বিশ্লেষণঃ আমেৰিকা জ্বলিছে কিয়? :: ডা° অজিত কুমাৰ পটঙ্গীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ আমেৰিকা জ্বলিছে কিয়? :: ডা° অজিত কুমাৰ পটঙ্গীয়া

বিশ্লেষণঃ আমেৰিকা জ্বলিছে কিয়? :: ডা° অজিত কুমাৰ পটঙ্গীয়া

Share This
 আমেৰিকা জ্বলিছে কিয় ?
ডা° অজিত কুমাৰ পটঙ্গীয়া
“I am asking you, is that what a black man’s life is worth? $20? This is 2020. Enough is enough. The people marching in the streets are telling you enough is enough.”( Philonise Floyd, Late George Floyd’s younger brother before the House Judiciary Committee in USA)
মই বিদ্যালয়ত নপঢ়োতেই আইআইটিৰ পৰা বিটেক কৰি আমেৰিকালৈ গৱেষণা কৰিবলৈ যোৱা বৰ্তমান আমেৰিকাৰ নাগৰিক মোৰ ককাইদেউ এজনে আমি সৰু থকাৰ পৰায়েই আমাক কৈ আহিছিল ক'ৰবাত যদি সৰগ আছে - সেইখন আমেৰিকাই, আৰু বেলেগে সৰগ নাই। মোৰ ব্যক্তিগত অভিজ্ঞতা ভিন্ন হ'লেও প্ৰকৃত আমেৰিকাখন নেদেখা, নুবুজা বহুতো অনুন্নত দেশৰ মানুহৰ বাবে আজিও আমেৰিকা এখন কল্পনাৰ সৰগ। সেই কল্পনাৰ সৰগত এতিয়া পিছে জুই লাগিছে। মানুহৰ ক্ষোভৰ জুই। বৰ্ণ-ধৰ্ম্ম নিৰ্বিশেষে সমগ্ৰ আমেৰিকাৰ জনগণ আজি ক্ষোভিত। 

যোৱা ২৫ মে তাৰিখে আমেৰিকাৰ এক শ্বেতাংগ পুলিছে নৃশংস ভাবে হত্যা কৰে এজন কৃষ্ণাংগ যুবকক। এই ঘটনাক কেন্দ্ৰ কৰি আমেৰিকাৰ দুখীয়া-মধ্যবিত্ত সাধাৰণ মানুহ, বিশেষকৈ খাতিখোৱা নিপীড়িত কৃষ্ণাংগ জনসাধাৰণৰ বুকুত দীৰ্ঘদিন ধৰি পুঞ্জিভূত হৈ থকা শোষণ-বঞ্চনাৰ আগ্নেয়গীৰিৰ আজি বিস্ফোৰণ ঘটিছে।

প্ৰকৃত ঘটনাটো আৰু প্ৰতিবাদ
সেইদিনা মিনিয়াপোলিছৰ কৃষ্ণাংগ যুৱক জৰ্জ ফ্লয়েডক মাটিত বগৰাই পেলাই লৈ ডিঙিত আঠুৰে জোৰে হেচা মাৰি ধৰিছিল স্বেতাংগ পুলিছ ডেৰেক স্বাভিনে। দম বন্ধ হৈ আহিছিল ফ্লয়েডৰ। বাৰে বাৰে ক্ষীণাৰ্ত স্বৰত সেইয়া ক'বলৈ চেষ্টা কৰিছিল তেওঁ। নাক-মুখৰ পৰা তেজ বিয়পি আহিছিল ৰাজপথৰ কংক্ৰিটৰ ওপৰেদি। ওচৰতে চাই থকা মানুহৰ অনুনয় বিনয়লৈকো কান দিয়া নাছিল হত্যাকাৰী পুলিছে। ন মিনিট ধৰি তেনেকৈ ফ্লয়েডৰ ডিঙি চেপি ধৰি ৰাখিছিল সেই দানৱে। অৱশেষত স্বাসৰুদ্ধ হৈ মৃত্যুক সাৱতি ল'লে ফ্লয়েডে।

