চিন্তনঃ বন্য কোনঃ ঘৰৰ মানুহ নে হাবিৰ পশু? :: মানস প্ৰতিম দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ বন্য কোনঃ ঘৰৰ মানুহ নে হাবিৰ পশু? :: মানস প্ৰতিম দত্ত

চিন্তনঃ বন্য কোনঃ ঘৰৰ মানুহ নে হাবিৰ পশু? :: মানস প্ৰতিম দত্ত

Share This
 কাইলৈ ৫ জুন, বিশ্ব পৰিৱেশ দিৱস। পৃথিৱীৰ চৌপাশে এতিয়া মহামাৰীৰ হাত-বাউলী। দেশ স্তব্ধ, পৃথিৱী স্তব্ধ। থমকি ৰৈছে প্ৰতিদিনে প্ৰদূষণ কৰা গাড়ী মটৰৰ নিগনি দৌৰ। এই স্তব্ধতাই পৃথিৱীলৈ আনিছে পৰিৱেশ বিশুদ্ধকৰণৰ এক নৱ-জাগৰণ। পৰিৱেশ নিকা হোৱাৰ খবৰ এতিয়া সংবাদ শিৰোনামত, অজ'ন স্তৰৰ ৰিপেয়াৰ হোৱাৰ আশাও কৰিছে বহুজনে। তাৰ মাজতে, কেৰেলাৰ পৰা দুখঃজনক খবৰ, গৰ্ভৱতী হাতীক আনাৰসৰ মাজত বিস্ফোৰক খুৱাই হত্যা। এই পটভূমিতে এই লেখাৰ অৱতাৰণা।

সামাজিক পৰিমণ্ডলৰ পার্থক্যগত কাৰণ থাকিলেও মানুহ আৰু বন্যপ্রাণীক সামাজিক পৰিমণ্ডলৰ ভিতৰতে ধৰিব পাৰি। প্রায় ২ মিলিয়ন বছৰৰো অধিক কাল মানুহে এই পৃথিৱীত বসবাস কৰি আছে। অথচ প্রকৃতিৰ সৈতে সহাৱস্থানৰ ধাৰণাটোৰ সৈতে একাত্ম হ’ব পৰা নাই। সহাৱস্থানৰ বিপৰীতে গণ উন্মাদনাৰ ফলত সম্প্রতি বন্য জীৱকুলৰ পৰিমাণ প্রায় ৬০% হ্রাস পাইছে। কেৱল মাত্র মানুহৰ ‘মানৱীয় প্রবৃত্তি’ৰ বাবেই যোৱা ১৯৭০ চনৰ পৰা ২০১৪ চনলৈকে আমি প্রায় ৬০% বন্যপ্রাণী হেৰুৱাবলগীয়া হোৱাটো অতিকে দুর্ভাগ্যজনক কথা। পৃথিৱীৰ বৈচিত্রৰ প্রতি অহা এই ভাবুকিৰ কথা প্রকাশ পাইছে WWFৰ Living Planet Report 2018, a stining reminder of the detecting health of Planet’ত। প্রত্যেক দুবছৰৰ অন্তৰত WWFৰ দ্বাৰা প্রকাশিত জীৱ-বৈচিত্র্য, প্রাকৃতিক সম্পদৰ সুৰক্ষা আৰু বন্যপ্রাণীৰ সুৰক্ষাক সাঙুৰি লোৱা হয়। অন্যবাৰৰ প্রতিবেদনৰ তুলনাত এই বছৰৰ প্রতিবেদনৰ তথ্য অতি ভয়ংকৰ। আমাজনত সংঘটিত বনজুইৰ ঘটনাই আমাৰ দৃষ্টি আমাজনৰ ফালে আকর্ষিত কৰিছে যদিও আমাৰ অজ্ঞাতেই বিগত ৫০ বছৰত অমাজনে হেৰুৱাইইক প্রায় ২০% সম্পদ। ১৫০০ খ্রীষ্টাব্দৰ পৰা বর্তমানলৈকে বিলুপ্ত হোৱা ৭৫% সম্পদ কৃষি কার্য বা অন্যান্য কামৰ বাবে হোৱা ধ্বংসৰ বাবে আমি হেৰুৱাইছো। এনেধৰণৰ সম্পদীয় অৱক্ষয়ৰ ফলত মহাসাগৰৰ পৰা আম্লীকৰণ গুণ শেষ হোৱাৰ সম্ভাৱনাও দেখা গৈছে। যোৱা ৩০ বছৰত পৃথিৱীয়ে ইয়াৰ অগভীৰ জলৰাশিৰ ৫০% প্রবাল হেৰুৱাইছে বুলি অনুমান কৰা হৈছে। প্রতিবেদনখনৰ মতে, প্রত্যেক ১০ বছৰত ১০০ বিলিয়ন টন কার্বন নির্গমন কৰাৰ বাবে মূল দায়ী কিন্তু মানুহেই। ২০১৮ বর্ষৰ এপ্রিল মাহত Co2 স্তৰে প্রায় গড়ে ৪১০ppm চুইছিলগৈ। পৃথিৱীৰ মাত্র ২৫% ভূমিহে মানুহৰ ক্রিয়াকাণ্ডৰ পৰা মুক্ত হৈ আছে।


