প্ৰৱন্ধঃ বাঘজানৰ ব্ল-আউটঃ নিৰাময়ৰ কি আয়োজন, আৰু কি উপায় দিছে অসমীয়া বিশেষজ্ঞই - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ বাঘজানৰ ব্ল-আউটঃ নিৰাময়ৰ কি আয়োজন, আৰু কি উপায় দিছে অসমীয়া বিশেষজ্ঞই

প্ৰৱন্ধঃ বাঘজানৰ ব্ল-আউটঃ নিৰাময়ৰ কি আয়োজন, আৰু কি উপায় দিছে অসমীয়া বিশেষজ্ঞই

Share This
বাঘজান তৈলক্ষেত্ৰৰ বিজিআৰ-৫ নামৰ তৈলখাদত হোৱা ব্ল-আউটৰ পাছত ৯জুনৰ পৰা লাগি থকা জুইয়ে কঁপাইছে অসমৰ সংবাদ শিৰোনাম। এতিয়া সকলোৱে সন্ধান কৰিছে এই তৈলকূপৰ নিয়ন্ত্ৰণৰ উপায়। অইল ইণ্ডিয়া লিমিটিডেৰ সৈতে অ’এনজিচিৰ ক্ৰাইচিচ মেনেজমেণ্ট টীমেও শিৱসাগৰ আৰু বৰোদাৰ পৰা আহি নিজৰ অভিজ্ঞতা আৰু সামগ্ৰীৰে এই প্ৰক্ৰিয়াত সক্ৰিয় ভাৱে অংশ লৈছে। প্ৰথমে অহা এলাৰ্ট নামৰ ব্ল-আউট কণ্ট্ৰল কোম্পানীটোৰ তিনি গৰাকী বিশেষজ্ঞৰ সৈতে কালি আৰু তিনি গৰাকী বিশেষজ্ঞ ছিংগাপুৰৰ পৰা আহি উপস্থিত হৈছেহি। 
এই সকলক সহায় কৰিবলৈ সুদীৰ্ঘ দিন অসমৰ তৈলক্ষেত্ৰত কাম কৰাৰ অভিজ্ঞতা সম্পন্ন তথা অ’এনজিচিৰ ডাইৰেক্টৰ ONSHORE ৰূপে অৱসৰলোৱা প্ৰযুক্তিবিদ ভি.পি. মহাৱৰকো এই দুৰ্যোগৰ সময়ত মাতি অনা হৈছে। অসম আৰু ত্ৰিপুৰাৰ কেইবাটাও জটিল তৈলখাদৰ সমস্যাত ৱেল কণ্ট্ৰল কৰাত আগৰণুৱা ভূমিকা লোৱা মহাৱৰৰ সুনাম তৈল-উদ্যোগটোত যথেষ্ট বুলিও জনা যায়। তেখেতে আজি বাঘজানৰ তৈল খাদলৈ গৈ বুজ লোৱাৰ দেখা গৈছে। এলাৰ্ট, অইল আৰু অ’এনজিচিয়ে একত্ৰে বনাই উলিওৱা এখন নিৰাময় আঁচনি, দেশৰ পেট্ৰলিয়াম মন্ত্ৰণালয়ক জমা দিয়াৰ কথাও অইলৰ জনসম্পৰ্কৰক্ষী বিষয়াৰ প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ পাইছে। 
ONGCৰ প্ৰাক্তন ডাইৰেক্টৰ অনচৰ ভি.পি. মহাবৰ বাঘজানত
জানিব পৰা মতে, এই ৱেল কণ্ট্ৰলৰ বাবে প্ৰয়োজনীয় বিভিন্ন সা-সঁজুলি অইলৰ দুলীয়াজানৰ পৰা আৰু অ’এনজিচিৰ শিৱসাগৰৰ পৰা নিয়া হৈছে। কিছুমান প্ৰয়োজনীয় সঁজুলি অ’এনজিচিৰ অন্ধ্ৰপ্ৰদেশৰ ৰাজামুণ্ড্ৰীৰ ক্ৰাইচিছ মেনেজমেণ্ট টীমৰ পৰা ট্ৰাকেৰে আনি থকা হৈছে। এই ট্ৰাক আহি উৰিষ্যাৰ সীমাত উপস্থিত হোৱাৰ খবৰো পোৱা গৈছে। আৰু তিনিদিনৰ ভিতৰতে এই প্ৰয়োজনীয় আহিলা সমূহ বাঘজানত উপস্থিত হবগৈ। তেতিয়ালৈকে তিনিচুকীয়াৰ জিলা উপায়ুক্তৰ সৈতে সামগ্ৰী ৰাখিবৰ বাবে, ৰিগ বহুৱাবৰ বাবে আৰু অন্যান্য পুখুৰী আদিৰ বাবে আন্তঃগাঁথনিগত ব্যৱস্থা কৰিবলৈ মাটিৰ ব্যৱস্থা কৰি যা-জোগাৰ অব্যাহত ৰাখিছে অইল ইণ্ডিয়া লিমিটেডে।

