তাজাখবৰঃ কোভিড-১৯ কেচত ‘মিৰাকল’ : ক'মাৰ পৰা কেনেকৈ কৰোনামুক্ত নৱজাতক? - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

তাজাখবৰঃ কোভিড-১৯ কেচত ‘মিৰাকল’ : ক'মাৰ পৰা কেনেকৈ কৰোনামুক্ত নৱজাতক?

তাজাখবৰঃ কোভিড-১৯ কেচত ‘মিৰাকল’ : ক'মাৰ পৰা কেনেকৈ কৰোনামুক্ত নৱজাতক?

Share This

ব্ৰাজিলৰ পৰা আহিছে এই ভাল খবৰটো। এটি পাঁচ মহীয়া ব্ৰাজিলিয়ান শিশু আক্ৰান্ত হৈছিল কোভিড-১৯ ৰোগত। ‘ডম’ নামৰ শিশুটিক মুঠ ৫৪দিন চিকিৎসা দিয়া হৈছিল আৰু তাৰে ভিতৰত এমাহ ধৰি তেওঁ ভেণ্টিলেটৰত COMA অৱস্থাতে আছিল। কিন্তু অৱশেষত তেওঁ এতিয়া ৰিঅ’ ডি জেনেৰেঅ’ৰ প্ৰ-কাৰ্ডিয়াকো হাস্পতালৰ পৰা অৱশেষত তেওঁ কৰোনা-মুক্ত হৈ ঘৰলৈ উভতিছে। CNN য়ে পৰিবেশন কৰা বাতৰি অনুসৰি, শিশুটিৰ পিতৃ-মাতৃয়ে এই আৰোগ্যক ‘মিৰাকল’ বুলি অভিহিত কৰিছে


প্ৰথমে বেক্টেৰিয়েল ইনফেকচন বুলি দৰৱ দিয়াৰ পাছত ভাল নোহোৱাত দ্বিতীয়খন হাস্পতাললৈ লৈ যোৱাতহে কোৰোনাৰ সংক্ৰমণ ধৰা পৰিছিল। নিকাটাত্মীয়ৰ ঘৰলৈ যাওতেই নৱজাতকলৈ কোৰোনাৰ সংক্ৰমণ হৈছিল বুলি সন্দেহ কৰিছে পৰিয়ালে।  আৰু পাছলৈ শ্বাস প্ৰশ্বাসত গুৰুতৰ অসুবিধাৰ এক প্ৰকাৰ এমাহ ভেণ্টিলেটৰ চাৰ্পটত কমা’ত আছিল নৱজাতকটি। কিন্তু অৱশেষত শিশুটিয়ে চকু মেলিলে। 
ফটোৰ সৌজন্যঃ CNN
লেটিন আমেৰিকাত এবছৰৰ তলৰ নৱজাতক ২৫ টাতকৈ অধিক কোভিড-১৯ত মৃত্যু হোৱাৰ খবৰৰ মাজতে কমাৰ পৰাও সকলোকে আচৰিত কৰি এই পাঁচ মহীয়া ব্ৰাজিলিয়ান নৱজাতকটি শিশুটি সুস্থ হৈ উঠাৰ বাতৰিয়ে আশাৰ সঞ্চাৰ কৰিছে।

No comments:

Post a Comment