মহাৰাষ্ট্ৰ হৈছে দেশৰ সৰ্বাধিক কৰোনা ভাইৰাছ সংক্ৰমিত ৰাজ্য। ৰাজ্যখনৰ বিশালতাৰ লগতে ইয়াৰ জনসংখ্যাও অতি বেছি। ভাৰতৰ বিজনেচ কেপিটেল হিচাবে বিশ্বৰ তথা দেশৰ ভিন্ন প্ৰান্তৰ সৈতে ৰাজধানী মুম্বাইলৈ মানুহৰ আহ-যাহ বেছি। এই পৰিস্থিতিত দেশত হোৱা মহামাৰীজনিত লক-ডাউনৰ পৰিপ্ৰেক্ষিতত নীতি-নিয়ম পালন কৰোৱাৰ ডিউটি কৰি ২৫০০তকৈ বেছি মহাৰাষ্ট্ৰ পুলিচৰ কৰ্মী কোভিড-১৯ৰ পজিটিভ হোৱা বুলি জানিব পৰা গৈছে। তাৰে ভিতৰত ২৯ গৰাকী কনিষ্টবল আৰু এগৰাকী পুলিচ বিষয়াই কোভিড-১৯ত আক্ৰান্ত হৈ প্ৰাণ হেৰুওৱাৰ বাতৰি ইণ্ডিয়ান এক্সপ্ৰেছ কাকতে প্ৰকাশ কৰিছে। তাৰে ভিতৰত ১৮গৰাকী মুম্বাই পুলিচত কৰ্মৰত আছিল।
বৰ্তমান পুলিচ কৰ্মী সকলৰ ভিতৰত ১৫১০টা কোভিড-১৯ পজিটিভ কেচ এক্টিভ হৈ আছে আৰু তাৰে ভিতৰত ১৯১ গৰাকী বিষয়া পৰ্যায়ৰ। মহাৰাষ্ট্ৰ পুলিচৰ অংশ মুম্বাই পুলিচক দেশৰ ভিতৰতে কাৰ্যক্ষম পুলিচ বাহিনী বুলি জনা যায়। মহাৰাষ্ট্ৰ পুলিচ বাহিনীয়ে লক-ডাউনৰ নিয়ম পালন নকৰাৰ বাবে ১,২২,৪৮৪টা কেচ ইণ্ডিয়ান পেনেল কোডৰ ১৮৮ ধাৰাৰ অধীনত ৰুজু কৰাৰ লগতে মুঠ ২৮,৮২০ গৰাকী লোকক গ্ৰেপ্তাৰো কৰিছিল বুলি জনা গৈছে।
দেশৰ বিভিন্ন প্ৰান্তত দিনে-নিশাই মহামাৰীৰ দিনতো এইদৰে ডিউটি কৰি থকা প্ৰতিজন পুলিচ কৰ্মীৰ লগতে ৰাজহুৱা সেৱাত ব্ৰতী ব্যক্তিলৈ 'অসমীয়াৰ সুখ-দুখ'ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছো। যদিও গোটেই দেশত এইদৰে অন-ডিউটি আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা বিভিন্ন পেশাৰ লোকৰ পৰিসংখ্যা মুকলি হোৱা নাই, তথাপি মহামাৰীৰ বিৰুদ্ধে যুঁজত নিজৰ প্ৰাণ আহূতি দিয়া দেশৰ সন্তান প্ৰতিজন শ্বহীদলৈ জনালো একাঁজলি শ্ৰদ্ধাঞ্জলি। প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়াললৈ যাঁচিলো অকুণ্ঠ সহমৰ্মিতাও।
No comments:
Post a Comment