পদ্ধতি-১ ৱেল কেপিং
এই বাঘজানৰ ব্ল-আউট আৰু অগ্নিকাণ্ডৰ সন্দৰ্ভত এইবাৰ বিশেষজ্ঞৰ মতামত আগবঢ়াইছে Oil and Natural Gas Corporation (ONGC)ৰ ডাইৰেক্টৰ অফচৰ (Director Offhsore) হিচাবে দেশৰ সামুদ্ৰিক উপাদনৰ নেতৃত্ব দি অৱসৰপ্ৰাপ্ত অসমীয়া প্ৰযুক্তিবিদ পি.কে. বৰঠাকুৰে। প্ৰণীপ কুমাৰ বৰঠাকুৰ দেশৰ সৰ্বাধিক গেছ উপাদনকাৰী সামুদ্ৰিক সম্পদৰ সম্পদ-প্ৰৱন্ধক ৰূপেও বিশদ অভিজ্ঞতাৰে পুষ্ট। 

ৱেল কেপিং ষ্টেকৰ ফটো
তেখেতে ইণ্ডিয়া টুডে টিভিক দিয়া এটা এক্সক্লুচিভ সাক্ষাকাৰত বাঘজানৰ ব্ল-আউটটোক এটা কম প্ৰাৱল্যৰ ব্ল-আউট (Lower Grade of Blowout) বুলি শ্ৰেণীবদ্ধ কৰিছে। তেখেতৰ মতে ইয়াক নিয়ন্ত্ৰণৰ বাবে কমেও ২০-২৫ দিন সময়ৰ প্ৰয়োজন হব। ব্ল-আউটৰ ঘটনাটোক তৈল উদ্যোগৰ কাৰণে এক দুভাৰ্গ্যপূৰ্ণ ঘটনা বুলি অভিহিত কৰি বৰঠাকুৰে, কি কাৰণে বাঘজানত সেয়া ঘটিল এতিয়াই কোৱাটো কঠিন বুলিও কয় যদিও; অনুসন্ধানত কাৰণবোৰ নিশ্চয়কৈ ওলাই পৰিব বুলিও মত প্ৰকাশ কৰে। এয়া বহুত বেছি ডাঙৰ ব্ল-আউট নহয়, এয়া নিয়ন্ত্ৰণ আহিব বুলিও তেখেতে দোহাৰে।

নিৰাময়ৰ উপায় সন্দৰ্ভত তেখেতে কয় যে, ব্ল-আউট নিয়ন্ত্ৰণৰ উপায় বেলেগ বেলেগ তৈলখাদত ভিন্ন হয়। এতিয়া ৱেলটোৰ ওপৰত থাকি যোৱা WORKOVER ৰিগটোৰ বহু অংশ চাফা কৰি প্ৰথমে আঁতৰাই লব লাগিব। এই নিৰাময়ৰ প্ৰক্ৰিয়াটোত বহু গধুৰ আৰু বিশাল যন্ত্ৰাংশ অনাৰো প্ৰয়োজন হব। বিশাল আৰু বেছি কেপাচিটিৰ ক্ৰেনো লাগিব। এই নিৰাময়ৰ বাবে প্ৰয়োজন হব বহু বেছি পৰিমানৰ পানী। এই সকলোবোৰ যোগাৰতেই কিছুদিনৰ প্ৰয়োজন হব।

ইয়াত দুই ধৰণৰ ব্ল-আউট কণ্ট্ৰল পদ্ধতিৰ প্ৰয়োজন হব। এটা হৈছে গেছৰ উসত আৰু আনটো জ্বলি থকা খাদটোৰ মুখত কেপ লগাই বন্ধ কৰাটো। এই কেপ হব অত্যাধিক গধুৰ আৰু ইয়াৰ বাবে হাইড্ৰলিক ভাৱে অপাৰেট কৰিহে কৰাটো সম্ভৱ হব। কেপটোও ৱেল বা খাদটো ভালকৈ চাইহে ডিজাইন কৰি উলিয়াব পৰা যাব। গতিকে কেপ নিৰ্মাণ কৰি উলিয়াবলৈকো সময় লাগিব। যদি কেপ লগোৱাটো সম্ভৱ নহয়, তেতিয়া হ’লে ওচৰৰ কোনো ঠাইৰ পৰা আন এটা ৰিলিফ ৱেল (Relief Well) খান্দি গেছৰ উসতে চিমেণ্ট প্লাগিঙেৰে বন্ধ কৰিব লাগিব।

