স্বাস্থ্য-কথাঃ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু আয়ুৰ্বেদিক ঔষধৰ বৈজ্ঞানিক ভিত্তি :: ডা° ব্ৰিঞ্চি বৰুৱা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

স্বাস্থ্য-কথাঃ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু আয়ুৰ্বেদিক ঔষধৰ বৈজ্ঞানিক ভিত্তি :: ডা°  ব্ৰিঞ্চি বৰুৱা

স্বাস্থ্য-কথাঃ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু আয়ুৰ্বেদিক ঔষধৰ বৈজ্ঞানিক ভিত্তি :: ডা° ব্ৰিঞ্চি বৰুৱা

Share This
ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু আয়ুৰ্বেদিক ঔষধৰ বৈজ্ঞানিক ভিত্তি
ডা° ব্ৰিঞ্চি বৰুৱা 

আমি প্ৰায়েই হয়তো দেখিছোঁ একে লগে কাম কৰা কিছুমান ৰ বতৰীয়া চৰ্দি জ্বৰ হোৱা কিন্তু একে লাগে থকা কেইজনমান ৰ বতৰীয়া চৰ্দি জ্বৰ নোহোৱা কৈ বাছি যোৱা। নতুবা একেঘৰৰ মানুহৰ সৰু আই, মাজু আই হয় কিন্তু কাৰোবাৰ নোহোৱা কৈ বাছি যায় , কিয় ? Immunity ব্যাধি প্ৰতিৰোধ ক্ষমতা হৈছে আমাৰ শৰীৰৰ এনে এক শক্তি যি আমাৰ শৰীৰক ৰোগৰ পৰা ৰক্ষা কৰে। এই ৰোগ প্ৰতি ৰোধ ক্ষমতা ব্যক্তি , জাতি বিশেষে বেলেগ বেলেগ হয়। এই ব্যাধি ক্ষমত্বৰ বাবেই একে লগে কাম কৰা , নতুবা একে লাগে থকা কিছুমান লোকৰ seasonal flu , নতুবা chicken pox ত ভোগে আৰু যাৰ ব্যাধি ক্ষমত্ব বেছি সিহতৰ সহজে কিছুমান সংক্ৰমিত বেমাৰ নোহোৱাকৈ বাছি যায়।
★ Immune system য়ে এজন ব্যক্তি ক সংক্ৰমণ মুক্ত ৰাখে। আমাৰ শৰীৰৰ Immunity ক জিনে প্ৰভাৱিত কৰে আৰু জিনক পৰিৱৰ্তন কৰিব নোৱাৰি । কিন্তু আমি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ( Immunity ) শক্তিশালী কৰিব পাৰোঁ। আমাৰ Immune system ক বিভিন্ন কাৰকে যেনে শাৰীৰিক, ৰাসায়নিক ( Chemical ), জৈৱিক কাৰকে উত্তেজিত নতুবা প্ৰশমিত কৰিব পাৰে।
ৰোগ প্ৰতিৰোধ ক্ষমতা
Immunity ( ব্যাধি ক্ষমত্ব ) ৰ প্ৰকাৰ :-
ব্যাধি ক্ষমত্ব মূলতঃ দুই প্ৰকাৰৰ -
★ (১) Humoral Immunity :- আমি জাতি, বংশগত ভাৱে পোৱা Immunity, ব্যক্তি বিশেষৰ Immunity , বিভিন্ন প্ৰতিষেধকৰ দ্বাৰা পোৱা Immunity ( ব্যাধি ক্ষমত্ব ) যেনে , BCG , Polio vaccine , DPT vaccine , ইত্যাদি ৰ দ্বাৰা পোৱা ব্যাধি ক্ষমত্ব , সন্তানে মাকৰ পৰা পোৱা Immunity ইত্যাদি। Humoral Immunity ত IgA, IgD, IgE, IgG, IgM ৰ দ্বাৰা কাৰ্য্য সাধনৰ কৰে।