এই ঘটনা লগে লগে আমেৰিকাৰ চাৰিওফালে বিয়পি পৰে। প্ৰৱল বিক্ষোভত ফাটি পৰে আমেৰিকাৰ বৰ্ণবৈষম্যবিৰোধী জনসাধাৰণ। প্ৰতিদিনে অসংখ্য মানুহৰ উত্তাল বিক্ষোভত উতপ্ত হৈ উঠে আমেৰিকাৰ সৰু ডাঙৰ প্ৰতিখন নগৰ-চহৰৰ গলি আৰু ৰাজপথ। আতংকিত শাসকে ৪০খন নগৰ-চহৰত সান্ধ্য আইন জাৰি কৰে। সমগ্ৰ দেশ জুৰি নমোৱা হয় সেনা। কিন্তু কোনো মানুহেই সেইবোৰলৈ কেৰেপকে নকৰিলে। লাঠি চলাই, কন্দুৱা গেছৰ ছেল দলিয়াই, ঘোঁৰাত উঠা পুলিছ লগাই, জলকীয়াৰ গুৰি স্প্ৰে কৰি, আনকি গুলি চলাইও আমেৰিকাৰ পুলিছ আৰু সেনাই ৰখাব পৰা নাই বিক্ষোভকাৰীসকলৰ উদ্দাম মিছিল। 

ইজিপ্তৰ এগৰাকী শিল্পীৰ তুলিকাত ফ্লইড
যোৱা ২৯ মে তাৰিখে সকলো বাধা অগ্ৰাহ্য কৰি বিক্ষোভকাৰীসকল আনকি ৱাছিংটন ডিছিত থকা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দপ্তৰ আৰু বাসস্থান হোৱাইট হাউছৰ ফালে অগ্ৰসৰ হয়। প্ৰতি মুহূৰ্ত্তত যাৰ ৰণহুংকাৰত সমগ্ৰ বিশ্ববাসী কঁপি উঠে, স্বয়ং সেই ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প মানুহৰ ক্ষোভত আতংকিত হৈ এসময়ত হিটলাৰৰ দৰে মাটিৰ তলৰ বাংকাৰত আশ্ৰয় ল'ব লগা হয়। বাহিৰৰ ৰাজপথত পুলিছৰ সৈতে সংঘৰ্ষত বিক্ষোভকাৰীসকলে চিঞৰি চিঞৰি কয় - "আমাৰো শ্বাসৰুদ্ধ হৈ আহিছে, আমাৰ নৱপ্ৰজন্মই আৰু এনেদৰে পৰি ধৰি জীয়াই থাকিবলৈ ৰাজি নহয়।" 

সমগ্ৰ বিশ্বক গণতন্ত্ৰৰ পাঠ পঢ়োৱা গণতন্ত্ৰৰ স্বঘোষিত চৰ্দাৰ আমেৰিকাৰ প্ৰশাসনতেই যে বৰ্ণবিদ্বেষৰ বিষ সিঁচৰিত হৈ আছে! মাজে মাজে অকাৰণত বা সাধাৰণ কাৰণতে ক'লা মানুহৰ ওপৰত বগা পুলিছৰ বৰ্বৰ অত্যাচাৰ সংবাদমাধ্যমত প্ৰচাৰিত হয়েই থাকে আমেৰিকাত। প্ৰতিবছৰেই ভালেমান আমেৰিকাৰ অশ্বেতাংগলোকৰ মৃত্যু ঘটে - স্বেতাংগ পুলিছৰ হাতত। 