জীৱ সম্প্রদায়ৰ প্রতি অহা এনে ভাবুকি প্রতিহত কৰাৰ উদ্দেশ্যে WWF আৰু অন্যান্য দিশৰ প্রতি চকু ৰাখি এক বিশ্বব্যাপ্ত চুক্তি কৰাৰ বাবে আহ্বান জনাইছে। WWFএ প্রায় ৪০খন বিশ্ববিদ্যালয়ৰ লগতে অন্যান্য সংগঠনৰ সৈতে লগ লাগি এই সংকটৰপৰা মুক্ত কৰি পৃথিৱীখন সুস্থিৰ কৰিবলৈ গৱেষণামূলক অধ্যয়নৰ প্রচেষ্টা হাতত লৈছে।

সমগ্র বিষয় আৰু প্রতিবেদনৰ ওপৰত ভিত্তি কৰি WWFৰ সঞ্চালক মার্ক লেম্বাৰটিনিয়ে কৈছে – ‘Today, we still have a choice. We can be the founders of of a global movement that changed our relationships with the plant. Or can be the generations that had its chance and failed to act. The choice is ours.’

এই প্রতিবেদনৰ ওপৰত ভিত্তি কৰি যদিহে আমি চাওঁ, সাম্প্রতিক সময়ত আমাৰ অজ্ঞাতে বন্যপ্রাণীৰ সংখ্যা হ্রাস পাবলৈ আৰম্ভ হৈছে। নগৰীকৰণ, ঔদ্যোগীকৰণৰ নামত বনধ্বংস যজ্ঞ আৰম্ভ হৈছে। ফলত সৃষ্টি হৈছে ‘তথাকথিত বন্যপ্রাণী আৰু মানুহৰ সংঘাত।’ আমি যদি সংঘাত শব্দটোৰ বিশ্লেষণ কৰিবলৈ চাওঁ তেতিয়া দেখা পাওঁ যে সংঘাত একে শ্রেণীৰ, একে পর্যায়ৰ প্রাণীৰ মাজতহে সম্ভৱ।প্রকৃতিৰ তুলনাত মানুহ ইমানেই নিশকতীয়া যে ইয়াৰ বাবে সংঘাতৰ পৰিৱর্তে ‘সংকট’ শব্দটো ব্যৱহাৰ কৰাহে সমীচিন।ভাৰত-ভূটান সীমান্তত প্রায়ে ‘হাতী-মানুহৰ সংঘাত’ৰ বাতৰি শুনা যায়। হাতী-মানুহৰ এই সংকটৰ ফলত উভয় পক্ষৰে ক্ষতি হৈছে। সৌ সিদিনা এটা বন্যহস্তী আহি মানুহ মাৰিছে। হাতীৰ নাম দিয়া হৈছে ‘লাডেন’ । লাডেন বিশ্বত্রাসী সন্ত্রাসবাদী। লাডেনৰ সৈতে হাতীটোৰ নামকৰণ গ্রহণযোগ্য নহয়। হাতীটো কিয় মানুহৰ মাজলৈ আহিবলগীয়া হ’ল সেইকথা আমি ভবা উচিত। ইয়াৰ বিপৰীতে সেই স্থানৰ আবাসীসকলৰ প্রতিও আমি নিৰপেক্ষ দৃষ্টি ৰাখি যদি কথাখিনি বিশ্লেষণ কৰো তেন্তে দেখা পাওঁ যে এই সংকটৰ বাবে মূল পদক্ষেপ ল’ব লাগিছিল বনবিভাগে। এই সংকট নিয়ন্ত্রণৰ ক্ষেত্রত কিন্তু বনবিভাগৰ প্রয়াস প্রায় শূন্য । বন্যপ্রাণীৰ প্রতি মানুহৰ জিঘাংসা এনে এক পর্যায় পাইছেগৈ যে ‘বাঘ চাবলৈ’ ‘বাঘ মাৰিবলৈ’ যাঠি-জোং লৈ ‘জনজাগৰণ’ নামৰ ‘ত্রাস’ সৃষ্টি কৰাতহে এচাম উঠি পৰি লাগে । ২০০০ চনৰ পৰাই এনেধৰণৰ বাতৰিসমূহ আমি কাকতে পত্রই দেখি আহিছো।

