ৰ বিশ্বতে এক ভয়ানক অৰ্থনৈতিক সংকট। এনেকুৱা সংকটৰ মুখামুখি হ'বলৈ আমাৰ সমাজ, আমাৰ শিক্ষা, আমাৰ অৰ্থনীতি আমাৰ শিক্ষা ব্যৱস্থাই একো নকৰিলে। সাম্ৰাজ্যবাদীৰ নিৰ্দেশত চলা ৰাজনৈতিক অৰ্থনৈতিক সামাজিক সাংস্কৃতিক ব্যস্থাই একোটা জাতিৰ পতন এনেদৰেই আনে।
লেখক গুৱাহাটীৰ বি.বৰুৱা কলেজৰ অধ্যক্ষ ৰূপে অৱসৰপ্ৰাপ্ত।
No comments:
Post a Comment