★★ (২) Cellular Immunity :- বহু ভাইৰাছ , বেক্টেৰিয়া , প্ৰটজোৱা আদিৰ ৰোগ প্ৰতিৰোধ আৰু সোনকালে আৰোগ্য প্ৰদান কৰাত Cellular Immunity / Cell Mediated Immunity য়ে বিশেষ ভূমিকা পালন কৰে। বিশেষকৈ ভাইৰাছ সংক্ৰমণ ত Cell Mediated Immunity য়ে পোষক / সংক্ৰমিত কোষ সমূহক লক্ষ্য কৰি লয়। ভাইৰাছে পোষকৰ কোষত ভাইৰেল গ্লাইকপ্ৰটিন সোমোৱাই বংশ বৃদ্ধি কৰিব বিচাৰে আৰু তেনে পৰিবৰ্তিত কোষ সমূহক Cell Mediated Immunity ৰ এবিধ উপাদান Cytotoxic T Cell য়ে লক্ষ্য কৰি ধংস কৰে ফলত ভাইৰাছে পোষক শৰীৰত ব‌ংশ বৃদ্ধি কৰিব নোৱাৰে। Cell Mediated Immunity ৰ বিভিন্ন উপাদান সমূহ - ◆ Macrophages,◆ Helper T cells CD4 , ◆ Cytotoxic T Cells CD8 , ◆ Natural Killer cells ,◆ Cytokines,◆ IL 2 ,◆ IL 3, ◆IL4 , ◆ IL5,◆ IL10, ◆ INF ¥ , ◆ TNF alpha , ◆ GM CSF , ইত্যাদি।

★★ আয়ুৰ্বেদৰ দ্বাৰা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব পাৰিনে:- 
আয়ুৰ্বেদৰ কিয় প্ৰয়োজন সেই বিষয়ে আচাৰ্য্য চৰকে উল্লেখ কৰিছে যে " স্বাস্থ্যস্য স্বাস্থ্য ৰক্ষনণ আতুৰস্য বিকাৰ প্ৰশমনম " অৰ্থাৎ যি ব্যক্তি স্বাস্থ্যবান তেওক সুস্থ ৰখা আৰু যি ৰোগত আক্রান্ত তেখেতৰো ৰোগ নিৰাময় কৰা। সুস্থ ব্যক্তি জন যাতে ৰোগত আক্রান্ত নহয় তাৰ বাবে তেখেতৰ বেমাৰ আজাৰ নোহোৱাকৈ থাকিব লাগিব, অৰ্থাৎ তেখেতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হব লাগিব। সুস্থ জীৱন যাপনৰ বাবে আয়ুৰ্বেদত দিনচাৰ্য্যা, ঋতু চাৰ্য্যা আৰু ৰাসায়নৰ উল্লেখ আছে। এই ৰসায়ন মানে Chemistry নহয়। আয়ুৰ্বেদত বৰ্ণিত ৰসায়ন এনে ঔষধ আৰু ক্ৰিয়া যাৰ ব্যৱহাৰৰ দ্বাৰা সুস্থ ব্যক্তি এজনে নিৰোগী জীৱন যাপন কৰিব পাৰে। অৰ্থাৎ ৰোগ প্ৰতিৰোধ কৰি সুস্বাস্থ্য বৰ্তাই ৰখা। আচাৰ্য্য চৰকৰ দ্বাৰা তৰক সংহিতাত উল্লেখ কৰা ৰসায়ন সমূহৰ কিছুমান তলত উল্লেখ কৰা হল :-

★ ব্ৰাহ্ম ৰসায়ন ( প্ৰথম ) , ব্ৰাহ্ম ৰসায়ন ( দ্বিতীয় ) চ্যবনপ্ৰাছ ৰসায়ন, আমলখি ৰসায়ন, অমৃতা ৰসায়ন, পুনৰনবা ৰসায়ন , যষ্ঠিমধু ৰসায়ন, গুড়ুচী মেধ্য ৰসায়ন, ত্ৰিফলা ৰসায়ন, পিপ্পলী ৰসায়ন, শিলাজতু ৰসায়ন ইত্যাদি মুঠ 63 ৰসায়ন যোগৰ কথা চৰক সংহিতাৰ চিকিৎসা স্থানৰ প্ৰথম আধ্যায়ত উল্লেখ কৰা আছে।

★★ আয়ুৰ্বেদিক ঔষধৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বৈজ্ঞানিক ভিত্তি :-

বৰ্তমান বিজ্ঞানৰ যুগ । আধুনিক চিকিৎসা বিজ্ঞানৰ মতে Immune system ৰ বিভিন্ন উপাদান সমূহ আগতেই উল্লেখ কৰা হৈছে। বহু হাজাৰ বছৰ আগতে উল্লেখ কৰা আয়ুৰ্বেদিক ঔষধ সমূহ সময়ৰ পৰীক্ষাত উত্তীৰ্ণ যদিও আমাৰ বৈজ্ঞানিক সত্তাই হয়তো জানিবলৈ ইচ্ছুক সচাই এই ঔষধ সমূহে Immune system ক প্ৰভাৱিত কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা সৱল কৰিব পাৰেনে ! তলত কিছুমান আয়ুৰ্বেদিক ঔষধৰ বৈজ্ঞানিক ভিত্তি , Experimental research, clinical research ৰ reference দিয়া হল :-