এটা সময়ত সাম্য, মৈত্ৰি, স্বাধীনতাৰে বিশ্বত উন্নতিৰ বতৰা কঢ়িয়াই অনা পুঁজিবাদী গণতন্ত্ৰৰ আদৰ্শৰে আমেৰিকাই ষ্টেচু অৱ লিবাৰ্টি তৈয়াৰ কৰিছিল। আৰু ঘোষণা কৰিছিল - "দুনিয়াৰ শ্ৰান্ত শ্ৰমিক, আমাৰ ওচৰলৈ আহা, আমি তোমাক আশ্ৰয় দিম।" আজি সেই আমেৰিকাৰ মাৰাত্মক সংকটগ্ৰস্ত পুঁজিবাদী শাসকে উগ্ৰ দেশপ্ৰেম, বগাছালৰ মানুহৰ মাজত ছদ্ম জাতীয়তাবাদৰ ঢৌ তুলি খাটিখোৱা মানুহৰ দৃষ্টি আচ্ছন্ন কৰিব বিছাৰিছে। আমেৰিকাৰ কৰ্পোৰেট পুঁজিৰ স্বাৰ্থত ৰাষ্ট্ৰপতি ট্ৰাম্পে তাত ইন্ধন যোগাইছে। সেয়েহে আজি পৰিস্থতি আৰু ভয়াবহ হৈ পৰিছে। আমেৰিকাৰ ক্ৰুৰ শাসকসকলে যিমানেই বেছিকৈ গণতান্ত্ৰীক মূল্যবোধ আৰু চেতনাক হত্যা কৰিব ধৰিছে, সিমানেই জনসাধাৰণৰ মাজত বিক্ষোভ বাঢ়িছে। ট্ৰাম্প প্ৰশাসনে দেশৰ ভয়াবহ বেকাৰ সমস্যা সহ সমস্ত সংকটৰ দায় কৃষ্ণাংগ, হিস্পানিক, অভিবাসী জনসাধাৰণ, যি সকলে আমেৰিকাৰ উন্নয়ণত অভুতপুৰ্ব অৰিহণা যোগাই আহিছে, তেওঁলোকৰ কান্ধত জাঁপি দিব খুজিছে। সেয়েহে দিনে দিনে এই লোকসকলৰ বুকুত পুঞ্জিভুত হৈ আহিছে বিক্ষোভৰ বাৰুদ। দেশৰ শুভবুদ্ধিসম্পন্ন শ্বেতাংগ মানুহসকলেও এই অন্যায় মানি ল'ব পৰা নাই। যোৱা কেইবছৰ ধৰি সেয়েহে বাৰে বাৰে বৰ্ণবৈষম্যবিৰোধী আন্দোলনত উত্তাল হৈ পৰিছে আমেৰিকা। আজি জৰ্জ ফ্লয়েদৰ নৃশংস হত্যাই সেই আন্দোলনৰ উমি উমি জ্বলি থকা জুইত ঘিঁউ ঢালি জোৰকৈ জ্বলি উঠাত সহায় কৰিছে।

প্ৰতিবাদ আৰু ট্ৰাম্প
বাস্তৱতে, অলপ লক্ষ্য কৰি চালেই বুজা যায় যে - শাসকৰ বিৰুদ্ধে এই প্ৰৱল ক্ৰোধৰ কাৰন অকল বৰ্ণবৈষম্যই নহয়, ইয়াৰ পিছত আছে প্ৰচলিত পুঁজিবাদী ব্যৱস্থাত অত্যাচাৰিত, শোষিত সাধাৰণ মানুহৰ অসহ্য জীৱনযন্ত্ৰণাৰ জ্বালা। সাম্ৰাজ্যবাদী দুনিয়াৰ শিৰোমণি আমেৰিকাৰ অৰ্থ আৰু অস্ত্ৰৰ জোৰত ব্যাহ্যিক ভাৱে যিমানেই বিৰত্ব আৰু শ্ব’-বাজি নেদেখুৱাওঁক কিয় পুঁজিবাদী সমাজ ব্যৱস্থাৰ আমোঘ নিয়মতে ভিতৰি ভিতৰি তাৰো ক্ষয় হৈছে। 

আমেৰিকাৰ জনগণ আজি তীব্ৰ অৰ্থনৈতিক আৰু সামাজিক সংকটত বিপৰ্যস্ত। বাঢ়িছে মানুহৰ মাজত বৈষম্য। দেশৰ মুঠ সম্পদৰ ৭০ শতাংশৰেই মালিক মাত্ৰ ১০ শতাংশ মানুহ। একচেটিয়া পুঁজিৰ দপদপনি ক্ৰমাগত বাঢ়ি আহিছে। বৃহ্য বহুজাতিক কৰ্প'ৰেছনবোৰ আৰু বেচিকৈ দৈত্যকায় হৈ উঠিছে। আন হাতেদি শিল্প শ্ৰমিকসকলৰ মজুৰি দিনে দিনে কমিছে। কমিছে কামৰ সুযোগ সুবিধা। কৰ্পোৰেটবোৰে উৎপাদনৰ বাবে আপেক্ষিক অৰ্থত পিছপৰা চীন, ভাৰত, এচিয়া-আফ্ৰিকাৰ বিভিন্ন দেশৰ সস্তিয়া শ্ৰমশক্তি কামত লগাইছে আৰু আউটচৰ্ছিং প্ৰৰ্বতন কৰিছে। ফলত আমেৰিকাৰ শ্ৰমিক কৰ্ম্মহীন হৈ পৰিছে আৰু সৃষ্টি হৈছে সামাজিক বিশৃংক্ষলতা। আনকি কেইবাদশক আগতে এচিয়া, আফ্ৰিকা, লেটিন আমেৰিকা আদিৰ পৰা আহি সেই দেশত বসতি কৰা অভিবাসী শ্ৰমিকসকলক খেদি পঠাব লাগে বুলি এচাম থলুৱা মানুহে বৰ্ণ বিদ্বেষী শ্লোগান উঠাই আছে - ট্ৰাম্প প্ৰশাসনৰ উচটনিত। 