কিন্তু এই ৰিলিফ ৱেল খানি বন্ধ কৰা প্ৰক্ৰিয়াটোত বেছি দিন লাগিব। প্ৰথমে ড্ৰিলিং ৰিগ মুভমেণ্ট কৰি ৰিগ-চাইট নিৰ্মাণ কৰি নতুন ড্ৰিলিং কৰাৰ ব্যৱস্থা কৰিব লাগিব। এই নতুন তৈলখাদ খনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ তিনি মাহ পৰ্যন্ত সময়ৰো প্ৰয়োজন হব পাৰে। তেখেতে যি সুৰক্ষা নীতিৰে ৰিগত কাম চলিব লাগিছিল, সেয়া পালিত হৈছিলনে নাই অনুসন্ধানতে সকলো ওলাই পৰিব বুলিও কয়। প্ৰাকৃতিক জৈৱ-বৈচিত্ৰ্যৰ ওপৰত অহা প্ৰভাৱক, তেখেতে স্থায়ী প্ৰভাৱ নহয় বুলিও মন্তব্য কৰে।

পদ্ধতি-২ : ৰিলিফ ৱেলৰ দ্বাৰা
উল্লেখযোগ্য যে, কেৱল খাৰুৱা তেল থকা তৈল ভাণ্ডাৰৰ পৰা হোৱা ব্ল-আউটৰ কিকৰ প্ৰাৱল্য গেছ বা কনডেনচেট থকা ৰিজাৰ্ভাৰ (Reservoir) ৰ ৱেলতকৈ তুলনামূলক কম হয়। তাৰ কাৰণ হৈছে তেলৰ কম্প্ৰেছিবিলিটি গেছতকৈ কম। গেছ বেছি প্ৰেচাৰত থকাৰ পৰা ওপৰৰ জিৰ প্ৰেচাৰলৈ ওলাই আহিলে ১ মিটাৰ কিউব গেছেই ওপৰত কেইবাগুণো ভলিউমৰ হৈ পৰে। সেয়ে গেছ কিকৰ দ্বাৰা হোৱা ৱেলৰ-ব্ল আউটৰ ক্ষেত্ৰত প্ৰত্যাহ্বান অধিক বুলিও আন বিশেষজ্ঞই মত প্ৰকাশ কৰে।

এই প্ৰসংগতে এটা কথা উল্লেখ কৰিব লাগিব যে বৰ্তমান তেলখোৱা অনুজীৱৰ বায়-টেকনলজি ব্যৱহাৰ কৰি পানী আৰু মাটি প্ৰদূষণ কৰা তেল শেষ কৰাটো সম্ভৱ। অ’এনজিচি-টেৰি বায়টেক লিমিটিড (OTBL) নামৰ সংস্থাটোৱে তেনেকুৱা ধৰণৰ কামত পাৰ্গত আৰু অসমৰ বিভিন্ন তৈলক্ষেত্ৰত সফলতাৰে বায়’-ৰিমেডিয়েচন বা জৈৱিক-নিৰাময়ৰ কাম কৰি আহিছে। কিন্তু এয়া এক ব্যয়বহুল কাম, কিন্তু জৈৱ-বৈচিত্ৰ্য ঘূৰাই অনাৰ বাবে ইয়াৰ প্ৰয়োজন হবই।

আজি ১৪টা শিবিৰ পৰিদৰ্শন কৰেহি অইলৰ এগৰাকী নিৰ্দেশক বিশ্বজিত ৰায়ে। লগতে ৰাইজক সহায় কৰিবলৈ পশুধনৰ বাবেও অইলে অস্থায়ী চিকি
সা শিৱিৰ অনুষ্ঠিত কৰাৰো খবৰ আমালৈ আহিছে। অইলৰ ফালৰ পৰা এককালীন সাহাৰ্য হিচাপেও পৰিয়ালে প্ৰতি ত্ৰিশ হাজাৰকৈ টকা জিলা উপায়ুক্তৰ জৰিয়তে মুঠ ৪কোটি ৮৩লাখ টকা মোকোলাই দিয়া হৈছে। 

আশা কৰিছো যাতে, সকলোৱে এই বাস্তৱিক পৰিস্থিতিটো অনুধাৱন কৰে। সময় লাগিবই। সেয়ে উপযুক্ত সা-সুবিধা দি ক্ষতিগ্ৰস্ত ৰাইজৰ কাষত অলপ দিন থিয় দিবই লাগিব অসমৰ ৰাইজে। জিলা দুৰ্যোগ প্ৰশমন বিভাগ আৰু সাধাৰণ প্ৰশাসনে প্ৰতিটো শিৱিৰতে উপযুক্ত সা-সুবিধাৰ নিশ্চিতি কৰিব লাগিব। এই মহামাৰীৰ কালতো পৰিয়াল সহ এনে শিৱিৰত থাকিবলৈ বাধ্য হোৱা নাগৰিকৰ প্ৰতি উপযুক্ত যত্ন লোৱাটো হব চৰকাৰ, প্ৰশাসন, অসমৰ ৰাইজ আৰু অইল ইণ্ডিয়াৰ স্পৰ্শকাতৰ কৰ্তব্য।



ৱেল কেপিং অপাৰেচন কেনেকৈ কৰা হয় বাস্তৱত, তলৰ ভিডিঅ'টো চাব পাৰেঃ

No comments:

Post a Comment