চাকৰিৰ খবৰঃ অসম পুলিচৰ জিলা পৰ্যায়ত ২০৪ টা পদৰ নিযুক্তি প্ৰ্ক্ৰিয়াঃ আবেদনমূল্য শূণ্য - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চাকৰিৰ খবৰঃ অসম পুলিচৰ জিলা পৰ্যায়ত ২০৪ টা পদৰ নিযুক্তি প্ৰ্ক্ৰিয়াঃ আবেদনমূল্য শূণ্য

চাকৰিৰ খবৰঃ অসম পুলিচৰ জিলা পৰ্যায়ত ২০৪ টা পদৰ নিযুক্তি প্ৰ্ক্ৰিয়াঃ আবেদনমূল্য শূণ্য

Share This
অসমৰ ষ্টেট লেভেল পুলিচ নিযুক্তি বৰ্ড, ৰিহাবাৰী, গুৱাহাটীয়ে এইবাৰ শূণ্য আবেদন মূল্য়ত মুঠ ২০৪টা পদৰ বাবে চাকৰি প্ৰাৰ্থী বিচাৰিছে। খৰধৰ কৰক অনলাইন আবেদনৰ শেষ তাৰিখ ১৫ জুন ২০২০। সেই তাৰিখৰ পাছত আৰু কোনো আবেদন পত্ৰ গ্ৰহণ কৰা নহব। বিজ্ঞাপনত যদিও চাৰি মে লৈকে দিয়া হৈছিল প্ৰথমে শেষ তাৰিখ, এতিয়া ১৫ জুনলৈকে অনলাইন এপ্লিকেচনৰ ৱিনড খোলা থাকিব বুলি জানিব পৰা গৈছে।
পোষ্ট সমূহ হৈছে-

ক. ১৫টা পোষ্টঃ জুনিয়ৰ এচিষ্টেণ্ট (গুৱাহাটী অসম পুলিচৰ মুখ্য-কাৰ্যালয়ত)
খ. ১৭০টা পোষ্ট জুনিয়ৰ এচিষ্টেণ্ট (জিলা ভিত্তিক কেডাৰ)
গ. ১৯ টা পদঃ ষ্টেনোগ্ৰাফাৰ গ্ৰেড-III.

দৰমহাৰ নিৰিখঃ ১৪০০০-৪৯০০০ টা পৰ্যন্ত।
চাকৰিৰ স্থানঃ গুৱাহাটী আৰু অসমৰ বিভিন্ন জিলা-প্ৰান্তত।
বয়সঃ ৩৮ বছৰৰ উৰ্ধৰ হব নালাগিব আৰু ০১-০১-২০০২ৰ আগতে জন্মপ্ৰাপ্ত হব লাগিব। 
Assam police Battalion - Home | Facebook
প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাৰ বাবে মূল বিজ্ঞাপন চাওক। 

জাতি জনজাতি সকলৰ বাবে চৰকাৰী নিয়ম অনুসৰি সংৰক্ষণৰো ব্যৱস্থা আছে। লিখিতৰ পাছত মৌখিক পৰীক্ষা, স্বাস্থ্য পৰীক্ষাৰ পাছত এক স্বচ্ছ প্ৰক্ৰিয়াৰে এই নিযুক্তি হব বুলিও বিজ্ঞাপনত প্ৰকাশ। 

অনলাইন আবেদন SLPRB ৰ ৱেবচাইট যোগেহে কৰিব লাগিব। এই  লিংকঃ https://www.slprbassam.in/

আবেদনৰ সবিশেষ জানিবলৈ তলৰ লিংকত ক্লিক কৰকঃ
 https://www.slprbassam.in/pdf/RecruitmentNotice2020/Advertisemet%20jr%20asst%20and%20steno%2021-03-2020.pdf

No comments:

Post a Comment