বন্যপ্রাণীসমূহে অৰণ্য এৰি জন-অৰণ্যৰ মাজত সন্ত্রাস সৃষ্টি কৰিছে। আন কোনোবাই আকৌ অকালতে মৃত্যুক সাৱটি লৈছে। কাৰণ বন্যপ্রাণীৰ ‘অনাধিকাৰ প্রৱেশ’ৰ প্রতি সষ্টম আমাৰ ‘মানুহ সমাজ’ৰ একাংশ । অতি সম্প্রতি কার্বনৰ অত্যাধিক বৃদ্ধিৰ বাবে দায়ী কোন? প্রশ্নটো আমি নিজকে নিজে কৰি চোৱা উচিত । ফৰলেনৰ নামত গছ-গছনি কাটি বাট-পথ বনোৱা মানেই জানো প্রগতি, উন্নয়ন! উন্নয়ন প্রকৃতিক সুৰক্ষিত ৰাখিও কৰা সম্ভৱ। ইয়াৰ বাবে লাগে ইতিবাচক মনোভাৱ। কেৱল প্রযুক্তিগত উন্নয়ন আৰু ব্যক্তিস্বার্থৰ বাবে বন্যপ্রাণী হত্যা , বনধ্বংস আদিৰ দৰে কার্যই আমাৰ গড় আয়ু নিচেই কম কৰি তুলিছে। জনজীৱন আৰু প্রকৃতি সুৰক্ষাৰ জৰিয়তে বহনক্ষম বিকাশৰ ধাৰণাক প্রসাৰ নঘটালে আমি হয়তো নিজক পৰিচয় দিব লাগিব - বন্য বুলিহে।

ইয়াৰ উপৰিও আমি সাধাৰণতে ব্যৱহাৰ কৰা ‘পশুত্ব’ ‘পাশৱিক’ আদি শব্দৰ ব্যৱহাৰো বহু সময়ত গ্রহণযোগ্য নহয়। এই সম্পর্কে ৰূপম বৰুৱাই লিখিছে – ‘পিছে আমাৰ সাধাৰণ মগজুৰ বুদ্ধি-বৃত্তিৰে চিন্তা কৰি দেখোন দেখিছোঁ বেয়া অর্থত ‘পাশৱিক’ শব্দটো ব্যৱহাৰ কৰি আচলতে গর্হিত কামফেৰা কৰো আমিয়েই।’ ‘পাশৱিক’ শব্দৰ এনে ব্যৱহাৰ আচলতে মানুহৰ ভণ্ডামিৰ উত্কৃষ্ট নিদর্শনহে। পশু আৰু মানুহৰ চিন্তাৰ তুলনা কৰি চাওঁচোন । পশুৱে জানো মানুহৰ দৰে অকাৰণতে হত্যা কৰে? খাদ্যৰ বাবে, বিৰক্ত হ’লে নাইবা আত্মৰক্ষাৰ প্রয়োজনতহে পশুৱে হত্যা কৰে। কিন্তু মানুহ?’ ৰূপম বৰুৱাই আকৌ ‘পশুৰ সপক্ষে একলম’ শীর্ষক এই লেখাটোতে লিখিছে – ‘মানুহৰ সমাজখনত লিখা পঢ়া বা বিদ্যা-চর্চা বোলা বিষয় এটা আছে। তাকে লৈ মানুহৰ গর্বৰো সীমা নাই । এই বস্তুটো পিছে আমি দেখাত পশু সমাজত নাই। সেয়ে বুদ্যা-বুদ্ধিত গংগাটোপ হৈ যদিভকোনোবাই একান্তই পশুক ইতৰ অর্থত জ্ঞান কৰি কাৰোবাক গালি শপনি পাৰি তৃপ্তি লভিব খোজে, তেন্তে তেওঁ লিখা পঢ়া নজনা বা সচৰাচৰ মানুহৰ বিবিধ বুদ্ধিৰ ভঁৰাল নোহোৱা ভোটা বুদ্ধিৰ কাৰোবাক হয়তো আখ্যা দিব পাৰে (অৱশ্যে মই নিশ্চিত প্রকৃতার্থত জ্ঞানীজনে এনে মানসিকতাও পৰিহাৰ কৰিব) ইয়াতকৈ আগবাঢ়ি পশু সমাজক অপমান কৰাৰ অধিকাৰ কাৰোৱে নাই।’ ৰূপম বৰুৱাৰ এই কথাষাৰ প্রত্যেক মানুহেই হৃদয়ংগম কৰা উচিত।

পানী নাখালে যেনেদৰে আমি জীয়াই থাকিব নোৱাৰোঁ ঠিক তেনেদৰে সুৰক্ষিত প্রকৃতিৰ অবিহনেও আমি জীয়াই থাকিব নোৱাৰোঁ। কিয়নো পানী প্রকৃতিৰেই অংশ। গতিকে প্রকৃতি সুৰক্ষা কেৱল প্রকৃতি সংগঠন বা কেইজনমান মুষ্টিমেয় মানুহৰে নহয়, প্রত্যেকজন মানুহৰ ই নৈতিক কর্তব্য। এই কথা আমি উপলব্ধি নকৰিলে সততে সুধি থকা প্রশ্নটো উত্তৰ হৈ ধৰা দিব - বন্য কোন? - আমি মানুহবোৰ।

No comments:

Post a Comment