আমেৰিকাত চৰকাৰী পৰিসংখ্যা অনুযায়ী নিবনুৱাৰ সংখ্যা হৈছে ১৮.৭ শতাংশ। বেচৰকাৰী পৰিসংখ্যা মতে ইয়াৰ পৰিমাণ আৰু বহুত বেছি। কৰ্মৰত মানুহৰ মাজত গৰিষ্ট সংখ্যক হৈছে অস্থায়ী কৰ্মচাৰী, আৰু পাৰ্ট-টাইম শ্ৰমিক। সমগ্ৰ বিশ্বত বেপাৰ-বাণিজ্য আৰু আৰ্থিক সুযোগ সুবিধা ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণত কাৰ্য্যত একাধিপত্য, অস্ত্ৰ সৰবৰাহ তথা যুদ্ধ অৰ্থনীতিৰ জৰিয়তে ট্ৰিলিয়ণ ডলাৰৰ বাণিজ্য ইত্যাদি স্বত্বেও ২০০০ চনৰ পৰা আমেৰিকাৰ অৰ্থনীতিত তীব্ৰ সংকট দেখা দিয়ে আৰু ২০০৮ চনত ই সকলো ৰেকৰ্ড অতিক্ৰম কৰি যায়। বৰ্ত্তমান কৰ'নাৰ গ্ৰাসত পৰি এই সঙ্কট ক্ৰমে আৰু জটিলহে হৈ পৰিছে। লাখ লাখ কৰ্ম্মচাৰীয়ে কাম হেৰুৱাইছে আৰু কিছুমানে কাম হেৰোৱাৰ ভয়ত উদ্বেগৰে দিন কটাব লগীয়া হৈছে। কাৰণ আমেৰিকাত বেছিভাগ চাকৰী বেচৰকাৰী ক'ৰ্প'ৰেট সন্থাৰ অধীনত। যি আমেৰিকাৰ জনসাধাৰণ উদ্ভাৱনী শক্তি, কাৰিকৰী উন্নয়ণ, উৎপাদন বৃদ্ধিৰ ক্ষমতা, বিদ্যা-বুদ্ধি, নিষ্ঠা আদি গুণৰ বাবে জীৱন যাত্ৰাৰ মান এসময়ত বিশ্বত সকলোতকৈ উন্নত আছিল, সেই আমেৰিকাত আজি সমগ্ৰ মধ্যবিত্ত শ্ৰেণীৰ অৱস্থা আমাতকৈয়ো পুতৌ লগা। কাৰখানাৰ পিছত কাৰখানা বন্ধ হৈ আছে। 

