তাজাখবৰঃ দিহিং-পাটকাইত কয়লা খননৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত 'ৰাজহুৱা স্বাৰ্থ জড়িত' গোচৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

তাজাখবৰঃ দিহিং-পাটকাইত কয়লা খননৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত 'ৰাজহুৱা স্বাৰ্থ জড়িত' গোচৰ

তাজাখবৰঃ দিহিং-পাটকাইত কয়লা খননৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত 'ৰাজহুৱা স্বাৰ্থ জড়িত' গোচৰ

Share This

গুৱাহাটী উচ্চ ন্যায়ালয়ত কেন্দ্ৰ চৰকাৰে দিহিং-পাটকাইৰ অৰণ্যৰ মাজত কয়লা খননৰ বাবে দিয়া প্ৰাথমিক অনুমোদনৰ বিৰুদ্ধে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন ৰুজু হৈছে। মৃন্ময় খাটনিয়াৰ আৰু অমৰজ্যোতি ডেকাই দাখিল কৰা এই আবেদন ই-কৰ্ট যোগে হব লগা শুনানিৰ বাবে এতিয়াও তালিকাভুক্ত হোৱা নাই। আবেদনকাৰী সকলে ভাৰত চৰকাৰ, কেন্দ্ৰীয় পৰিৱেশ-বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়, অসম চৰকাৰ, মুখ্য সচিব, মুখ্য বন সংৰক্ষক, বন সুৰক্ষা ফৰ্চৰ মুৰব্বী আৰু প্ৰধান মুখ্য-বন সংৰক্ষণ (ৱাইল্ড-লাইফ)ৰ পৰা উত্তৰ বিচাৰি আবেদন কৰিছে। নেচনেল ৱৰ্ড অৱ ৱাইল্ড লাইফ, ষ্টেট বৰ্ড অৱ ৱাইল্ড লাইফ, COAL INDIA LTD. আৰু এই সংস্থাৰ মুখ্য-মহা প্ৰৱন্ধককো এই পদকীয়া হিচাবে বিচাৰিছে। 

এই আবেদনত দিহিং পাটকাই বৰ্ষাৰণ্যৰ জৈৱবৈচিত্ৰ্যৰ গুৰুত্বৰ কথা তুলি ধৰা হৈছে আৰু কয়লা খনন শালেকি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত ২০০৩ চনৰ পৰাই অবৈধ ৰূৰত চলি থকা বুলিও উল্লেখ কৰিছে। অবাধ অবৈধ খননে স্থানীয় জাতি-জনজাতীয় লোক সকলৰ লগতে বহু স্তন্যপায়ী জীৱ-জন্তু, গছ-বনলৈ শংকা কঢ়িয়াই আনিছে। লগতে বায়ু, পানীৰ প্ৰদূষণৰ ফলতো ক্ষতিৰ কথা উল্লেখ কৰিছে। এই আবেদন নৰ্থ ইষ্টাৰন কোলফিল্ডচ নামৰ সংস্থাটোৱে সংশ্লিষ্ট কৰ্তৃপক্ষক ভুল তথ্যৰে বিপথে পৰিচালিত কৰাৰো অভিযোগ উত্থাপিত হৈছে। উল্লেখযোগ্য যে অসমৰ বন বিভাগে এই সংস্থাক যোৱা মাহত বনৰ মাজত অবৈধ খননৰ অভিযোগত ৪২.২৫ কোটি টকাৰ জৰিমনাও বিহিছে।

দেশৰ চচিয়েল মেডিয়া ফেচবুক, টুইটাৰত দিহিঙ পাটকাই ৰক্ষাৰ বাবে চলি থকা ট্ৰেণ্ডিংৰ মাজতে এই বাতৰি গুৰুত্ব সহকাৰে ইকনমিক টাইমচ অৱ ইণ্ডিয়ায়ো প্ৰকাশ কৰিছে

No comments:

Post a Comment