★★ (১) ব্ৰাহ্ম ৰাসায়ন :- পৰীক্ষাগাৰ অধ্যয়ন ত Inbred strain of balb/c and Swiss albino mice ৰ ক্ষেত্ৰত দেখা গৈছে যে ব্ৰাহ্ম ৰসায়ন 10 mg and 50 mg / dose / animal সেই জীৱ সমূহৰ চিৰাম IFN ¥ , IL2, GM CSF ৰ।পৰিমান বৃদ্ধি কৰে যি Cell Mediated Immunity ৰ উপাদান। ( PS Rekha, Girija Kuttan, R. Kuttan , Effect of herbal preparation brahma rasayan in amelioration of radiation induced damage . Indian Journal of Experimental Biology Vol 38 Oct 2000

★★(২) চ্যৱনপ্ৰাচ :- পৰীক্ষা মূলক অধ্যয়নত দেখা গৈছে যে চ্যৱনপ্ৰাচ ব্যৱহাৰৰ ফলত Natural Killer cells সক্ৰিয়তা বৃদ্ধি পায় লগতে Immune system ৰ অন্য উপাদান TNF alpha, MIP 1 Alpha, ৰ ক্ষৰণ বৃদ্ধি কৰে আৰু IL 1 beta stimulate উত্তেজিত কৰে। ( Sastry J.L.N. et al. Quantification of Immunity status of Dabur Chyawanprash - A review part 1 Experimental studies . Ind. J. Appl. Res. 2014, 4, 205-211)

★★ (৩) গুড়ুচী :- পৰীক্ষামূলক অধ্যয়নত দেখা গৈছে যে Aqueous Extract and Methanolic Extract of Tinospora cordifolia ( গুড়ুচী ) ৰ ব্যাধি ক্ষমত্ব সৱল কৰিব পৰা গুণ আছে। AETC আৰু METC প্ৰয়োগ কৰা Macrophage য়ে Cell mediated immunity ৰ উপাদান Cytokines, IFN ¥, TNF alpha, IL 1 beta অধিক উৎপাদন কৰে। যিয়ে গুড়ুচী ৰ ব্যাধি ক্ষমত্ব সক্ৰিয় কৰা গুণ প্ৰদৰ্শন কৰে। ( S. Alsuhaibani, Masoad A.K. Immune Stimulatory and Therapeutic activity of Tinospora cordifolia Double Edge Sword against Salmonellosis. J. Immunology Research V 2017, 1787803 )

★অন্য সন্দৰ্ভ প্ৰসংগ -Dinesh Kumar et. al. Review article ' A review of immunomodulatory in the Indian Traditional health care system , Journal of Microbiology , Immunology and infection (2012) 45, 165-184

আজিৰ পৰা বহু হাজাৰ বছৰ আগতেই লিখা আয়ুৰ্বেদৰ মূল গ্ৰন্থ চৰক সংহিতাত উল্লেখিত বহু ৰসায়ন ঔষধ যোগ আধুনিক চিকিৎসা বিজ্ঞানৰ ৰ দ্বাৰা বৰ্ণিত Immune system ৰ উপাদান সমূহ অধিক সক্ৰিয় কাৰ্য্যক্ষম ও কৰিব পৰা ইতিমধ্যে বহুতো পৰীক্ষামূলক অধ্যয়নত প্ৰতিস্থাপন হৈছে। লিখনিৰ বহুলতা আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি লিখনিটো ইমানতে সামৰণি মৰা হৈছে। সময় সুবিধা অনুসৰি আৰু উপলব্ধ পৰীক্ষামূলক অধ্যয়নৰ ওপৰত ভিত্তি কৰি অন্য ৰসায়ন যোগ/ ঔষধ যেনে - পিপ্পলী, যষ্ঠিমধু, ত্ৰিফলা, পুনৰ্নৱা,তুলসী, অস্বগন্ধা ইত্যাদি সমূহৰ প্ৰসংগ সংযোজন কৰা হব। ইয়াৰ ওপৰিও বহুতো কোম্পানীৰ দ্বাৰা পেটেণ্ট আয়ুৰ্বেদিক ঔষধ আছে যি সমূহৰ নাম লিখনিটোত উল্লেখৰ পৰা বিৰত থকা হৈছে।
লেখক এগৰাকী MD Ayurveda বিশেষজ্ঞ। তেখেতৰ যোগাযোগৰ নম্বৰঃ 8011676392

No comments:

Post a Comment