আমেৰিকা আজি পৃথিবীৰ ভিতৰত আটাইতকৈ ধৰুৱা দেশ যি অকল ঋণৰ ওপৰতে আজি তিষ্ঠি থাকিব লগা হৈছে। আমেৰিকাৰ মানুহৰ মাজত দাবি উঠিছে সম্পদৰ পুনৰ্বন্টনৰ। ওৱাল ষ্ট্ৰিটৰ আন্দোলনত হাজাৰ হাজাৰ ছাত্ৰ-যুবকৰ অংশগ্ৰহণে চকুত আঙুলি থৈ আমেৰিকাৰ নবপ্ৰজন্মৰ ক্ষোভৰ মাত্ৰা দেখুৱাই দিছে। আমেৰিকাৰ কৰ্পৰেটসকলে পাহৰা নাই যে উপযুক্ত নেতৃত্বৰ অভাৱত আমেৰিকাৰ ৱাল ষ্ট্ৰিট দখল আন্দোলন 'অকুপাই ওয়াল ষ্ট্ৰিট'তে আশা কৰা ধৰণে সফলতা লাভ নকৰিলেও জনসাধাৰণ আগতকৈ যথেষ্ট ৰাজনৈতিক ভাবে সচেতন । বৰ্তমান বিশ্ব সাম্ৰাজ্যবাদৰ নেতৃত্বকাৰী দেশ হিচাবে পৰিচিত আমেৰিকাৰ সাম্ৰাজ্যবাদী নীতিৰ বিৰুদ্ধে আমেৰিকাৰ বুদ্ধিজীৱি-মানৱাধিকাৰ কৰ্মীসকল আৰু শ্ৰমজীৱি জনতা আগতকৈয়ো বেছি সোচ্ছাৰ। যি কাৰণে ট্ৰাম্পে জনগণৰ মন স্পৰ্শ কৰিবলৈ কৈ আছে, আমেৰিকাৰ অৰ্থনীতি খুব সোনকালে এক গভীৰ সংকটত পৰিব। মহামন্দা আসন্ন। কথাটো সত্য। আমেৰিকাৰ মানুহে তাৰ লক্ষণ দেখা পাইছে। কিন্ত ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ পথ কি? প্ৰচাৰ কৰা হৈছে কাঢ়া প্ৰশাসক ট্ৰাম্পেই পাৰিব এই মন্দাৰ হাতৰ পৰা আমেৰিকাৰ মানুহক মুক্ত কৰিবলৈ।

আমেৰিকাৰ প্ৰসিদ্ধ পুঁজিবাদী অৰ্থনীতিবিদসকলো আজি গভীৰ সমস্যাৰ সন্মুখীন। বিশ্বজোৰা অৰ্থনৈতিক মন্দা আৰু চৰম সংকট পুঁজিবাদী শিৰোমণি আমেৰিকাত আৰম্ভ হৈ সমগ্ৰ পুঁজিবাদী সাম্ৰাজ্যবাদী বিশ্বক কপাঁই যোৱা ঘটনাৰ ব্যাখ্যা কৰোতেই তেওঁলোকৰ ভাষা প্ৰায় হেৰাই গৈছিল। কাৰন আমেৰিকাৰ অৰ্থনীতিৰ যদি খহনীয়াৰ সৃষ্টি হয় তেনেহ'লে পুঁজিবাদী বিশ্বৰ অন্যান্য ৰাষ্ট্ৰ যিবোৰে সেইখন দেশত বিনিয়োগ কৰিছে, তেওঁলোকে চকুৰে ধোৱা-কোৱা দেখিব। ফলত সমগ্ৰ বিশ্ব জুৰি আজি বৈছে আতংকৰ হিম বতাহ। অকল আমেৰিকাৰে নহয় সমগ্ৰ বিশ্ব কৰ্পৰেটসকলৰ প্ৰৱল প্ৰচাৰ যন্ত্ৰৰ সহায়ত উগ্ৰ আমেৰিকান জাতীয়তাবাদ প্ৰচাৰৰে আমেৰিকাৰ সংকটগ্ৰস্ত অৰ্থনীতিৰ উদ্ধাৰকৰ্তা হিচাবে উপস্থাপিত কৰি ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি পদৰ পুনৰ ক্ষমতাত অধিস্থিত কৰাবলৈ ডনাল্ড ট্ৰাম্পৰ সপক্ষে ব্যাপক প্ৰচাৰ চলোৱা হৈছে। 

আনহাতেদি পুঁজিমালিকৰ শোষণত জৰ্জৰিত আমেৰিকাৰ জনগণৰ এটা ডাঙৰ অংশ আজি হতদৰিদ্ৰ। তেওঁলোকে আজি পেট ভৰাই খাবলৈ আৱশ্যকীয় আহাৰ যোগাৰ কৰিব পৰা অৱস্থাত নাই, থকাৰ ঘৰ নাই, বস্তু-বাহিনী কিনাৰ কোনো সংগতি নাই। নিউৱৰ্ক, ওৱাছিংটন আদিৰ দৰে ডাঙৰ ডাঙৰ নগৰ বিলাকত অসংখ্য মানুহ অত্যন্ত দুৰ্দশাৰ মাজত বাস কৰে। এওঁলোকৰ এটা ডাঙৰ অংশ কৃষ্ণাংগ। তেওঁলোকৰ মাজত এচিয়াৰ পৰা যোৱা শ্ৰমিকসকলো পৰে। সম্প্ৰতি কৰ'না মহামাৰিৰ আক্ৰমণে নগ্ন কৰি দিলে আমেৰিকাৰ ভিতৰৰ এই অন্ধকাৰ চেহেৰাটো। দেখাগ'ল বিমানিৰ্ভৰ বেছৰকাৰী চিকিৎসাৰ বৃহৎ খৰছ বহন কৰাৰ ক্ষমতা নাই বেছিভাগ মানুহৰে। ফলত কৰ'নাৰ আক্ৰমণত প্ৰায় বিনা চিকিৎসাত ইতিমধ্যে লক্ষাধিক মানুহৰ মৃত্যু হৈছে। চৰকাৰৰ কোনো প্ৰতিক্ৰিয়া নাই। কৰ'না সৈতে মোকাবিলা কৰিবলৈ লকডাউন জাৰি কৰিয়েই ট্ৰাম্প চাহাবে হাত ডাঙি দিছে। আমেৰিকাৰ বেকাৰিত্ব আৰু অভাৱৰ জ্বালাত জৰ্জৰিত যুৱকসমাজৰ ওপৰত লকডাউনৰ ফলত নামি আহিছে বেকাৰিত্বৰ আৰু ভয়ংকৰ আঘাত। সকলো মিলি আমেৰিকাৰ খাতিখোৱা সাধাৰণ মানুহে আজি অসহনীয় দুৰ্দশাময় জীৱনৰ সন্মুখীন হ'ব লগা হৈছে। তেওঁলোকৰ বুকুৰ ভিতৰত জ্বলি থকা ক্ষোভৰ উমি উমি জুইকুৰা ফ্লয়েডৰ নৃশংস হত্যাই আজি দাউ দাউ কৈ জ্বলাই তুলিলে। তেওঁলোকৰ এই বিক্ষোভ বাস্তৱতে এই পঁচা-গেলা পুঁজিবাদী ব্যৱস্থাটোৰ বিৰুদ্ধে - যিয়ে তেওঁলোকৰ জীৱন সকলো দিশৰ পৰাই দুৰ্বিহ কৰি তুলিছে।

যিকোনো পুঁজিবাদী সমাজত, লাগে উন্নত বা অনুন্নতয়েই হওঁক, সদায় বৃহং সংখ্যক মানুহক শোষণ কৰি, দুৰ্দশাময় জীৱন ফালে ঠেলি দি, এক ক্ষুদ্ৰ অংশৰ পুঁজিপতিয়ে ধন-সম্পত্তিৰ পাহাৰ গঢ়ে। গতিকে জীৱনৰ কঠিন যন্ত্ৰণাত বাৰে বাৰে জনসাধাৰণে ৰাজপথলৈ আন্দোলন কৰিবলৈ ওলাই আহিবলৈ বাধ্য হয়। মৰণকো নেওচি বিক্ষোভৰ পথত জপিয়াই পৰে, কিন্তু যেতিয়ালৈকে সেই বিক্ষোভ সঠিক নেতৃত্বত সংগঠিত হৈ সম্পদৰ পুনৰ্বন্টনৰ বাবে সমাজবাদী ব্যৱস্থা প্ৰতিস্থাৰ বাবে ঐক্যবদ্ধ গণআন্দোলনৰ গঢ়ি তোলাৰ পথেদি আগনাবাঢ়ে, তেতিয়ালৈকে শ শ সংগ্ৰাম, হাজাৰৰো প্ৰাণদান ব্যৰ্থ হয়। আজি বিক্ষুদ্ধ আমেৰিকাৰ জনসাধাৰণে মাথোন বুজাৰ প্ৰয়োজন সেই কথা। যিদিনা বুজি উঠিব, সেইদিনা আমেৰিকাৰ অৱদমিত শোষিত কৃষ্ণাংগসকলৰ দৰে সকলোৱে ৰাজপথলৈ ওলাই আহি পুঁজিবাদী সমাজ ব্যৱস্থাৰ বিৰুদ্ধে সমস্বৰে গঁৰজি উঠিব - " Enough is Enough." 
(লেখকৰ হোৱাটছআপ: ৯৪৩৫৭০৪০৯০, http://www.drpatangia.com)
লেখাটি নিয়মীয়া বাৰ্তা কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment